ফটাঢোল

আধৰুৱা প্ৰেম : মৃদুলা গগৈ

ক্ৰিৰিং … ক্ৰিৰিং….

: হেল্ল’…..

: মৃদুলা হয় নে ?

: হয়৷ কোনে ক’লে বাৰু ?

: মই পলাশ৷

উচপ খাই গলোঁ মই৷ ঠিকেই শুনিছোঁতো! বুকুখনে ঢপঢপ কৰিছে৷ মুখৰ মাতটো পেটৰ ভিতৰলৈ যেন সোমাই গৈছে!

: শুনিছানে?

: হয় শুনি আছোঁ৷

: ভালে আছা?

: আছোঁ৷ ক’ত পালা মোৰ নম্বৰ?

: তোমাৰ ভাইটিৰ পৰা ল’লোঁ৷

: উম..পিছত ফোন কৰিম মই৷ কাইলৈ পৰা পূজা যে ব্যস্ত আছোঁ অলপ৷

: এইটোৱে মোৰ নম্বৰ৷ তোমাৰ ফোনলৈ ৰৈ থাকিম৷ পূজাৰ শুভেচ্ছা জনালোঁ৷

: তোমালৈও থাকিল৷

ফোনটো কাটি দীঘলকৈ উশাহ এটা লৈ বিছনাখনতে বহি পৰিলোঁ৷ ফোন নম্বৰ পালে বুলিয়ে এনেকৈ মোলৈ ফোন কৰিব লাগে নেকি? ৰাতি শুবলৈ লৈয়ো টোপনি অহা নাই ভালদৰে৷ নাভাবোঁ বুলি থাকিলেও পলাশৰ কথাই মোৰ মনত বাৰে বাৰে ভূমুকিয়াইছে৷ খং উঠিছে পলাশৰ ওপৰত৷ লগতে ভাইটিৰ ওপৰতো৷ কিয় দিব লাগে পলাশক ফোন নম্বৰ? আকৌ এবাৰলৈ নিজকে বুজাওঁ৷ কৰিলেই যেনিবা ফোন এটা ইমান বেয়া পাব লগা কিবা আছে জানো!

এটা সময়ত এইটো পলাশৰ এটা ফোনকলৰ বাবে কিমান হেঁপাহেৰে ৰৈ আছিলোঁ৷ পলাশক ফোনত নাপালে কান্দি কাটি বাউলী হৈছিলোঁঁ৷ আটাইতকৈ ডাঙৰ কথা পলাশলৈ ফোন কৰিবলৈ গৈহে ৰিচিভাৰ হাতেৰে চুই পাইছিলোঁ৷ কি যে আকৰি আছিলোঁ! ৰিচিভাৰটো হাতত নোলোৱাকৈয়ে নম্বৰ ডায়েল কৰি থিয় হৈ আছোঁ৷ পিচিঅ’ৰ ল’ৰাটোৱে আহি শিকাই দিলতহে! নহ’লে নম্বৰৰ বুটামকেইটা হেঁচি হেঁচি ভাঙিলোঁ হয়৷ এতিয়া আৰু সেই সময় নাই৷

এডেও-দুডেও কৰি হাইস্কুলৰ জপনা পাৰহৈ কলেজত ভৰি দিছিলোঁ৷ বাহিৰৰ মুকলি বতাহবোৰে লাহে লাহে মোক স্পৰ্শ কৰিলে৷ ফাগুনৰ পছোৱাই চঞ্চল কৰি তোলা শিমলুৰ দৰে ময়ো লাহে লাহে চঞ্চল হৈ পৰিলোঁ। উৰি ফুৰিবলৈ মন গ’ল৷ আৰু সেই উৰি ফুৰা ছোৱালীজনীৰ কাষলৈ এদিন আহিছিল পলাশ নামৰ ল’ৰাটো৷ মৰম আকলুৱা মনটো পলাশৰ মৰমত ডুব গ’ল৷ পলাশৰ বুকুত সাজিবলৈ আৰম্ভ কৰিল এটা ঘৰ৷ দুখন হৃদয়ৰ মিলনত গঢ়ি উঠা এটা ঘৰ। মৰম-অভিমান, হাঁহি-কান্দোনৰ মাজেৰে দিনবোৰ গৈ থাকিল৷ লাহে লাহে মোৰ ভালপোৱাবোৰ গভীৰ হৈ আহিল৷ পলাশৰ বাহিৰে মোৰ বাবে আপোন আৰু কোনোৱে যেন নাই৷ পঢ়া-শুনাতো আগতকৈ ভালদৰে মন দিয়া হ’লোঁ৷ অন্তৰালত আছিল পলাশৰ প্ৰতি থকা মোৰ ভালপোৱা৷ পলাশৰ পঢ়াৰ প্ৰতি আগ্ৰহ একেবাৰেই নাছিল৷ যেনেতেনে গৈ আছে৷ আনৰ নেগুৰত ধৰি যোৱা বুলি যে কয় ঠিক তেনেকৈ৷ সেয়ে মই ভালকৈ পঢ়ি-শুনি চাকৰি এটা লোৱাৰ চিন্তা কৰিলোঁ৷ তেতিয়া মোৰ ঘৰৰ মানুহেও পলাশলৈ বিয়া দিয়াত আপত্তি নকৰিব৷ কিন্তু মোৰ আশাবোৰ বৰফৰ দৰে গোট মাৰিছিল৷ লাহে লাহে পলাশ সলনি হৈছিল৷ মোৰ পৰা যিমান পাৰে দূৰে দূৰে থাকিবলৈ চেষ্টা কৰা হ’ল৷ পাগলৰ দৰে হৈছিলোঁ মই৷ মোৰ চকুপানীয়েও পলাশক কাষ চপাই আনিব পৰা নাছিল৷ ইখনৰ পিছত সিখন চিঠি পঠিয়াইছিলোঁ৷ কিন্তু উত্তৰ দিয়া নাছিল পলাশে৷ মোক কোনো কথা সুধিবলৈ সুবিধা নিদিয়াকৈয়ে আঁতৰি গুচি গৈছিল৷ কিয় এনেকুৱা কৰিলে মোক পলাশে, কি ভুল হ’ল, আজিও মোৰ বাবে সাঁথৰ৷

সময়ে সকলো সলনি কৰে৷ ময়ো লাহে লাহে সলনি হ’লোঁ৷ ঘৰখনৰ ডাঙৰ ছোৱালী৷ দেউতাৰ অৱসৰৰ আগতে বিয়া দিয়াৰ চিন্তা কৰিলে ঘৰৰ মানুহে৷ বিয়াৰ বাবে প্ৰস্তাৱো আহিল৷ আৰু মা-দেউতাই ভাল দেখা ল’ৰাজনৰ প্ৰস্তাৱ মানি ল’লোঁ৷ পলাশক মনৰ পৰা আঁতৰাই বিয়াত বহিলোঁ৷

এজনৰ উপস্থিতিয়ে আন এজনক পাহৰি যোৱাত সহায় কৰে৷ ময়ো ধুনীয়াকৈ নিজৰ সংসাৰ আগবঢ়াই নিলোঁ৷ এগৰাকী ভাল পত্নী, দুজনী ছোৱালীৰ ভাল মাক হোৱাৰ চেষ্টা কৰিলোঁ৷

প্ৰথমবাৰ ফোন কৰাৰ কেইদিনমানৰ পিছতে, নিশা প্ৰায় বাৰ বাজিছিল৷ ঘৰৰ সকলোবোৰ গভীৰ টোপনিত৷ আধৰুৱা গল্প এটা সম্পূৰ্ণ কৰি আছিলোঁঁ মই৷ ম’বাইলৰ স্ক্ৰীনত পলাশৰ নামটো ভাঁহি আহিছে৷ লাহেকৈ কাটি ফোনটো চুইচ অফ কৰি দিলোঁ৷ বুজিবলৈ মোৰ বাকী নাথাকিল৷ নিশা মদৰ জালত মোলৈ মনত পৰিছে এইজনাৰ৷ মনত পৰিছে যদি ৰাতিৰ নিজানত কবিতা এটাকে লিখচোন, ফোন কৰিব লাগে কিয়? খঙটো টিঙিৰি-তুলাহৈ উঠিছে৷ ভয়ো ভীষণ খাইছোঁ৷ পুৰণা প্ৰেমিকতকৈ ভয়ংকৰ যেন এইসময়ত একোৱে নাই৷ কুচি-মুচি মানুহজনৰ কাষতে বিছনাত পৰি থাকিলোঁ৷

ৰাতিপুৱা ছোৱালীদুজনী আৰু মানুহজনক উলিয়াই পঠিওৱাৰ পিছত ৰূমলৈ আহি ফোনটো হাতত ল’লোঁ। পলাশৰ নম্বৰটোত ডায়েল কৰিবলৈ লৈয়ো ৰৈ গ’লোঁ৷ মনটো কোঁচ খাই যায়৷ যি হয় হৈ থাকক তাৰ৷ সি এবাৰ মোক মাৰি থৈ গৈছে৷ ভাঙি যোৱা হিয়াখন কোনোমতে ভাল কৰিছোঁঁ৷ বিষবোৰ কমিলেও পাহৰা নাই সি দি যোৱা যন্ত্ৰণা৷ মোৰ হাজাৰ চকুপানীয়েও তাক ধৰি ৰখাব নোৱাৰিলে৷ বেদনাত চটফটাই আঁতৰি নাযাবলৈ কাকূতি-মিনতি কৰি কিমান চিঠি পঠিয়াইছিলোঁ তালৈ৷ নাহিল সি ওভতি৷ এতিয়া কিহৰ তাড়নাত এনেকৈ আমনি কৰিছে৷ ব্লক কৰি দিম তাৰ নম্বৰ৷ কথাবোৰ ভাবি থাকোঁতেই পলাশে আকৌ ফোন কৰিল৷

: হেল্ল’ মৃদুলা…চ’ৰি৷ বেয়া পাইছা, তুমি নহয়নে? মই তোমালৈ ফোন কৰিব নালাগিছিল৷ কালি অলপ বেছিকৈ ড্ৰিংকচ কৰি দিলোঁ৷

: কেতিয়াৰ পৰা ইমান ড্ৰিংকচ কৰা হ’লা? নিজক কণ্ট্ৰল কৰিব নোৱাৰাকৈ৷ ঘৰত একো নকয়নে তোমাক।

: বহুত দিন হ’ল খাবলৈ লোৱা৷ তোমাৰ বিয়াৰ পিছৰে পৰা৷ নহয় তোমাৰ বিয়াৰ দিনাৰ পৰা৷

: মদ খোৱাৰ লগত মোৰ বিয়াৰ কথাটো কেনেকৈ আহিল? অ’ খুব ফূৰ্তি পাইছিলা সেইকাৰণে খাইছিলা?

লগে লগে মুখৰ পৰা ওলাই গ’ল মোৰ৷

: নহয় মৃদুলা৷ অলপ ঠাণ্ডা হোৱাচোন তুমি৷ মোক কথাখিনি ক’বলৈ অলপ সময় দিবানে?

: কোৱা৷

: সেইসময়ত মই বৰ হীনমন্যতাত ভুগিছিলোঁ৷ তোমাক বিয়া কৰাব পৰাকৈ মোৰ কিবা আছিল জানো তেতিয়া? লগৰবোৰেও কৈ থাকে৷ বাওনা হৈ মই বোলে চন্দ্ৰলৈ হাত মেলিছোঁ৷ কি বুলি মই তোমাক বিচাৰি তোমাৰ ঘৰলৈ গ’লোঁহেঁতেন? দিলেহেঁতেন নে তোমাক মোলৈ? কেতিয়াও নিদিয়ে৷ তুমি তেতিয়া কি কৰিলাহেঁতেন৷ ঘৰৰ মানুহবোৰক এৰি মোলৈ গুচি আহিলাহয়? সুখী হ’লাহেঁতেন জানো মোৰ সৈতে? চিনেমাৰ কাহিনীতহে দুখীয়াৰ জীৱন চাবলৈ ভাল৷ বাস্তৱত সেইটো নহয় মৃদুলা৷ অকল মৰম ভালপোৱাৰে সংসাৰ নচলে৷ তুমি সুখত থকাটো মই বিচাৰিছিলোঁ৷ সেইখিনি সময়ত তোমাক বুজালেও বুজিবলৈ চেষ্টা নকৰি মোক দুৰ্বল কৰি পেলালাহেঁতেন৷ সেয়ে তোমাক একো নোকোৱাকৈ আঁতৰি থাকিলোঁ৷

: তুমি বিচৰামতেই সকলো হ’ল৷ সুখী মই এতিয়া৷ পাহৰিবও পাৰিলোঁ তোমাক৷ নিজেই সুখী কিয় নহয়? এতিয়া মোক মনত পেলালা কিয়?

: নাজানো মোৰ কি হ’ল৷ তোমাৰ নম্বৰটো পাই এবাৰ তোমাৰ মাতষাৰ শুনিবলৈ মন গ’ল৷ কেইবাদিনো ডায়েল কৰি আকৌ কাটি দিওঁ৷ অলপ বেছি নিচা হৈ গ’লে নিজকে ৰখাব নোৱাৰোঁ।

: নকৰিবা আৰু ফোন৷ মন গ’লেও নকৰিবা৷ তোমাৰো সংসাৰ আছে মোৰো সংসাৰ আছে৷ আমি যদি আকৌ কথা পাতোঁ কথাবোৰ নিচা হ’ব৷ আৰু তেতিয়াই ইয়াৰ নাম হ’বগৈ অবৈধ প্ৰেম। আমাৰ ভালপোৱা পবিত্ৰ আছিল অবৈধ নাম দি কলংকিত কৰিব নিবিচাৰোঁ৷ মোক সুখী কৰিবলৈ আগতে যেনেকৈ মোক এৰি গৈছিলা তেনেকৈয়ে আঁতৰি থাকা৷ আমাৰ ভালপোৱাবোৰ স্মৃতিৰ বৰপেৰাত থাকিবলৈ দিয়া৷ মোক সুখী কৰিবলৈ গৈ নিজেই যদি দুখী হোৱা তেন্তে মইনো ক’ত সুখী! দুটা কেতিয়াও লগ লাগিব নোৱাৰা ৰাস্তাত খোজ দিলোঁৱে যেতিয়া দুয়ো দুফালে যাবই লাগিব৷ ভালদৰে খোজ দিয়া৷ কেতিয়াবা দূৰৈৰপৰা চাম তুমি যোৱা বাটটোলৈ৷ ভাল লাগিব তোমাক ভালকৈ যোৱা দেখিলে৷ ঢলং-পলংকৈ খোজ দিলে দেখিবলৈও বেয়া৷ ৰাখিছোঁ এতিয়া৷

নাটকৰ ডায়লগ মতাদি কথাখিনি গাই গ’লোঁ।

: ৰ’বাচোন৷ আৰু কেইষাৰমান কথা থাকিল৷

: থাকক দিয়া৷ সকলোবোৰ আধৰুৱা হ’লেই যেতিয়া কথাবোৰো আধৰুৱা হৈয়ে থাকক৷

লগে লগে পলাশৰ নম্বৰটো ব্লক কৰিলোঁ৷ আধৰুৱা প্ৰেমবোৰ আধৰুৱাহৈ থাকিবলৈ দিলোঁ৷

☆★☆★☆

6 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *