ফেচবুক, বন্ধুত্ব আৰু কিছুমান-ৰাজশ্ৰী শৰ্মা
আহিনৰ ৰাতিপুৱা, এটোপ দুটোপ নিয়ৰৰ টোপাল চোতালৰ আগৰ দুবৰি বনত। বতাহত শাৰদীয় দুর্গা পূজাৰ যেন গোন্ধ। ৰাতিপুৱা চকু মেলিয়েই মবাইলটো খুলিলোঁ। ফেচবুকটোত ৰাতিপুৱা ছয়বজাতেই মানুহৰ ভিৰ। কোনোবাই যদি শেৱালি ফুলৰ ফটো দিছে, কোনোবাই আপডেট দিছে “#উজাগৰী ৰাতি” বুলি। এঙামুৰি এটা লৈ গা পা ধুই আহি চাহ একাপ খাই কালি গধূলি মই লিখা শাহু বোৱাৰীৰ মনোমালিন্যৰ গল্পটোত কিমান লাইক কমেণ্ট পালোঁ বুলি আকৌ এবাৰ ফেচবুকটো খুলিলোঁ।
পাইছোঁ, আঠশ মান লাইকেই আহিছে! কমেণ্টো পাঁচশ মান। “চুই গ’ল”, “অসাধাৰণ” ইত্যাদি মন্তব্যৰে ভৰি পৰিল মোৰ কমেণ্ট বক্স। মনটোও ভৰি পৰিল। তাৰ মাজতে কিন্তু এজন মানুহৰ কমেণ্ট বিচাৰি নাপালোঁ কাৰণে অলপ বেয়া লাগিল। আজি কেইমাহমানৰপৰা মানুহ এজনৰ লাইক কমেণ্টলৈকে ৰৈ থকা হয় আৰু। তেওঁৰ ভাল লাগিব বুলিয়েই কবিতা নুবুজাকৈয়ো লিখোঁ, জীৱনত এখন বাহিৰা কিতাপ পঢ়াৰ অভ্যাস নথকাৰ স্বত্বেও গুগলত বিখ্যাত কিতাপৰ নাম বিচাৰি বিচাৰি আনি টাইমলাইনত #my favourite book বুলি আপডেট দিওঁ। সিদিনা আবেলি তিনি ঘণ্টামান সময় কষ্ট কৰি এটা অণু কবিতা লিখিলোঁ এটা সাহিত্যৰ গ্ৰুপলৈ বুলি। কবিতাটো আছিল এইটো,
তুমি
তোমাৰ মূৰটো একেবাৰে তপা কিয়??
উফি লাগি থাকে যেন তাতেই সিহঁতৰ প্ৰাণ।।”
কবিতাটো দিয়াৰ পাছতেই আটায়ে লাভ ৰিয়েক্ট, কেয়াৰ ৰিয়েক্ট কৰিলে। “মৰ্মস্পৰ্শী”, “বাস্তৱৰ প্ৰতিফলন”, “অন্তৰৰপৰা অনুধাৱন কৰিছোঁঁ” ইত্যাদি সুন্দৰ মন্তব্য দেখি মোৰো মনটো ভাল লাগিল। তাৰ মাজতে দুজনমান চকুচৰহাই হাঁহিৰ ৰিয়েক্ট কৰিলে, মন্তব্যও দিছে “হাঁহি হাঁহি বাগৰি গ’লোঁঁ” বুলি। কিন্তু মই জানো সেয়া নিশ্চিতভাৱে হিংসাতে লিখে। মোৰ স্কুল কলেজৰ বান্ধৱী দুজনীমানেও হিংসা কৰে মোক। মুখত মিঠা মিঠা কথা কয়, কিন্তু মোৰ কবিতাত সদায় হা হা ৰিয়েক্ট কৰে। আচলতে মোক কিছুমানে বেছি ভাল পায় কাৰণে জ্বলে। ঘৰৰ মানুহো একেই! দাদাৰ মতেতো মোৰ দৰে অলগৰ্ধ এটাই কিতাপ কাগজৰ নাম লোৱাও ভুল। কিন্তু সিহঁতে নো কি বুজিব! আজিকালিৰ দিনত অনলাইনৰ দুনিয়াত টিকি থাকিবলৈ হ’লে এইবোৰ টেলেণ্টো জৰুৰী৷
বাৰু সেয়া যি কি নহওক, যিজনৰ কমেণ্টৰ বাবে আজিকালি ৰৈ থাকোঁ, তেওঁ কিন্তু লাইকেই দিলে। সাউতকে গৈ প্ৰফাইলটো চাই আহিলোঁ এপাক। বিশেষ একো নাই, প্ৰফাইল ফটোখন গধূলি সময়ত তোলা। সূৰ্য্যটো পিছপিনে লৈ, বৰ ধুনীয়া ফটোখন। মাত্ৰ মুখখন ধৰিব নোৱাৰি। গোটেই প্ৰফাইলতে কিবাকিবি গছ, পাত, ফুল, আকাশ এইবোৰ ফটো। হ’বই, প্ৰাকৃতিক দৃশ্য বৰ ভাল পায় চাগৈ! আজিও দিছে দুটামান নয়নতৰা ফুল হাতৰ তলুৱাত এচলু পানীৰ সৈতে। কেপচনত দিছে “#হোম ফ্লাৱাৰ”। এইবোৰ কথাৰ বাবেইতো ভাল লাগে তেওঁক। ইমান বুজে প্ৰকৃতিৰ কথা!
এনেকুৱা এজন পতি যদি মোৰ থাকিলহেঁতেন! হওঁতে মোৰো বিয়া ঠিকেই হৈ আছে, কিন্তু মোৰ হ’বলগীয়া মানুহজন অকণমানো এনেকুৱা নহয়। মোতকৈ পোন্ধৰ বছৰ ডাঙৰ, আগতপা মূৰটো, তাতে আকৌ হাই পাৱাৰৰ চশমা। ঘৰৰপৰা চাই দিয়া বুলিহে বিয়াত বহিবলৈ ওলাইছোঁ, নহ’লে মোৰতো মন আছিল ঠিক সেই মেগাজিনবোৰত যে মডেলবোৰ থাকে, তেনেকুৱা ধৰণৰ এজনৰ লগতে বিয়া হ’বলৈ। এই যে ফেচবুকৰ ল’ৰাজন চাওঁ, তেনেকুৱাই। প্ৰফাইল ফটো চাই গম পায় ওখ পাখ বুলি। বিৰাট ভাল লাগে মোৰ। কাৰোবাক ক’বলৈও মন যায়, “ঐ চা। এইটো মোৰ বুলি!”
হওঁতে মোৰো এজনী খুব ভাল বান্ধৱী আছিল, অনলাইনো, অফলাইনো। তাই মোৰ সৰুৰেপৰা খুব নলেগলে লগা বান্ধৱীয়েই আছিল৷ পিচে হ’লে কি হ’ব! হিংসাকুৰীয়াজনীয়ে যেতিয়াৰপৰা মই লিখা মেলা কৰি বাঃ বাঃ পাবলৈ ধৰিলোঁ, মোক লাইক কমেণ্ট নিদিয়া হ’ল। ময়ো নিদিয়া হ’লোঁ খঙতে। এদিন ম’ম’ খাবলৈ যাওঁতে এইটো কথা লৈয়েই খুব কাজিয়া লাগিল আমাৰ। লাভৰ মূৰত তাই মোক ব্লকালে ফেচবুকত। খঙতে ময়ো তাইক ইনষ্টাগ্ৰাম, হোৱাটছ এপ সৱতে ব্লক কৰি দিলোঁ। হ’লেও জহনীযাতীজনীক নেদেখাকৈয়ো থাকিব নোৱাৰোঁ নহয়, অলপ বুদ্ধি খটুৱাই এটা ফেক প্ৰফাইল খুলি ল’লোঁ। কুকুৰ মেকুৰীৰ প্ৰতি তাইৰ অপাৰ মৰম। গতিকে কভাৰ ফটোখনতো আমাৰ গলিৰে চুৱাপাত খাই ফুৰা ঢেকুৰাটোৰেই ফটো এখন লগাই দি দিলোঁ নহয় তাইক ৰিকুৱেষ্ট। একচেপ্ট নকৰি পাৰে! তাইক মই হাড়ে হিমজুৱে চিনি পাওঁতো। এতিয়া ভাল হৈছে। মোক এৰি এৰি নতুন নতুন ফ্ৰেণ্ডৰ লগত চিনেমা চাই ফুৰে আৰু ময়ো সেইবোৰ হিচাপত ৰাখি সেইবোৰ ফটোতে লুকিং ৱ’চাম, ইউ আৰ বিউটিফুল জাতীয় কমেণ্ট দিওঁ। তাই ফুটকে ধৰিব নোৱাৰে ময়েই বুলি। বুদ্ধি আছে না মোৰো!
বাৰু এইবোৰ কথা বাদ। দুদিনমান আগতে গল্প এটা লিখিলোঁ। বয়ফ্ৰেণ্ড-গাৰ্লফ্ৰেণ্ডৰ ৰিলেচনৰ ওপৰত। এই যে প্ৰেমিকবোৰে পকেটত টকা থাকক নাথাকক নিজৰ নিজৰ প্ৰেমিকাসকললৈ গিফ্ট কিনি দি থাকে, সেইটো কথাৰেই ওপৰত। একেটা গল্পকে মহিলা গ্ৰুপৰ কাৰণে গিফ্ট নিদিয়া বেয়া বয়ফ্ৰেণ্ড হিচাপেও লিখি দিলোঁ নহয়, কি যে ভাল পাইছে তাত! প্ৰেমৰ সম্পৰ্ক নো কি আৰু! মাহেকে পষেকে কিবাকিবি পাই থাকিলেহে প্ৰেম কৰিও ভাল লাগিব কিজানি। পিচে নিজৰ ফেচবুক একাউণ্টত লিখোঁতে বয়ফ্ৰেণ্ডটো ভাল হিচাপে লিখিছোঁ দেই। আৰু ভাল লগা কথাটো হ’ল সেই ল’ৰাজনে মানে ‘নিবিড় পলাশে’ কমেণ্টো দিছে ধুনীয়াকৈ, “তোমাৰ দৰে মনৰ ছোৱালী এজনী পালে আমিও প্ৰেমিক হ’বলৈ সাজু” বুলি। অ মাই গড! মোৰ যে কি ভাল লাগিল মানে কি ক’ম আপোনালোকক!
লাহে লাহে আমি দুয়ো মেচেজ কৰি কথা পতা কৰিলোঁ। ল’ৰাটো ভাল, আৰু বহুত জানেও। কোন লিপষ্টিকৰ লগত কোনটো শ্বেডৰ আইশ্বেডো মিলিব মোক সেইখিনিও বুজাই দিয়ে। এনেকৈ কথা পাতোঁতে পাতোঁতে মোৰ হ’বলগীয়া দৰাজনৰপৰা আঁতৰি অহা দৰেই হ’লোঁ। ইপিনে ঘৰত বিয়াৰ আয়োজন তুংগত। নিবিড়ক এতিয়ালৈকে কোৱাই নাই বিয়াৰ কথা। তথাপিও এদিন সাহস গোটাই ক’লোঁ। ভাবিছিলোঁ সি খং কৰিব, কান্দিব। মোক এৰি নাযাবা বুলি ক’ব। কিন্তু সি দেখোন তেনেকুৱা একোৱেই নকৰিলে। মাত্ৰ ক’লে, “মোক তুমি এবাৰ লগ কৰা”৷ লগ কৰিবলৈতো মোৰো মন আছিল। গতিকে নিৰ্দিষ্ট দিনত একেবাৰে সাজি কাচি পৰীজনী হৈ ওলালোঁ লগ কৰিবলৈ। দাদাই সুধিছিল ক’ত যাৱ বুলি, পিচে “এএএ আহোঁ ৰ, বিয়াৰ বজাৰ কৰিবলৈ আছে” বুলি কৈ থ’লোঁ তাক।
আমি ঠিক কৰা ৰেষ্টুৰেণ্টখনলৈ আহি মই টেবুল এখনত বহিলোঁ। মনটোও উগুল-থুগুল, বুকুখন ঢপঢপাই আছে একেবাৰে। প্ৰথমবাৰ লগ পোৱাৰ কথা, এনেকৈ হাঁহিলে ভাল লাগিবনে, এনেকৈ পিঠি চিধা কৰি বহিমনে ভৰি পাক খুৱাই বহিম এইবোৰ ভাবি থাকোঁতেই দেখোঁ ৰেষ্টুৰেণ্টৰ দুৱাৰ খুলি সোমাই আহিছে মোৰ বান্ধৱীজনী! মৰতীয়ে আৰু মৰিবলৈনো জেগা আৰু সময় বিচাৰি নাপালেনে। এতিয়া কোনফালে যাওঁ, ক’ত লুকাওঁ! তাই এনেকৈ দেখিলে মোৰ যে ঘৰত কৈ দিব সেইটো খাটাং। নিবিড়ক ফোনেই কৰোঁ নেকি আহিব নালাগে ক’ম! পিচে সেইটোৱে যিহে ফুচফুচকে কথা কয় বুজিয়েই নাপাম কি কৈছে। ইফালে সিফালে চাই তাইৰপৰা লুকাবলৈ শেষত টেবুলৰ তললৈকে মূৰটো সুমুৱাই দিলোঁ।
: ঐ, সৰুতে স্কুলত মেমে প্ৰশ্ন সুধিলে যে ডেক্সৰ তলত লুকাৱ, অভ্যাসটো যোৱাই নাই নেকি তোৰ?
এই বান্দৰীজনী, চিঞৰিছে চাচোন।
: মোৰ কি দৰকাৰ পৰিছে লুকাবলৈ। নিজে মানুহ ক’ত যায় কি কৰে পিছা লৈ ফুৰিবি আৰু মোক ক’বলৈ আহিছ…
ময়ো পিছ পৰি নাথাকিলোঁ।
: বাৰু হ’বদে। ইমান দিনৰ মূৰত লগ পাইছোঁ, কফি একাপকে খুৱা মোক।
কথা পাতি থাকোঁতেই মনত পৰিল ক’তা এঘণ্টা হৈ গ’ল। নিবিড়চোন এতিয়ালৈকে নাহিল। মবাইলটো খোচৰা দেখিয়েই তাই মাত লগালে,
: কাক ৰখি আছ? তোৰ সেই নিবিড় পলাশলৈ?
হাৰে এই কেনেকৈ জানিলে নিবিড়ৰ কথা। আচৰিত হৈ তাইৰ মুখলৈ চাওঁতেই তাই মুখত দুষ্টামি ভৰা হাঁহিটোৰে ক’লে,
: জানেমন, ময়েই তোমাৰ নিবিড়। বুজিছ? ফেচবুকৰ লাইক কমেণ্ট দুটামান কম হওঁতেই তই মোৰ লগত যিমান কাজিয়া কৰিলি তাৰ কাৰণে তোক বুজোৱাটো দৰকাৰী আছিল। তই ভাল লিখ, কিন্তু কিছুমান কথা অবাস্তৱ লিখ। লাইক বেছি পালেই লিখা এটা ভাল হৈ নাযায় বুজিলি? বি মেচিউৰ, বি ইউ। জানো তই বিখ্যাত হ’ব বিচাৰ কিন্তু এইটো নো বিখ্যাত হোৱাৰ প্ৰকৃত ৰাস্তা নে? দুদিন পাছত বিয়া হ’বি, নতুন দায়িত্ব আহিব কান্ধলৈ, ইমান কেঁচুৱা হৈ থাকিলে কেনেকৈ হ’ব তোৰ? গতিকে তোক এইবোৰ বুজাবৰ কাৰণেই মোৰ ‘নিবিড়’ অৱতাৰ।
: কিন্তু প্ৰফাইলৰ ফটোখন দেখোন ল’ৰাৰ। কাৰ ফটো সেইখন?
: আৰে সেইখন তোৰেই হ’বলগীয়াজনৰ ফটো। ফেচবুকত ভিনদেউৰ পুৰণি ফটো চাই ফুৰোঁতে হঠাতে দেখিলোঁ, চাৰি বছৰ আগতে চেৰাপুঞ্জীত তোলা ফটো। নিজেতো নাচাৱয়েই। ময়েই চালোঁ দে। আহ এতিয়া দুখনমান চেলফি লওঁ।
দুয়োৰে মবাইলত কিছু ফটো তুলি আমি দুয়োও ঘৰমুৱা হ’লোঁ। সঁচাকৈয়ে আজি তাই মোক যেন নতুনকৈ ডাঙৰ হোৱা বুলি বুজালে। তাইৰ পিনে চালোঁ, অলপো সময় বাদ নিদিয়াকৈ কথাই কৈ আছে। শুনিও ভাল লাগিছে। এই পাগলীজনী নাথাকিলে মোৰ যে কি হ’লহয়!!
ঘৰ পাই তাইক মোৰ মবাইলৰ ফটো দিবলৈ বুলি হোৱাটছ এপৰ ব্লক খুলি দি থাকোঁতেই বান্দৰীজনীয়ে মেচেজ এটা দিলে, “ঐ, Facebook চা”
ফেচবুকৰ ব্লক খুলিলে মানে তাই! লগ ইন কৰি চাওঁ যে, এখন ফটো আপলোড কৰিছে আমাৰ দুয়োৰে। হাঁহি থকা ছোৱালী দুজনী! কেপচন দিছে,
“#নিবিড়ভাৱে মোৰ চিৎপখিলীজনীৰ লগত!”
☆ ★ ☆ ★ ☆
9:32 pm
হাঃ হাঃ। দুয়ো জনী ফেক ওলাল। ভাল লাগিল।
9:01 am
ধন্যবাদ বা। ফেক চব।
9:46 pm
বৰ ধুনীয়াকৈ লিখিলা মাইনা৷ ভাল লাগিল৷ টুইষ্টটো মজা
9:02 am
বহুত ধন্যবাদ জনালো দাদা।
9:52 am
Val lagil oi..
10:00 am
বহুত বহুত থেংকিউ দে পঢ়ি চোৱা কাৰণে❤️
10:14 am
মজা লাগিল পঢ়ি।
10:19 am
ধন্যবাদ জনালো মাহী।
10:47 am
বৰ ভাল লাগিল হে ৰাজশ্ৰী! একেবাৰে বাস্তৱ এইবোৰ।
11:02 am
বহুত বহুত থেংকিউ বাৰ্বী। সঁচাই দেখি থকা কাহিনী এইবোৰ।
11:16 am
ভাল লাগিল পঢ়ি ?❤
12:47 pm
ধন্যবাদ জনালো।
12:42 pm
ধুনীয়া লিখিছা৷
12:47 pm
বহুত ধন্যবাদ দেই ।
2:37 pm
হেঃ হেঃ! মুঠতে এক চে বঢ়কৰ এক৷ শেষত নিজেই ঠগ খালে৷ মজা লাগিল গল্পটো৷
3:09 pm
বহুত ধন্যবাদ চাবিনা বা?
3:00 pm
ভাল লাগিল দেই।প্ৰকৃত বান্ধৱী।
3:09 pm
বহুত ধন্যবাদ নীতাশ্ৰী
3:15 pm
এনেয়ো ভাল লিখা৷ এইটো পুৰা ভাল হৈছে৷
4:34 pm
অশেষ ধন্যবাদ দাদা।
3:15 pm
ভাল লাগিল
4:35 pm
বহুত ধন্যবাদ ।
3:22 pm
মজা লাগিছে৷ ৰাতিপুৱা ৬ বজাতেই ফেচবুকত ভীৰ, এইটো তামাম দিলা৷ শেষৰপিনে বৈদ্য টুইষ্ট৷
4:35 pm
অশেষ ধন্যবাদ দাদা
3:32 pm
হে হে বঢ়িয়া
4:35 pm
ধন্যবাদ বা।
4:49 pm
ভাল লাগিল
6:21 pm
ধন্যবাদ দাদা
5:59 am
বঢ়িয়া হৈছে।
6:23 am
অশেষ ধন্যবাদ।
7:30 pm
বঢ়িয়া