ফটাঢোল

পদুমীৰ ৰাস যাত্ৰা-মধুশ্ৰী শৰ্মা

পদুমীৰ খেচখেচনিত
আগদিনা পুৱাই
হৰেকৃষ্ণই ক’লাক-

ওলবি তে কালি গোধূলা
তই, মই আৰু আপাচানা-
চাই আহিম ৰাসখান,
পাওঁ যদি খাই আহিম,
ঘুগুনি, ফুলৰি আৰু চানাভাজা!

ৰামচন্দ্ৰৰ ৰিক্সাত উঠি
হৰেকৃষ্ণহঁতো হৰিমন্দিৰ পালাক,
বেলুন লাগে, পেঁপা লাগে বুলি
আপাচানাটুই আটাহ ধৰলাক!

গহয়টুক চাবাক লাগি
ধৰবা লাগিল মস্ত এটা লাইন,
আক তাক থেলি হেঁচি যাওঁতে
পুলিচেও কল্লাক ফাইন।

ফাইন চাইন দি আৰ গহয়টু চ’ নহ’ল-
হৰেকৃষ্ণই কলাক পদুমীক,
তাতকে ঘূগুনীকে খাংগে ব’ল!

আপাচানাটুক লাগে বোলে এটা বেলুন,
পইচা উইলবা লওঁতেহে দেখলাক-
এক টাকাও বেগটুত নায়েই দেখোন!

হৰিমন্দিৰৰপাই মুগকুছিক লেগি
বুলি বুলি আইহবা লাগা হ’ল-
হৰেকৃষ্ণ পদুমীৰো ৰাস চ’ কাহিনীৰো
ইমানতে অন্ত হ’ল!

শব্দাৰ্থ:

গহয়- গোঁসাই
বুলি আহা- খোজকাঢ়ি অহা
আপাচানা- ল’ৰা সন্তান
গোধূলা- গধূলি

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *