ফটাঢোল

কৌতুক– ডা° পাৰ্থসাৰথি ভূঞা

১) ৰীতাৰ গিৰিয়েক প্ৰাইভেট কোম্পানী এটাত চাকৰি কৰে। ঘৰ আহি পাওঁতে সদায় সন্ধিয়া সাতমান বাজে। এদিন তেওঁ নিশা দহ বজালৈকে ঘৰ আহি নোপোৱাত ৰীতাৰ বৰ চিন্তা হ’ল। মোবাইলত ফোন কৰিও পোৱা নাই। চিন্তাতে তাই বান্ধৱী লীনাক ফোন কৰিলে।

ৰীতা : ঐ শুনচোন, পংকজ এতিয়াও অফিচৰপৰা অহা নাই। ফোন কৰিলেও নট ৰিচ্ছেবল পাওঁ। ইয়াৰ কাৰোবাৰ লগত এফেয়াৰ আছে চাগে বুজিছ, নাজানো আৰু ক’ত ফূৰ্তি কৰি আছে, হুক হুক…

লীনা : হেই এইজনী। ৰহচোন, পটকৈ বেয়া কথাবিলাক নাভাবিবি। ডিউটিৰপৰা বাইকত আহি থাকোঁতে তাক ট্ৰাক বা বাছেওতো খুন্দিয়াব পাৰে।

২) সীমাৰ সপোন, ধনী মানুহৰ ঘৰৰ ল’ৰা এটাৰ লগত বিয়া হৈ জীৱনটো আৰামত কটোৱা। এদিন তাই পাৰ্টি এটাত ৰমেন নামৰ ল’ৰা এটাৰ লগত চিনাকি হ’ল। ৰমেনৰ কথাৰপৰা গম পালে যে সি ঘৰৰ একমাত্ৰ ল’ৰা আৰু তাৰ দেউতাক হেনো চহৰখনৰে আটাইতকৈ ডাঙৰ মানুহ। ডাঙৰ মানুহৰ একমাত্ৰ ল’ৰা, গতিকে তাই ভাবি থকা মতেই মিলিব বুলি ভাবি তাই ৰমেনৰ লগত ঘনিষ্ঠতা বঢ়ালে আৰু সিহঁতৰ প্ৰেম হ’ল। পিচে এদিন তাই ৰমেনৰ লগত তাৰ ঘৰলৈ যাওঁতেহে গম পালে যে তাইৰ আশাত চেঁ‌চা পানী পৰিল। ৰমেনহঁ‌তৰ ঘৰৰ অৱস্থা বিশেষ সচ্ছল নহয়, পিচে তাৰ দেউতাক সঁচাকৈয়ে চহৰখনৰ আটাইতকৈ ডাঙৰ মানুহ। তেওঁৰ বয়স এশ পাঁচ বছৰ!

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *