ফটাঢোল

মিশ্যন ন-কইনা দৰ্শন-দুলুমণি গগৈ

“নৱাব চাহাব কী ট’ বাত হী নিৰালী …. কিউকী  শৌখ বড়ী চীজ হে য়াৰ”-

নৱাব চাহাবৰপৰা ৰসেশ্বৰ দাই লৈকে সকলোৰেই বাবে কিন্তু চখ বড়ী চীজ!

ৰসেশ্বৰ দাইটিৰ আকৌ বৰ অদ্ভূত চখ। গাঁৱলৈ নতুন কইনা এজনী আনিলেই হ’ল আৰু। ৰসেশ্বৰে ৰসতে ডুবাই থোৱা ৰসগোল্লাটো যেন হৈ মৰমেৰে আগ-পাছ কৰি দিলেহে যেন   শহুৰেকৰ ঘৰত  ন-কইনাই থিতাপি পাব! মৰমেৰে  চাই তেখেতৰ চকুৰ তৃপ্তি পেলোৱাৰ পাছতহে কইনা পুৰণি হ’ব। তাৰবাবে তেওঁ এতিয়ালৈকে কিমান গৰিহণা আৰু ককৰ্থনাৰ অৰিহণা খাইছে! কিন্তু ৰসেশ্বৰে একেবাৰে বাৰিষাৰ নদীখনে পাৰৰ মানুহৰ কান্দোনলৈ আওকাণ কৰি গপচত আগুৱাই যোৱাৰ দৰে  কাৰো কথালৈ কাণ নিদি কইনা প্ৰীতি   চলায়েই গৈছিল। গাঁৱত অৱশ্যে তেওঁৰ দৰে সকলোৰে সুখ-দুখৰ সমভাগী মানুহবোৰক ভালেই পায়। এনেয়ে মানুহটো ধুনীয়া ঠগৰ। গাঁৱৰ সকলোৱে দদাই বুলি কয় দেখিহে, নহ’লে বয়সো বেছি নহয়।  বাকীখিনি নাজানো আৰু!

তেওঁৰ নিজৰ কইনাই তেওঁক এৰি যোৱা প্ৰায় পাঁচ বছৰ মানেই হ’ল। কি কাৰণত এৰি গ’ল, সেইবোৰ নকওঁ বাৰু, পিচছ তেওঁৰ কইনা প্ৰীতিয়ে সকলোকে বৰ আচৰিত কৰি তোলে। হওঁতে আমি একো বেয়া দেখা নাই। পিচে কইনাৰ গিৰিয়েক আৰু শহুৰৰ ঘৰৰ লোকসকলৰ মুখতহে শুনিছোঁ,  সিহেনো  নকইনাৰ চুৱাকাঁহীখনো ধুই দিব বিচাৰে। মোক বিয়া কৰাই আনোঁতে তেওঁৰ নিজৰ কইনাও  তেওঁৰ ঘৰতে আছিল, সেয়েহে মানে মোৰ সেইকণ সৌভাগ্য নহ’ল বাৰু। গাঁৱৰ মানুহে কথাবোৰ এনেইয়ো বঢ়াই বঢ়াই কয়েই। সেয়ে মানে মই কথাবোৰ বিশ্বাস নকৰোঁ আৰু। তথাপিও কিন্তু মন যায় ৰসেশ্বৰ দাইটিয়ে নকইনাৰ কাঁহী ধোৱা দৃশ্যটো চাবলৈ।

অৱশ্যে সেইটো কথাৰ বাহিৰে মই তেওঁৰ বাকীবোৰ কাণ্ড দেখিছিলোঁ। এদিন নতুনকৈ বিয়া কৰাই অনা মালিনী নামৰ কইনাজনীৰ নাম লৈ মালিনীৰ শহুৰেকৰ ঘৰৰ আগতে চিঞৰি চিঞৰি  বিহুনাম গাওঁতে মই সেইফালেই গৈ আছিলোঁ।

“তুমি মালিনী এনেনো যে ধুনীয়া
বেঁকাকৈ  চাৱনিৰে কৰিলা মোক বলিয়া!”

আই ঐ, যি আকুলতাৰেহে গাই আছিল; মানে মালিনী, নকইনাৰ সাজেৰে গিৰিয়েকৰ ৰাজমহিষীজনী  হৈ নাথাকি দুবছৰমান পুৰণি ৰান্ধনীজনী হোৱা হ’লে সেই ৰাতিয়েই ৰসেশ্বৰলৈ পলাই আহিলেহেতেঁন। পিচে নকইনাই পাত্তা নিদিলেও সিদিনাৰপৰা মোৰ মনত তেওঁৰ প্ৰতি অলপ  আকৰ্ষণ জাগিল কিন্তু দেই! লাজ বিজকৈ কৈছোঁ আৰু।

তাৰ পিছত নকইনা চাবলৈ গ’লে ময়ো মানে নিলাজ নিলাজ ভাৱ এটাৰে যিকোনো প্ৰকাৰে ৰসেশ্বৰ দাইৰ কথা উলিয়াই পাৰিলে বৰ মৰমলগাকৈয়ে কৈ থৈ আহোঁ। বাকী মোৰ লগৰ জা-জুৱলীবোৰে মানে মুখটিপি টিপি হাঁহি মোক হাঁহিয়াতৰ পাত্ৰ কৰে বুলি জানোঁ বাৰু।

তেনেকৈ কিছুমান নকইনা আহিল; ন ৰপৰা  পুৰণিও হ’ল। এবাৰ কিন্তু মোৰ একে ঠাইৰে ভনীসম্বন্ধীয় এজনী আহিল ওচৰৰে এজনৰ কইনা হৈ। মই তাইকো ক’লোঁ ৰসেশ্বৰ দাইৰ কথা  বৰ মৰমলগাকৈয়ে। পিচে তাইহে মোৰ ভুল ভাঙিলে।

তাইক চাবলৈ আহোঁতে তাই বোলে ক’লে,

: আপোনাৰ কথা কৈছে সেই বিভা বাইদেৱে।

: অ সেই বুঢ়ীজনীয়ে? কি কৈছে মোৰ কথা?

তেওঁতকৈ মই বয়সত কিমান যে সৰু!  সেইদিনাই  যি ৰসেশ্বৰৰ নাম ল’লোঁ আৰু! আজি এই গল্প লিখালৈকে মাজত এবাৰো লোৱা নাই।

মই বেয়া পোৱাৰ পাছৰেপৰা ৰসেশ্বৰক বহুত মানুহেই বেয়া পোৱা হ’ল। এবাৰ গাঁৱলৈ নকইনা অনা বিদ্যাধৰকাইটিৰ ঘৰৰ সকলোৱে শপত খালে বোলে এই ৰসেশ্বৰটো লম্পট স্বভাৱৰ। নকইনা চাবলৈ আহিলে বোৱাৰীক ওলাবলৈ নিদিবি দেই। সঁচাকৈয়ে  ৰসেশ্বৰ দাই ঘণ্টাৰ পাছত ঘণ্টা বহি থাকিল, কইনা নোলাল। সেইদিনা গ’ল। পিছদিনা আকৌ আহিল, কইনা নোলাল। সেইদৰে একসপ্তাহ গ’লেই। ৰসেশ্বৰে কইনা নেদেখি মনটো গধুৰ কৰি য’তে ত’তে পাম্প যোৱা ফুটবলটোৰ দৰে বহি থাকিল। চকু-চৰহা এচামে আকৌ  লগাই-যুঁজাই ৰং চাওঁ বুলি তাক বৰ মৰমেৰে  পাম্প দি হাৱা ভৰাই টনটনিয়া কৰি দিলে।

ৰসেশ্বৰৰ আটাইতকৈ আপোনটো যেন হৈ বিদ্যাধৰৰ দূৰসম্পৰ্কীয়  ডালিমদঁতীয়া বগাধৰে বোলে,

: ৰসেশ্বৰ দাই,  বিদ্যাধৰৰ নবোৱাৰী দেখোন এতিয়া তই নেদেখাকৈয়ে পুৰণি হ’ব।

বাকীবোৰেও হয়ভৰ দিলে।

: হয়তোন! পুৰণি হ’লে আৰু কি চাবা? ৰসেশ্বৰ দাই বাদ দিয়া আৰু তুমি কইনা চাবলৈ নোপোৱা।

ৰসেশ্বৰদাইৰ  কইনা চোৱাৰ জুনুনটোৰ কথা জানেই। একেবাৰে হনহনাই উঠিল

: অমুকা যদি মতা হওঁ, বিদ্যাধৰৰ বোৱাৰীক আজি ৰাতিয়েই চাইহে এৰিম।

তাত থকাসকলে  ৰসেশ্বৰ দাইৰ “মিশ্যন বিদ্যাধৰৰ বোৱাৰী দৰ্শন”ৰ  কিদৰে সহাঁৰি আগবঢ়াইছিল জানিব নোৱাৰিলো‍ঁ। কিন্তু তাৰপাছত যি হ’ল ক’লে আপুনি জানিব যে ৰসেশ্বৰ দাইক এই বিষয়ত চেলেঞ্জ কৰা মানে   ‘কোৰে কাটি গ্ৰহণী চপোৱা’।

সিদিনা ৰাতিয়েই কইনা দৰ্শন কৰাৰ কথাটো ফাটি-ফুটি যোৱাত বিদ্যাধৰে বোৱাৰীক একেবাৰে লখীন্দাৰৰ বাপেকে পুতেকক চন্দুকত ৰখাৰ দৰে লুকুৱাই ৰাখিলে। তথাপিও  ৰসেশ্বৰ দাই কিন্তু গ’ল। অৱশ্যে লগতে ডালিমদঁতীয়া বগাধৰ আৰু দুটামানকো লৈ গ’ল অলপ দূৰে দূৰে থাকি প্ৰমাণ চাবলৈ। ক’তো একো সুবিধা নেদেখি ৰসেশ্বৰে গাধোৱা ঘৰৰ কিনাৰৰ ‘সৰুপানী চোৱা’ ঠাইতে  লুকাই থাকিল। আন নহ’লেও কইনাই ৰাতি টোপনিত পৰাৰ আগতেই হওক বা টোপনিৰ পৰা  সাৰ পাই হ’লেও সৰুপানী চুবলৈ আহিবই। বেচেৰাই নাজানিছিল যে বিদ্যাধৰে মৰমী বোৱাৰীয়েকলৈ ভিতৰতে বাথৰূমো সাজি দিলে।  অলপ দেৰিলৈকে কেঁচা কলপাতে আৱৰা  সেই লেতেৰা ঠাইটুকুৰাত থকাৰ পাছত তেওঁ হাঁহৰ গঁৰালতে সোমাই বহি থাকিল। টোপনিৰ জালতে কেইবাবাৰো পুখুৰীৰ পানীতোলা শব্দ শুনি ওলাই চাই বিদ্যাধৰৰ ঘৈণীকহে দেখে। কইনাক নেদেখি আকৌ সোমাই থাকে। তেনেকৈ আগৰাতি যাওঁ যাওঁ। তেওঁক টোপনিয়ে হেঁচা মাৰি ধৰোঁতে ভাবিছিল গুচিয়ে যাব নেকি? ডালিমদঁতীয়া বগাধৰ আৰু লগৰবোৰক  মিছাকৈ কৈ দিব যে সি কইনাৰ হাতত ধৰি সিহঁতক চিঞৰি চিঞৰি মাতি আছিল। সিহঁতে নুশুনিলে কি কৰিব? পিচে বগাধৰৰ গলখেকাৰি শেষেই নহয়। বাৰে বাৰে উমান দিয়ে আছে যে সিহঁত সাৰে আছে।

তেনেকৈ থাকোঁতে গমেই নাপালে সি  হাঁহৰ পাখিৰ কোমল স্পৰ্শ বুলি ভাবি থকা সেই কোমল কোমল লগা ভাৱটো আচলতে অজগৰৰ পেটহে! আধালৈকে গিলিয়েই পেলাইছে তাক! মৰণকাতৰ চিঞৰত গগণ ফালি বগাধৰহঁতক চিঞৰাত একে জাপে কুঁহিয়াৰৰ তলৰপৰা ওলাই আহিল সিহঁত। ইফালে বিদ্যাধৰৰ পৰিয়ালৰ নবোৱাৰীৰ বাহিৰে আন সকলো। অজগৰৰ মুখ ফালি  সকলোৱে ৰসেশ্বৰদাইক টানে হে টানে- ৰসেশ্বৰ দাই দেখোন ওলায়েই নাহে! ইফালে জীয়া অজগৰক ধৰি ৰখাও কম নেকি? কথাবিষম দেখি পলম নকৰি  কোনোবাই গৈ  ওচৰৰ পশু চিকিৎসাল‌য়ৰ পৰা অজগৰৰ চেতনা নাশৰ দৰৱ আনি চেতনা নাশ কৰিলে। অজগৰে তলকিবই নোৱাৰিলে। চিতভোলোঙা খাই টোপনিত পৰা অজগৰৰ কোৱাৰি দাঙি ৰসেশ্বৰক মাতি মাতিও মাত নাপাই সবেই মৰিলে বুলিয়েই ভাবিছিল। পিচে ভালকৈ চাই দেখিলে ৰসেশ্বৰ সোঁশৰীৰে দন্ত্যদৰ দৰে মহা আৰামত বহি আছে। অলপ পাছত ৰসেশ্বৰে  গহীনাই মাত লগালে

: কইনা ক’ত? কইনাই মাতিলেহে বাহিৰলৈ যাম।

তাৰ পিছৰেপৰা আৰু ৰসেশ্বৰৰ কইনা দৰ্শনত কোনেও বাধা প্ৰদান নকৰা‌ হ’ল।

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *