পঞ্চপদী পদ্য- হেমেন ডেকা
(১)
উজানৰ মাছ দেখিবলৈ অৱশ্যে শুৱনি
অলপ পানীতে দেখুৱায় বহু চটফটনি!
উঠি আহে জাক পাতি
উৎসাহৰ পৰে ইতি
শ’লঠেকত পৰিলে হেৰাই যায় তৰ্ধনি৷
(২)
ৰৌ-বৰালিয়ে খালে-বিলে কৰে বৰষা-নৃত্য
পুঠিমাছে বোলে আমিও নহয় কাৰো ভৃত্য
নাচিম, নকৰোঁ ভয়
হ’বই আমাৰ জয়
ৰাঘ-বৰালিৰ খেদাত দিবাস্বপ্নৰ অন্ত৷
(৩)
বোকাত লুকুৱা স্বভাৱ শিঙিৰ পুৰাতন
পানী সিঁচিলেও সেয়ে সহজতে ধৰা টান
ধৰিলেও যায় পিচলি
বিন্ধাই দিয়ে আঙুলি
মাছমৰীয়াই সোঁৱৰে ত্ৰাহি মধুসূদন৷
(৪)
ঘনঘোৰ তমসা নাশিম, আনিম পূৰ্ণিমাৰ জোনাক মাতি
যুদ্ধজয়ৰ পাছত ফুলেৰে সজাম শ্বহীদৰ প্ৰতিমূৰ্তি
মনৰ দাপোণত বিষ্ণু ৰাভা
মুখৰ কৰোঁ নিৰ্বাচনী সভা
ক্ষমতালৈ যদি আহোঁ দিনেই হৈ থাকিব, নহয় আৰু ৰাতি৷
(৫)
নিৰ্বাচনৰ আগতে কৈছিল, ইয়াতে পাতিব ব্যৱসায়ৰ ঘাটি
বিদেশীলৈ ৰপ্তানি হ’ব ফচল, কৃষকে বিধে বিধে কৰিব খেতি
অঞ্চলটো হ’ব নদন-বদন
সকলোৰে হাতলৈ আহিব ধন
পিচে গাদী পাই পাহৰিলে, ফুটুকাৰ ফেনসোপা হ’ল প্ৰতিশ্ৰুতি৷
(৬)
খোজ দিয়ে হালি-জালি, মুখত থাকে গুৱাল-গালি
কথাৰ খেলিমেলি, সিবিধ খায় গধূলি গধূলি
মন যেন মকৰাজাল
দেহটো কটাৰীৰ নাল
ৰাস্তাই-ঘাটে পৰি থাকে, যেন তলসৰা শেৱালি
☆ ★ ☆ ★ ☆