ফটাঢোল

কনজুছৰ বজাৰ কৰা কাহিনী-বৰ্ণালী এচ মূদৈ

জীৱন বজাৰৰ বেঙেনা খুব বিখ্যাত। ডাঙৰ ডাঙৰ ফুটবলৰ চাইজৰ বেঙেনা পোৱা যায়। আজি বেঙেনা ফ্ৰাই খাবলৈ বৰ মন গৈছে। গ’লোঁ বজাৰলৈ,

: ঔ ভাই বেঙেনা কেনেকৈ কেজি?

: আশী টাকা৷

চিন্তা কৰিলোঁ এটা মানুহ, এগাল বেঙেনা নি কি কৰিম!তাতকৈ এটা কিনি নিওঁ। ভাজি খাম। দোকানিয়ে শুনিয়েই চেলাউৰি কোঁচাই এবাৰ চালে।

: এটা বেঙেনা বিক্রি নকৰোঁ।

কাষৰ দোকানিজনক সুধিলোঁ। অকলশৰীয়া মানুহ বুলি বহুত অনুৰোধ কৰাৰ পাছত ক’লে,

: এটা বেঙেনা কিনিলে এশটকা কেজিকৈ ধৰিম।

তাৰ পিছত বত্ৰিছটকাত এটা বেঙেনা পালোঁ।

: মটৰৰ কেজি কেনেকৈ?

: ১৪০ টকা৷

: আঢ়ৈশ গ্রাম দিয়ক৷

: আঢ়ৈশ গ্ৰাম বিক্রি নকৰোঁ।

: ভাই অকলশৰীয়া মানুহ, বেছি নিলে নষ্ট হ’ব। দিয়কহে একো নহয়৷

: আচ্ছা ৰ’ব

বুলি দোকানিয়ে অন্য গ্ৰাহকক বস্তু দি আছে, মোক নিদিয়ে। বহু সময় নিদিয়া দেখি ক’লোঁ,

: ভাই মোক দিয়াহে, নিদিলে বিদায় দিয়া। ইমান সময় ৰৈ আছোঁ, ঘৰলৈ গৈ ৰান্ধিবলৈও আছে।

: আচলতে পুৰাপুৰি আঢ়ৈশ গ্ৰাম জুখিব নোৱাৰোঁ,অলপ বেছি উঠে৷ এনেকৈ দিলে লোকচান হৈ যাব।

: পাঁচ টকাৰ বেছিকৈ নিম বাৰু তথাপি দিয়ক৷ বহুত বেছি নিলে নষ্ট হ’ব৷

তাৰপাছত আঢ়ৈশ গ্রাম মটৰ লৈ ওচৰৰ দোকানখনলৈ গ’লোঁ।

: ভাই দুটা কেঁচা জলকীয়া লাগে, আলু পিতিকা খাম৷

: দুটা কেঁচা জলকীয়া!

: নাই নাই, আপুনি দহ টকাৰ দিয়ক।

জলকীয়াৰ দাম খুব বেছি নোহোৱাৰ বাবে ইমান ঝামেলা নহ’ল। তাৰপাছত দেখিলোঁ মিঠা আলু।
প্রথমতেই আত্মসমর্পণ কৰিলোঁ,

: সকলোৰে ওচৰত ধমক খাই আহিলোঁ আপুনিও এটা ধমক দি আধা কেজি আলু দি দিয়ক৷

দোকানিয়ে হাঁহিলে আৰু মই আকৌ কব’লৈ আৰম্ভ কৰিলোঁঁ,

: অকলশৰীয়া মানুহ, বেছি নালাগেই…

আকৌ সেই একেটা কাহিনী বিতংকৈ কোৱাৰ পাছত আধা কেজি আলু মিলিল কঁপালত। ঘৰলৈ আহি থাকোঁতে ৰাস্তাতেই মনত পৰিল পিয়াঁজ কিনা নহ’ল। পিয়াঁজৰ দোকান বিচাৰিলোঁ, ওচৰতেই আছিল যেনিবা এখন। ইমান সময়ে যুঁজি বজাৰৰপৰা টকাকেইটা যেনেতেনে বচাই চাৰে সাতশ গ্রামৰ ওচৰা-ওচৰি পাচলি কিনিলোঁ সকলো মিলাই, মনতে ভাবিলোঁ, কিবাকৈ পিয়াঁজৰ দোকানিয়ে দয়া কৰি আধা কেজি পিয়াঁজ দিয়েই কিজানিবা৷ যিহে জুই চাই পিয়াঁজৰ দাম, এক কেজি মুঠেও কিনিব নোৱাৰি৷

সকলো কিনি অৱশেষত আহিলোঁ ঘৰলৈ। এইবাৰ নিজৰ মতে ৰান্ধিম আৰু আৰামত খাই ফেচবুকিং কৰিম। এনেও কৰ’ণাৰ নামত মাছ মাংস আদি আমিষ খাদ্য এদিনলৈ ত্যাগ কৰিছোঁ।

পিচে কাকো পাৰ্টি নাই দিয়া দেই, অকলশৰীয়া মানুহ, সকলো মোৰ নিজৰ বাবেই। এনেও বেছিকৈ ৰান্ধিলে নষ্ট হ’ব, খাওঁতাও নাই৷

☆ ★ ☆ ★ ☆

6 Comments

  • Anonymous

    ঔ নাপায় নহয় এনে কৰিব ? মই হলে মুড়ি কিনিলেও কমেও আধাকিলোঁ কিনো??

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ৷ মই তো অকলে থাকিলে সব মিলাই বিচ টকাৰ সবজি কিনো৷ সবৰে এটা দুটা মিলাই দিয়ে৷

    Reply
    • বৰ্ণালী

      ৬০টকাত লাবৰা খাব পৰা তৰকাৰী আহে বিচ তৰকাৰী কৰি কিনিলে.. মই ১৫জনক খোৱাব পাৰিম সেইয়া??? এচামুচকৈ??

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    আলু-পিঁয়াজো এটা-দুটাকৈ কিনিব পৰা হ’লে ভাল আছিলহে৷ লেখাটো ভাল লাগিল পিছে৷

    Reply
  • বৰ্ণালী

    ধন্যবাদ দাদা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *