চেলেঞ্জ : খনিন্দ্ৰ ভূষণ মহন্ত
দৃশ্যপট ১ : তেতেলী তল
আমাৰ স্কুলৰ পাছফালেই ডাঙৰ তেতেলী গছ এজোপা আছিল। শ্রেণী নির্বিশেষে নেওতা পঢ়া আৰু মুখস্থ দিয়াৰ কাঠগড়া হিচাপে সেই ঠাইকণ সর্বজন বিদিত। বিদ্যালয়ৰ প্রায় সকলো ছাত্র-ছাত্রীয়েই জানে, গছজোপাৰ তলৰ এক নির্দিষ্ট ঠাইত দিনটোৰ কোনো এটা সময়তেই ৰ’দ নপৰে। স্বাভাৱিকতে গৰমৰ দিনকেইটাত সেই ঠাইটুকুৰা দখল কৰিবলৈ সকলোৱে মনতে আশা কৰে।
যত দূৰ সম্ভৱ, দ্বিতীয় শ্রেণীৰ ছাত্র আছিলোঁ তেতিয়া। ক্লাচৰ শেষৰ ঘণ্টাত বন্ধু এজনৰ লগত বাজি লগালোঁ,
“কাইলৈ সেইঠাইত যদি মই থিয় হ’ব পাৰোঁ, তই মোক এটকাৰ ‘মিচল’ খুৱাবি। যদি তই হৱ, তেতিয়া তোক মই খুৱাম।”
(কোৱা বাহুল্য যে, সেই সময়ত আমি ‘পকেট মানি’ হিচাপে অতি বেছি দুটকা পাইছিলোঁ।)
পাছদিনা ঘৰৰ পৰা আনদিনাতকৈ অলপ সোনকালেই ওলালোঁ। লক্ষ্য এটাই, মিছন আগতে গৈ থিয় হোৱা। বিদ্যালয়ৰ গে’ট পাইছোঁ মাত্র, নাতিদূৰৈত তাক দেখিলোঁ। মই কোবা-কোবিকৈ ভিতৰলৈ বাট ল’লোঁ। মোক দেখিয়ে দৌৰা-দৌৰিকৈ সিও আহিল। যিহেতু প্রথম ক্লাচতে নেওতা, শ্রেণীকোঠাত বেগ থৈয়েই পোনাই দিলোঁ তেতেলীজোপাৰ তললৈ।
পিচে, আমাৰ ফুটা কঁপাল, কোন তলকত হে’ড ছাৰ বাটত ওলাল, আমি এটায়ো ধৰিবই নোৱাৰিলোঁ। ছাৰে ওচৰলৈ মাতি আনি দুয়োকে গালত হাতেৰে ফুল বাচিলে।
ছাঁত থিয় হ’ম বুলি সপোন দেখা দুইটাই গোটেই নেওতাৰ ক্লাচটো ৰ’দত আঁঠুকাঢ়ি থাকিলোঁ।
চেলেঞ্জটোলৈ মনত পৰিছিল।
দৃশ্যপট ২ : কলেজ কেম্পাচ
কলেজত নাম ভর্তি কৰা বেছিদিন হোৱা নাই। ক্লাচবোৰ দুই-এটাকৈ হৈ আছে। বন্ধুৰ ‘গেং’ এটা হৈছেগৈ। ‘ব্রেক’ৰ সময়খিনিত কেণ্টিনৰ সন্মুখতে জুম পাতি আড্ডা দি থকাটো আমাৰ অভ্যাস বুলিলেও ভুল নহয়।
ঠিক তেনেকুৱা এটা দিনতে আমাৰ সন্মুখেদি ‘ধুনু মাইনা’ এজনী পাৰ হৈ গ’ল। লগে-লগে আমাৰ মাজত স্ব-ঘোষিত প্রতিযোগিতা এটাইহে যেন সাৰ পালে। ফোন নম্বৰটো আনিব লাগে। ইটোৱে-সিটোক চেলেঞ্জ দিলোঁ, যিয়েই কামটো কৰিব পাৰিব তাক বাকীকেইটাই ৩০ টকীয়া ‘লেগ পিচ’ খুৱাম।
: কোন যাবি প্রথম?
মোৰ প্রশ্নটো শেষ হ’ল কি নাই, চোলাৰ কলাৰটো ঠিক কৰি এজন গ’লেই!
সেইদিনা পাছত কি হ’ল মই গম নাপালোঁ। পাছদিনা কলেজলৈ গৈ দেখিছোঁ, মোৰ বন্ধুজন দেখোন প্রিঞ্চিপাল ছাৰৰ কেবিনৰ পৰা ওলাই আহিছে। মুখখন একেবাৰে শুকাই কর্কৰীয়া মৰা চূণৰ টেমিটো! ওচৰ চাপিবলৈও ভয়। কি কথা, কি বতৰা একো ধৰিব পৰা নাই।
তেনেতে ক্লাচ আৰম্ভ হোৱাৰ সময় হোৱাত আটাইবোৰ শ্রেণীকোঠালৈ দৌৰ মাৰিলোঁ।
: তহঁতে মানুহ মাৰিবি দেই। তাই কোন জান’?
ক্লাচ শেষ কৰি ছাৰজন ওলাই গৈছে কি নাই, সি আৰম্ভ কৰিলে।
: কোন?
উৎকণ্ঠাত আমি প্রায় সমস্বৰেই সুধিলোঁ।
: যমৰ জীয়েক।
(দুদিন আগত আমি প্রিঞ্চিপাল ছাৰক সেই বিশেষ উপাধিটো দিছিলোঁ।)
মোৰ লগালগ ‘কুচ-কুচ হ’তা হ্যে’লৈ মনত পৰিছিল। অৱশ্যে মোৰ লগৰটো শ্বাহৰুখ খানৰ দৰে নহয়, তাই ৰাণী মুখার্জীৰ দৰে…!
প্রিঞ্চিপাল ছাৰৰ জীয়েকক জোকোৱাৰ উপহাৰ হিচাপে ‘লাষ্ট ৱার্ণিং’ এটা পাইছিল বন্ধুজনে। হোষ্টেলত তাৰ কি গতি হৈছিল, সেয়া নক’লেও হ’ব।
দৃশয়পট ৩ : ফেচবুক
পূর্ণোদ্যমত Couple challenge চলি আছে।
ৰাইজে ধুনীয়া ধুনীয়া ফটো দি আছে। আমাৰ দৰে বৰলা-বৰলীবোৰৰনো কি? এফালৰ পৰা ‘লাভ ৰিয়েক্ট’ কৰি গৈছোঁ। ‘ধুনীয়া লাগিছে’ জাতীয় কমেণ্ট এটা ‘কপি-পেষ্ট’ কৰিছোঁ। ধেমালি-ধুমুলা চলি আছে। নিজেও সেইবোৰত অংশ লৈছোঁ। অকলে উঠা ফটো দিয়াৰো ধুম এটা উঠিল।
তেতিয়ালৈকে ঠিকেই আছিল। কিহে পালে জানো? ওভত চিন্তা এটাই আহি মূৰত কিলবিলাবলৈ ধৰিলে। পতি-পত্নীৰ ফটো ফেচবুকত দিয়াটো কেনে ধৰণৰ চেলেঞ্জ?
What’s on your mind বুলি দেখি দিলোঁ নহয় তাকে লিখি! এনেও আমি লোৱা চেলেঞ্জবোৰৰ হিচাপত এইটো হিচাপতে নাহে।
ঈশ্বৰ অ’! প’ষ্টটো দিবলৈহে পালোঁ, বিবাহিত ৰাইজে এনেকুৱা ‘ধুলে’ নহয়, সেইদিনাই ‘ডিএক্টিভেট’ হৈ দিলোঁ। বেলেগ এটা বিতর্ক নহালৈকে সেইমুৱা নহওঁ বুলি ভাবিছোঁ।
☆★☆★☆
12:47 pm
বঢ়িয়া লাগিল। চেলেঞ্জ দি থাকিব লাগে মাজেমাজে
1:30 pm
বঢ়িয়া৷
4:56 pm
বঢ়িয়া লাগিল