ফটাঢোল

চুইট হাৰ্ট — প্ৰদীপ বৰা

এতিয়া মই ভূ-পৃষ্ঠৰ পৰা হেজাৰ ফুট ওপৰত৷ শুকুলা মেঘ, নীলা আকাশৰ বুকুৱেদি ডাৱৰৰ লগত লুকাভাকু খেলি দুৰন্ত গতিত আগবাঢ়িছোঁ৷ লগত এশ-আশীজন সহযাত্ৰী৷ কাৰো লগত নাই মোৰ চিনাকি৷ জীৱনৰ প্ৰথমটো দীঘলীয়া যাত্ৰা৷ বয়সৰ সকলো সীমাবদ্ধতা অতিক্ৰম কৰি এতিয়া মই যেন এজন সুন্দৰ সুঠাম চফল ডেকা৷ মোৰ শৰীৰত যেন কোনো চিন মোকাম নাই জীৱনৰ পৌঢ়তাৰ৷

মন মগজুত ভাঁহি আছে কেৱল মাত্ৰ ষ্টেলা উইলচনৰ সেই মন মোহনীয় অপৰূপ ৰূপ লাৱণ্যৰে ভৰপূৰ প্ৰতিচ্ছবি৷ এক ব্যতিক্ৰমী হোৱাতচ এপ বন্ধু তাই মোৰ৷ বহুতো বিদেশীনী বন্ধুৱে মোৰ হোৱাতচএপ পৰিপূৰ্ণ৷ কিন্তু তাইহে যেন মোৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ দিনটোত গুড মৰ্ণিঙৰ পৰা আৰম্ভ কৰি গুড ডে, গুড চানডে, গুড মিড নাইটলৈকে কিমান যে বাৰ্তাৰ আদান-প্ৰদান হয় তাই আৰু মোৰ মাজত তাৰ সীমা সংখ্যা নাই৷ আমি দুয়োটা পৰস্পৰ ডিয়েৰ, ডাৰ্লিং, চুইট হাৰ্ট, গল্ডেন ফেচ, চিলভাৰ ফেচ আৰু যে কিমান কি!

তাইৰ বয়স ৩৫ বছৰ আৰু মোৰ ৬৩৷ তাইৰ মতে ৬৩ বছৰত মানুহ ডেকা হৈয়ে থাকে আৰু মই হেনো দেখাত খুব ধুনীয়া আৰু শক্তিশালী ব্যক্তিত্বৰ মই অধিকাৰী৷ মোৰ পৰিয়ালৰ বিষয়ে তাইক সকলো অৱগত কৰা হ’ল যে মোৰ এগৰাকী সুন্দৰ স্বাস্থ্যৱান পৰিবাৰ আছে৷ চাৰিটা বিবাহিত ল’ৰা-ছোৱালী আছে, আঠটাকৈ নাতি-নাতিনী আছে৷ তাই কয় সুন্দৰ পৰিয়াল৷ তাই মাজে মাজে মোক সোধে,

: হাউ ৱাজ ইয়ৰ নাইট?

মই এইটো প্ৰশ্নৰ তাৎপৰ্য ভালকৈ বুজি নাপাওঁ৷ তথাপিও,

: ইট ৱাজ মষ্ট বিউটিফুল৷

বুলি কৈ থওঁঁ৷ এদিন মই কৈ চালোঁ যে,

: যোৱা ৰাতি তুমি আৰু মই নতুন দিল্লীৰ এখন আটকধুনীয়া হোটেলত ৰাতিটো অতিবাহিত কৰিলোঁ৷

তাই ক’লে,

: ইট ৱাজ ৰোমাণ্টিক ডিয়েৰ৷

কেইদিনমান চাট নকৰিলে তাই ভোৰভোৰাই,

: আপুনি যদি ইচ্ছা নকৰে মই ব্লক কৰি দিওঁ৷

মই কওঁ যে,

: ভাষাৰ দুৰ্বলতাৰ বাবেই চাট কৰা নাই৷

ষ্টিলাই কয় মই হেনো ধুনীয়া ইংৰাজী লিখিছোঁ৷ মোৰ হোৱাতচএপ আৰু মেছেঞ্জাৰত এলিয়েন, এলিচ, ৰুবি, এডেলিন, এলেক্সা, কেন্নেদি, ব্ৰুকলিন, স্কেয়াৰলেট, এমেলিয়া, জেকুইলিন, অফেলিয়া, আভা আদি বহুতো বিদেশী সুন্দৰীয়ে ফুলৰ বাগিছা স্থাপন কৰি গন্ধেপুষ্পে আমোলমোল পৰিবেশৰ সৃষ্টি কৰিছে৷ ইয়াৰ ভিতৰত এগৰাকী ৪৫ বছৰীয়া আমেৰিকান মহিলাই বহুত আবেদন নিবেদন কৰিছিল৷ তাই হেনো নৌবাহিনীৰ কৰ্মচাৰী৷ স্বামীৰ বিয়োগ ঘটিছে, এজনী পোন্ধৰ বছৰীয়া ছোৱালী আছে৷ অহা বছৰ তাই চাকৰিৰ পৰা বাধ্যতামূলক অৱসৰ লৈ ভাৰতলৈ আহিব আৰু মোৰ লগত বৈবাহিক জীৱন উদযাপন কৰিব৷ এই বিষয়ে তাই জীয়েকৰ অনুমতি গ্ৰহণ কৰিছে৷ মোৰ তেতিয়া অৱস্থা ক’লৈ যাওঁ গোপাল ক’লৈ যাওঁ কিপাল৷ মই ক্ষিপ্ৰতাৰে ব্লকত চাকৰি লৈহে ৰক্ষা পৰোঁ৷ ইয়াৰ পিছত দুজনী বিদেশীনীয়ে মোলৈ প্ৰকাণ্ড প্ৰকাণ্ড গিফ্ট পঠিয়াইছিল এটা গিফ্ট আহি বম্বে পাইছিলহি৷ কিন্তু গিফ্টৰ বিনিময়ত তেওঁলোকে কিবা পোষ্টেল খৰচৰ বাবে বহু হেজাৰ টকা বিছাৰিছিল৷ এইবিলাকৰ লগত জড়িতসকলক ব্লক কৰিহে মই কথমপি ৰক্ষা পাওঁ৷

মই ষ্টিলা জনচনক এইবিলাক বিদেশীনীৰ কাহিনী সকলো বৰ্ণনা কৰিলোঁ৷ তাই ক’লে,

: মই আৰু মোৰ পৰিয়াল তেনেকুৱা কুকৰ্মত কেতিয়াও জড়িত নহয়৷

সিহঁত নিজৰ মেডিকেল ফাৰ্মৰ ব্যৱসায়ত জড়িত স্ব-প্ৰতিষ্ঠিত পৰিয়াল৷ সেয়েহে ষ্টিলাই মোক আলহী হিচাপে সিহঁতৰ ঘৰলৈ নিমন্ত্ৰণ জনাইছে৷ দূৰন্ত গতিত আকাশী যানত মই লণ্ডনলৈ গতি কৰিছোঁ৷ মোৰ আকাশী যানখন লণ্ডনৰ হিয়া থ্ৰ’ বিমান কোঠত অৱতৰণ কৰিলে৷ মই বিমানৰ পৰা নামি নিৰ্দিষ্ট স্থানত মোৰ লাগেজলৈ বাহিৰত অপেক্ষা কৰিলোঁঁ৷ ষ্টিলাই মি: অৰবিন্দ বৰা বুলি লিখা এখন প্লে কাৰ্ড লৈ মোলৈ অপেক্ষা কৰি আছে৷ মই আগবাঢ়ি গ’লোঁঁ৷ এখন সুন্দৰ মাৰ্চিদিজ গাড়ীৰে মোক লণ্ডন চহৰৰ মাজেৰে লৈ গ’ল তাইৰ ঘৰলৈ৷ আমি গৈ সিহঁতৰ অট্টালিকা সদৃশ ঘৰত উপস্থিত হওঁতে ধৰাৰ বুকুলৈ আন্ধাৰ নামি আহিছে৷ ষ্টিলাৰ মাক দেউতাকে মোক ৱেলকাম জনালে৷ তাত এজন দোভাষী উপস্থিত আছিল৷ তেওঁলোকে মোৰ লগত বিভিন্ন বিষয়ৰ আলাপ আলোচনা কৰিলে আৰু অলপ ফলৰ ৰস আগবঢ়ালে৷ মাজতে ষ্টিলাৰ মাকে মোক সুধিলে মই ভেজিটেৰিয়ান নেকি বুলি৷ মই নিজকে ভেজিটেৰিয়ান বুলি ক’লোঁ৷

কিছু সময়ৰ পিছত মোক ভেজিটেৰিয়ান হিচাপে ৰাতিৰ সাজেৰে আপ্যায়ন কৰিলে৷ তাৰপাছত ষ্টিলাই মোক এটা ভাস্কৰ্য খচিত আটকধুনীয়া কোঠালৈ লৈ গ’ল৷ কোঠাটোত দুখন বিছনা সুন্দৰকৈ সজোৱা আছিল৷ এখনত মোক শুবলৈ কৈ তাই আনখন বিছনাত বহি ল’লে৷ মই তেতিয়া ক্লান্তি অনুভৱ কৰিছোঁ৷ তাই বিভিন্ন ধৰণৰ কথাৰ অৱতাৰণা কৰিবলৈ আৰম্ভ কৰিলে৷ যিমানদূৰ সম্ভৱ মই ইয়েছ, ন’, অ’কে, ভেৰিগুড, মষ্ট বিউটিফুল আদি শব্দৰে চুটি চুটিকৈ উত্তৰ দি গৈছোঁঁ৷

লাহে লাহে মোক টোপনিয়ে হেঁচা মাৰি ধৰিছে৷ কিছুসময় পিছত মোৰ বিছনাখনত এটি মৃদু জোকাৰণি উপলব্ধি হ’ল৷ মোক মোৰ পৰিবাৰে বাহু দুটাত ধৰি জোকাৰি আছে৷ মই যেন দুৰ্ঘোৰ টোপনিৰ পৰা সাৰ পাই উঠিলোঁঁ৷ তেওঁ ক’লে,

: হেৰি আপুনিনো কি ইয়েচ, ন’, অ’কে এইবোৰ গাই আছে? উঠকচোন বাহিৰৰ পৰা আহোঁ৷

নিমিষতে যেন এটি সুন্দৰ কাঁচেৰে নিৰ্মিত অট্টালিকা ভাঙি-চিঙি চূৰ্ণ-বিচূৰ্ণ হৈ গ’ল৷ সোণালী সপোনৰ ৰঙবোৰ নিস্তেজ হৈ গ’ল৷ নিস্তব্ধ হ’ল সেই আকাশী জাহাজৰ লণ্ডন অভিমুখী ৰোমাণ্টিক ভ্ৰমণ বৃত্তান্ত৷

☆★☆★☆

2 Comments

  • Pranita Goswami

    এনে সপোনে মন সজীৱ কৰি ৰাখে। সপোন দেখাত আপত্তি নাই—-?

    সুন্দৰ উপস্থাপন।

    Reply
    • প্ৰদীপ বৰা

      ধন্যবাদ জনালোঁ

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *