ফটাঢোল

ধেৎতেৰিকা-পদ্মজা বৰুৱা মহন

“আলিছিগা পথাৰত লাহী ধান পকিলে দেই, কাইলৈ চাই থৈ আহিবিগে।” – শাহুআয়ে সন্ধিয়া নিৰ্দেশ দিলে। মই বোলো চাবলৈ বুলি নহয় একেবাৰে দাবলৈ বুলি যাম। যিমানহে দূৰ পথাৰখনলৈ, অহাযোৱাখন কৰি নেথাকোঁ আৰু। দুই ফাৰ্লংমান যাব লাগে। পথাৰৰ বঁকিয়াইদি এক ফাৰ্লং, তাৰপিছত পকী আলিয়েদি এক ফাৰ্লং, আকৌ পানী নলাইদি এক ফাৰ্লংমান গৈ পথাৰে পথাৰেও এক ফাৰ্লং গ’লেহে আলিছিগা পথাৰ পাইগৈ। কাইলৈ বোলো অকলেই দামগৈ। পিছদিনা হাজিৰালৈ দাৱনী দুজনীমান পাওঁ নেকি বিচাৰিব লাগিব।

 সেইমতে পিছদিনা পুৱাৰপৰা কাম-বনবোৰ খৰখেদাকৈ কৰি গ’লোঁ। শাহুআয়ে এপাকত আকৌ নিৰ্দেশ দিলে – “একেহাতে ভাত পানী বান্ধি লৈ যা। কোনে দিবগৈ আকৌ পথাৰত।”

হয়, লৈ যাব লাগিব। ইমান দূৰত ভাত পানী দি আউল মৰা মানুহ নাই। সৱ কামে -কাজে যাব। মই শলাগি থ’লোঁ।

দূৰৈৰ পথাৰলৈ যাম, দিনটোৰ বাবে ওলাই যাব লাগিব। সেয়ে মই পুৱাৰ বনবাৰিৰ মাজতে লাহে লাহে পথাৰলৈ নিবলৈ প্ৰয়োজনীয় বয়-বস্তুবোৰ বান্ধিবলৈ ধৰিলোঁ। ডাঙৰ মোনা এটা লৈ প্ৰথমে খাদ্য বস্তুবোৰ সুমুৱালোঁ। কিয়নো মোৰ মতে খোৱাতো সদায় আগত হ’ব লাগে। কাম বনবোৰ পিছে পৰেও হ’ব। পেহলে পেট পূজা, ফিৰ কাম দূজা। জগ এটাত ঠাণ্ডা পানী, ফ্লাক্সত চাহপানী। বিস্কুট ল’লোঁ সৰু টেমা এটাত, ল’ৰাটোৰ টিফিনত দিবলৈ বুলি ৰন্ধা ৰুটি দুখনো চান কাঢ়ি গুৰ অকণৰ সৈতে ভৰাই ল’লোঁ। তেনেতে ভিতৰলৈ অহা ল’ৰাটোৱে দেখি চকুকেইটা বহলকৈ মেলি চালে। মই গুৰুত্ব নিদিলোঁ। পুৱা চাহ খোৱাৰ লগৰ তেলপিঠা দুখনমান আছিল, তাকো ভৰালোঁ। সৰু এটা টিফিনত ভাত আৰু ভাজি ভৰাই ল’লোঁ।

ৰ’দ চোকা হ’লে দুপৰীয়া টেঙা খাবলৈ মন যাব। ৰৱাব বা বৰটেঙা এটাকে লৈ যাওঁ নেকি? নাই, মোনাটো বৰ গধুৰ হ’ব। আমাৰ ঘৰৰ আগফালে থকা বিশ্ব দদৌৰ লগত কাজিয়া লাগি লাগি সৰকাই অনা মৌচুমী টেঙা এটাকে ভৰাই ল’লোঁ। কমলা টেঙা অনা আছিল, তাৰো এটা ভৰালোঁ থাপতে। মাজে মাজে পকতিয়াই থাকিবলৈ আৰু ভাত খাই মুহুদি কৰিবলৈ তামোল দুখনমানো ল’ব লাগিছিল। কাটিবলৈ আৰু সময় নহ’ব। গতিকে গোটা তামোল দুটা আৰু পাণ দুখিলা কাগজ এখনেৰে বান্ধি ডাব কটাৰীখনো লগতে ভৰাই ল’লোঁ। পুৱা গাহৰিটোক দানা দিবলৈ যাওঁতে শিলিখাজোপাৰ তলত পৰি থকা পাই শিলিখা দুটামান বুটলি আনি থৈছিলোঁ। ন কৈ লাগিছে এইবাৰ। বৰ ভাল খাবলৈ, চনকা আৰু মিঠা। তাৰো দুটামান ভৰাই ল’লোঁ। ল’ৰাটোৱে খোৱা হাজমোলাৰ খালী টেমা এটাত‌ নিমখ আৰু জলকীয়া ভৰাই মোনাটোৰ ভিতৰলৈ হেঁচুকি ভৰাই দিলোঁ। থাপতে টেমাৰপৰা উলিয়াই শুকান বুট এমুঠি লৈ ল’লোঁ, পথাৰ পাই তিয়াই থ’ব লাগিব। ভাত খাবৰ হয় মানে কুমলিবগৈ। পিঁয়াজ এটা, আদা এডোখৰ, বিলাহী এটা আৰু মূলা এটা ভৰাই ল’লোঁ। কটাৰীখন লৈছোঁ যেতিয়া ভাতৰ লগত চালাড অকণ বনাই খাব পাৰিম।

বাৰু খোৱা বস্তুবোৰ হ’ল। এইবাৰ বোলো ইউনিফৰ্মযোৰ সামৰি লওঁ। ইউনিফৰ্ম মানে শহুৰৰ পুতেকৰ পুৰণি এৰেহা হাত দীঘল চোলা এটা, ভৰিবোৰত ধানৰ পাতে কাটে বাবে পিন্ধি ল’বলৈ সৰুভনীজনীৰপৰা খুজি অনা দীঘল পেণ্ট এটা। পিন্ধি যাব নোৱাৰি এইবোৰ। বেলেগ এখন গাঁৱৰ মাজেৰে যাব লাগে যে। মেখেলাৰ তলেৰে লংপেণ্ট ওলাই থকা দেখিব লাগিলে কম হাঁহিবনে মানুহে! তাৰপিছত সিজনাই কামৰ জেগাৰপৰা আনি দিয়া গধপা গ্লভচযোৰো সুমুৱাই ল’লোঁ হাতত পিন্ধি ল’বলৈ। মোনাটোৰ বস্তুবোৰ ভৰাই খাজে-খাপে খুৱাই লৈ দাঙি চালোঁ। বাঃ, বেচ গধুৰেই হ’বচোন।

সিমান পৰে সিজনাই কাপোৰ-কানি পিন্ধি কামজাৰিলে যাবলৈ ৰেডি হ’লেই। ভাত বাঢ়ি নোথোৱা দেখি তেওঁ ভোৰভোৰালে – “হৌৰা, ভাত নিদিয়া নেকিহে! যি দেখিছোঁ ভাতকেইটাৰ লগতে মোৰ কামলৈ দেৰি হ’ব এতিয়া।”

মই বোলো – “হৌৰি, ভাতকেইটাৰ লগতে যদি আপোনাৰ দেৰি হয় তেনে কালিয়ে খাই নথ’লেনো কিয়? মইনো কেনি কোনফালে কৰোঁ….”

তেনেতে পুত্ৰই মোনাটোৰ ভিতৰলৈ ভুমুকিয়াই চাই বোলে – “অ’ মা, তুমি পথাৰত ধান দাবলৈ যোৱানে বনভোজ খাবলৈ যোৱা? ইমানখিনি খোৱা বস্তু লৈছা যে!”

মই বোলো “অঁ, খোৱাবোৰ চকুত পটককে পৰে তহঁত বাপেৰ পুতেৰ দুইটাৰে। কৰাবোৰ হ’লে চকুত নপৰে। চকুচৰহাহেঁত…”

সকলোকে খুৱাই বুৱাই অঁটাই পিটাই কামলৈ, স্কুললৈ ভাগে ভাগে পঠিয়াই শহুৰক দিনটো ঘৰখন চোৱাৰ ভাৰ দি মুখত পাউদাৰ অলপ সৰহকৈ সানি কপালত যোৰ ফোঁট লৈ গামোচা এখনেৰে মূৰটো মেৰিয়াই মই পথাৰলৈ পোনালোঁ। বাটত বুধেশ্বৰ দে’তাহঁতৰ পদুলিতে জলফাই গছজোপা ডাল ভৰি ভৰি লাগি আছে। জাঁপ মাৰি ডাল এটা হাওলাই তাৰো দুটামান ছিঙি ল’লোঁ। ছয়কেজিমান গধুৰ মোনাটো কেঁকোজেকোকৈ লৈ বাটত লগ পোৱা মানুহবোৰৰ কাৰোবাক দূৰৰপৰা মাতি, কাৰোবাৰ লগত দুআষাৰ কথা পাতি পথাৰ পাওঁগৈ মানে বেলি ভালেখিনি হ’ল।

ঘৰৰ মাটিডোখৰ পাই দেখোঁ ধান পকি একেবাৰে ৰমক জমক হৈ আছে। ইমানডোখৰ বাট মোনাই চোনাই খোজকাঢ়ি ভাগৰ লাগিছিল। আলিতে টিকাটো পেলাই অলপ জিৰালোঁ। পিয়াহো লগা যেন লগাত ঠাণ্ডা পানী অলপ খাই লওঁ বোলোতেই ভাবিলোঁ বোলো আকৌ সুদা পানীকণনো কেনেকৈ খাওঁ! টিফিনৰপৰা ৰুটি এখন উলিয়াই লগতে খাই ল’লোঁ। ইন্ধন নহ’লেনো ইঞ্জিনটো কেনেকৈ চলিব ন? ইতিমধ্যে ঘৰত খাই অহাখিনি হজম হৈ গৈছিল। খাই বৈ উগাৰ এটা মাৰি তামোল এটা কাটি এখন মুখত ভৰাই এইবাৰ বোলো ড্ৰেছযোৰ কচি লওঁ। মোৰ নিচিনা দুজনী সোমাবৰ জোখাৰে চাৰ্টটো গাত সুমুৱাই লৈ পেণ্টটোও পিন্ধিলোঁ। হাতত গ্লভচযোৰো পিন্ধি বান্ধি ল’লোঁ। এইবাৰ বোলো তলমূৰ ওপৰ নকৰাকৈ ধান দাম। গাৰ চাদৰখন খুলি মোনাটো ঢাকি ঢুকি থৈ ধান দাব খুজিহে…  অ’… কাঁচিখন…! মোনাটো খেপিয়াই চাই কাঁচিখন উলিয়াব খোজোতেই – হাৰে, কাঁচিখন ক’ত! কাঁচি নাইচোন। এ হয়তো। খোৱা বস্তু, পিন্ধা বস্তু সুমুৱাই থাকোঁতে মই মূল সঁজুলি কাঁচিখনকে মোনাত সুমুৱাবলৈ পাহৰিলোঁ।

ছেঃ কাঁচিখনকে থাকি আহিল। কি কৰা যায় এতিয়া। পথাৰৰপৰা উভতি যাবলৈও কমতি লাজৰ কথা হ’বনে, কোনোবাই যদি বাটতে সোধে কেলেই গুচি আহিলি বুলি! আকৌ কাৰোবাক আনিবলৈ বুলি ফোন এটা কৰোঁ বুলিলেও ঘৰত আহিব পৰা মানুহেই নাই নহয়। ডিঙিটো মেলি ইফালে সিফালে চালোঁ। অ’ত ত’ত দুই এজনী দাৱনী। বৰ বেছি নাই। নাকৰ পোনে পোনে গ’লে সিখন গাঁৱৰ বনগুটি দাইদ’ৰ পিছফালে ওলাবগে পাৰিম। তাৰপৰাই আনোগৈ নেকি কাচি এখন খুজি। ধেৎ নাযাওঁ দেই, খুৰীদেৱে শুনিলে বৰকৈ হাঁহিব। এ যি হয় হয় মাছকে দুজনীমান বিচৰা যাওক। এই মাটিছিটাৰ মূৰলে দ ঘুলুং নিচিনা এডোখৰ আছে। পানীবোৰ গোট খাই থাকে। আগতে ননদকেইজনী থাকোতে আৰু কেতিয়াবা শ্ৰীমানেও তাত মাছ বিচাৰি যোৱা দেখিছোঁ, পাইও। তাতে খেপিয়াই চাওঁগৈ মাছ দুজনীমান পাওঁ কিজানি, তাৰপাছত আহি চেঁচোৰ দুটামান খান্দিম আৰু ভাতকেইটা খাই যামগৈ। এই ভাবি হাতমোজাযোৰ খুলি মোনাটোৰ ওচৰতে দলিয়াই সৰু আলিটো বগাই মাটিছিটাৰ মূৰলে পোনালো। মাজতে ৰৈ এবাৰ বিশাল পথাৰখন আকৌ এপাক চকু ফুৰাই চালোঁ। এনেদৰে পথাৰৰ মাজত থিয় হৈ দিলে দিলিং দিপাংখন লাগি যায়। ইমান ডাঙৰ, বিশাল পথাৰ। ধানবোৰ পকিছে যদিও দাৱনী সিমান নাই। আজিকালিনো কি, এদিন দুদিনকৈ লেমলেমীয়াকে ধান দাই নেথাকে মানুহে। ওচৰতে থকা ডোমৰ দলং নাইবা কাষতে থকা মজদুৰ লাইনৰপৰা ধৰাধৰ দাৱনী আনি নমাই দিব, একেদিনাই চটাচট পথাৰ দাই শেষ কৰিব। তাতে অসমীয়া মানুহে খেতি কৰিবলৈ এৰিলেইচোন। সৱ বাগানত কাম কৰা মানুহে কৰে। কোনোবাই যদি হাজিৰালৈ কোনোবাই আধিলৈ। আৰু কেইবছৰমান পিছত চাহ মজদুৰবিলাকৰহে মেটমৰা ভঁৰাল থাকিবগৈ যেন লাগে। আমাৰ গাঁৱৰ প্ৰায়বোৰেই এৰিলে আলিছিগাত খেতি কৰিবলৈ। দূৰ দেখি আৰু কষ্টও হয় বেছি। আমাৰ ঘৰৰ লগতে আৰু এঘৰমানে কৰে। অহাবাৰৰপৰা আমাৰো আধিয়াৰকে দি দিব লাগিব, এইবোৰ কাঁচি চাঁচি থাকি আহি লটিঘটিখন হোৱাতকৈ – মনতে ভাবিলোঁ।

এইবোৰকে ভাবি ভাবি গৈ থাকোঁতে টেকটেককৈ মাত শুনি চাওঁ কাষৰ মাটিছিটাতচোন চাৰিজনী বাগানীয়া দাৱনীৰ লগত খালৈ দ’তিহেতৰ আইতা। সেই আইতাৰ আকৌ মাতষাৰ বৰ টেকটেকীয়া আৰু প্ৰতিষাৰ কথাতে অবাইচ মাতৰ আখৈ ফুটে। শুনিবলৈও শুৱলা হয়। মোৰ মনলৈ তৎক্ষণাত আইডিয়া এটা আহিল। মাছৰ কথা বাদ দি মই এইবাৰ আইতাৰ ওচৰলৈ পোনালোঁ। কেনেবাকৈ কাচিখন সৰকাব পৰা যায় নেকি তাৰে বুধি এটা পাঙিব লাগিব।

: অ’ আইতা….

মোৰ মাত শুনি তেওঁ মূৰ দাঙি চালে।

: অ’ অমুকী। ধান দাবলৈ আহিলি।

হাওলা কঁকালটো পোনাই তেওঁ ক’লে।

মই বোলো – “অঁ। তোমাক দেখি বোলো মাত এষাৰ লগাই যাওঁ। আহাঁ তামোল এখন খোৱাহি।” তেওঁ আহিল। আলিতে তেওঁক বহুৱাই ময়ো বহিলো ওচৰতে। জেপত তামোল দুখনমান আছিলেই। তাৰে এখন উলিয়াই মই তেওঁক দিলোঁ। তাৰপিছত ক’লো সজাই পৰাই ধুনীয়া কৈ – “চোৱা আকৌ আইতা, ধান দাম বুলি ইমান খৰখেদাকৈ সাজি কাচি আহিলোঁ, পিছে কি হ’ব, ধান এগোছাত ৰেপ এটা মাৰোতেই কাঁচিখনৰ নালটোকে সুলকি থাকিল নহয়। বৰ নাতিয়েৰে যে কাচিৰ নালটোকে টাইটকৈ শালিব নেজানে মইতো নেজানোঁ। ভালক বুলি নতুনকৈ নাল খোৱাই দিয়া কাঁচিখন লৈ আহিছিলোঁ, সেইকাৰণে বিয়া সোমোৱাৰ আগতে দৰাটোৱে সৱ কাম কৰিব জানে নে নেজানে পৰমাণ চাই ল’ব লাগে। আমাৰ আকৌ ওখ পাখ হটঙা মানুহটো দেখি পটককে পিতায়ে বিয়া দি দিলে। এতিয়া গম পাইছোঁ কাঁচিখন শালিব জোখাও বল নাই বুলি!”

আইতা অবাক হ’ল। তাৰ পিছত বকনি জুৰিলে।

: হয়নি! সি অমুকাই কাঁচিখনো ভালদে শালি দিব নোৱাৰিলেনে! আহক সি পথাৰলৈ ৰ, তাক বাৰুকে জাৰণ দিব লাগিব। এইহেন আঘোণমহীয়া এইবোৰ কিহৰ ধেমালি! অলপ গত লাগি কাম এটা কৰিব নোৱাৰে।

: হয় পাই আইতা।

মই শলাগিলো তেওঁক আৰু আমাৰ শ্ৰীমানৰ বিষয়ে আৰু দুআষাৰমান বেয়াকৈ লগাই দিলোঁ। তেওঁ আৰু দুটামান অবাইচ মাত মাতি গালি দিলে।

এইবাৰ মূল পইণ্টলৈ আহিলোঁ। যেনে তেনে তেওঁৰ হাতৰপৰা কাঁচিখন সৰকোৱাই মোৰ লক্ষ্য আৰু উদ্দেশ্য। বোলো – “অ’ আইতা তুমি যে এই বয়সত ধান দাইছা যে, খুৰীদেউ নাইনি? আৰু এইকেইজনী হাজিৰা দাৱনী লগাইছাইচোন আকৌনো এই বয়সত কেলেই কষ্টখন কৰি মৰিব লাগিছে?”

তেওঁ এইবাৰ দাং খাই উঠিল – “হেই অমুকীহেঁতে এতিয়া ল’ৰা পাবলে লৈছে খেতিৰ বতৰত। মতা এটা পালে আগতে, এইবাৰ মাইকী ল’ৰা লাগে হেনো ঔ। আৰু দুমাহৰ পাছতে দিন পৰিছে। পথাৰলে আহিব নোৱাৰে। আৰু হাজিৰা লগালেনো কি হ’ব পাত টোকা মানুহে ধান ভালদে দিব বুলি ভাবিছ নি? গিয়িহঁত নেথাকিলে চেলেং পেটেং কয়িব সতিনীহেঁতে…”

: সেইবুলি আইতা, তুমি এই বয়সত ৰ’দত কষ্ট কৰি ধান দাবৰ দৰকাৰ নাই নহয়। তাতে খুৰীদেউৰ গা তেনেকুৱা। তুমি ঘৰতহে থাকিব লাগে। কেনেবাকৈ দাৱনীলে পানী দুনি যোগাৰ কৰোঁতে গা ভাৰী মানুহজনীয়ে কষ্ট নেপাবনে বাউ। আৰু তোমাৰ এতিয়া বয়স হৈছে। আজি অত বছৰে ৰোৱা তোলা কৰি আহিছা, এতিয়া পূৰা ৰেষ্টত থাকিব লাগে। খুৰীদেউ আহিব নোৱাৰে কি হ’ল, হাজিৰা দাৱনী লগাইছে নহয়। এই ৰ’দখনত মৰিব নেলাগে আই। যোৱা যোৱা, ঘৰলৈ যোৱা। পাৰিলে দাৱনীলে ভাত পানীৰ যোগাৰ কৰাত খুৰীদেউক সহায় কৰি দিবা, নোৱাৰিলে নাই।

মই যিমান পাৰি তেলীয়াই মেলিয়াই বুজাই বঢ়াই তেওঁক ঘৰলৈ পঠিয়াবলৈ যত্ন কৰিলোঁ। প্ৰথমতে তেওঁ মান্তি নহৈছিল দাৱনী এৰি যাবলৈ, পিছে মোৰ বুজনিত মান্তি হ’ল। মই দাৱনীবোৰে যাতে কামত ফাঁকি নিদিয়ে সেয়া লক্ষ্য কৰি থাকিম বুলি কথা দিলোঁ আৰু ক’লো – “আইতা, কাঁচিখন মোক দি থৈ যোৱা। আবেলি মই ঘৰলৈ যাওঁতে সোমাই দি থৈ যাম।” কাণ তাল মৰা অবাইচ মাত এটা মাতি তেওঁ মোলৈ কাঁচিখন দলিয়াই টুকটুককৈ ঘৰলৈ পোনালে। ময়ো তেওঁৰ কাঁচিখন হস্তগত কৰি ৰংমনে ধান দাবলৈ বুলি আহিলোঁ।

এইবাৰ মোক কোনে পায়। নিজৰ কাঁচি থাকি আহিল কি হ’ল, ছলে কৌশলে হ’লেও এখন জোৰা মাৰিছোঁতো। দুপৰীয়া ভাত খোৱা সময়লৈকে কিমান পাৰোঁ দাম তাৰ পিছত পেট পূজা কৰি গুচি যাম। অ’ এই চেগতে চাহ একাপ খায়েই লওঁ নহ’লে। থিয়ৈ থিয়ৈ বিস্কুট দুখন আৰু চাহ একাপ গিলি ল’লোঁ। শিলিখা এটাও মুখত ভৰাই গান এটি গুণগুণাই ধানৰ গছিত মুঠি মাৰিলোহি।

ছৈলাহী ধানবোৰ লাচ খাই পৰি আছিল। মই খচাখচ দাই গ’লোঁ। দুভাৰমানৰ জোখাৰে মুঠি কাটিছোঁ কি নাই কটা, আকৌ টেঙাটোলৈ মনত পৰিল। ৰ’দ থাকোঁতে সেইটোও খাই ল’ব লাগিছিল। খায়েই লওঁ নেকি নহ’লে বুলি মোনাটোলৈ চাওঁতেই কাৰোবাৰ মাতত উচপ খাই উঠিলো।

: বোৱাৰী ধান কাটিছা…

চাই দেখোঁ আমাৰ গাঁৱৰ আখৈয়া দে’তা। (শহুৰ আৰু বৰজনা সম্বন্ধীয় মানুহক আমি দে’তা সম্বোধন ধৰোঁ) পথাৰত ধান পকিলে নে নাই চাবলৈ আহিছে হ’ব পায়। মই বোলো – “অ’ দে’তা দাইছোঁ।”

: এ কটা আৰু দোৱা একেষাৰেই কথা বাৰু। হেৰি নহয় ঘৰৰ মাটিৰ ধানবো কাবাক কাটিবলৈ দিছা নে কি?

– তেওঁ সুধিলে।

উৱা! কি কয় দে’তাই। মই অবাক হ’লোঁ। মই নিজৰ ঘৰৰ ধানেই দাইছোঁতো। তেওঁ এইবাৰ মোতকৈ অবাক হ’ল। “বোৱাৰী, তুমি চিনি নেপালা চাগৈ। এইখিনি বেলতল গাঁৱৰ অমুকৰ মাটিহে। ভালকৈ চোৱাচোন। সৌছিটাহে তোমালোকৰ মাটি।”

মই আচৰিত হৈ তেওঁ টো‌ৱাই দেখুওৱা ফালে চাই দেখোঁ হয়তো। সিদিনা শহুৰৰ পুতেকে পথাৰ চাবলৈ আহোঁতে ঘৰৰ পথাৰখন চিনি পাবলৈ গোঁজপুলি এটা পুতি থৈ আহিছোঁ বুলি কৈছিল। সৌটো গোঁজপুলি। মোক তাৰ সিফালৰ ছিটাত দাবলৈ কৈছিল, মইচোন এইফালৰ ছিটা মাটিতহে ধান দাই আছোঁ।

তাৰমানে মই অতপৰে আনৰ মাটিতহে….

☆ ★ ☆ ★ ☆

4 Comments

  • ডলী তালুকদাৰ

    ভাল লাগিল

    Reply
  • জিতু

    আগতেই পঢ়িলো ভাল লাগিল।

    Reply
  • হেমন্ত কাকতি

    তামাম মজা লাগিল কাহিনীটো৷ একদম সন্মুখত চাই থকা যেন লাগিল৷ বৰ ধুনীয়া লাগিল লেখাটো৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *