ফটাঢোল

হাতী আৰু পৰুৱা -মিলন চন্দ্র দাস

পৰুৱা এটাই বিয়া পাতিবলৈ বুলি এজনী হাতীক চাবলৈ গ’ল। লগত বন্ধু দুজনকো লৈ গ’ল। হাতীক বিয়া কৰাব খোজাৰ কাৰণটো হ’ল, সমাজে পৰুৱাক অতি ক্ষুদ্ৰ প্ৰাণী বুলি ঠাট্টা বিদ্ৰূপ কৰে। সভাই সমিতিয়ে উচ্চ আসন,  বিষয়-বাব নাপায়। হাতীক বিয়া কৰালে তেওঁৰ বংশধৰ  সকল বৃহৎ কলেৱৰৰ হ’ব আৰু সমাজে তেওঁক উচ্চ আসনত বহুৱাব। হাতীৰ ঘৰলৈ গৈ পৰুৱাই তাইক ভৰিৰ পৰা মূৰলৈ চালে। হাতীৰ কাণ দুখনৰ চাইজো ঠিকেই পালে। পৰুৱাটোকো হাতীয়ে পচন্দ কৰিছিল। হাতীজনীৰ মাকে বিচৰা ধৰণে যৌতুক দিবলৈয়ো সন্মত হৈছিল। কিন্তু বিয়াখন অৱশেষত নহ’লগৈ।

উজলা দঁতা বাবে হাতীজনীক পৰুৱাই ৰিজেক্ট কৰিছিল।যাতে পৰুৱাৰ ঔৰষত জন্ম হোৱা সন্তান উজলা দঁতা নহয়।—–!

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *