ফটাঢোল

বেষ্ট ফ্ৰেণ্ড মুৰ্দাবাদ– ড০ লক্ষ্যজ্যোতি বৰঠাকুৰ

: এই কথাই কথা নহয়, আজি কামটো কৰিবই লাগিব।

পুখুৰীটোৰ পাৰৰ কদম গছডালত ভেজাদি জিণ্টুৱে কথাখিনি নিজেই নিজক ক’লে। স্কুলত লেজাৰ পিৰিয়ড চলিছে। তাৰ ক্লাচৰ ল’ৰাবোৰে অলপ আঁতৰত কাইলৈ স্কুল ছুটিৰ পিছত ক্লাচ নাইনৰ লগত হ’বলগীয়া ফুটবল খেলখনৰ দল নিৰ্বাচন আৰু ৰণ কৌশল আলোচনা কৰি আছে। জিণ্টু ক্লাচ টেইনৰ টিমৰ মেইন ডিফেণ্ডাৰ। নাইনৰ দুৰ্দান্ত ফৰৱাৰ্ড যোগজিতক প্ৰতিহত কৰাৰ প্ৰধান দায়িত্ব জিণ্টুৰ। সেয়ে লগৰবোৰে ৰণ কৌশল বনাবৰ বাবে তাক অথনিৰে পৰা মাতি আছে। বাৰে বাৰে মতাৰ পিছতো সি যোৱা নাই, এতিয়া এইবোৰ আলোচনাত ভাগ ল’বলৈ তাৰ অলপো মন যোৱা নাই। সি আছে বেলেগ ধান্দাত। আজি চাৰি দিন হৈ গ’ল সি পকেটত পেকেটটো লৈ ফুৰিছে কিন্তু কামটো কৰিব পৰা নাই। পেকেটটোৰ ম্যাদ মাত্ৰ ছয় দিন। এই কেইদিনৰ ভিতৰতে সেইটো কামত লগাব লাগিব। আজি শুক্ৰবাৰ, ইফালে কাইলৈ শনিবাৰে খেলো আছে। গতিকে সি যি কৰে আজিয়েই কৰিব লাগিব, নহ’লে ইমান কষ্ট কৰি গোটোৱা বস্তুটো এনেই যাব। কাইলৈৰ খেলত হাৰিলেও কথা নাই, নাইনৰ লগত আকৌ খেলিব পাৰিব পিছত। কিন্তু এই কামটো সি আজিয়েই কৰিব লাগিব। হয় ৰঙামাটি, নহয় গুৱাহাটী।
কিন্তু কামটো ইমান সহজ নহয়। সকলোতকৈ ডাঙৰ কথাটো হ’ল এইটো কামৰ বাবে কাকো সহযোগী হিচাপেও ল’ব নোৱাৰি। প্ৰথমতে সি ৰেৱক লগত ল’ব বুলি ভাবিছিল যদিও শেষত তাক কথাটো নোকোৱাৰ সিদ্ধান্ত ল’লে। হওঁতে ৰেৱ তাৰ অভিন্ন বন্ধু কিন্তু তাৰ পেটত কথা নাথাকে। বিশেষকে ছোৱালীবোৰৰ আগত তাৰ জিভাখনৰ একেবাৰেই কণ্ট্ৰোল নাথাকে। তাতে গাৰ্লচ স্কুলৰ সান্তনাৰ লগত পৱন ছাৰৰ ওচৰত কৰা অংকৰ টিউচনত অলপ বেছিকৈ কথা পতা আৰম্ভ কৰিছে সি। কেইবাদিনো টিউচনলৈ গৈ সিহঁত দুটাক আগতিয়াকৈ আহি কথা পাতি থকা সি নিজেই দেখিছে। ৰেৱই নিজে কোৱা নাই বাবে সিয়ো তাক একো সোধা নাই এতিয়ালৈকে। কিন্তু সিহঁত দুটাৰ মাজত যে কিবা এটা আৰম্ভ হৈছে সেইটো খাটাং। গতিকে এই পেকেটটোৰ কথা গম পোৱাৰ পিছত ৰেৱই যে সান্তনাক নক’ব কি মানে আছে! আৰু সান্তনাই বা আন বেলেগ কোনোবাই যদি কিবাকে গম পাই গ’ল তেন্তে তাৰ ইমান কষ্ট, ইমান প্লেনিং সৱ শেষ হৈ যাব। সেয়ে জিণ্টুৱে কথাটো ৰেৱক নাই কোৱা। নাই নাই ইমান ডাঙৰ ৰিস্ক ল’ব নোৱাৰি।
আচলতে এনেকুৱা কাম এটা কৰিবলৈ তাৰ নিজৰো ভাল লগা নাই। স্কুলত ভাল ল’ৰা বুলি তাৰ এটা নাম আছে। ক্লাচত প্ৰথম দ্বিতীয় হ’ব নোৱাৰিলেও প্ৰথম পাঁচজনৰ ভিতৰত সি থাকে। ফুটবল, ক্ৰিকেট সকলো খেলা-ধূলাতে সি ভাল। সৰস্বতী পূজা, শংকৰ দেৱৰ তিথি সকলোতে সি আগভাগ লয়। তাৰ অমায়িক স্বভাৱৰ বাবে সকলো শিক্ষকেই ভাল পায়। এতিয়া যদি সি এনে এটা কাম কৰিছে বুলি কেনেবাকৈ গম পায়, ক’ত থাকিব তাৰ মান-সন্মান। আৰু কেনেবাকৈ কথাটো যদি মাক দেউতাকৰ কাণত পৰে হ’লেই আৰু। সুদাই এৰিবনে তাক দেউতাকে! এই কথাবোৰে এই কেইদিন তাক খুলি খুলি খাইছে। সি নিজেও জানে সি কৰিবলৈ ওলোৱা কামটো সাংঘাতিক ডেঞ্জাৰাছ, সামান্য অসাৱধানতাই তাক বৰবাদ কৰি দিব। কিন্তু সি জানো চখত কৰিবলৈ লৈছে কামটো, এইপাটেই যে তাৰ শেষ অস্ত্ৰ। মুঠতে যি হ’লেও আজিৰ ভিতৰতে কামটো কৰিব লাগিব। পিছত যি হয় দেখা যাব।

ৰেৱহঁতৰ দৰে ছোৱালী দেখিলেই ক’ব নোৱাৰা হোৱা ভকত সি মুঠেই নহয়। সিহঁতৰ ক্লাচৰ ছোৱালীকেইজনীকো সি প্ৰয়োজনতহে মাতে বা সিহঁতে উপযাচি কিবা সুধিলে উত্তৰটো দিয়ে। ৰেৱহঁতৰ দৰে সুবিধা পালেই বিনা অৰ্থত সিহঁতৰ লগত চেলবেলাই থকাত সি নাই। আৰু ছোৱালীবোৰৰো যি পেনপেনীয়া কথা, সৰু সৰু কথাতে যি বেয়া পোৱাৰ কোব সেইবোৰ দেখিলেতো তাৰ মাথাই গৰম হৈ যায়। ধূৰ, এই চেলবেলনীবোৰতকে তাৰ ফুটবল, ক্ৰিকেট, বাহিৰা কিতাপ এইবোৰেই ভাল। আৰু লেজাৰ পিৰিয়ডত তাৰ লগৰবোৰে যে গাৰ্লচ স্কুলখনৰ ওচৰলৈ যায় আৰু স্কুলৰ গেটত যে ছোৱালীবোৰো ৰৈ থাকে এইবোৰ যে তাৰ একদম হজমেই নহয়। লগৰ লগত পৰি সিয়ো দুই এবাৰ নোযোৱা নহয় কিন্তু তাৰ যে সেই গোটেই সময়খিনি কিবা খঙত কাণ মূৰ গৰম হৈ থাকে। মুঠতে এই ছোটামিবোৰ তাৰ একদম ভাল নালাগে। এইবিলাক প্ৰেম-চেমত সি নাই। কিন্তু হ’লে কি হ’ব! “হস্তীৰো পিচলে পাৱ, সজ্জনৰো বুৰে নাও”। আমাৰ জিণ্টুৰো সেই একে দশাই হ’ল। কেইদিনমানৰ আগলৈকে জিণ্টুৱে সপোনতো ভবা নাছিল যে সামান্য এজনী ছোৱালীৰ বাবে যে সি ইমান এটা ডাঙৰ ৰিস্ক ল’বলৈ ওলাব।
আচলতে কথাটোৰ আৰম্ভণি হ’ল তিনিমাহমানৰ আগত। এদিন ৰাতিপুৱা পৱন ছাৰৰ তাত টিউচন কৰিবলৈ গৈ জিণ্টুৱে দেখিলে সান্তনাৰ কাষত নতুন ছোৱালী এজনী বহি আছে। সি নিজে বেছি একো খবৰ কৰিব লগা ন’হলেই। ৰেৱহঁতে ইতিমধ্যে খবৰ গোটালেই যে ছোৱালীজনী গাৰ্লচ স্কুললৈ নতুন কৈ আহিছে। আচলতে তাইৰ দেউতাকে বেংকৰ নতুন মেনেজাৰ হিচাপে জইন কৰিছে আৰু দেউতাকৰ লগতে তাই আৰু মাকো আহিছে। নামতো জোনালী। জিণ্টুৱে ছোৱালীজনীলৈ এবাৰ আঁৰ চকুৰে চালে।

‘ধুনীয়া, একেবাৰে পূৰ্ণিমাৰ জোনালীৰ দৰেই ধুনীয়া জোনালী’।

সি মনতে ভাবিলে।

ইতিমধ্যে পৱন ছাৰ টিউচন ৰূমলৈ সোমাই আহিল, সকলোৰে লগতে জোনালীক চিনাকী কৰাই দিলে। তাই সকলোলৈ চাই হাঁহি এটা মাৰিলে।

: হাঁহিলে আৰু ধুনীয়া লাগে।

ৰেৱই তাৰ কাণে কাণে ক’লে।

টিউচনৰ পৰা ওভতাৰ সময়ত ৰেৱহঁতে যে কি নিলাজৰ দৰে নিজে নিজে চিনাকি হৈছে তাইৰ লগত। সি যোৱা নাই, হেজাৰ ধুনীয়া হ’লেও সি যোৱাত নাই নিজে চিনাকি হ’বলৈ। পিছত সান্তনাই তাক চিনাকি কৰাই দি ক’লে,

: ই জিণ্টু। আমাৰ টিউচন গ্ৰুপত আটাইতকৈ বেছি অংক ইয়েই পাৰে। তুমি আগৰ কিবা নুবুজিলে ইয়াৰ পৰা শিকি ল’ব পাৰিবা। ই আকৌ ছোৱালীক বৰ বেছি পাত্তা নিদিয়ে। লাজকুৰীয়াও অলপ।

সেইদিনা সঁচাকৈয়ে লাজ লাগিছিল তাৰ। সান্তনালৈ তাৰ খুব খং উঠিছিল, নতুন ছোৱালীজনীৰ আগতনো তাই তাৰ কথা তেনেকৈ ক’ব লাগেনে? এইজনীৰ মানে মুখখনৰ কোনো লাগবান্ধ নাই। সান্তনাৰ কথাত জোনালীয়ে তালৈ চাই মিচিকিয়াই হাঁহি ক’লে,

: হেল্প কৰি দিবা দেই।

‘হাঁহিলে তাইক সঁচাকৈয়ে ধুনীয়া লাগে।’

জিণ্টুৱে মনতে ভাবিলে কথাটো।

জোনালীক কিবা এটা বেলেগ ভাল লাগি গ’ল তাৰ। জীৱনত প্ৰথমবাৰৰ বাবে জিণ্টুৱে বুকুত এক বেলেগ ধৰণৰ বিষ অনুভৱ কৰিছিল। এই বিষ পূজাত বেছিকৈ জেলেপী খাই গেছ উঠি হোৱা বা ফুটবল খেলাৰ সময়ত বেলেগৰ কিলাকুটি লাগি হোৱা বিষৰ দৰে নহয়। এইটো বেলেগ ধৰণৰ বিষ, কিবা মিঠা মিঠা। তাৰপিছৰ সময়খিনিত জিণ্টুৰ যে কিমান অংক ভুল হ’ল, কিমান সমানুপাতৰ অনুপাত নিমিলিল, কিমান শ্বেয়াৰৰ অংকত দালালীয়ে জোখতকৈ বেছি ল’লে, ত্ৰিকোনমিত্ৰিত কিমান থিটাৰ মান গণ্ডগোল হ’ল ঠিকনা নাই!….
আৰু ফুটবলত অভেদ্ৰ ৱাল বুলি তাৰ যি খ্যাতি আছিল যোগজিতৰ দৰে সুযোগ সন্ধানী ফৰৱাৰ্ডবোৰে সেই খ্যাতিৰ ৱালত যে কিমান ছিদ্ৰ কৰিলে তাৰ হিচাপ নাই। মুঠতে জোনালীৰ হাঁহিটোৱে, দীঘল দীঘল নোমেৰে সৈতে ক’লা বহল চকু দুটাই, দুভাগকৈ বেণী গুঠি পিঠিত পেলাই থোৱা চুলিখিনিয়ে তাক পিছ নেৰা হ’ল। জিণ্টুৱে বুজিলে তাৰ মনৰ কথা যেনেতেনে জোনালীক জনাব লাগিব। কিন্তু কেনেকৈ? ৰেৱৰ হতুৱাই কোৱাব নেকি? নাই নাই তাক একদম বিশ্বাসত ল’ব নোৱাৰি। সি গোটেইখন ৰৌজাল বৌজাল কৰি পেলাব। চিঠিকে দিব নেকি? কিন্তু তাই বা কি ভাবত লয়! চিঠি দিয়া বুলি যদি তাই সান্তনাহঁতক কৈ দিয়ে! গুৰিতে কটা নেযাবনে তাৰ নাকটো! কিন্তু তাইকতো কথাটো জনাব লাগিব কিবা কৰি! শেষত জিণ্টুৱে চিঠি এখনকে লিখাৰ সিদ্ধান্ত ল’লে। তাৰ শব্দভাণ্ডাৰৰ আটাইতকৈ ৰোমাণ্টিক, আৱেগিক শব্দবোৰেৰে সি চিঠিখনত তাৰ মনৰ কথাবোৰ ক’লে। চিঠিখনত সি জোনালীক অনুৰোধ জনালে আন যি হ’লেও নহ’লেও তাই যেন কথাখিনি আনক নকয়। জিণ্টুৱে ইতিমধ্যে হিৰু দাৰ কবিতা দুটামান পঢ়িছিল। চিঠিৰ শেষত সি লিখিলে,
“তুমি আহিলে আহোঁ বোলা আহিন আগতিয়াকৈ আহে, মোৰ হৃদয়ত তেজৰ গালিচা গ’লে তোমাৰ খোজৰ পদুম পাহে পাহে..।”

আৰু তাৰপিছত বহুত বুদ্ধি কৰি সি এদিন চিঠিখন তাইৰ বহীৰ মাজত ভৰাই দিলে। তাৰপিছত সীমাহীন প্ৰতিক্ষা, বুকুৰ ঢপঢপনি, চকুত চকু পৰিলে হৃদপিণ্ডৰ দ্ৰুত স্পন্দন এইবোৰৰ ওৰ পেলাই তিনিদিনৰ দিনা টিউচনৰ পৰা উভতাৰ বাটত আনে নুশুনাকে জোনালীয়ে তাক ক’লে,

: এতিয়া এইবোৰ ভাবিব নালাগে। আগত মেট্ৰিক পৰীক্ষাটো আছে। তুমি এতিয়া এইবোৰত সোমাব নালাগে। মই বাৰু কথাটো কাকো নকওঁ। আমি সদায় বেষ্ট ফ্ৰেণ্ড হৈ থাকিম।

দিলে নহয় গোটেইখন খেলিমেলি কৰি। তাতকে তাই যদি তাক গালিয়েই দিলেহেঁতেন! সৱকে যদি কৈয়েই দিলেহেঁতেন সি চিঠি দিয়াৰ কথা। বা তাক যদি নমতাই হ’লহেঁতেন তাই! সেইবোৰ একো নকৰি হাঁহি হাঁহি তাক বন্ধু হৈ থকাৰ উপদেশ দিলে। এয়াতো একেবাৰে ‘কটা ঘাঁত চেঙা তেল’। ধূৰ কি যে জামেলাখনত সোমাল সি! বাদ দিব, এইবোৰ চিন্তা বাদ দিব সি। সামান্য ছোৱালী এজনীৰ নামত ইমান টেনচন। যিমানে সি কথাটো নাভাবোঁ বুলি ভাবিলে সিমানে তাইৰ হাঁহিটোৱে, চকু দুটাই আমনি দিবলৈ ধৰিলে তাক। আৰু বেছিকৈ অংক ভুল হ’ল। সিহঁতৰ টিমে আৰু গ’ল খালে খেলত। বুকুৰ বিষটোৱেতো কমাৰ নামেই নোলোৱা হ’ল। নাই এনেকৈ নহ’ব, কিবা এটা কৰিব লাগিব।
এই কিবাটোৱে তাক খুলি খুলি খালে। আৰু এই কিবাটোৰ সমিধান বিচাৰি যোৱা মঙ্গলবাৰে সি কোনোৱে গম নোপোৱাকৈ মোমায়েকে মাজতে আহোঁতে তাক দি যোৱা পঞ্চাশ টকাটো লৈ আবেলি সময়ত ওলালগৈ খলিহামাৰিৰ কণপাই বেজৰ ঘৰ। তাক এই কিবাটোৰ এটা সমাধান লাগে।

: কি মনকে বা অহা হ’ল?

কণপাই বেজে তামোল এখন মুখত ভৰাই সুধিলে।

: হেৰি মানে, মই মানে আহিলোঁ মানে…

: কি নাম?

: জিণ্টু, জিণ্টু চমুৱা।

: ছোৱালীজনীৰ কি নাম?

সি চক খাই উঠিলে। বেজে কেনেকৈ জানিলে? সেপ অলপ ঢুকি সি ক’লে,

: জোনালী শইকীয়া।

: কিমান দিনৰ পৰা চলিছে এইবোৰ?

: তিনি মাহমানেই হ’ল। বিশ দিনমানৰ আগতে চিঠি এখন দিছিলোঁ, কামত নাহিল। বেষ্ট ফ্ৰেণ্ড হৈ থাকিম বুলিহে ক’লে তাই।

ভয়ে ভয়ে কথাখিনি কৈ সি পঞ্চাশ টকাটো বটাটোত থ’লে।

বেজে কেঁৰাহিকৈ বটাটোলৈ চাই ক’লে,

: হৈ যাব। তই অকমান ইয়াতে বহ, মই আহি আছোঁ।

অকলে বহি থকা সময়খিনিত সি নিজৰ বুকুৰ ঢপঢপনি নিজেই শুনিলে। দহ মিনিটমানৰ পিছত বেজ ওলাই আহি টোপোলা এটা তাৰ হাতত দি ক’লে,

: এই নিমখখিনি ছয়দিনৰ ভিতৰত তাইৰ চুলিত পেলাব লাগিব। সানি দিব পাৰিলে ভাল, নোৱাৰিলেও চুলিত পৰাকে দলিয়াই দিবি। এসপ্তাহৰ ভিতৰত ছোৱালীয়ে নিজেই চিঠি দিব তোক।

আৰু আজি চাৰি দিনে পেকেটটো পকেটত লৈ ঘূৰি ফুৰিছে সি। ইয়াৰ মাজতে দুদিন পৱন ছাৰৰ তাত টিউচন কৰিলে সিহঁতে, কিন্তু কামটো কৰাৰ সুযোগ পোৱা নাই। আজি স্কুল ছুটিৰ পিছত সিহঁতৰ টিউচন আছে। যেনেতেনে আজি নিমখখিনি জোনালীৰ চুলিলৈ দলিয়াব লাগিব। চাহে কুছ ভি হ’ যায়ে, আজি কামটো সি কৰিবই।

জিণ্টু টিউচনলৈ অলপ আগতিয়াকৈ গৈ ছাৰৰ ঘৰ পোৱাৰ কিছু আগত ৰৈ থাকিল। অলপ দেৰিৰ পিছত সি দেখিলে সান্তনা আৰু জোনালী আহি আছে একেলগে খোজকাঢ়ি। পকেটৰ পৰা পেকেটটো উলিয়াই জিণ্টু সাজু হ’ল। মনৰ ভিতৰতে গাঁৱৰ নামঘৰলৈ বুলি সি সেৱা এটা কৰিলে,
‘বুঢ়া ডাঙৰীয়া কৃপা কৰিবা আৰু’!

: কি কৰিছ ইয়াত?

জিণ্টুৰ ওচৰ পাই সান্তনাই সুধিলে।

: এই ৰেৱলৈ ৰৈ আছিলোঁ। আহিয়েই পোৱাহি নাই দেখোন সি। ব’ল তহঁতৰ লগতে গৈ থাকোঁ।

সান্তনা অলপ আচৰিত হ’ল।ছোৱালীৰ পৰা সদায় দূৰত থকা ইয়াৰ আকৌ আজি হ’ল কি! জোনালীয়ে তালৈ চাই ধুনীয়াকৈ হাঁহিলে। তাৰ বুকুখন বিষাই উঠিল। এই হাঁহিটোৱেই, এই হাঁহো হাঁহো কৰি থকা চকু দুটাই তাক শেষ কৰিলে।

জোনালীহঁতৰ কাষে কাষে জিণ্টু চাইকেলৰ হাফ পেদেল মাৰি মাৰি গৈ থাকিল। সান্তনাই অনৰ্গল কথা কৈছে, জোনালীয়ে মাজে মাজে দুই এটা উত্তৰ দিছে। সান্তনাই তাকো কিবা কিবি কৈছে কিন্তু তাৰ কাণত একো সোমোৱা নাই। সি কেনেকৈ কামটো কৰা যায় তাৰ চিন্তাত আছে। পৱন ছাৰৰ ঘৰলৈ বেছি দূৰ নাই। ছাৰৰ ঘৰ পোৱাৰ পিছত একো কৰিব পৰা নাযাব। জোনালী আৰু সান্তনা কথা পাতি থকাৰ সুযোগতে জিণ্টুৱে পেকেটটো জোনালীৰ চুলিলৈ বুলি মাৰি পঠিয়ালে। কিন্তু বতাহৰ বিপৰীতমুখী তৰংগই জিণ্টুক বৰ দুখ লগাকৈ প্ৰতাৰণা কৰিলে। লক্ষ্যভ্ৰষ্ট হৈ পেকেটটো জোনালীৰ ঠিক নাকৰ আগৰে পাৰ হৈ গৈ সান্তনাৰ বাওঁ বাহুত এক মুখামুখি সংঘৰ্ষত লিপ্ত হৈ কিছু অৱশিষ্ট নিমখ বুকুত বান্ধি অতি দুখজনকভাৱে মুখ মেলি বসুমতীৰ কোলাত আশ্ৰয় ল’লে। ঘটনাৰ আকস্মিকতাত দুয়োজনী ছোৱালী চক খাই উঠিল। বাহুটো মোহাৰি মোহাৰি সান্তনাই ৰাস্তাত পৰি থকা পেকেটটো তুলি চকুৰ আগলৈ আনিলে আৰু বিস্ফাৰিত নেত্ৰেৰে জোনালীক ক’লে,

: ভজা নিমখ।

ইতিমধ্যে জিণ্টুৱে সাম্ভাব্য ভৱিষ্যতৰ কথা ভাবি প্ৰমাদ গণিলে। তেতিয়ালৈ ছোৱালী দুজনী কিছু প্ৰকৃতিস্থ হৈছিল। জোখতকৈ বহুত জোৰেৰে চিঞৰি সান্তনাই তাক সুধিলে,

: কি দলিয়ালি এইবোৰ?

জিণ্টুৱে সান্তনাৰ চকুলৈ চালে। স্বয়ং কালী গোঁসানীহে যেন আহি বহিছিল তাইৰ গাত। সেই চকুৰ ভয়াৱহতাত মূহূৰ্তৰ ভিতৰতে জিণ্টুৰ সকলো চিন্তাশক্তি লোপ পালে। অধোবদনে সি ক’লে,

: কণপাই বেজে জাৰি দিয়া নিমখ। তোলৈ নহয়, জোনালীৰ চুলিলৈ মাৰিছিলোঁ।

জোনালীলৈ মূৰ তুলি চোৱাৰ সাহস তাৰ হোৱা নাছিল। সিহঁতে আৰু কিবা কোৱাৰ আগতে সি ছাৰৰ ঘৰলৈ বুলি চাইকেলৰ স্পীড বঢ়াই দিলে। পিছফালৰ পৰা সান্তনাই চিঞৰি ক’লে,

: চালা নিবোকা চামোন, পৱন ছাৰক লগাই আছোঁ ব’ল।

পৱন ছাৰে জিণ্টুক বেঞ্চৰ ওপৰত আঠুকঢ়াই কাণত ধৰালে, জোনালীক ভৱিষ্যতে কেতিয়াও আমনি নকৰোঁ বুলি কথা দি মাফ খোজালে। টিউচনৰ সকলোকে এইটো কথা ইমানতে শেষ কৰি পঢ়াশুনাত মন দিবলৈ এটা সমূহীয়া গালি দিলে।

ইয়াৰ পিছত জিণ্টু আৰু জোনালীৰ প্ৰেমৰ কি গতি হ’ল, সিহঁতৰ মাজত প্ৰেম হ’ল নেকি, বন্ধুত্ব থাকিল নে মাতবোল বন্ধ হ’ল এইবোৰ আমি খুঁচৰিবলৈ নাযাওঁ। গ’লে ৰসভংগ হোৱাৰ সম্ভাৱনা প্ৰৱল। গল্পৰ unity of effect বুলি কথা এষাৰো আছে। সেয়ে জোনালী জিণ্টুৰ কাহিনী ইমানতে শেষ কৰিছোঁ। সিহঁতৰ ভৱিষ্যত কি হ’ল পাঠক হিচাপে আপোনালোকে নিজে নিজে কল্পনা কৰিব। আমি ইমান সময়ে কৈ থকা পৱন ছাৰৰ কথা অলপমান পাতি লওঁ আহক।

পৱন ছাৰ মানে পৱন বৰুৱা। ২৪ বছৰীয়া যুৱক, অংকত মাষ্টাৰছ কৰি যোৱা এবছৰ ঘৰতে থাকি নেটৰ প্ৰিপাৰেচন কৰি আছে। পঢ়াশুনাত মতি গতি থকা, জীৱনত ভাল কিবা এটা কৰিব বুলি আশা কৰিব পৰা বিধৰ ল’ৰা। নিজৰ খৰচ উলিয়াবলৈকে ওচৰৰ ক্লাচ টেইনৰ ল’ৰা-ছোৱালীকেইটামানক অংকৰ টিউচন কৰে। প্ৰফেচনেল টিউচন মাষ্টৰ নহয়, দিনটোত মাত্ৰ এটা বেটছ। সেইদিনা জিণ্টুৱে কণপাই বেজৰ ওচৰলৈ যোৱা কথাটো শুনি পৱন বৰুৱা প্ৰথমে হতভম্ব হ’ল। ঘটনাটো নিজৰ ধৰণেৰে নিষ্পত্তি কৰি টিউচন আৰম্ভ কৰিলে যদিও সেইদিনা তেওঁ অংকত ইমান মন বঢ়াব নোৱাৰিলে। আনদিনাতকৈ কিছু সোনকালে টিউচন সামৰি বাকী ল’ৰা-ছোৱালী কেইটাক যাবলৈ দি তেওঁ জিণ্টুক ৰ’বলৈ ক’লে। বাকীবোৰ যোৱাৰ পিছত পৱন বৰুৱাই জিণ্টুক সুধিলে,

: তই কণপাই বেজৰ কথা ক’ত গম পালি?

জিণ্টুৱে তললৈ মূৰ কৰি উত্তৰ দিলে,

: কণপাই বেজৰ কথা সৱেই জানে। বিৰাট প্ৰমাণী বোলে।

: পঢ়াশুনা কৰা ল’ৰা হৈ এইবোৰ বেজ-বেজালিত বিশ্বাস কৰ! আৰু ই বেজ জানো কম! ইমান সৰু ল’ৰা এটাক এইবোৰ কথা শিকাইছে। ঠিকনাটো দে তাৰ। ঘৰতে গৈ এসেকা দিম তাক ভালকে।

: খলিহামাৰী নৈখনে পূবলৈ টাৰ্ণিং লোৱাৰ চুকটোতে ঘৰটো। বগা ৰঙৰ বেৰ বাটাম দিয়া ঘৰ। জপনাখনৰ কাষতে কথনা ফুল এডাল আছে।

: হ’ব তই যা।

জিণ্টু লাহে লাহে ৰূমটোৰ পৰা ওলাই গ’ল। চকীখনত বহি থাকিয়েই পৱন বৰুৱাই ভাবিলে যে এইবাৰ গুৱাহাটীলৈ যোৱাৰ আগতে সি কণপাই বেজক এবাৰ লগ কৰিব লাগিব। এনেকুৱা জৰা নিমখ এটোপোলা তাকো দৰকাৰ হৈছে। এই গিতালীজনীয়েও তাক বহুদিনৰ পৰা বেষ্টফ্ৰেণ্ড বনাই থৈ দিছে।

☆★☆★☆

7 Comments

  • ৰাজশ্ৰী শৰ্মা

    হা হা,বৰ ভাল লাগিল পঢ়ি।

    Reply
  • হেমন্ত কাকতি

    তামাম লাগিল প্ৰফেছাৰ! এইবাৰৰ সংখ্যাৰ বেষ্ট গল্প!

    Reply
    • ললিত

      সুন্দৰ। সঁচা ঘটনাৰ আলমত যেন পাওঁ।

      Reply
  • বাগ্মিতা

    হাঃ হাঃ! মজ্জা লাগিল ছাৰ।

    Reply
  • ৰিণ্টু

    ৱাও, তামাম এইটো

    Reply
  • Lakhya

    সকলোকে ধন্যবাদ।

    Reply
  • দুদুল

    ধুনীয়া অনুভৱ ৰ গল্প, লৰালিৰ দিনবোৰ লে মনত পৰি গল। ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *