পূজা ২০২০ : নীলাঞ্জনা মহন্ত
আজি বোলে দেওবাৰ, উঠি খালোঁ জলপান
উঠা দেৰি হ’ল বাবে নবজাতহে ‘all done’৷
পূজাৰ বতৰ দোকানেৰে ভৰি থাকিব ৰাস্তা
মায়ে বোলে পুৱাই গৈ আন আলু এবস্তা৷
দেওবৰীয়া হাটত চাগে মানুহে আছে ভৰি
মুখা আৰু হাতমোজা লৈ যাবি নেপাহৰি৷
পূজা বুলি ভনীয়েৰলৈ আনিবি এটা ঘড়ী
ঘৰতে থাকি মহাৰাণীৰ দিন-ৰাতিৰ হ’ল খিচিৰি৷
ফেচবুক আৰু হোৱাটচাপেই ৰাণীৰ হৈছে জীৱন
পাৰিলে সেই দুটা বস্তুৰ যেন কৰিব মাই মুণ্ডন৷
মাই বোলে উঠ মহাৰাণী বেলহিচোন লুচি
আলু আহি পালেই ভাজিবি লগাই ৰুচি৷
বকনি নেওচি মই মুখাপিন্ধা ওলালোঁ লৈ মোনা
ৰাস্তা দেখোন খালী, বন্ধ দিয়াও নাই শুনা৷
দুই এজন লাহে ধীৰে পালোঁ মুখাপিন্ধা
সকলোৱে মুখাপিন্ধা নিয়ম যে ধৰাবন্ধা৷
তিনিআলিৰ মূৰত দেখোঁ এক ভীমহেন ট্ৰাক
নমাই আছে এপদ দুপদকৈ পাচলি আৰু শাক৷
দুই এক মুখাপিন্ধাই টোপোলা আছে যাচি
আন দুকুৰিমানে তাৰেপৰাই লৈ আছে বাচি৷
দামবোৰো আছে লিখা প্ৰকাণ্ড ক’লা আখৰত
আঙুলি টোঁৱাই লগাটো জনাই পইচা লৈ হাতত৷
মানুহবোৰ থিয়ৈ থিয়ৈ টোপনি গ’ল যেন পাওঁ
অমুকাই ভাবিলোঁ কি লাগে মুখেৰেই কওঁ৷
হেৰি মুখাপিন্ধা, আলু দুকিলোমান দিবচোন
মুখাপিন্ধাই আচৰিত হয় এইটো ওলাল কোন!
মুখাৰ ভিতৰত নাপায়হে গম হাঁহি আছোঁ মিচিকি
বেপাৰীজন দেখোন কিবা এটা লাগিছে চিনাকি৷
ঐ মুখাপিন্ধা তই আমাৰ লগৰ ভবেনচোন
মুখাপিন্ধাই বোলে হয় বাৰু পিছত কৰিবি ফোন৷
আলু যাচি ক’লে সি চাকৰিটো বোলে গ’ল
বেপাৰ কৰি আছোঁ খাই বাৰু যি হ’ল হ’ল৷
কোম্পানীয়ে খেদিলে বোলে লকডাউনৰ পিছত
অসমীয়া বেপাৰী মই চেলেঞ্জ ল’লোঁ হাতত৷
কোম্পানীয়ে দিয়াতকে দুটকা বেছিকৈহে পাওঁ
নিজৰ খাই এতিয়া আন দহজনকো খুৱাওঁ৷
মই বোলো আও তই তলে দেখোন ওলালি পুতল
আবেলি মাৰিবিচোন এপাক লুচি খুৱাম ব’ল৷
মুখাপিন্ধা বেপাৰীয়েও হ’ল লগতেই মান্তি
ভবেনৰ আদৰ্শই মোক দিলে বিৰল শান্তি৷
☆★☆★☆
3:24 pm
বঢ়িয়া লাগিল
4:45 pm
সুন্দৰ পদ্যটিৰে আলোচনীখন টনকীয়াল কৰা বাবে আপোনাক ধন্যবাদ জনালো।
5:32 pm
ভাল লাগিল
6:15 pm
মজা কবিতা নীলাঞ্জনা৷
7:11 pm
ৱাহ! সাংঘাতিক লিখিছ৷
12:16 pm
বৰ ভাল লাগিল ।
10:13 am
কবিতা পঢ়ি লাগিল বৰ মজা
আমিও খাম লুচি আৰু আলু ভজা!