ফটাঢোল

সাহসেই মূলধন : ৰীতা লীনা সোণোৱাল।

নগেন মাষ্টৰৰ মেজাজটো বৰ ঠিক নহয়। মানুহজন প্ৰায়ে খঙত থাকে। সেই মানুহজনে যেতিয়া ঘটিব নলগীয়া অঘটন এটা আমাৰ আগত খুহুটীয়া ভাষাৰে বৰ্ণনা কৰে, আমি হাঁহিত ৰ’ব নোৱৰা হওঁ। অলপ দিনৰ আগতে ঘটনা এটা ঘটিছিল তেওঁৰ ঘৰৰ কাষত৷

সেইদিনা দেওবাৰ বুলি নগেন মাষ্টৰ অলপ দেৰিলৈকে বিছনাত পৰি আছিল৷ দেৰি মানে কি আৰু? পুৱা ছয় বাজি গৈছিল। অন্য বাৰবোৰত পুৱা পাঁচ বজাত শোৱাৰ পৰা উঠে। সেইদিনা অলপ দেৰি হৈছিল। তেনেতে নগেন মাষ্টৰৰ ঘৰৰ কাষৰ মানুহঘৰৰ পৰা হুলস্থূলৰ শব্দ ভাঁহি আহিল। হুলস্থূল মানে ভালকেই হৈছিল। কানুৰ মাকে কাৰোবাক গজমূৰীয়া, এলাইজাবৰী বুলি গালি পাৰি আছিল। কানুহঁতৰ ঘৰটো নগেন মাষ্টৰৰ বাৰীৰ সীমাত লাগি থকা। নগেন মাষ্টৰে কিনো হ’ল পুৱাই বুলি, বিছনাৰ পৰা ধহ-মহাই উঠি বাৰাণ্ডা পালেগৈ। কানুহঁতৰ চোতালত মানুহৰ জুম। মুখখন কোনোমতে ধুই নগেন মাষ্টৰ কানুহঁতৰ ঘৰ পালেগৈ।

: কি হ’ল বোপাই এই পুৱাতে?

নগেন মাষ্টৰে কথাটো সুধিবলৈ নাপালেই। পেন্দুকনা এটাই তপৰাই উত্তৰ দিলে,

: কানুদাই ছোৱালী পলুৱাই আনিছে।

আও, ছোৱালী পলুৱাই অনাটোও ইয়াত ইমান ডাঙৰ কথা হ’লনে! কানুৱে ছোৱালী পলুৱাই নানি কৰিব কি? সি লাটচাহাবৰ বেটা নে? এই চুবুৰিটোৰ দহঘৰ মানুহৰ সাতঘৰৰ ল’ৰাই ছোৱালী পলুৱাই আনে। নপঢ়ি নুশুনি সৰুৰে পৰা ক’ৰবাত গাড়ীৰ হেণ্ডিমেন হ’বলৈ যাব, গাড়ীৰ দ্ৰাইভাৰ হ’ব, গাৰোপাহাৰত কয়লাৰ ট্ৰাক চলাবলৈ যাব, নহ’লে তীৰ খেলত ধৰিবগৈ। ছোৱালী পলুৱাই নানি আৰু ইহঁতে কি কৰিব? চুবুৰিটোৰ সৰহভাগ মানুহৰেই ঘৰৰ অৱস্থা ভাল নহয়। কানুৱে গাৰোপাহাৰত কয়লাৰ ট্ৰাক চলাই পইচা অলপ ঘটি আনিছিল হ’বপায়। তাকে মানুহৰ মুখত শুনা মতে কানুৱে গোটেই টকা নি ওচৰৰ গাঁওখনৰ মালতীবাইৰ তাত উৰুৱালে। মালতী মদ বেচা তিৰোতা। যিয়ে পইচা দিব তাই তাকে মদ দিব। কানুৱে মদৰ লগতে মালতীৰ ছোৱালীকো পালে। গোটেই ৰাতি মালতীৰ ঘৰত বহি মদ খাই থাকিলে ওচৰৰ ৰাইজৰ চকু পৰিবই। সেয়েহে যোৱা ৰাতি মালতীৰ গাঁৱৰ ৰাইজে কানুক ধৰি বান্ধি মালতীৰ ছোৱালীজনী গটাই দিলে। এতিয়া কানুক মাক বাপেকে ঘৰত সোমাবলৈ নিদিয়ে। ন-কইনা আনি কানু চোতালতে ৰৈ আছে। কানুৰ দেহাটো লেংপেংকৈ ওখ। ওখ ল’ৰাটোৱে চুটি-চাপৰ ছোৱালী এজনী লৈ অসহায়ভাবে চোতালতে ৰৈ আছিল।

নগেন মাষ্টৰৰ এইবোৰ নলগা জেঙত সোমাবলৈ একেবাৰে মন নাযায়। তথাপিও ন-ছোৱালীৰ কোমল মুখখন দেখি বেয়া লাগিল। নগেন মাষ্টৰক এইখিনি জেগাত সকলোৱে ঈশ্বৰ দেখাদি দেখে। নগেন মাষ্টৰৰ কথাৰ ওপৰত কোনেও মাত নামাতে। কানুৰ মাক-দেউতাক দুখীয়া হ’ব পাৰে, কিন্তু ঘৰত মদ-ভাং এইবোৰ নচলে। এতিয়া মদ বেচা তিৰোতা এগৰাকীৰ জীয়েকক কেনেকৈনো বোৱাৰী কৰি আদৰি লয়? কিন্তু নগেন মাষ্টৰৰ বুজনিত মানুহহাল শান্ত হ’ল। যত দোষ কানুৰ হে, ছোৱালীৰনো কি দোষ? ছোৱালীক ঘৰৰ ভিতৰলৈ সোমাবলৈ দিয়া হ’ল। ন-কইনাক ভিতৰলৈ আদৰাৰ সময়ত কানুক বিচৰা হ’ল। কিন্তু কানু ঠাইতে হেৰাল। হঠাৎ কানু গ’ল ক’লৈ? প্ৰথমতে ঘৰৰ ভিতৰত, তাৰপাছত বাহিৰত, এইবাৰ একেবাৰে চ’কলৈকে কানুক বিচাৰি মানুহ পঠিওৱা হ’ল। কানু নাই। কানু যেন বতাহৰ লগত মিলি গ’ল। সকলোৰে মাজত হুৱা-দুৱা লাগিল। ন-কইনাই উচুপিবলৈ ধৰিলে৷ সেইদিনা আৰু কানুক বিচাৰি পোৱা নগ’ল। পাছদিনা নগেন মাষ্টৰে কানুৰ দেউতাকক লগত লৈ পুলিচ থানাত কানুৰ নিৰুদ্দেশৰ এজাহাৰ এখন দি আহিলগৈ। কিন্তু কানুক কোনেও বিচাৰি নাপালে। ন-কইনাই নিজৰ কঁপালক ধিয়াই কানুহঁতৰ ঘৰতে থাকিল।

দুমাহ পাৰ হৈ গ’ল। নগেন মাষ্টৰৰ কানুহঁতৰ ঘৰৰ ফালে চাবলৈকে মন নোযোৱা হ’ল। ন-কইনাই বাৰাণ্ডাতে আমনজিমনকৈ ৰৈ থাকে। ইফালে কানু নাপাত্তা। মানুহটো মৰিলেই নে জীয়াই আছে কোনেও গম নাপায়। আহিন, কাতি গৈ আঘোণ মাহ সোমাল। কানুহঁতৰ খেতি-খোলা নাই। আধিয়াকৈ খেতি অলপ কৰিছিল। তাৰেই ধান কাটিবলৈ পুৱাতে বোৱাৰীয়েকক লৈ কানুৰ মাক পথাৰলৈ যায়। সেইদিনা ব্ৰহ্মপুৱাতে দুয়োজনী ওলাইছে পথাৰলৈ। তেনেতে জপনা খোলাৰ শব্দ হ’ল। কানুৰ মাক বাৰাণ্ডালৈ ওলাই আহিল। ভূত দেখা হ’লেও মানুহজনীয়ে ইমান চক নাখালেহেঁতেন যিমান হেৰোৱা পুতেকক চকুৰ সমুখতে দেখি চক খালে। এইবাৰ শাহুৱেক বোৱাৰীয়েক দুয়োজনীয়ে ৰাউচি জুৰি কান্দিবলৈ ধৰিলে কানুলৈ চাই। স্কুললৈ যাবলৈ সাজু হোৱা নগেন মাষ্টৰৰ থৰকাচুটি হেৰাল, কি হ’ল বুলি। মাষ্টৰ গৈ কানুহঁতৰ ঘৰ পালেগৈ। ইতিমধ্যে চোতালত মানুহ জমা হৈছিলেই। দুটা সৰু ল’ৰা-ছোৱালী সহিতে মানুহ এজনী লৈ কানু ঘৰত হাজিৰ। সৰু ছোৱালীজনী কানুৰ কোলাত। এইবাৰ মানুহজনীক একেবাৰে মন্দিৰত সুমুৱাই বিয়াপাতি আনিছে। কানুৰ লগত একেলগে মদখোৱা এটাৰ ঘৈণীয়েক। কানুৱে সেইজনৰ ঘৰতেই দুমাহ আশ্ৰয় লৈ আছিল। দুমাহত হিয়া দিয়া নিয়া হৈ, পলুৱায়ো আনিলে। কানু তই কম মানুহ নহয়! লোকৰ এজনীকে সন্তুষ্ট কৰি সংসাৰ চলোৱা টান হৈছে৷ ই বেটাই দুজনী গোটাইছে। তাকো এজনীৰ লগত দুটা ফ্ৰীও পাইছে৷ নগেন মাষ্টৰে স্কুললৈ আহি আমাৰ আগত কৈছে,

: বুজিছে মানুহক বিয়া পাতিবলৈ পইচা পাতি নালাগে। সাহসেই মূলধন।

কানুৰ দ্বিতীয় পক্ষক বিচাৰি পুলিচ আহিল। কানুৱে এজনীৰ লগতো সংসাৰ কৰিব নোপোৱাকৈ জেলৰ ফ্ৰী ভাত খাবলৈ গ’ল।

☆★☆★☆

2 Comments

  • জয়ন্ত দাস

    বাপৰে সাংঘাতিক৷ মজা লাগিল৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ভাল লাগিল পঢ়ি৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *