ফটাঢোল

পৰুৱাই পোৱা– মানস প্ৰতীম দত্ত

সৰুতে আমি পঢ়া-শুনা নকৰি ধিতিঙালি কোবাই ঘূৰি ফুৰিলে জ্যেষ্ঠসকলে সদায়ে ভয় খুৱাই কৈছিল যে টলৌ-টলৌকৈ ঘূৰি নুফুৰিবি যেতিয়া পৰুৱাই পাব তেতিয়াহে গম পাবি। মই ভাবোঁ, পৰুৱাই দেখোন কামুৰিবহে পাৰে, ই আকৌ কেনেকৈ আমাক পাব। মানুহে প্রায়ে কয় যে পৰুৱাই পালে হেনো মানুহে বাট হেৰুৱায়। পাছত মানুহটোও হেৰাই যায়। এই পৰুৱানো কি সেয়া এটা অভিজ্ঞতাৰ পৰা মই হয়তো এক সিদ্ধান্তলৈ আহিব পাৰিলোঁ।

আমি তেতিয়া প্রথমবাৰৰ বাবে গুৱাহাটীলৈ গৈছোঁ। আমি মানে মই আৰু বন্ধু প্ৰণৱ বড়া। নাইট চুপাৰত গৈ গুৱাহাটী পোৱাৰ পাছত আমাৰ জেঠাইৰ ল’ৰা জিণ্টুদাই আমাক তাৰ হেঙেৰাবাৰীৰ ৰূমলৈ লৈ গ’ল। পাছদিনা আমাৰ এন ডি এ-নেভীৰ প্রৱেশ পৰীক্ষা। এডমিট কার্ডত লিখা মতে পৰীক্ষাগৃহলৈ ম’বাইল নিব নোৱাৰি। আমি সেয়ে দাদাৰ ঘৰতে ম’বাইল থৈ কেৱল মানুহ দুটা পৰীক্ষাহল পালোঁগৈ। যাওঁতে ৰাস্তাটো মনত ৰাখিবলৈ চেষ্টা কৰি গৈছোঁ। দাদাৰ ৰূমলৈ সোমাই যোৱাৰ সন্মুখতে ৱালত লিখা আছিল অতুল বৰা জিন্দাবাদ। সেইটোকে চিন হিচাপে ৰাখি পৰীক্ষাহল পালোঁগৈ। নির্দিষ্ট সময়ত পৰীক্ষা দি পুনৰ হেঙেৰাবাৰী পালোঁহি। তেতিয়া চিকিমিকি সময়। পায়ে দেখিলোঁ কেইবাঠাইৰ দেৱালত লিখা আছে অতুল বৰা জিন্দাবাদ। দেৱালৰ সন্মুখৰ ফালে গৈছোঁ, নাই সেইটোও দাদাৰ ঘৰলৈ যোৱা বাট নহয়, আনটোলৈ গৈছোঁ সেইটোও নহয়! অৱশেষত দোকান এখনলৈ গ’লোঁ। ঘেঁহাই ঘেঁহাই, ভয়ে ভয়ে দোকানি এজনক কথাষাৰ ক’লোঁ। তেওঁৰ হয়তো আমালৈ মৰম ওপজিল। তেওঁৰ ফোনটো আমাক দিলে। দাদাৰ নম্বৰটো মোৰ মুখস্থ আছিল। তালৈ ফোন লগালোঁ। সি দোকানৰ সন্মুখৰ বাটটোৱেদিয়েই ঘপহকৈ ওলালহি। মই প্রণৱৰ মুখলৈ চাইছোঁ, প্রণৱে মোৰ মুখলৈ…। মনতে ভাবিলে আমাক চাগৈ পৰুৱাই পাইছিল। এই পৰুৱাটো আচলতে মানুহ কামোৰা পৰুৱা নহয়, মনত খেলি-মেলি লাগিলে, মানসিক বিশৃংলতাৰ ফলত উদ্ভৱ হোৱা মানসিক অস্থিৰতাহে।

এই ঘটনাৰ পাছতে পৰুৱাই পোৱানো কি সেই সম্পর্কে এক নতুন ধাৰণা আহিল। বহাগ আহিলেই যেতিয়া আমৰলি পৰুৱাৰ টোপ খোৱা হয় বা মানুহে টোপ গোটাই তেতিয়াই এই ঘটনাটো মোৰ মনলৈ আহে। অসমত বাস কৰা প্রায়বোৰ মংগোলীয় জনগোষ্ঠীয় লোকৰ বিশ্বাস যে গৰু বিহুৰ দিনা আমৰলি টোপ খাব লাগে। ইয়াক বিভিন্ন ধৰণেৰে ভাজি খায়। ইয়াত বহু পৰিমাণৰ প্র’টিন থাকে। তদুপৰি আমাৰ সমাজত এক বিশ্বাস আছে যে আমৰলি পৰুৱা খালে ছালৰ ৰোগ নহয়। আচলতে আমৰলি পৰুৱাৰ উদৰৰ পশ্চাদ অংশত এবিধ এচিড থাকে৷ সেই এচিডৰ নাম হ’ল ফৰমিক এচিড। সেয়েহে আমৰলি পৰুৱাই কামুৰিলে কামোৰা স্থানত ই ফৰমিক এচিড উলিয়াই দিয়ে। ফলত সেই অংশ ফুলি উঠে। এনেদৰে কামুৰিলে বসন্ত ৰোগ নহয় বুলি পৰম্পৰাগতভাৱে আমাৰ সমাজত বিশ্বাস কৰি অহা দেখা গৈছে। অসমৰ উপৰিও নগালেণ্ড, চট্টিশগড়, মধ্যপ্রদেশ আদিত ইয়াক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ভাৰতবর্ষৰ উপৰিও থাইলেণ্ড আৰু ফিলিপাইনছত আমৰলি পৰুৱাৰ খেতি কৰা হয় আৰু টোপবোৰ বজাৰত বিক্রী কৰা হয়। ইণ্ডোনেছিয়াত আমৰলি পৰুৱাক চংবার্ডছৰ খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ লগতে কুকুৰাৰ পাখি আৰু মাংসৰ বৃদ্ধিৰ বাবে কুকুৰাৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়।

সম্প্রতি আমাৰ দেশত যিহেতু ইয়াৰ খেতি কৰা নহয় বা উৎপাদন কৰা নহয় গতিকে আমি বিহুৰ সময়ত পৰম্পৰা ৰক্ষাৰ সময়ত ইয়াক খাবৰ বেলিকা এই কথা মনত ৰখা উচিত যে আমাৰ এই পৰম্পৰা বর্তি থাকিবলৈ পৰুৱাসমূহ থাকিবই লাগিব। গতিকে পৰুৱাসমূহ মৰাৰ পাছত ইয়াৰ বাহসমূহ নষ্ট নকৰি পুনৰ পৰুৱাই বাহ সাজিব পৰাকৈ গছত সংস্থাপন ব্যৱস্থা কৰি দিব লাগে। আমাৰ পৰম্পৰাই আমাৰ প্রকৃতি সংৰক্ষণৰ প্রতি শ্রদ্ধাশীল হ’বলৈ শিকাই আহিছে। সেয়েহে এয়া আমাৰ দায়িত্ব বুলি গ্রহণ কৰি প্রকৃতিৰ প্রতি আমি শ্রদ্ধাশীল হৈ থাকিলেহে প্রকৃতি-মানুহৰ মাজৰ সু-সম্পর্ক বর্তি থাকিব।

☆★☆★☆

3 Comments

  • প্ৰদীপবৰা

    মহানগৰীত প্ৰায়ে পৰুৱাই পাই ৷বিশেষকৈ দুপৰীয়া ৷

    Reply
  • Pranita Goswami

    ভাল লাগিল। নতুন চহৰত পৰুৱাই পায়েই সৱকে।

    Reply
  • চন্দন

    ভাল লাগিল মানস৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *