ফটাঢোল

শৈশৱৰ বতৰা-চিত্ৰলেখা দেৱী

শৈশৱ বুলিলে বুলিবৰ নাই। শৈশৱৰ স্মৃতি সদায়েই মধুৰ বুলিয়েই ধৰোঁ (কাৰোবাৰ বাবে তিক্তও হ’ব পাৰে)। ৰিণিকি ৰিণিকি মনতপৰা ঘটনা এটা কওঁ।

মই একেবাৰে সৰু হৈ থাকোঁতে আমাৰ ঘৰৰ ওচৰত থকা সৰ্বোদয় আশ্ৰমত এটা ডাঙৰ অনুষ্ঠান পাতিছিল (কি আছিল মনত নাই), বোধকৰো দুই-তিনিদিনীয়াকৈ। আমাৰ ঘৰতো উখল-মাখল পৰিৱেশ। কাৰণ দেউতাই ইয়াত দেহে-কেহে লাগি থকাৰ কথা অকণ অকণ মনত আছে (পাছত মাহঁতেও কৈছিল বিভিন্ন কথা)। যিকি নহওক, এদিন ৰাতি সাংস্কৃতিক অনুষ্ঠান আছিল আৰু তাৰবাবে ভালেমান দিনৰ আগৰেপৰাই যা-যোগাৰ কৰা হৈছিল। বিভিন্ন নৃত্য, গীত, নাটক আদিৰ উপৰি এখন নৃত্য-নাটিকাৰ আখৰা চলিছিল, ‘হৰিশ্চন্দ্ৰৰ অভিশাপ’  নে তেনে ধৰণৰ নামৰ। মই ৰজা হৰিশ্চন্দ্ৰৰ পুত্ৰ ৰুহিতাশ্বৰৰ ভাও লৈছিলোঁ। অনুষ্ঠানৰ দিনটোত মোৰ পাঁচ বছৰীয়া জন্মদিন আছিল। ঘৰত মই ডাঙৰ সন্তান, আইতাৰ আদৰৰ। সেইদিনা আইতাই মানুহৰ আগত দুখ কৰি কোৱা মনত পৰে,

“বৰ বেয়া কথা হ’ল, এই ওপজা দিনটোতে মৰিব লাগিব।”

অৰ্থাৎ নৃত্য-নাটিকাখনৰ চৰিত্ৰটোত মই সেইদিনা মৰিম।

যথাসময়ত মোক ঘৰৰপৰা দাঙি নিছে অনুষ্ঠানৰ ঠাইলৈ মোৰ লগত অভিনয় কৰা কোনোবা এজনে, এই কথা মনত আছে। ৰাতি হৈ আহিছে, মই কাৰোবাৰ কোঁচত বহি টোপনিয়াই আছোঁ আমাৰ নৃত্য-নাটিকাৰ পাল পৰালৈ। ভালেমান অনুষ্ঠানৰ পাছত আমি ষ্টেজত উঠিলোঁ। মই নাটিকাখনিৰ মাজত ওলাই নাচি নাচি  ফুল ছিঙাৰ অভিনয় কৰি থাকোঁতে  সৰ্পই দংশন কৰিব লাগে আৰু মই অচেতন হৈ বাগৰি পৰিব লাগে। সেইমতে কৰি গ’লোঁ আৰু এটা সময়ত সাপে খোঁটাৰ গীতটো গাওঁতে মই আগতে শিকোৱামতে মঞ্চৰ মাজতে পৰি দিলোঁ। আগতে আখৰা কৰোঁতে অ’ৰ ত’ৰ শিল্পী গোট খাই এছোৱা এছোৱা কৰে বাবে মই দেখা নাছিলোঁ ইয়াৰ পাছত কি হয়। ভালেমান সময় মই পৰি থাকোঁতেই  বিভিন্ন চৰিত্ৰই অভিনয় কৰি থাকে। চণ্ডাল, হৰিশ্চন্দ্ৰ, ৰাণী, বিশ্বামিত্ৰ আদিয়ে আৰু মই চকু মুদি শুনি থাকোঁতে তাতে টোপনি গ’লোঁ। মোক বোলে কোঁচত লৈ ৰাণীয়ে কান্দিলে, ৰজা হৰিশ্চন্দ্ৰই কান্দিলে, আমাৰ আইতাই দৰ্শকৰ আসনৰপৰা কান্দিলে (পাছত শুনা কথা)। মোৰ মৰাৰ অভিনয় ভাল হৈছে বুলি হেনো দৰ্শকে হাত চাপৰিও মাৰিলে। মই পিচে পাছদিনা ৰাতিপুৱা ঘৰৰ বিছনাতহে চকু মেলিলোঁ।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *