ফটাঢোল

লিলিমাই-চন্দন কাকতি

ও লিলিমাই লিলিমাই
তোৰ মৰমত মৰম নাই
মই থাকোঁ‌তে আনলৈ কিয়নো তোৰ চকু যায়?
তথাপিও পৰিলোঁ‌ তোৰ প্ৰেমতে লুটি খায়।

মৰম দিলোঁ চেনেহ দিলোঁ
যিমান লাগে ল,
কিহৰ বাবে আনৰ চকুত
তোৰে চকু থ?

 মুখত এটা পেটত এটা
 নাপাওঁ যে মই ভাল,
 আছে যদি কিবা মনত
 খুলি কোৱাই ভাল।

ও লিলিমাই লিলিমাই…!

নেখেলিবি মোৰ লগত লুকা-ভাকু
উঠোঁ‌তে বহোঁ‌তে সদায় তোকে ভাবোঁ‌

বেয়া কথা বেয়া চিন্তা
দূৰতে তই থ,
সুখে দুখে চলিবলে
পাৰিবিনে ক?

ও লিলিমাই লিলিমাই!

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *