ফটাঢোল

পুৰুষে ৰন্ধা চিকেন কাৰীৰ ৰেচিপি-দেৱজিত শইকীয়া

উপকৰণ :

মাংস : বজাৰৰপৰা কিনি অনা গোটেইখিনি৷

পিয়াঁজ : ঘৰত বিচাৰি খুচৰি পোৱা পিয়াঁজ গোটেইকেইটা৷

আদা, নহৰু : গুচাই ভাগৰ লগালৈকে যিকেইটা হয়৷

জলকীয়া : পিছদিনা পুৱা চিন্তা কৰিবলগীয়া নোহোৱা জোখৰ৷

আলু : মাংস কম হ’লে বেছিকৈ বা মাংস বেছিকৈ হ’লে কমকৈ৷

জিৰাগুৰি : পাঁচটকীয়া পেকেট গোটেইটো৷

ধনিয়াগুৰি : জিৰাৰ দৰেই৷

জলকীয়াগুৰি : কেৰাহিত অকন অকন কৈ দি ৰংটো ৰঙা হৈছেনে নাই অনুভৱ কৰা পৰিমাণৰ

তেল : দুই তিনিবাৰ কেৰাহী আৰু মাংসখিনি চাই আইডিয়া কৰি নিজৰ জোখত দিব৷

পানী : জোলৰ প্ৰয়োজন অনুসৰি

গৰম মচলা : পটাখনতে অকনমান খুন্দি ল’ব৷

নিমখ : অলপ অলপকৈ দি টেষ্ট কৰি চাই ল’ব৷

হালধী : প্রয়োজন অনুসৰি অলপ সাবধানে দিব৷ মনত ৰাখিব ৰিস্কি কাৰবাৰ কেবল হালধী আৰু নিমখটোৱেই৷

প্রণালী :

প্রথমে কেৰাহীখন ধুই ল’বলৈ নাপাহৰিব৷ বাৰ্ণাৰত কেৰাহীখন দি চিলিণ্ডাৰৰ চুইছটো ওপৰলৈ নে তললৈ কৰিলে ‘ফুচ’কৈ শব্দ কৰে লক্ষ্য কৰি ল’ব আৰু জুইশলা মাৰি চাই ল’ব৷ চুইছটো তললৈ বা ওপৰলৈ কৰোঁতে যিকোনো এবাৰত জ্বলিব যে সেইটো খাটাং৷

এতিয়া কেৰাহীখন বহাই তেল দিব, তেল গৰম হৈছেনে নাই অকন অকন পিয়াঁজ তেলত পেলাই পৰীক্ষা কৰি ল’ব৷ যদি তেলত পিয়াঁজ দিওঁতে ‘ফচ’কৈ শব্দ কৰা নেদেখে তেন্তে গম পাব তেল গৰম হোৱা নাই৷

পিয়াঁজ গৰম হোৱাত মানে কলা হৈ যোৱাৰ আগত মাংসখিনি তেলত দিব৷ খপজপ নকৰিব৷ দৌৰ মাৰি গৈ হেতাখন বিচাৰি আনি হেতাৰে লৰাই থাকিব৷ হেতাখন আওদালি ল’বলৈ সময় নাপালে লুঙি বা হাতমোচা কাপোৰৰেই এবাৰ মচি ল’ব৷ দহ মিনিটমান ভজাৰ পিছত পিয়াঁজ, আদা-নহৰু পেষ্টখিনি দি অলপ সময় ভাজি ঢাকনি লগাই সিজিবলৈ দি ফেচবুক কৰিব পাৰিব৷

অলপ ভজাৰ পিছত জিৰাগুৰি, ধনিয়াগুৰি, জলকীয়াগুৰি আদিৰ পেকেটবোৰ দাঁতেৰে ফালি কেৰাহীত দি নিমখ, হালধী সোপাকে মিলাই মাংসখিনি ভাজি থাকক৷

মাজে মাজে সৰু সৰু পিছবোৰ হেতাৰে উঠাই নিমখ আৰু সিজিছেনে নাই টেষ্ট কৰক৷ মনত ৰাখিব যে মাংসৰ টুকুৰা সিজিছেনে নাই হেতাৰে হেঁচুকি চোৱা নহয়৷ তেনে কৰিলে কেৰাহী লুটি খাই পৰাৰ সম্ভাৱনা থাকে৷

আগতে ভাজি লোৱা আলুখিনিও দি মাংসৰ সৈতে  ভালদৰে ভাজক৷ চাব যাতে কেৰাহীত লাগি নধৰে আৰু জ্বলি ছাঁই নহয়৷ মনত ৰাখিব এই সময়কন খুব গুৰুত্বপূৰ্ণ৷ সংসাৰৰ সকলো চিন্তা বাদ দি এই সময়কণ মাংস ৰন্ধাত মনোযোগ দিয়ক৷

মাংস খোৱা মানুহৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি পানী ঢালক৷ মনত ৰাখিব লগত যদি দাইল আদি আছে পানী বেছি নাঢালিব৷ ঢাকনি লগাই উতলিবলৈ দিয়ক৷ ঢাকনি দাঙি চাওঁতে কি দৰে ঢাকনিখন দাঙিম ভাবোঁতে দুই এবাৰ ঢাকনিখন পৰিব পাৰে নিৰাশ নহ’ব৷ ধুব নালাগে, লুঙিত বা গৰম বাচন ধৰা কাপোৰৰেই ঢাকনিখন মচি পুনৰ কেৰাহীত দিব পাৰিব৷

হেৰা মাংসত পানী ঢালোঁনে বুলি নুসুধিব৷ কেই মগ ঢালোঁ বুলিও নুসুধিব৷ আজি নিজৰ আইডিয়া মতে ৰান্ধক৷ কেৱল ঘৰৰ আন মানুহক মাংসৰ চেণ্ট পাইছেনে নাই সোধক৷ যদি নাই পোৱা বুলিও কয় নিৰাশ নহ’ব৷ ইমানসোপা মা-মচলা দিছে যেতিয়া খাব পৰা হ’বই৷

উতলাৰ পিছত জোলকণ ডাঠ হ’লে ধনীয়াপাতৰ ঠাৰি কেইডাল হাতেৰে মোহাৰি চিঙি টেপৰ পানীত ধুই কেৰাহীত দি দিয়ক৷

মনত ৰাখিব এই সময়তে ম’বাইলত ফটো এখন লৈ ফেচবুকত পষ্ট কৰাটো নিত্যান্তই প্ৰয়োজনীয়৷

বি: দ্ৰ: গৰম মচলা যে দিবলৈ পাহৰিলে কাকো নক’ব৷ পাৰিলে কম মচলাতো সুন্দৰ ৰান্ধিব পাৰোঁ বুলি মন্তব্য এটা সকলোৱে শুনাকৈ বতাহত এৰি দিব৷

☆ ★ ☆ ★ ☆

11 Comments

  • তামাম হে বুলিলোঁ ৷

    Reply
    • Anonymous

      পুৰুষে ৰন্ধা মাংসৰ আঞ্জাখন কিন্তু তামাম সোৱাদ হয়।

      Reply
    • দীক্ষিতা

      ৱাহ… অনুপম ৰন্ধন প্ৰণালী

      Reply
  • ডলী তালুকদাৰ

    হাঃ হাঃ

    Reply
  • জিতু

    আমি কিন্তু এনেকে নেৰান্ধো। মাংস তেল মা মচলা পিয়াঁজ আদা নহৰু পানী গোটেই সোপা একেলগে কেৰাহীত দি ঢাকন মাৰি উতলাই দিঁও।

    Reply
  • Anonymous

    কিন্ত মাংস আধা ভাজি হোৱাৰপৰা কবি সন্মিলন আৰম্ভ কৰাৰ কথাটো থাকিব লাগিছিল
    ????

    Reply
  • পঙ্কজ বৰুৱা

    মাংসখিনিত অলপ কেচামিঠাতেল, নিমখ হালধি পিয়াজঁঁ দি মঠি ল’ব লাগে দেই, জালুকৰ গুড়ি দিলে ধুনীয়া চেন্ট আহে ৷

    Reply
  • Rimjhim Borthakur

    হেতাখন মচিবলৈ লুঙিখন ধুই ল’ব লাগেনে নালাগে কোৱা নহ’ল।

    Reply
    • দীক্ষিতা

      ৱাহ… অনুপম ৰন্ধন প্ৰণালী

      Reply
    • দীক্ষিতা

      এইটো কিন্তু important কথা যে লুঙীখন ধোৱা হ’ব লাগে নে মলিয়ন হ’লেও চলিব।

      Reply
  • হেমন্ত কাকতি

    শুনিয়েই খাও খাও লাগি গ’ল হে!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *