ফটাঢোল

দৈনন্দিন- মৌচুমী গগৈ

ৰাতিপুৱা ছয় বজাৰ লগে লগেই হিংসাকুৰীয়া মোবাইলটোৱে টোপনিৰপৰা উঠিবলৈ ইঙ্গিত দিলেই। ইফালে মোৰ লগত অনবৰতে থকা এলাহজনীক কোনোৰকমে ফুচুলাই মেলি বিচনাৰ পৰা উঠি আহিলোঁ‌। ডাইনিং টেবুলত বহি মিচিকিয়াই থকা পানীৰ বটলটোত চুমা কেইটামান দি ব্ৰাছ কৰিবলৈ গ’লোঁ‌। এইবাৰ পতিদেৱক উঠালোঁ‌। সেইজনে হামিয়াই হিকটিয়াই চকুকেইটা কোনোমতে মেলিলে। অলপ পিছত মহাশয়ে উঠি গৈ বাথৰূমৰপৰা আহি চিঞৰিলে,

: হেৰা, মোৰ ট্ৰেক পেণ্টটো ক’ত আছে?

মই ভাবিলোঁ‌, আপোনাতকৈ আগতেই ফুৰিবলৈ গ’ল বুলি কওঁ নেকি! পিচে ৰাতিপুৱাই জোকাই ল’বলৈ মন নগ’ল কাৰণে বিছনাতে জাপি থোৱা আছে বুলি ক’লোঁ‌। মই ওলাই মেলি সাজু হওঁ মানে মহাশয়ে ইটো ৰুমৰ পৰা ওলাই আহিছে। পিচে, তেওঁক দেখি মোৰ চকু দুটা আৰু আধা ইঞ্চিমান ডাঙৰ হৈ গ’ল। মই ক’লোঁ‌,

: হেৰি আপুনি মৰ্ণিং ৱাক কৰিবলৈ ওলাইছে নে শ্বপিং মললৈ ওলাইছে?

তেওঁ আচৰিত হৈ ক’লে,

: কিয় সুধিলা?

মই হাঁহি লৈ ক’লোঁ‌,

: মৰ্ণিং ৱাক কৰিবলৈ কেতিয়াৰপৰা জিনছ পেণ্ট পিন্ধিবলৈ ধৰিলে!

তেতিয়াহে তেওঁ ভালকৈ চাইছে যে ট্ৰেক পেণ্টৰ ঠাইত জিনছ পেণ্টটো পিন্ধি ওলাইছে। সেইজনাৰ যে টোপনি এতিয়াও যোৱাই নাই, ধৰিব পাৰিলোঁ‌। মই লাহেকৈ সুধিলোঁ‌,

: বুদ্ধি এটা দিম নেকি?

তেওঁ একান্ত বাধ্য ছাত্ৰৰ দৰে মোৰ ফালে চালে। ময়ো গহীনত ক’লোঁ‌,

: কাইলৈৰপৰা ৰাতি শুবলৈ যাওঁ‌তেই ট্ৰেক পেণ্টটো পিন্ধি ল’ব। তেতিয়া ৰাতিপুৱাই আকৌ কাপোৰ সলোৱাৰ ঝামেলা নাথাকে।

আই অ’, যিটোহে চাৱনি দিলে যেন তেওঁ হিন্দী চিনেমাত ভিলেইনৰ চৰিত্ৰতহে অভিনয় কৰিছে।

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *