ফটাঢোল

ৰামেশ্বৰ দেউৰ বিলৈ-বন্দিতা জৈন

গাঁৱৰ মানুহ ৰামেশ্বৰ দেউ। তেখেতৰ কৰুণা কালত হোৱা এটা লটিঘটিৰ কথা কওঁ।

অলপ দিনৰ আগৰ ঘটনা। আমাৰ ৰামেশ্বৰ দেউ হাততে সৰু টোপোলা এটা লৈ সৰু চকৰ হস্পিতেললৈ আহিছে, মুখত মাস্ক থকাটো অনিবাৰ্য্য যদিও আমনিদায়ক হয় বাবেই লগোৱা নাই। হস্পিতালৰ গেটৰ সন্মুখত আহি সৰু সৰু কাহ দুটমান মাৰি ভিতৰলৈ সোমাই গ’ল।  তেখেতৰ কাহ শুনি হস্পিতেলৰ সকলো কৰ্মচাৰী অধিক সচেতন হৈ তেখেতৰপৰা আঁতৰত থিয় দিলে। তেনেতে কোনোবা দুজনমানে তেখেতক পিছফালৰপৰা কাপোৰ এখনেৰে জপতিয়াই ধৰিলে।  তেখেতে ততেই নাপালে কি হৈছে।দেউৱে জঁপিয়াই উঠি চিঞৰি ক’লে,

: কি হ’ল ঐ, তহঁতে মোক কিয় ধৰিছ এনেকৈ,

পিচে দেউৰ কথা শুনিবলৈ সময় কাৰ আছে। ধৰি থাকোঁতেই কোনোবা এজনে মাস্ক পিন্ধাই দিলে। লৰচৰ কৰিব নোৱাৰা কৰি ধৰিও ৰাখিছে। তেখেতে কিবা ভোৰভোৰাই আছে।  দুজনমানে চেম্পল ল, চেম্পল ল চিঞৰি আছে, এফালে এজনে চেম্পল লৈহে এৰিলে। তেখেতৰ কথা শুনোতা নাই। বহুত সময় তেনেকৈ ভোৰভোৰাই থাকি ভাগৰ লগাত ক’বলৈ বন্ধ কৰি কিনো কৰ বুলি আলেখ লেখ চাবলৈ বহি থাকিল। আবেলি সময়ত তেখেতৰ ৰিজাল্ট আহিল, ‘নিগেটিভ’।

ৰিজাল্ট ওলোৱাৰ পিছত সকলোৱে স্বস্তিৰ নিশাহলৈ তেখেতকো এৰি দিলে। তেনেতে ডাক্তৰ ছাৰ ওলাই আহি হাঁহি এটা মাৰি দেউক সুধিলে,

: আপুনি নিচিন্ত, আপোনাৰ কৰুণা নিগেটিভ পোৱা গ’ল। পিচে আপুনি গেটত সোমাই কাহ কেলৈ মাৰিছিলে।

সুধিবলৈ হে পালে ডাক্তৰ ছাৰে, ইমান পৰে ভোৰভোৰাই থকা আমাৰ দেউ এইবাৰ খঙত গৰগৰাই উঠি ক’লে,

: হেৰৌ, কলিজা খোৱাহঁত, নৰকত  পৰাহঁত, ইম্মান দেৰি মই তহঁতক তাকেই কৈ আছিলোঁ, কোনোবা এটায়ো মোৰ কথা নুশুনিলে। মোৰ সৰু ভাইৰ বোৱাৰীজনীয়ে এই হাস্পতালতে নাৰ্চৰ কাম কৰে। আজি ৰাতিপুৱা দৌৰাদৌৰিতে তাই হেনো টিফিন আনিবই পাহৰিলে। তাকেই মই দিবলৈ আহিছিলো‍ঁ আৰু তহঁতমখাই মোৰ কথা নুশুনিলিয়েই। মই তাহাঁতৰ ঘৰলৈ গ’লেই দুটামান কাহ মাৰিহে যাওঁ, যাতে বোৱাৰী য’তে থাকে মই অহা বুলি সজাগ হৈ ওৰণি ল’বলৈ সুবিধা পায়। সেয়ে অভ্যাস বশতঃ মই কাহ মাৰিছিলোঁ, যাতে তাই মই অহা বুলি গম পায়। আৰু তহঁতমখাই মোক…..!

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *