ফটাঢোল

আধাডজন লিমাৰিক-হেমেন নাথ

নিৰ্বাচনৰ আগত গৰম লেকচাৰ শুনি মন পৰে জুৰ
ৰাস্তা হ’ব, ঘৰ দিব, ভোটাৰৰ সপোন হ’ব পূৰ
নিৰ্বাচন গ’ল নেতা লুকাল
ৰাইজৰ পেট আকৌ শুকাল
প্ৰতি পাঁচ বছৰত কিহৰনো নাটক এইখন, ধ্যুৰ!

আন্দোলনৰ বুকুত নতুন দল, নতুন মুখ, নতুন ইচ্ছ্যু,
যি দেখিছোঁ, জনতাক এওঁলোকে আকৰ্ষণ কৰিব কিছু
ৰজাৰ কথা- ‘এহ এইবোৰ দুদিনীয়া দল!’
অৱশ্যে সময়তহে ওলাব আচল ফলাফল
বিজ্ঞসকলে কৈছে- ‘ এই ভেকোভাওনা বহুযুগৰপৰা চাই আছোঁ।’

টিকটৰ আশাত ৰমণী মহাজনৰ দিছপুৰলৈ তাঁতবাতি
নমস্কাৰ আৰু মুখত হাঁহিৰে সলনি হৈছে প্ৰকৃতি
গাঁও চুবুৰি ঘুৰি ৰাইজক লগ ধৰে
মিটিং পাতি সকলোৰে চৰণত পৰে
ভাবে মনে মনে – টিকট নাপালে কি হ’ব মোৰ গতি!

প্ৰশ্নকাকত লিক, ইণ্টাৰভিউ বাতিল, পুৰণি এইখন নাটক
ৰজাই অন্ততঃ পৰীক্ষাকেইটাতো ভালকৈ পাতক
নিবনুৱাৰ হয় মূৰ গৰম
ৰজাৰ নাই অলপো চৰম
নতুন দলে চিঞৰিছে – ‘এইবাৰ আমি তুলিম পোতক!’

চিনিব নোৱাৰি মানুহ কাকো, মুখত সকলোৰে মুখা
ভেকচিন হেনো ওলাব, তাৰেই কৰি আছোঁ আশা
কৰ’ণাই লগাইছে পয়মাল
বোধহয় এয়াই কলিকাল
আঠমাহ ধৰি মুখা পিন্ধি বন্ধ হৈছেগৈ উশাহ-নিশাহ

বিনামূলীয়া শৌচাগাৰত বহি নবীন ককাই
ভাবিছে জীৱনত আৰু কোনো টেনচন নাই
দুদিন পিছত চাৰিওদিশ আমোলমোল
পিছফালে গৈ চালে – বোলোঁ কিনো হ’ল!
টেংকিত নপৰি ‘সিবিধ’ দেখোন বাহিৰলৈ যায়

 ☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *