ফটাঢোল

শইকীয়া জুনিয়ৰ -জয়ন্ত প্ৰীতম

শইকীয়াৰ ল’ৰাটো  তৃতীয় শ্ৰেণীত পঢ়ে। কৰ’না হৈ যোৱাৰ পিছত স্কুল নতুনকৈ খুলিছে। শিক্ষকে কৰ’নাৰ ওপৰত এখন ৰচনা লিখিবলৈ দিলে।আহকচোন চাওঁ শইকীয়াৰ পুত্ৰই কি লিখিলে,

কৰ’না :

কৰ’না এটা নতুন উৎসৱ। ফাকুৱা উৎসৱৰ পিছত ই আহি বহুত দিনলৈকে থাকে। বহুত খাদ্য বনোৱা হয় ক’ৰনা উৎসৱত যেনে, ডালগ’না, লালমোহন, জেলেপি ইত্যাদি।সকলোৱে ঘৰত একেলগে থাকে। স্কুল বহুতদিন বন্ধ থাকে। পৰীক্ষাবোৰ নহয়। দোকান আৰু অফিচ বন্ধ থাকে। সকলোৱে মমবাতি জ্বলাই, ঘণ্টা আৰু কাঁহি বজাই এই উৎসৱ পালন কৰে। ক’ৰনা উৎসৱত মুখত মাস্ক পিন্ধি নমস্কাৰ জনাই পালন কৰে। ক’ৰনা উৎসৱৰ সময়ত দেউতাবোৰে হাফপেণ্ট আৰু গেঞ্জী পিন্ধি ঘৰ সৰা, বাচন ধোৱা আদি কামবোৰ কৰে আৰু মাবোৰে নতুন নতুন খোৱা বস্তু বনাই ফেচবুকত দিয়াত ব্যস্ত থাকে। মই কৰ’না উৎসৱ বহুত ভাল পাওঁ।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *