ফটাঢোল

কাউৰী-ধূৰ্জ্জটি কাকতি

দেওবাৰে বজাৰলৈ বুলি ওলাই আহি আমাৰ আদ্দাৰ ওচৰ পাওঁতে  দেখিলোঁ‌ আমাৰ আদ্দাৰ মেম্বাৰকেইজনে জুম বান্ধি কিবা কথা পাতি আছে৷ যদিও বাৰু আমাৰ আদ্দাত ৰাতি আঠটাৰ পাছত ক্ৰিকেট, ৰাজনীতি, অৰ্থনীতিত সকলো ফেচবুকীয়া বিশেষজ্ঞৰ দৰে বিশেষজ্ঞ হৈ পৰে বৰ্তমান কিন্তু গভীৰ আলোচনাৰ সময় হোৱা নাই৷ মণ্টুদা, বাবু, ভাস্কৰ আৰু বাকীকেইটা এতিয়াই কিবা গভীৰ আলোচনাত ব্যস্ত। দূৰৰপৰা পৰিস্থিতি দেখিয়ে গম পালোঁ‌ অসমীয়া ভাষাৰ ‘চেপা উত্তেজনা’ শব্দটো আমাৰ আদ্দাত বিৰাজমান হৈ আছে৷ উত্তেজনাটো চেঁপি চেঁপি ওলাই আহি মোৰ কাষ পাইছেহি৷ কালি ৰাতি কিবা এটা নিশ্চয় ঘটিছে৷ ঘটনাটো কিনো হ’ল  বুজ ল’বলৈ আগবাঢ়ি গ’লোঁ‌। মণ্টুদাৰ হাৰ্ডৱেৰৰ দোকানখনৰ কাষতে আমাৰ আদ্দাটো বহে৷ কালি ৰাতি 9 টা মানলৈকে আছিলোঁ‌ তেতিয়ালৈকেতো একো হোৱা নাছিলে, তাৰপাচত চাগৈ কিবা জেং হ’ল৷ কাজিয়াই লাগিলে নেকি কাৰোবাৰ লগত৷ নে পুলিচেই আহিলে আদ্দাত৷

: কি হ’ল ঔ মণ্টুদা কি  ইমান আলোচনা চলি আছে?

: নক’বাহে কালি ৰাতি নৰেনক মাৰি কাউৰীয়ে কাণ ফালি দিলে?

: নৰেনক আকৌ কাউৰীয়ে কিয় মাৰিলে?

নৰেন আমাৰ আদ্দাৰ ওচৰৰে পান দোকানী৷ কথা অলপ বেছি কয় বাৰু৷ কিন্তু কাজিয়া পেচালত তেনেকৈ নোসোমায়৷ কাউৰী ৰিফাইনেৰীত সৰু-সুৰা কাম কৰে৷ এতিয়া বাইক এখনো কিনিছে৷ কাউৰীৰ আচল নাম মাক বাপেকে কি ৰাখিছিলে সেইটো এই অঞ্চলত জনা মানুহ আৰু প্ৰকৃক প্ৰেম সঁচাকৈ পোৱা মানুহ প্ৰায় সমানেই৷ মানে নাই বুলিয়েই ক’ব পাৰি৷ সমগ্ৰ অঞ্চলত কাউৰী, কাউৰী বুলিয়ে জনাজাত৷ জন্মসূত্ৰে পোৱা নামৰ সলনি জন্মসূত্ৰে পোৱা গাৰ বৰণটোৰেহে তাৰ নামটো বিখ্যাত হ’ল৷

: কেচটো ভালকৈ গম নেপাওঁ, গম পাইছোঁ‌ কালি ৰাতি কাউৰীয়ে বোলে তাক পিটিলে৷ নৰেনে থানাত কেচ দিব গৈছে, তাৰ খুলশালীৰ লগত।

নৰেন  নিৰক্ষৰ, আখৰৰ ভিতৰত তাচপাতৰ নম্বৰ আৰু তীৰ খেলৰ নম্বৰকেইটাহে চিনি পায়৷ সেই নম্বৰকেইটাত বাৰু তাৰ ভুল নহয়৷ বাকী সি একো লেখা পঢ়া নেজানে৷ চিকেন গ্ৰেভী চিকেন মেভী বুলি কয়৷ এদিন কৈছিলে, “বিয়াখনত মাছৰ চিলি চিকেনটো বৰ মজা বনাইছিলোঁ‌৷” অসমীয়াও বাৰু তাৰ সমানেই দুৰ্বল৷ থানাত এজাহাৰ বেলেগ কোনোবাই লিখি দিব লাগিব৷ সিটো নোৱাৰে৷

এনেতে দেখিলোঁ‌ নৰেন আৰু খুলশালী আহি আছে৷ নৰেনৰ কাণত বেণ্ডেজ৷ তাক সুধিলোঁ‌,

: কি হ’ল ঔ নৰেন৷ তোক কিয় মাৰিলে কাউৰীয়ে?

: একো ডাঙৰ কথা নাই চাল্লা, কালি ৰাতি দোকান বন্ধ কৰি চাইকেলখন লৈ যাব ওলাইছোঁ‌, কাউৰীয়ে ক’ৰবাৰপৰা মদ খাই আহি চিগাৰেট খুজিলে৷ মই ক’লোঁ‌, “দোকান বন্ধ কৰিলোঁ‌ নোৱাৰোঁ‌ দিব৷” সি কিবা কিবি বকি আছিলে, মই ক’লোঁ‌, “কা কা কৰি নেথাক৷” ক’বহে পালোঁ‌, “কোনে কা কা কৰে?” বুলি খেদি আহিলে মোক আৰু চাইকেলত গঁ‌তা মাৰি নলাত পেলালে৷ তাতে পৰি কাণত দুখ পালোঁ‌, চাইকেলো ভাঙিল, চাল্লা কাউৰীক কা কা কৰা  বুলি ক’লে খং কৰিব কি আছে?

হয় বাৰু তাৰ কথাটোত যুক্তি নথকা নহয়, কাউৰীক কা কা কৰা  বুলি ক’লে খং উঠিবলৈ কিনো  আছে৷

: এতিয়া পুলিচক এজাহাৰ দিলিনে?

:নাই নল’লে এজাহাৰ, উলোটাই পুলিচে গালি পাৰি  খেদি দিলে, সি চাগৈ থানাত কিবা ফিটিং দিছে৷

কথা শুনি মোৰ ভিতৰত সুপ্ত অৱস্থাত থকা আইনজ্ঞজন জাগ্ৰত হৈ উঠিলে৷ এনেও অৰ্ণৱ গোস্বামীৰ বেইলক লৈ কালিৰেপৰা নিজৰ দৰে স্বয়ম্ভূ বিশিষ্ট আইনজ্ঞ বহুতৰ লগত ফেচবুকত ফালিয়ে আছোঁ‌৷ আমাৰ দৰে বহুকেইজনক চিধা চুপ্ৰিম কোৰ্টত আৰ্গুমেণ্ট কৰাবলৈ পঠিয়াব পৰা হৈ গৈছে৷ লগতে এজন সৰ্বহাৰাৰ লগত ফেচিষ্ট পুলিচৰ এনে আচৰণ দেখি মনৰ বিপ্লৱী সত্ত্বাটোও জাগি উঠিলে৷

: এজাহাৰ পুলিচে ল’বই লাগিব৷ নোলোৱাকৈ কেনেকৈ থাকিব৷ কপি আছেনে এজাহাৰৰ?

: ফটোষ্টত কৰিছিলোঁ‌ এইখন চা।

সি আগবঢ়াই দিয়া এজাহাৰৰ ফটো কপিখন মই পঢ়িবলৈ ল’লোঁ‌৷

“প্ৰতি,

ভাৰপ্ৰাপ্ত বিষয়া, নুনমাটি পুলিচ থানা

মহোদয় সন্মান পূৰ্ব বিনীত নিৱেদন এই যে, কালি ৰাতি দোকান বন্ধ কৰি ঘূৰি অহা অৱস্থাত বাটত কাউৰীক লগ পাওঁ আৰু কাউৰীক কা কা কিয় কৰি আছ বুলি কোৱাৰ লগে লগে কাউৰীয়ে  মোক খেদি আহি আক্ৰমণ কৰে যাৰ ফলত মই নলাত চাইকেলসহ পৰি যাওঁ আৰু মোৰ কাণত জখম হোৱাৰ লগতে মোৰ চাইকেলখনো ভাঙে৷ সেয়ে মই মহোদয়ৰ ওচৰত নিৱেদন কৰিছো যে কাউৰীৰ ওপৰত বিহিত ব্যৱস্থা লৈ মোৰ চাইকেলৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰে৷

ইতি আপোনাৰ বিশ্বাসী

নৰেন বৰ্মন”

এফ আই আৰ দেখি অলপ দেৰি নিজে শ্বক হ’লোঁ‌৷ পুলিচো অবাক চাগৈ, বিশ্বত প্ৰথমবাৰৰ বাবে কোনো মানুহে কাউৰীৰ বিৰুদ্ধে কেচ দিছে৷ আচলতে এইখন এফআইআৰ গিনিজ বুকুত স্থান পাব লাগে৷ আমাৰ পুলিচে বুজি নাপাইহে ফালিলে৷ মই সুধিলো,

: এইখন লিখিলে কোনে?

:মোৰ খুলশালী, কিবা ভুল হৈছে নেকি”

:ভুল একো হোৱা নাই দে খালি  কাউৰীৰ উপাধিটো লিখি  দিব লাগিছিলে, তেতিয়া পুলিচে এজাহাৰখন ল’লে হয়৷

:এহ হয় দে ঠিকেই কৈছ, কিন্তু কাউৰীৰ উপাধিতো নেজানো নহয়৷

:একো নহয় দে জানি আকৌ কেচ দিবি।

কথাটো কৈ মই লাহেকৈ কাউৰীৰ উপাধি কি চিন্তা কৰি থকা নৰেনক এৰি বজাৰৰ ফালে গুচি আহিলোঁ‌৷

( সত্য ঘটনাৰ আলমত)

☆ ★ ☆ ★ ☆

7 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *