অনলাইন শ্বপিং আৰু মোৰ পাণ্ডিত্য-ৰিমঝিম বৰঠাকুৰ
এবছৰমানৰ আগৰ ঘটনা। কোনোবা এদিন অফিচলৈ যাবলৈ মন নোযোৱাত ঘৰৰপৰাই কাম কৰি আছিলোঁ। ঘৰতে আছিলোঁ যদিও দুপৰীয়া কিবা এটা ৰান্ধি খাবলৈ মন নোযোৱাত চুইগীতে কিবা এটা অৰ্ডাৰ কৰি কামত বহিলোঁ। সেইদিনা অৱশ্যে আমি দুয়োজনে ঘৰৰপৰাই কাম কৰি আছিলোঁ। পতিদেৱকো ক’লোঁ ৰান্ধিবলৈ মনেই যোৱা নাই, কিবা অৰ্ডাৰ কৰিছোঁ তাকে খাবা। মোৰ এটা অভ্যাস আছে অৰ্ডাৰ কৰাৰ পিছৰপৰাই কামত মন নবহে। বাৰে বাৰে মোবাইলটো উলিয়াই পাৰ্চেলটো আহি নোপোৱালৈকে ট্ৰেক কৰি থাকোঁ। মানে এনেকুৱা হয় ডেলিভাৰি বয়জন ৰেষ্টোৰেণ্টত সোমাইছে, এইমাত্ৰ ওলাইছে, ট্ৰেফিকত ফচিছে সেইবোৰ চাই থাকোঁতেই যায়। অকল অৰ্ডাৰ দিয়া বুলি নহয়, ৰেষ্টুৰেণ্টত কিবা খাবলৈ বুলি গৈ তাত অৰ্ডাৰ দিয়াৰ পিছতে ডিঙি মেলি মেলি চাই থাকোঁতেই যায়। আমাতকৈ পিছত অৰ্ডাৰ দিয়া কাৰোবাক যদি আগত দিয়ে তেতিয়াটো হ’লেই আৰু!
সেইদিনা অৱশ্যে অৰ্ডাৰটো দি মই নতুন কাম এটা অহাত তাত ব্যস্ত হৈ গ’লোঁ। অৰ্ডাৰ ট্ৰেক কৰিবলৈ পাহৰি গ’লোঁ। যেতিয়া ফোনটো আহিল তেতিয়াহে মোৰ পেটটোৱে ভোকত কুৰকুৰাই উঠিল। সেয়ে ফোনটো ৰিচিভ কৰিয়েই ক’লোঁ,
: ঘৰপে হুঁ। আপ আ যাও।
কৈয়েই নৰ’লোঁৱেই আৰু। প্লেট, গিলাচ আনি ডাইনিং টেবুলত থৈ বহি আছোঁ। তেনেকৈ পাঁচমিনিটমান গ’ল। ইমান দেৰি হ’ল অহা নাই। এইবাৰ দুৱাৰখন খুলি দুৱাৰ মুখতে ৰওঁ বুলি আগবাঢ়োঁতেই আকৌ ফোনটো আহিল। ফোনটো ৰিচিভ কৰিছোঁহে সিফালৰপৰা মাত দিলে
: চিকিউৰিটি চে বাত কিজিয়ে।
বুলি ফোনটো চিকিউৰিটিক মানুহজনে দি দিলে। ময়ো চিকিউৰিটক বুজাই দিলোঁ যে খোৱা বস্তু আছে, এতিয়া গেটলৈ যাব নোৱাৰোঁ ডেলিভাৰি বয়জনক ভিতৰলৈ পঠিয়াই দিয়ক। কথাকেইটা কৈ ৰৈ আছোঁ কিন্তু ইমান দেৰি হ’ল পাৰ্চেলো নাই মানুহো নাই। দুই তিনি মিনিট পিছত আকৌ ফোন আহিছে। এইবাৰ খঙতে ফোনটো মই ৰিচিভ নকৰি মানুহজনক দিলোঁ। মানুহজনে ফোনটো ৰিচিভ কৰি ধুনীয়াকৈ আমাৰ ফ্লেট নম্বৰটো আৰু ব্লক নম্বৰটো কৈ চিকিউৰিটিক ডেলিভাৰি বয়জনক পাৰ্চেলটো দিবলৈ পঠিয়াই দিবলৈ ক’লে। মানুহজনে চিকিউৰিটিজনক বুজাওঁতেহে ওৰহি গছৰ ওৰ ওলাল। মই আছোঁ ঘৰত আৰু পাৰ্চেল অৰ্ডাৰ কৰিছোঁ অফিচ এড্ৰেছলৈ। আৰু অফিচ হ’ল ১৫ কি:মি: দূৰত থকা ইন্দিৰা নগৰত। বেচেৰাই অফিচৰ বিল্ডিঙত গৈ কেনেকৈ অমুক ব্লকৰ তমুক ফ্লেট নম্বৰ বিচাৰি পায়!
এইটোৱেই শেষ ঘটনা নহয় আৰু আছে। দাদা আহিছিল বাংগালোৰলৈ। ৰিটাৰ্ণ ফ্লাইট আছে আৰ্লি মৰ্ণিং। গতিকে আমাৰ ঘৰৰপৰা পুৱা তিনিটামান বজাতে ওলাব লাগিব। সি মোক ক’লে যে আমাৰ এপাৰ্টমেণ্টৰপৰা এয়াৰপোৰ্টলৈ কেব এখন বুক কৰিব লাগে। মই বোলো তই একদম চিন্তা নকৰিবি মই আগদিনাই বুক কৰি থ’ম। সময়তকৈ পোন্ধৰ মিনিট আগত কেব আহি দুৱাৰ মুখত হাজিৰ হৈ যাব। সিও মোৰ কথা বিশ্বাস কৰি নিচিন্তমনে থাকিল। পিছদিনা তালৈ ৰাতি ২.৪৫ বজাত ফোন আহিছে যে কেব আহি ৰৈ আছে। সিও ক’লে গেটতে ৰওক, পোন্ধৰ মিনিট পিছত আহি আছোঁ। পোন্ধৰ মিনিটত ওলাই মেলি সি গেটৰ ওচৰত আহি একো কেব নেদেখি আকৌ ফোন লগালে। কেব ড্ৰাইভাৰে কৈছে সি গেটতে ৰৈ আছে ইফালে দাদায়ো কৈ আছে যে সিও গেটতে ৰৈ আছে কিন্তু একো কেব দেখা নাই সেইটো নম্বৰৰ। অলপ কথা-বাৰ্তা হোৱাৰ পিছত মোৰ পতিদেৱে ফোনটো লৈ ড্ৰাইভাৰজনক আকৌ এবাৰ এড্ৰেছটো সোধাতহে উত্তৰ ওলাল। মই পণ্ডিতে এয়াৰপোৰ্ট টু এপাৰ্টমেণ্ট কেব বুক কৰি আৰামত বহি আছোঁ। ইফালে ফ্লাইট মিছ হোৱাৰ ভয়, সিফালে মোৰ পণ্ডিতালিৰ ওপৰত উঠা খং দাদাৰ। লৰালৰিকৈ আকৌ বেলেগ এখন কেব বুক কৰি কেবত উঠোঁতে মোক মাত্ৰ এটাইয়ে কৈ গ’ল,
: তই যে এতিয়াও মূৰ্খ হৈ আছ মই ভবাই নাছিলোঁ।
এইটো একেবাৰে শেহতীয়া ঘটনা। যোৰহাটত আছোঁ। ফ্লিপকাৰ্ডত কিবা এটা অৰ্ডাৰ কৰিলোঁ। শাহু মাৰ ফোন নম্বৰ দি শহুৰ দেউতাৰ নামৰ সৈতে ঠিকেই দিলোঁ এড্ৰেছটো। খালী জেগাটুকুৰাৰ নাম দিবলৈ পাহৰিলোঁ, অকল লেণ্ডমাৰ্কটো দি থৈছোঁ। ডেলিভাৰি দিবলৈ অহা দাদাজনে ফোন কৰি হাউছ নম্বৰটো কৈ কৈছে কমলাবৰীয়া নামঘৰৰ ওচৰত এইটো নম্বৰৰ একো ঘৰ বিচাৰি পোৱা নাই। শাহু মায়ে বুজাই বুজাই নোৱাৰি মোৰ মানুহজনক ফোনটো দিওঁতেই তেওঁৰ মনটোৱে গোন্ধালে যে মই পণ্ডিতে কিবা এটা কৰি থৈছোঁ। তেওঁ ফোনটো লৈয়েই সুধিলে,
: আপুনি এতিয়া ক’ত আছে জেগাটুকুৰাৰ নাম কওকচোন।
জেগাটুকুৰাৰ নাম শুনিয়েই পতিদেৱে মোলৈ চাই মানুহজনক ফোনতে বুজাই দিলে যে সেইখিনি জেগাত আমাৰ ঘৰ নালাগে কোনো দূৰ সম্পৰ্কীয় মানুহো নাই। তাৰপিছত মোকো বুজালে যে কমলাবৰীয়া নামঘৰ যোৰহাটত এটাই নাই। মানে এইবাৰ মোৰ পাণ্ডিত্যৰ পৰিচয় শহুৰৰ ঘৰেও গম পালে।
অনলাইন শ্বপিং আৰু এড্ৰেছৰ খেলিমেলিৰ সৈতে হোৱা আৰু বহুতো লটিঘটি আছে। সেইবোৰ পিছে-পৰে কেতিয়াবা লিখিম।
☆ ★ ☆ ★ ☆
11:39 am
হাঃ হাঃ। মানুহ মাৰিবা তুমি
2:53 pm
হে ভগৱান।
10:48 pm
এনে হ’লে কেনেকৈ হ’ব,বাৰু যি কি নহওক ভালে লাগিল বাৰু লিখনিটো পঢ়ি ৷
4:36 pm
সাংঘাতিক ওলট পালট দেই ?
2:04 pm
বঢ়িয়া লাগিল৷ তামাম লটিঘটি চোন৷