ফটাঢোল

সিংহ আৰু নিগনিৰ সাধু-ধূৰ্জ্জটি কাকতি

সিংহ এটা হাবিৰে গৈ থাকোঁতে সন্মুখত এটা নিগনি পৰিলে, আচলতে নিগনিয়ে মোবাইল টিপি টিপি গৈ থাকোঁতে কেতিয়া সিংহৰ সন্মুখত পৰিলে গমেই নেপালে৷ সিংহক সন্মুখত দেখি নিগনিয়ে ভয়ত কঁপি কঁপি ক’লে,

: হে বনৰাজ মোক নেমাৰিব, ভৱিষ্যতে মই আপোনাৰ কিবা সহায় হ’ম৷

সিংহই অট্টহাস্য কৰি ক’লে,

: তই সাধাৰণ নিগনিয়ে মোৰ কি সহায় কৰিবি?

নিগনিয়ে ক’লে,

: মই আচল জীৱনতহে সাধাৰণ নিগনি, ভয়ে ভয়ে থাকোঁ৷ ফেচবুকত মই কিন্তু বহুত ডাঙৰ চেলিব্ৰিটি৷ এনেকৈ পোষ্ট দি থাকোঁ কোনেও মোক নিগনি বুলি নেভাবে, প্ৰায় বাঘৰ নিচিনা বুলিয়েই ভাবে৷ মোৰ পোষ্ট দেখি এতিয়ালৈ পাঁচহাজাৰ  ফ্ৰেইণ্ড আৰু দহ হাজাৰ ফলোৱাৰ হৈছে৷

নিগনিৰ কথা শুনি সিংহই ক’লে,

: ঠিক আছে যা তই, তোৰ আজোককাই মোৰ আজোককাক চিকাৰীৰ জালৰপৰা বচাইছিলে বুলি শুনিছিলোঁ, তেওঁতো সাধাৰণ নিগনি আছিলে, তই যেতিয়া লগতে ফেচবুক চেলিব্ৰিটি মোৰ কিবা কামত আহিবও পাৰ৷

নিগনিয়ে ক’লে,

: বেয়া নাপাই যদি যোৱাৰ আগত আপোনাৰ লগত চেল্ফি এখন লৈ লওঁ, ঘৰৰ মানুহক দেখুৱালে ফূৰ্তি পাব৷

সিংহই ক’লে,

: ঠিক আছে ল বাৰু৷

নিগনি ঘৰলৈ গৈ চেল্ফিখন ফেচবুকত পোষ্ট কৰিলে, লগতে লিখি দিলে মোৰ ফেমিলি ফ্ৰেইণ্ড সিংহক বহুতদিনৰ মূৰত লগ পালোঁ৷ পোষ্টটোৱে বহুত লাইক পালে৷ নিগনিৰ ফলোৱাৰবোৰে কমেণ্ট দিলে, “বাঃ আপোনাৰ  সিংহৰ দৰে বন্ধুও আছে!” নিগনিৰ ফলোৱাৰ আৰু বাঢ়িলে৷ সিংহও বুঢ়া হৈছিল৷ গতিকে হাবিত চিকাৰ ধৰি খোৱাতকৈ হাবিৰ কাষত চৰি থকা গৰু ধৰি খোৱাটো সহজ পাইছিল৷ এনেকৈ গৰু ধৰিবলৈ যাওঁতে সিংহটো মানুহে পতা জাল এখনত পৰিলে, সিংহই বহুত কষ্ট কৰিও জালৰপৰা ওলাব নোৱাৰিলে৷ অলপ সময় জালত পৰি থকাৰ পাছত  সিংহই দেখিলে নিগনিটো মোবাইল টিপি টিপি  সেইফালেদি আহি আছে, সিংহই ক’লে,

: ঐ নিগনি এই জালখন কুটি মোক মুক্ত কৰ, মোৰ আজোককাক তোৰ আজোককাই যেনেকৈ মুক্ত কৰিছিলে৷

নিগনিয়ে সিংহক গৰ্বেৰে ক’লে,

: সেইবোৰ পুৰণি দিনৰ কথা, মই ফেচবুক চেলিব্ৰিটি, মই ইমান কষ্ট কৰিব নোৱাৰোঁ৷ অকল মোবাইলত  টাইপহে কৰিব পাৰোঁ৷ চিন্তা নকৰিব পোষ্ট কৰিয়েই  সৱ ঠিক কৰিম৷ কাৰণ মোৰ আঙুলি দাঁততকৈও চোকা৷

নিগনিয়ে সিংহৰ জালৰ সৈতে ফটো এখন লৈ ফেচবুকত আপদেট দিলে, “ফ্ৰেইণ্ড সিংহ বিপদত৷ #justice_for_lion” লগালগ নিগনিৰ পোষ্ট শ্বেয়াৰ হ’বলৈ ধৰিলে, টেগ লাইনটো ফেচবুকত ট্ৰেণ্ডিঙত আহি গ’ল৷ ফেচবুকত সকলো বিষয়তে বিশেষজ্ঞ  বিশাৰদ বৰুৱাই আপদেট দিয়াৰ পাছত বিতৰ্ক আৰম্ভ হ’ল৷ লাহে লাহে বিতৰ্ক  বাঢ়িলে৷ বহুতে ক’লে, পোহনীয়া জীৱ-জন্তু খোৱা সিংহক মৰিবলৈ দিব লাগে, বহুতে আকৌ ক’লে সিংহৰ দৰে সাহসী জীৱক বচাই ৰাখিব লাগে৷ বিৰোধীবোৰে বনবিভাগৰ সমালোচনা কৰিলে, চৰকাৰী সমৰ্থকবোৰে আকৌ সিংহৰ দৰে  কোনোফালে নোচোৱা-নেমেলাকৈ হাবিত ঘূৰি ফুৰাটোৱেই সিংহৰ বিপদৰ কাৰণ বুলি ক’লে৷

ৰিতুমণি শৰ্মাৰ টক শ্ব’তো একঘণ্টাৰ বিতৰ্ক হ’ল৷  হিন্দুত্ববাদী সত্যৰাম বৰাই ক’লে এনে গৰু চিকাৰ কৰি খোৱাটো ভাৰতীয় সভ্যতাৰ পৰিপন্থী, গতিকে এনে   মাংসভোজী পাপী সিংহক মৰিবলৈ দিব লাগে, সিংহৰ প্ৰতি কোনো অনুকম্পা কৰাটোৱেই ভুল৷ আকৌ বাওঁপন্থী ভাৱধাৰাৰ প্ৰচুৰ নাথে ক’লে, “যিকোনো মাংস খোৱাটো সিংহৰ জন্মগত অধিকাৰ, সি খাবই৷ পোহনীয়া জীৱ জন্তুও খাব৷ কিন্তু নিজৰ মৰমৰ পোহনীয়া জীৱক সিংহই খোৱাটোত দুখ নকৰাটোৱেই  প্ৰকৃত আধুনিকতাবাদ, প্ৰগতিশীল চিন্তা৷ জীৱ-জন্তুৰ প্ৰতি মৰম চেনেহ দেখুৱাটো উচিত নহয়৷ সিংহক তাৰ খাদ্যাভাসৰ বাবে সমালোচনা কৰাটো অগণতান্ত্ৰিক, এনে চিম্তাধাৰাই দেশক পিছুৱাই লৈ যাব৷” দুয়োৰে মাজত তীব্ৰ বাক বিতণ্ডা হ’ল৷ বিতৰ্কটোৰ পাছত ৰিতুমণি শৰ্মাৰ ৱেব পৰ্টেলে আগৰ মাহবোৰতকৈ প্ৰায় দুগুণ ভিউ পালে৷ বহুত মানুহেও কমেণ্টেৰে বিতৰ্কত ভাগ ল’লে৷

কিন্তু প্ৰকৃততে জালখন পাতিছিলে গাঁৱৰ খেতিয়কেহে, খেতি বন গাহৰী আৰু নীল গাইৰপৰা বচাবলৈ৷ বহুতদিন চৰকাৰী অফিচবোৰত আৱেদন কৰি থকাৰ পাছতো কোনো ব্যৱস্থা নোলোৱাৰ বাবে নিজেই জাল পাতিছিলে, কিন্তু জালত সিংহ ফঁচিব বুলি ভবা নাছিল৷ কিন্তু বিতৰ্কৰ এই গতি দেখি ভয়তে খেতিয়কবোৰে সিংহক মুকলি কৰিবলৈ নাহিলে আৰু আইনী প্ৰক্ৰিয়াত ফঁচাৰ ভয়ত বনবিভাগকো খবৰ নিদিলে৷ ফেচবুকত বিতৰ্ক পূৰ্ণগতিত চলি থাকিলে আৰু লাহে লাহে সিংহটো তেনেকৈ ভোকে-পিয়াঁহে মৰি থাকিলে৷ ইতিমধ্যে চেলিব্ৰিটি নিগনিৰ সিংহক লৈ দিয়া পোষ্ট হাজাৰৰ ওপৰত শ্বেয়াৰ হ’ল, ফ্ৰেইণ্ড ৰিকুৱেষ্টৰ উৎপাতত নিগনিয়ে এইবাৰ নিজৰ নামত পেজ খুলি ল’লে৷ মাৰ্কেটত আকৌ কাছ আৰু শহাৰ মাজত প্ৰকৃততে কোন বেগী সেই  বিতৰ্কৰ নতুন টপিক  আহিলে৷ মানুহে সিংহৰ কথা পাহৰি থাকিলে৷

নীতিশিক্ষা : ফেচবুক চেলিব্ৰিটিৰ সকলো কথা বিশ্বাস কৰিলে বিপদ অহাৰ সম্ভাৱনা আছে৷

 ☆ ★ ☆ ★ ☆

10 Comments

  • বাগ্মিতা

    ধুনীয়া সাধু লিখিছা। পঢ়ি ভাল পালো

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া৷

    Reply
  • ৰামানুজ

    ভাল লাগিল…. ভিলেইন মৰোতে দুখ পালো

    Reply
  • অঞ্জলি

    এস্! ঝাকাচ!

    Reply
  • Bhaskar Jyoti Sarma

    ভাল লিখিছে

    Reply
  • ৰঞ্জু শৰ্মা

    খুব ভাল লাগিল।

    Reply
  • Shariful

    সময়োপযোগী গল্প। বঢ়িয়া।

    Reply
  • Anonymous

    দিছে কিছু

    Reply
  • অভিজিত কলিতা

    মজা লাগিল আকৌ

    Reply
  • আতি সুন্দৰকৈ লিখিছে। পঢ়ি ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *