ফটাঢোল

কৌতুক-কৃষ্ণ দাস

বাবলুৰ আৰু বিয়া কৰোৱা নহ’ল। অলপ কিছু বেছি বয়সতেই বেচেৰা বাবলুয়ে বিয়া কৰিবলৈ ওলাইছিল। ঘৰৰপৰা ঠিক কৰা আধুনিকা ছোৱালীক প্ৰথম লগ কৰিবলৈ আনে নিয়াৰ দৰে বাবলুৱেও এখন ডাঙৰ ৰেষ্টুৰেণ্টলৈ লৈ গ’ল।

ছোৱালী চাকৰিয়াল, বেচ শিক্ষিতা, গতিকে বাবলুৱে ইংৰাজীতে কথা পতাই ভাল হ’ব বুলি ভাবি সুধিলে,

: ইংৰাজী চলিবনে?

ছোৱালীজনীয়ে অলপ লাজ লাজ কৈ বাবলুলৈ চাই ক’লে,

: পিয়াজ আৰু চানাচুৰ থাকিলে দেশী হ’লেও হ’ব।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *