ফটাঢোল

গাখীৰ চাহময় জীৱন-বৰ্ণালী এচ মূদৈ

নিজৰ ডায়েট নিজেই ফাঁকি দিয়াৰ বাবে প্রতিদিনেই গাখীৰ চাহ খোৱাৰ কিমান বাহানা যে মই উলিয়াওঁ!

ৰাতিপুৱাৰ চাহ কাপ মই মৰ্ণিং ৱাক কৰি আহি খাওঁ গ্রীনটি। কিন্তু কভিড১৯ বাবে মৰ্ণিংৱাক বন্ধ সেই দুখত মই গাখীৰ চাহেই খাওঁ! কাৰণ মৰ্ণিংৱাক যোৱা নহ’ল যেতিয়া কোনে আৰু খাই সেই অখাদ্য চাহ!

বেলি দুপৰীয়া শোৱাপাটি এৰি কাম-কাজ শেষ কৰি চাহ কাপ হাতত তুলি লোৱাৰ মজাই সুকীয়া! এইসময়ৰ চাহ কাপ মিছ কৰিলে জীৱন অসম্পূর্ণ!

সেয়ে নিত্য নতুন বাহানা কৰি হ’লেও গাখীৰ চাহ খাবই লাগিব! যেনে ধৰক-

– মোৰ ঘৰত কাম কৰি সহায় কৰি দিবলৈ বাইদেও এগৰাকী আছিল!লকডাউনৰ আগতেই তেওঁক মই ছুটি দিলোঁ! এতিয়া মোৰ চিন্তা, ঘৰৰ ইমানবোৰ কাম মই অকলেই কৰিব লাগিব! তাতে কি হ’ল গাখীৰ চাহেই খাই লওঁ!

– এওঁতো ঘৰতেই আছে, কিবা কিবি চাহৰ লগত খাবলৈকে বনাওঁ! বৰ ভাল পাব। পিচে চেলিব্রেট কৰিবলৈ গাখীৰ চাহেই খাওঁ!

– বতৰ আজি ডাৱৰীয়া! এনেকুৱা দিনত কোনোবাই কি গ্রীণ টি খায়?

– আজি বৰষুণ! কি ৰোমাণ্টিক ৱেডাৰ! আজি অৱশ্যে অৱশ্যেই গাখীৰ চাহ!

– আজি খাওঁ খাওঁকৈ ৰ’দ ওলাইছে!ধুৰ, ভাল নালাগে! টিকা ফটা ৰ’দৰ মাজত  গ্রীণ টি খালে পেটৰ ভিতৰখন মৰুভূমি হৈ যাব! অৱশ্যেই গাখীৰ চাহ!

– স্কুল বন্ধ, ঘৰত ল’ৰাৰ তাণ্ডৱ! মূৰৰ বিষটো কমাবলৈ হ’লে গাখীৰ চাহৰ বিকল্প কি হয়?

– আজি ইমান কাম নাই, আজিৰ পাকঘৰৰ দ্বায়িত্বটো শহুৰৰ পুতেকে লৈছে। বিন্দাচ! কাম নাইতো কি কৰিম? গাখীৰ চাহ নাখাম নেকি?

– আজি মুড অফ! সকলোবোৰ বিৰক্ত লাগিছে! মুড অন কৰিবলৈ অৱশ্যেই গাখীৰ চাহ!

– আজি ভীষণ ভাল মুডত আছোঁ! চেলিব্রেট কৰিব লাগিব? চেলিব্রেট কেনেকৈ সম্ভৱ গাখীৰ চাহৰ অবিহনে?

চাহ খোৱাৰ পাছত ডায়েট নষ্ট হোৱাৰ অপৰাধবোধত ভোগোঁ! এক ‘কাপ’ গাখীৰ চাহ মানে ২০০ কেলৰি! আৰু মোৰ যে কাপ নহয় ‘মগ’! মিনিমাম ৫০০ কেলৰি!

তাৰপিছত আকৌ ভাবোঁ, ধুৰ কি আছে জীৱনত! তাৰপিছত শাহুমাক চিঞৰ এটি দিওঁ-
মা …মা .. অ’… চেনি নিদিয়া গাখীৰ চাহ খাবা!

☆ ★ ☆ ★ ☆

2 Comments

  • ৰাজশ্ৰী শৰ্মা

    মোৰো একে অ।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    মুঠতে গাখীৰ চাহ খাবই লাগিব৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *