ফটাঢোল

ফেলিচ্ কেটাচৰ আত্ম কথা-ৰণেন শৰ্মা

হয়, এইটোৱেই মোৰ সৰ্বজন স্বীকৃত নাম। বহুতেই কিন্তু এই নামটোৰে মোক চিনি নাপাব পাৰে, ইয়াত কাৰো একো দোষ নাই৷ চিনেমা জগতত ইউচুফ খানক কিমানে চিনি পায় বা এডচন এৰাণ্টেছ দ্য নাছিমেণ্টকেনো কিমান ফুটবল প্ৰেমীয়ে চিনি পায়? যদি তেওঁলোকৰ প্ৰচলিত নাম কৈ দিওঁ যে এয়া দিলীপ কুমাৰ আৰু পেলেৰ নামহে, তেতিয়া কিন্তু সকলোৱে চিনি পাব।

মোৰ প্ৰচলিত নাম বিভিন্ন ভাষাত বেলেগ বেলেগ, সাধাৰণ নৰ-মনিষৰ দৰে এটাই নাম নহয় মোৰ, অসমীয়াত মেকুৰী, ইংৰাজীত কেট আদি নামেৰে পৃথিৱীত মোৰ কমেও পাঁচ ছয় হেজাৰ নাম আছে। মই বিজ্ঞান বৰ ভাল পাওঁ কাৰণে মোৰ বৈজ্ঞানিক নামটোৰেই (ফেলিচ্ কেটাচ)আত্ম কথা আৰম্ভ কৰিব খুজিছোঁ।

যিহেতু এয়া আত্মকথা মই কোনোবাই বেয়া পালেও সঁচা কথা ক’মেই। মোৰ প্ৰিয় দেশ দুখন হ’ল  গ্ৰীচ আৰু ইজিপ্ত৷ কাৰণ এই দুখন দেশৰ সভ্যতাত মই ভগৱানৰ আসন পাওঁ, মোক সন্মান কৰে, তেওঁলোকে গুণীৰ মোল বুজে। গ্ৰীক বৰ্ণমালাত মোৰ মাতটোৰো বহুত আদৰ, ‘মিউ’ এটা অত্যন্ত দৰকাৰী আখৰ। ভাৰততহে মোৰ আদৰ নাই, মোক ৰাস্তাত দেখিলেও অশুভ লক্ষণ বুলি গাড়ী পিছুৱাই দিয়ে। মোৰ বৰ দুখ লাগে, মই পিছুৱাই যোৱা গাড়ীখনলৈ চাই ৰওঁ, কিন্তু কি ক’ম শিক্ষাৰ অভাৱ বাবেই এই অন্ধবিশ্বাস৷

অসমখন কিন্তু কিছু ভাল, ইয়াত মোক ইতৰ বা আত্মাহীন প্ৰাণী বুলি ধৰা হোৱা নাই। ইয়াৰ মানুহে আদিতে কুকুৰ, শিয়াল বা গাধকহে ইতৰ প্ৰাণী বুলি গণ্য কৰিছিল। মহাপুৰুষজনাই যেতিয়া ক’লে যে, “কুকুৰ, শৃগাল, গৰ্দভৰো আত্মা ৰাম” তেতিয়াহে এই তিনিটা ইতৰ প্ৰাণী উচ্চ কুললৈ আহিল। আমি মেকুৰীবোৰৰ লগতে বাঘ, সিংহ, হাতী বা বান্দৰবোৰ এই ইতৰ প্ৰাণীৰ লিষ্টখনত কেতিয়াও নাছিলোঁ।

এই কুকুৰকেইটাৰ কথা ওলাল যেতিয়া এইখিনিতে কৈ থওঁ যে, সিহঁতৰ কিন্তু বৰ অহংকাৰ। কাৰণ সিহঁতে ভাৱে অসমীয়া বৰ্ণমালাত ‘ক’ আখৰটো সিহঁতৰ সন্মানৰ্থে ব্যৱহাৰ হৈছে, আৰু যিহেতু ‘ম’ আখৰটো বহুত পিছতহে আহে মেকুৰীৰ কোনো বিশেষ গুৰুত্বপূৰ্ণ স্থান নাই। আচলতে এয়া কুকুৰবোৰৰ পুতৌলগা জ্ঞানৰ নমুনাহে, পৃথিৱীৰ প্ৰধান ভাষা ইংৰাজীত চি ফৰ কেট, ডি ফৰ ডগতকৈ আগতে আহে, কুকুৰক ইংৰাজীৰ কথাকৈ কিডাল লাভ হ’ব, গতিকে একো নকওঁ আমি।

কুকুৰবোৰে নিজকে বৰ বিজ্ঞানী বুলিও ভাৱে, সিহঁতৰ এটা (“লাইকা” নে আন কিবা?) এবাৰ বোলে মহাকাশ যাত্ৰী হৈছিল। পিছত অনুসন্ধান কৰি গম পালোঁ যে সেই কুকুৰটোক বৈজ্ঞানিক বুলি নিয়া নাছিল, নিছিল তাত বাছি থাকিবপৰা পৰিবেশ আছে নে নাই জানিবলৈহে। মানে যদি পৰিবেশ নাই তেন্তে এই অলাগতিয়াল কুকুৰটো মৰিলে মৰক বুলিহে নিয়া হৈছিল। অন্ততঃ মানুহে আমি মেকুৰীবোৰক ইমান অলাগতিয়াল বুলি ভবা নাই। কুকুৰবোৰে এই সাধাৰণ কথাটো বুজিব নোৱাৰি গপতে গংগাটোপ হৈ থাকে৷

মহাকাশৰ বিষয়ে পৃথিৱীৰ কোনোবা প্ৰাণীয়ে যদি আদিতে কিবা জানিছিল সেয়া নিশ্চিতভাৱে আমি মেকুৰীবোৰেই। আকাশত মেঘবোৰে ঘঁহনি খালে বৈদ্যুতিক আধানৰ সৃষ্টি হয় আৰু সেই একেদৰে আধানৰ সৃষ্টি আমাৰ গাৰ নোমবোৰতো হয়, যাক আমি জিভাৰে চেলেকি নিউট্ৰেলাইজ কৰোঁ, সাধাৰণ নৰ মনিষে এইবোৰৰ ভূ কে নাপায়। আমি জোৰেৰে দৌৰি গৈ থাকিলেও হঠাতে খোপনি পুতি ৰৈ দিব পাৰোঁ, পদাৰ্থ বিজ্ঞানত ফ্ৰিকচন বুলি এক ধৰণৰ বল আছে, ইয়াৰ ব্যৱহাৰ আমাৰ দৰে আন কোনো প্ৰাণীয়ে কৰিব নোৱাৰে। আজিৰ বৈজ্ঞানিকবোৰে এই ফ্ৰিকচন জুখিবলৈ মোৰ মাতটোকে ব্যৱহাৰ কৰে, মানে ‘মিউ’ হ’ল coefficient of friction। এইটো আমাৰ বাবে কম সন্মানৰ কথা নে?

কেতিয়াবা দুখ লাগে, আমাৰ বিজ্ঞানত ইমানখিনি অৱদান থকাৰ পিছতো মানুহে আমাক কথাই কথাই কুকুৰৰ শাৰীতে থ’ব খোজে। কুকুৰৰ চেলেং পেটেং জিভা উলিয়াই দৌৰি ফুৰা স্বভাৱৰ তুলনাত আমি মেকুৰীবোৰৰ খোজ-কাটল, অংগী-ভংগী বহুত গহীন-গম্ভীৰ, চালে চকুৰোৱা ধৰণৰ। আমাৰ খোজৰ অনুকৰণতেই আজিৰ সৌন্দৰ্য্য প্ৰতিযোগিতাৰ বিখ্যাত ‘কেট ৱাক’। মুঠতে মানুহে আমাক অনুকৰণ কৰিয়েই আধুনিকতাৰ বাট বুলিছে, বিজ্ঞানেই হওক বা সৌন্দৰ্য্যৰ পৃথিৱীয়েই হওক, সকলোৰে আমিয়েই পথ প্ৰদৰ্শক।

আধুনিক বিজ্ঞানৰ ধাৰণা কোৱাণ্টাম মেকানিজিম ওপৰত প্ৰতিষ্ঠিত। এই ধাৰণাটি বুজিবলৈ যিটো বিখ্যাত পৰীক্ষাৰ সহায় লোৱা হয় সেইটোও আমাৰ মেকুৰীৰ ওপৰতেই আধাৰিত। বহুতে চাগে শুনিছেই যে সেই পৰীক্ষাটো ‘স্কোডিনজাৰচ্ কেট এক্সপেৰিমেণ্ট’। সেই সম্পৰীক্ষাটিত মোৰ জীৱনটোৱেই মূল বিষয়বস্তু।  মুঠতে মানৱজাতিক বিজ্ঞান ভালদৰে বুজাবলৈ আমি নিজৰ জীৱন বিপন্ন কৰি হ’লেও কোনো দিনে চেষ্টাৰ ক্ৰুটি কৰা নাই।

শেষত আহোঁ আন এটা মেকুৰীৰ কৃতিত্বৰ কথালৈ৷ মানুহে যিটো প্ৰাণীক কেতিয়াও পৰাজিত বা বশীভূত কৰিব নোৱাৰিব বুলি নিশ্চিত হৈছে সেয়া হ’ল আমি মেকুৰীবোৰ। আমি ইমান খাটাংকৈ এই কথা ক’ব পৰাৰ কাৰণটো হ’ল মানুহৰ মুখত বিভিন্ন ভাষাত  প্ৰচলিত এটা প্ৰবচন। পৃথিৱীৰ সকলো দেশৰ মানুহে ধৰি লৈছে যে আন সকলো অসম্ভৱক সম্ভৱ কৰিব পাৰিলেও এটা প্ৰশ্নৰ উত্তৰ মানুহে কোনো কালে দিব নোৱাৰিব। সেই উত্তৰ বিহীন প্ৰশ্নটি হ’ল,

“মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে?”

☆ ★ ☆ ★ ☆

12 Comments

  • ৰাজশ্ৰী শৰ্মা

    বহুত বহুত ধন্যবাদ।

    Reply
  • বহুত ভাল লাগিল পঢ়ি

    Reply
  • Tankeswar

    Bandhu I hope u would be able to not only a writer but also a creator.
    Pray to unknown creator for ur success at this field.

    Reply
  • ডলী তালুকদাৰ

    ভাল লাগিল পঢ়ি

    Reply
  • HEMANTA KAKATI

    মেকুৰীৰ আত্মকথা পঢ়ি বহুত সুখী হলো৷ সচাই মেকুৰীৰ প্ৰতি শ্ৰদ্ধা আনি দিলা ৰনেন৷

    Reply
  • নয়নমণি হালৈ৷

    সাংঘাতিক৷ লেখকৰ ৰসবোধ সাংঘাতিক ৷

    Reply
  • Anonymous

    ৱাঃ ৰণেন ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *