পঞ্চপদী – হেমেন ডেকা
(১)
এই জীৱনটো জানো আকৌ পাম
সেয়ে যিমান পাৰোঁ দগৰি খাম
সজাম অট্টালিকা
ৰচিম প্ৰহেলিকা
ক’লাধনেৰে চমক দি থৈ যাম৷
(২)
বস্তুবাদী জগতৰ বাবে পৰম আশ্চৰ্য
মানৱীয় প্ৰমূল্যবোধে জীৱনৰ ঐশ্বৰ্য
পঢ়াশালিৰ পণ্ডিত
নাথাকে ঠেক গণ্ডীত
অসীম যন্ত্ৰণাতো মুখত হাঁহি অনিবাৰ্য৷
(৩)
ৰাজনীতিকৰ পদূলিত কৰে তাঁত-বাতি
সমাজ গঢ়া কাৰিকৰৰ এয়া কেনে নীতি
উচ্চাকাংক্ষী পণ্ডিত
কাৰনো সাধিব হিত
বুজিবই নোৱাৰি মহাশয়ৰ মতি-গতি৷
(৪)
গণ্ডাই গণ্ডাই দল ওলাইছে মাটি ফুটি
ইটিৰ লগত সিটিৰ নহয় মাতা-মাতি
নিজা নিজা ইস্তাহাৰ
অহমিকা বৰ চাৰ
গাদীৰ স্বপ্নত বিভোৰ, মন উজান ভাটী৷
(৫)
জীৱিকাৰ বাটত ক’ৰোনাই মাৰিলে গঁতা
চিৎভোলোঙা খাই দেখোঁ কপালতে ফুটা
কি দিন-কাল আহিল
অৱস্থা হ’ল কাহিল
সাতে পাঁচে মিলি ভেটিত গজিল বেং-ছতা৷
(৬)
ৰাইজৰ মূৰত কঁঠাল ভাঙে
নেতা হোৱাৰ বুধি মনত পাঙে
গলত গামোচা
লগত চামচা
চান্দা তুলিবলৈ যায় ৰংমনে৷
(৭)
বেছি আশা নকৰাই হ’ব ভাল
ধৰিবই নোৱাৰি নেতাৰ চাল
ভৱিষ্যত নাই
বৰ্তমান ছাঁই
শান্তি পাবলৈ খাওঁ জুলীয়া মাল৷
(৮)
বাহটো ৰাখিবলৈ তৎপৰ আমি এজাক কোদো
অগ্নিবৰষা কণ্ঠত আমাৰ সন্মোহনী যাদু
এইবাৰহে এইবাৰ
কৰিমেই জাতি উদ্ধাৰ
একতা নাথাকিলেও নহয় কিন্তু এলাইবাদু৷
(৯)
লকডাউন আঁতৰি গৈছে লাহে লাহে
ক’ৰোনা সোমাল এতিয়াহে আঁহে আঁহে
ভূত নে ই পিশাচ
কি পৈশাচিক নাচ
কিছুমানে আকৌ নাটক বুলি কৈ হাঁহে৷
(১০)
জীৱন এক প্ৰহেলিকা নতুবা মহাশূণ্য
জাগতিক সকলোবোৰেই আজি দেখোঁ পণ্য
লগত কিনো লৈ যাম?
অনিবাৰ্য ৰামনাম
ইহ-জগতত পৰুৱাৰ জীৱনেই ধন্য৷
*****
11:29 am
বঢ়িয়া৷
11:50 am
বৰ ভাল পালোঁ মই।
3:22 pm
বঢ়িয়া