শ্যামলাল কলৈ গ’ল!-বিন্দু ৰাজবংশী কলিতা
“ঐ, তই ইয়াতে বহ। মই উভটি নহালৈকে ইয়াৰপৰা এখোজো নলৰিবি। মোৰ বেলেগ কাম এটা আছে। আধাঘণ্টামান লাগিব।”
চন্দ্ৰক দীঘলীপুখুৰীৰ ফুটপাথৰ ওপৰৰ জিৰণি ঘৰৰ চিট এটাত বহুৱাই মনোজ আতৰি গ’ল। কোনোদিনে গুৱাহাটী মহানগৰ নেদেখা, একো আওভাও নোপোৱা চন্দ্ৰৰ অলপ ভয়ো লাগিল। অসহায় অৱস্থাটো তাৰ মুখখনত প্ৰকট হৈ পৰিল। তাৰ চকুৰ পতা দুটাই তিলমানো জিৰণি নোলোৱাকৈ মহানগৰৰ ৰাজপথৰ ব্যস্ততাবোৰ গণিবলৈ আৰম্ভ কৰিলে। সি যেন বহি বহি চিনেমা এখনহে চাই আছে। মাজে মাজে বতাহৰ দৰে তীব্ৰ বেগত পাৰ হৈ যোৱা পদপথৰ যাত্ৰীৰ গচকত সি চিৎকাৰ কৰি উঠে যদিও মনোজ ঘূৰি নহালৈকে সি অকণো ইফাল সিফাল হ’ব নোৱাৰে। কাপোৰৰ বেগটো সাবটি ধৰি সি আৰু কিছু সুবিধাজনকভাৱে বহি ল’লে। তাৰ বৰ পিয়াহ লাগিল। কাষতে মানুহবোৰে ছাতি টানি থোৱা দোকানৰ দৰে কিবা এখনৰপৰা পানীৰ নিচিনা কিবা খাই থকা দেখিলে। দোকানীজন ডেকা মানুহ। বৰণটো ক’লা হ’লেও দেখিবলৈ কিবা এটা বৰ ভাল লগা। সি মন কৰিলে সেয়াচোন পানী নহয়। আচলতে ফল-মূলৰ ৰস বিক্ৰী কৰা দোকান সি আগতে দেখি পোৱা নাই বাবে বুজাত বা চিনাত তাৰ অসুবিধা হ’ল। দোকানীজনে ৰস বিক্ৰী কৰাৰ মাজে মাজে তাৰ ফালে চাই আছে। প্ৰায় দুঘণ্টাৰো বেছি হ’ল, মনোজৰ দেখা দেখি নাই। এইবাৰ চন্দ্ৰক কিবা এটা ভয়ে আগুৰি ধৰিলে। পিয়াহে ভোকে আগুৰি ধৰাতকৈও ভয়ে আগুৰি ধৰি তাক পেপুৱা লগাইছে।
ফলৰ ৰস বিক্ৰী কৰা ঠেলাখনৰ ওচৰত ভিৰ কমিছিল। ইমান সময়ে লক্ষ্য কৰি থকা ল’ৰাজনক এইবাৰ শ্যামলালে ইংগিতেৰে ওচৰলৈ মাতিলে। চন্দ্ৰ প্ৰথমতে যাবলৈ মান্তি হোৱা নাছিল যদিও তিনিবাৰমান মতাৰ পিছত চন্দ্ৰ যাওঁ নাযাওঁকৈ শ্যামলালৰ ওচৰ পালে। নেমুৰ ৰস এগিলাচ আগবঢ়াই শ্যামলালে তাক আদেশৰ সুৰত খাবলৈ ক’লে। চন্দ্ৰৰ হাতত এটকাও নাই। লগত লৈ অহা আটাইখিনি টকা মনোজৰ লগতে আছে। চন্দ্ৰৰ মাকে মনোজক টকাখিনি বৰ জোটপোটকৈ বান্ধি দিছিল। গাড়ীৰ ভাৰাটোও আকৌ বেলেগকৈ উলিয়াই দিছিল। চৰ্বত খালে পইচা দিব নোৱৰাৰ ভয়ত সি খাব বিচৰা নাই। “আৰে খা না ববুৱা। এক টকা ভি নালাগে।” এইবাৰ শ্যামলালে বৰ মৰমত ক’লে। চন্দ্ৰই আৰু বেচিকৈ ভাবিব নোৱাৰিলে। ঘোট ঘোটকৈ একে উশাহতে চৰ্বত গিলাচ খাই শেষ কৰিলে। সি জীৱটো ঘূৰাই পোৱা যেন অনুভৱ কৰিলে। পিয়াহত অত পৰে তাৰ ডিঙি শুকাই আছিল।
“এই ববুৱা ইমান দেৰি ইধৰ বহি আছা যে?” – শ্যামলালে বৰ নৰম মাতেৰে সুধিলে।
“ক’ত বা যাম! মোক লৈ অহা মনোজ দাদাইহে জানে। কিবা কামত গৈছে। আহিব এতিয়া।”
“ঠিক আছে বৈঠে ৰহো।”
চন্দ্ৰ আকৌ আগৰ স্থানত বহি পৰিল। চাওঁতে চাওঁতে সন্ধিয়া নামিল। মনোজৰ দেখা দেখি নাই। ফোন এটা কৰিবলৈও চন্দ্ৰৰ হাতত ফোন নাই। মনোজৰ নম্বৰো সি নাজানে। কিবা এক অজান ভয়ে তাক আৱৰি ধৰিলে। বুকুখনৰ ধপধপনিবোৰ ক্ৰমে বাঢ়ি আহিছে। মায়ানগৰীৰ অচিন বুকুত সি একোকে চিনি নাপায়। ক’ব নোৱৰাকৈয়ে তাৰ দুচকু ভৰি আহিল। মাকৰ মুখখন চকুৰ আগত ভাঁহি আহিল। বাৰ বছৰীয়া চন্দ্ৰই এতিয়াও মাকৰ কোলাত মূৰ থৈ শোৱে। কোনোদিনে মাকক এৰি ক’লৈকো নোযোৱা ল’ৰাটো আজি কিমান দূৰলৈ গুচি আহিছে, ভাবিলেই কিবা লাগে। মনোজে মাকক কৈছিল গুৱাহাটীত কামৰ অভাৱ নাই। বহুতো ডাঙৰ ডাঙৰ মানুহৰ লগত তাৰ চিনাকি হেনো। ফেক্টৰি বা ডাঙৰ হোটেল এখনত কাম এটা পালে আৰু টকাৰ বাবে চিন্তা নাই। অভাৱী মাকে বহুত ভৰষাৰে তাক মনোজৰ লগত পঠিয়াই দিছে।
বছৰত দুটাকৈ বানে ধুৱাই থকা সিহঁতৰ গাঁওখনত মানুহৰ জীৱন ধাৰণৰ সূত্ৰ বুলিবলৈ একো নাই। কতজন উটি গ’ল পানীৰ সোঁঁতত তাৰো হিচাপ নাই। গাঁও এখন সেই ঠাইত আছিল বুলিবলৈ হয়তো আৰু বেচি অপেক্ষা কৰাৰ প্ৰয়োজন নহ’ব। চন্দ্ৰৰ দেউতাকো এদিন পানীৰ ধাৰত ক’ৰবালৈ উটি গ’ল। মাকৰ উকা কপালখনৰ বেদনা বুজিবলৈ সেই গাঁৱত কাৰো অৱকাশ নাই। সকলো অসহায়! সকলো নিয়তিৰ নিষ্ঠুৰ হাতৰ মুঠিত ককবকাই থকা একোটা জীৱন।
চন্দ্ৰৰ ওচৰলৈ মনোজ উভটি অহা নাছিল। উচুপি উচুপি কান্দি বহি থাকিল চন্দ্ৰ। শ্যামলালে দুনীয়া ভালকৈ চিনে। মনোজহঁতৰ দৰে অধমক আৰু বেছি হাড়ে হিমজুৱে বুজে। সি মনোজৰ অভিসন্ধি বুজি পালে। টকাকেইটামানৰ লোভত অজলা কণমানি ল’ৰাটোক মহানগৰীৰ বুকুত দিশহাৰা কৰি পলাল। চাল্লা হাৰামজাদা!
চন্দ্ৰক সেই ৰাতি শ্যামলালে নিজৰ লগত লৈ গৈছিল ভাড়াভৰৰ সৰু কোঠালিটোলৈ। চন্দ্ৰৰ কোমল মুখখনত শ্যামলালে নিজৰ পুত্ৰৰ প্ৰতিচ্ছবিখন দেখা পাই ভিতৰি আৱেগিক হৈ পৰিছিল। মাত্ৰ আধাঘণ্টা সময়ৰ বাবে এবছৰীয়া কেচুৱাটোৰে সৈতে পত্নী মীনাক থেলাখনৰ ওচৰত থৈ ফল কিনিবলৈ গৈছিল সি। আধাঘণ্টা হ’বলৈ নাপাওঁঁতেই গনেশগুৰিত বিস্ফোৰণ হোৱা বোমাৰ বিকট শব্দ আৰু ছাইৰ মাজত হেৰাই গৈছিল শ্যামলালৰ মৰমী পত্নী আৰু এবছৰীয়া প্ৰাণৰ জীউটো। চিটিকি পৰা মাংসপিণ্ডৰ মাজত পত্নী পুত্ৰক পাগলৰ দৰে বিচাৰি ভাগৰি পৰিছিল শ্যামলাল। আজিৰপৰা বাৰ বছৰৰ আগতে ঘটি যোৱা সেই অভিশপ্ত সময়খিনিক পাহৰিব খুজিও পাহৰিব পৰা নাই সি। তাৰ জীউটো থকাহেঁতেন চন্দ্ৰৰ সমানেই হ’লহেঁতেন। চন্দ্ৰৰ প্ৰতি মৰমত বুকুখন ভৰি উঠিছিল। এদিন এনেকুৱা বয়সতে শ্যামলালো ৰেলৰ দবা এটাৰ দুৱাৰত ওলমি বিহাৰৰপৰা অনিশ্চয়তাৰ যাত্ৰাৰে অসমৰ বুকু পাইছিলহি। কেও কিছু নোহোৱা অনাথ অসহায় শ্যামলালৰ শৈশৱ কিমান যন্ত্ৰণাৰে ভৰা আছিল সেই কথা ভাবিবলৈ আজি ভয় কৰে সি। মহানগৰীৰ ফুটপাথৰ ওপৰত মুকলি আকাশৰ তলত জোন তৰা লেখি লেখি টোপনিত ঢলি পৰা ভাগৰুৱা শ্যামলালে নাজানিছিল জীৱনত সপোন থাকে বুলি। কাহানিও বুজি পোৱা নাছিল মৰম, আদৰ, চেনেহৰ অনুভৱ কিম্বা স্পৰ্শ। সংগ্ৰামী জীৱনৰ যৌৱন কালত কঠিন মুহূৰ্তত এদিন লগ পাইছিল মীনাক। মীনাৰ দুচকুত দেখিছিল সি জীৱনক ভালপোৱাৰ অৰ্থ। মীনা হৈ পৰিছিল তাৰ জীৱনৰ সমস্ত। তাৰ দৰে মীনাও আছিল অসহায় দৰিদ্ৰ। কোমল হাত দুখনেৰে মীনাই অপৈণত বয়সতে আনৰ ঘৰত চুৱা বাচন ধুবলৈ শিকিছিল। শিকিছিল অট্টালিকা সজোৱা ইটা কঢ়িয়াবলৈ। এমুঠি ভাত, এখন ৰুটিৰ বাবে তাই কৰা কষ্টক সহ্য কৰিব পৰা নাছিল শ্যামলালে। মীনাৰ কষ্ট দূৰ কৰিবলৈ শ্যামলালে উপাৰ্জন কৰিবলৈ শিকিছিল। এদিন সি ফুটপাথৰপৰা চাল থকা ঘৰ এখনত থাকিবলৈ সক্ষম হৈছিল। এনেকৈয়ে এদিন মীনাৰ জীৱনটোক সুৰক্ষিত কৰিবলৈ তাইক জীৱন সংগিনী কৰি এদিন তাৰ সৰু কোঠালিটোলৈ লৈ আহিছিল শ্যামলালে। সুখী হৈ পৰিছিল খেৰ, কূটা কঢ়িয়াই বাহ সাজি থাকিবলৈ লোৱা দুটা অঘৰী পখী। পিছে সপোন গঢ়িবলৈ ভগৱানে সিহঁতক বেছি সময় নিদিলে। ভগৱানৰ ওচৰত সিহঁতৰ বাবে সময়ৰ অভাৱ আছিল চাগৈ! চাৰখাৰ হৈছিল শ্যামলালৰ সপোন। হেৰাই গৈছিল তাৰ মৰমী মীনাজনী, কণমানি জীউটো। শ্যামলালৰ দুচকু পানীৰে ভৰি আহিল। তাৰ শুকাই যোৱা চকুপানীবোৰ আজি আকৌ গলিবলৈ ধৰিছে। চন্দ্ৰ টোপনিত লালকাল। কিবা এক অদ্ভুত মৰমেৰে সি তাৰ কপালত হাত বুলাই দিলে। জোনৰ দৰেই নিস্পাপ চন্দ্ৰৰ মৰমলগা কুমলীয়া মুখখন!
আজি দুবছৰে শ্যামলালে চন্দ্ৰক নিজৰ সন্তানৰ দৰে লালন পালন কৰি আহিছে। আনুস্থানিক শিক্ষা দিব নোৱাৰিলেও মানুহ হোৱাৰ জ্ঞান দি আহিছে। নিজৰ লগত ৰাখি চৰ্বত বনাবলৈ শিকাইছে। চৰ্বত সোৱাদ হ’বৰ বাবে চেনি, নিমখৰ পৰিমাণ শুদ্ধভাৱে দিবলৈ শিকাইছে। শিকাইছে আত্মনিৰ্ভৰশীল হ’বলৈ, আত্মবিশ্বাসী হ’বলৈ। শিক্ষা দি আহিছে মানৱতাৰ, জ্ঞান দি আহিছে উদাৰতাৰ। এজন অশিক্ষিত বিহাৰী ব্যক্তিক আপোনতকৈও আপোন যেন লাগিছিল চন্দ্ৰৰ।
আজি কেইমাহমানৰপৰা শ্যামলালৰ গাটো বৰ ভাল নহয়। চৰ্বতৰ ঠেলাখন চন্দ্ৰই অকলেই চম্ভালিব পৰা হৈছে। চন্দ্ৰৰ ব্যৱহাৰ আৰু পৰিষ্কাৰ পৰিছন্নতাৰ বাবে সকলোৰে প্ৰিয়। শ্যামলাল যেনেকৈ দীঘলীপুখুৰীৰ পাৰত সকলোৰে প্ৰিয়, ঠিক তেনেকুৱাই। বহুতে চন্দ্ৰক শ্যামলালৰ ল’ৰা বুলিয়েই ভাবে। চৰ্বতৰ থেলাখনৰপৰা পোৱা টকাৰ আধাখিনি শ্যামলালৰ কথা মতে চন্দ্ৰই গাঁৱত থকা মাকৰ নামত পঠিয়াই দিয়ে। আজি দুবছৰে চন্দ্ৰ ঘৰলৈ যোৱা নাই। এইবাৰ ব’হাগত সি মাকৰ ওচৰলৈ যাব, গাঁওখনলৈ যাব। আহোঁতে মাকক লৈ আহিব। শ্যামলালৰ লগত চিনাকি কৰাই দিব। এই কথাবোৰ ইতিমধ্যে শ্যামলালৰ লগত পতা হৈ গৈছে।
শ্যামলালৰ কাহতো বেছি হৈছে। চন্দ্ৰই ডাক্তৰৰ ওচৰলৈ নিব খুজিলেও যাব নোখোজে। ইফালে বাতৰিয়ে টিভিয়ে চাৰিওফালে খবৰ ওলাইছে দেশখনত হেনো ক’ৰোনা নামৰ মহামাৰী হৈছে। অসমতো সোমাইছেহি এতিয়া। শ্যামলাল, চন্দ্ৰহঁতে একো তলকিবই নোৱাৰিলে। হঠাতে মহানগৰীত এদিন চৰকাৰে তলা লগাই দিলে। স্তব্ধ হৈ পৰিল জনজীৱন। স্তব্ধ হৈ পৰিল খাটি খোৱা মানুহৰ সৰু সৰু ব্যৱসায়। চাৰিওফালে মহামাৰীৰ বিভীষিকা, মৃত্যুৰ সংবাদ। কাহ, জ্বৰৰ লক্ষণবোৰ বেছি হৈ অহাত শ্যামলালকো হস্পিতালত নি পৰীক্ষা কৰোৱা হ’ল। পৰীক্ষাৰ ফলাফল আহিল ক’ভিড পজিটিভ। লগে লগেই ক’ভিডে কঢ়িয়াই আনিলে দূৰত্ব। শ্যামলালক লৈ যোৱা হ’ল কোনোবা দূৰণিৰ কভিড ৰোগীৰ চেণ্টাৰলৈ।
জীৱন গঢ়োতাজনৰ বাবে চন্দ্ৰই একো এটা কৰাৰ সুযোগেই নাপালে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি কেৱল চকুলো টুকিলে। প্ৰথম দুদিন শ্যামলালে ফ’নত ভালকৈয়ে কথা পাতি আছিল যদিও তৃতীয় দিনা দুৰ্বলতাৰ বাবে কথা ক’ব পৰা নাছিল। চতুৰ্থ দিনা শ্যামলালৰ ফ’ন বন্ধ হৈছিল। চন্দ্ৰ পাগলৰ দৰে হৈ পৰিছিল। এদিন দুদিনকৈ সপ্তাহ পাৰ হ’ল অথচ শ্যামলালৰ ফ’ন নাবাজিল। উপায়ন্তৰ হৈ চন্দ্ৰই শ্যামলালক ৰখা কভিড চেণ্টাৰলৈ গৈ খবৰ কৰিবলৈ যত্ন কৰিলে যদিও তাত কোনেও শ্যামলালৰ সন্ধান দিব নোৱাৰিলে। প্লাষ্টিকৰ দৰে পোছাক পিন্ধা গা মূৰ ঢকা মানুহবোৰৰ আহ যাহ দেখিবলৈ পালে সি। সেইবোৰ হেনো চিকিৎসা কৰ্মী। চন্দ্ৰই কাৰো বাধা নামানি গা মূৰ ঢকা পোছাক পিন্ধা মানুহ এজনক শ্যামলালৰ নামটো কৈ খবৰ সুধিলে। মুখাৰ ভিতৰৰপৰা নাৰী কণ্ঠ এটা ভাহি আহি তাৰ কাণত পৰিল – “যোৱা সপ্তাহটোত কেইবাজনো ৰোগী ঢুকাইছে, কাৰ নাম কি আছিল মোৰ মনত নাই”। উস্ তাৰ ভিতৰখন শিয়ৰি উঠিল। মৃত্যুৰ খবৰো ইমান সহজতে এনেকৈ কৈ দিব পাৰি জানো! শ্যামলাল মৰিব নোৱাৰে! তাক ক’ত বিচাৰি পাব এতিয়া সি! শ্যামলালে তাক এৰি কেতিয়াও ক’লৈকো নাযায়। ক’ব নোৱৰাকৈয়ে সি উচুপি উঠিল। গোটেই দিনটো সি ক’ভিড ৰোগী ৰখা চেণ্টাৰটোৰ সন্মুখত শ্যামলালক দেখা পোৱাৰ আশাত চন্দ্ৰ বহি থাকিল। আন্ধাৰ নামি অহাত সি নিজৰ ৰুমলৈ ঘূৰি আহিল যদিও পিছদিনা পুৱা আকৌ সেই ঠাইলৈ তাৰ আপোন শ্যামলালক বিচাৰি গ’ল। এইদৰে শ্যামলালক বিচাৰি ফুৰা এসপ্তাহ পাৰ হৈ গ’ল অথচ একো খবৰেই সি উলিয়াবলৈ সক্ষম নহ’ল। ইজন সিজনৰ মুখত সি শুনিছে দেশত হেনো ডাঙৰ ডাঙৰ মানুহবোৰৰ ক’ভিড হৈছে। টিভিৰ পৰ্দাত মোবাইলত সেইবোৰ মানুহৰ ফটো দিছে। ৰাইজে বেমাৰ ভাল হ’বলৈ আশীৰ্বাদ দিছে হেনো। সি মনতে ভাবিছে পিছে শ্যামলালৰ নাম আৰু ফটো কিয় ক’তোৱেই নাই! তাৰ মৰমৰ শ্যামলাল ক’লৈ গ’ল, কি হ’ল সেই কথা ভাবি ভাবি সি অসহায় হৈ পৰিছে। কাক ক’লে শ্যামলালৰ নামটো টিভিত দিব? সকলোৱে তেতিয়া প্ৰাৰ্থনা কৰিব। কাৰ ওচৰলৈ যাব লাগিব এতিয়া সি? ভাবি ভাবি অসহায় হৈ পৰিল চন্দ্ৰ। লগত থকা সামান্য টকাখিনিও শেষ হৈছিল। ইফালে চৰকাৰে অনুমতি দিয়া সপ্তাহত চলি থকা আন্তঃজিলা বাচসেৱাত ঘৰমুখী হৈছে মহানগৰীত খাটি খোৱা লোকসকল। সময় ভয়াবহ হৈছে। চন্দ্ৰৰ জীৱনলৈও নামি আহিছে অমাৱস্যাৰ আন্ধাৰ। চন্দ্ৰই চাৰিওফালে আন্ধাৰ দেখিলে। দূৰৰপৰাই দেখিলে ধেমাজি জিলালৈ যোৱা বাচখনত ঠাহ খাই উঠিছে ঘৰমুখী হোৱা অসংখ্য লোক। চন্দ্ৰইও দৌৰি গৈ দুৱাৰমুখত ওলমি উঠিল। কিবা কৰি ঘৰটো ল’ব পাৰিলে সি শ্যামলালৰ কথা মাকক ক’ব আৰু পৰিবেশটো অলপ স্বাভাৱিক হ’লেই পুনৰ শ্যামলালক বিচাৰি মহানগৰীলৈ ঘূৰি আহিব।
☆ ★ ☆ ★ ☆
11:42 am
গল্পটোৰ মাধ্যমেৰে কভিডৰ সময়ৰ বাস্তৱ চিত্ৰ এখন অংকন কৰিছে। পঢ়ি ভাল লাগিল, লগতে দুখো লাগিল।