ফটাঢোল

এযোৰ জোতা-নয়নমণি হালৈ

বিক্ৰমৰ এযোৰেই জোতা৷

পৰাপক্ষত সি জোতা নিপিন্ধে৷ হাতত বেল্‌চা লৈ ট্ৰাকৰপৰা শিল, বালি আদি নমাবলৈ জোতাৰ প্ৰয়োজন নাই৷ আচলতে তাৰ জীৱনত জোতাৰ প্ৰয়োজন নহ’লেই; কিন্তু তথাপিও তাক জোতা এযোৰ একপ্ৰকাৰ জোৰ-জৱৰদস্তিয়েই কিনি দিছিল ৰামেশ্বৰ আৰু বুধিয়ে৷ সেইযোৰ পিন্ধি সি জানকীক চাবলৈ গৈছিল আৰু তাৰ এমাহ পিছতে জানকীক সি বিয়া কৰাই আনিছিল৷ বিয়ানো কি, গাঁৱৰ ল’ৰাবোৰে খানা এটা খাইছিল, ট্ৰাকৰ মালিকে তাক কাপোৰ এযোৰ আৰু টকা এহাজাৰ দিছিল, ৰামেশ্বৰ, বুধিহঁতে ডিঙিলৈকে এসোপা গিলিছিল আৰু কইনাঘৰৰ চোতালত নাচি নাচি হামখুৰি খাই পৰিছিল৷ বৰ স্ফূৰ্তি হৈছিল সিদিনা৷ তাৰপিছত আৰু স্ফূৰ্তি হৈছিল, দুয়োটা ল’ৰা জন্মৰ সময়ত ৰামেশ্বৰহঁতৰ স্ফূৰ্তিত তত নহোৱা হৈছিল৷ তাৰ পিছৰ দিনবোৰ বিক্ৰমৰ বাবে ট্ৰাকৰ ঘোৰঘোৰণি, ধূলি-মাকতি, শিল-বালিৰ দৰেই নিৰস আৰু বিবৰ্ণ হৈ আহিছিল; কিন্তু বহুদিনৰ মূৰত বিক্ৰমৰ জীৱনত স্ফূৰ্তি কৰাৰ দিন এটা আকৌ আহিল আৰু তেতিয়াই তাৰ জোতাযোৰলৈ মনত পৰিল৷

বিক্ৰমৰ খুলশালীয়েকৰ বিয়া৷ জানকীৰ তলৰ দুয়োজনী ভনীয়েকেই কেইদিনমান অগাপিচাকৈ দুটা ল’ৰাৰ লগত পলাই গ’ল৷ হওঁতে কাৰো বেয়া নালাগিল, মাকে কেৱল পাকঘৰত দুদিন চকুপানী মচিলে, বাকী সংসাৰৰ গছৰ পাত এটাও নলৰিল কিন্তু সৰুজনী ভনীয়েক বৰ লক্ষী ছোৱালী৷ সেইবাবে ভাল পাত্ৰ নিজে আহি ঘৰ চাপিছেহি আৰু পাত্ৰই একেষাৰে কৈ গৈছে যে ছোৱালী সি সমাজক সাক্ষী কৰিহে গ্ৰহণ কৰিব, নহ’লে নালাগে৷ মাজৰ দুয়োজনী ছোৱালী পলাই যোৱাৰ পিছত বুঢ়া বাপেকৰো অলপ স্ফূৰ্তি কৰাৰ ইচ্ছা এটা হ’ল, ওচৰৰ ঘৰ-ঘৰোৱাহেও অলপ উত্‍সাহ দিলে, বিক্ৰমেও জীৱনটোত কিমান আৰু ট্ৰাকৰ ঘোৰঘোৰণি শুনি থাকিব, সিও বেয়া নাপালে৷ এলান্ধুকলীয়া পুলি আৰু পাকঘৰটোৰপৰা দুদিনলৈ মুক্তি পোৱাৰ আনন্দখিনি ধৰি ৰাখিব নোৱাৰি জানকীৰো চকুৰে দুধাৰি বৈ আহিল আৰু আজি-কালি কৰি বিয়া আহি যেন ঘৰৰ কাথিয়েই পালেহি৷ বিক্ৰমে জানকীক জোতাযোৰৰ কথা আকৌ এবাৰ মনত পেলাই দিলে৷

জানকীয়ে এন্ধাৰ পুলিটোৰ কোনোবা এটা চুকৰপৰা যেতিয়া জোতাযোৰ উলিয়াই আনিলে, দেখিয়ে বিক্ৰমৰ কিবা জোতাযোৰলৈ মৰম লাগিল৷ আছে, জোতাযোৰ যেনেকৈ থৈ দিছিল, তেনেকৈয়ে আছে৷ অৱশ্যে নাথাকিবলৈ সি পিন্ধিছেনো কিমান দিন! ঘৈনীয়েকক সি ফটাকাণি এখনত মিঠাতেল অলপ সানি লৈ জোতাযোৰ মচি ৰ’দত দিব দিলে; কিন্তু ঘৈনীয়েকেই তাৰ মূৰত সুমুৱাই দিলে কথাটো, বোলে, “এইযোৰা যদি টাউনৰ মুচী এটাৰ হতুৱাই পলিচ কৰাই আনে, একেবাৰে চিকচিকিয়া হৈ যাব৷” বেলচাখন লৈ বিক্ৰম বাট পাইছিলেই, এইখনেই শেষ বিয়া, অলপ ধুনপেচ মাৰিবলৈ তাৰো মন নথকা নহয়৷ তাতে সি ডাঙৰ ভিনিহিয়েক, বিয়াখনৰ বহুকেইটা দায়িত্বভাৰ তাৰ মূৰৰ ওপৰতে৷ সি উভটি আহিল আৰু জোতাযোৰ প্লাষ্টিকৰ ঠোঙা এটাত সুমুৱাই লৈ গোঁগোঁৱাই ওলাই গ’ল৷

পুৰণি বাছষ্টেণ্ডৰ গাতে লাগি থকা চাৰিআলিটোৰ মুচীজনৰ নাম নন্দু কিন্তু এই নামটো বহুতেই নাজানে, পিচে তাৰ মুখৰ এষাৰ কথাৰ কাৰণে তাক গোটেই টাউনখনে চিনি পায়৷ “জিন্দেগীত কি আছেহে” এইষাৰ কথা তাৰ মুখৰ আগতে থাকে৷ যিকোনো কথা ক’লেই সি “জিন্দেগীত কি আছেহে, আজি আছোঁ কালি নাই”, ঠিক এনেধৰণে আৰম্ভ কৰে, পইচা-পাতি লৈ বেছি মূৰ ঘমাই নাথাকে, গ্ৰাহকে যি দিয়ে তাতেই সন্তুষ্ট হোৱা মানুহ সি৷ তাৰপিছত সি পুৰণি হিন্দী গীত এটা বৰ ডাঙৰ ডাঙৰকৈ গায়৷ গানটোতো জিন্দেগী শব্দটো থাকেই, “জিন্দেগী এক চফৰ হে চুহানা….” এই ধৰণৰ গান৷ বৰ ফূৰ্তিবাজ মানুহটো৷ ঘেৰ-ঘেৰ শব্দ কৰি তাৰ সন্মুখতে বিক্ৰমহঁতৰ ট্ৰাকখন সেইদিনা ৰৈ গ’ল৷ গাড়ীৰ ব’ডিৰপৰা জাঁপ মাৰি বিক্ৰম নামিল আৰু জোতাযোৰ নন্দুক দি থৈ আহিল৷ গাড়ীৰ ওপৰৰপৰাই ৰামেশ্বৰে চিঞৰিলে,

: ঐ জিন্দেগী খুলশালীৰ বিয়া, চিকচিকাই থাকিব লাগিব কিন্তু৷

সেইফালৰপৰা নন্দুৱেও চিঞৰিলে,

: জিন্দেগীত কি আছে, জোতাহে৷

কলা ধোঁৱা এসোপা এৰি দি ট্ৰাকখন তাৰপিছত ৰাস্তাৰ কোলাহলত মিলি গ’ল৷

সন্ধিয়াৰ আগে, আগে নন্দুৰ সন্মুখত যেতিয়া ট্ৰাকখন ৰ’ল, তেতিয়া নন্দুৱে তাৰ উৱলি যোৱা অদ্ভুত বৰণ ধৰা পুৰণি বেগ এটাত তাৰ লাম-লাকটুবোৰ ভৰাই আছিল৷ “ঐ ৰ ৰ”, বুলি বিক্ৰমে গাড়ীৰপৰা নামি তাৰ ওচৰলৈ দৌৰি গ’ল৷ এইবাৰো নন্দুৱে ডায়লগ এটা মাৰিবলৈ নাপাহৰিলে,

: জিন্দেগীত টাইমৰ মূল্য আছে আমাৰ, আধাঘণ্টা দেৰি হ’ল তোৰ কাৰণে৷

ওপৰৰপৰা ৰামেশ্বৰে চিঞৰিলে,

: এনে গোটেই টাইমত চলাটো, ভাং খাবলৈহে যাবি, আৰুনো ক’ত যাবি?

 নন্দুৱেও তাৰফালে চাই,

: জিন্দেগীত কি আছে ঐ? খায় লৈয়ে জীৱন৷

বুলি চিঞৰ এটা মাৰি পঠিয়ালে৷ ৰাতি জোতাযোৰৰ ঠোঙাটো বিক্ৰমৰ ঘৰৰ বাৰাণ্ডাতে ওলমি থাকিল৷ পিছদিনা পুৱা বিয়ালৈ যাবলৈ আটাইকেইটাৰে খদমদম লাগিল আৰু পিন্ধিবলৈ বুলি জোতাযোৰ যেতিয়া বিক্ৰমে হাতত তুলি ল’লে তেতিয়া তাৰ চকু কঁপালত উঠিল৷ এইযোৰ দেখোন তাৰ জোতাযোৰ নহয়৷ এপাকত সি ঘৈণীয়েকক চিঞৰি সুধিলে,

: ঐ চাৰিৰ কাষত তিনিটা ন বহুৱাই দিলে কিমান হয় ঐ?

ঘৈণীয়েক পাঠশালাৰ দেওনা পাৰ হৈ আহিছে; তাই টপৰাই মাত দিলে,

: পাঁচহাজাৰ, কেৱল এটকা কম৷

তাৰপিছত ঘৈণীয়েক ওলাই আহি যেতিয়া বিক্ৰমৰ হাতত জোতাযোৰ দেখিলে আৰু দামটো জোতাযোৰৰ ভিতৰৰফালে জিলিকি থকা দেখিলে তাই একপ্ৰকাৰ আৰ্তনাদ কৰি উঠিল,

: তুমি পাঁচহাজাৰ টকাৰে জোতা কিনি আনিলা? ক’ত পালা ইমান পইচা?

বিক্ৰমে উচাত্‍ মাৰি উঠিল,

: ৰহ চিঞৰ-বাখৰ নকৰিবি৷ একেলগে পাঁচহাজাৰ টকা দেখিয়েই পোৱা নাই আজিলৈ৷ নন্দুৱে নিশ্চয় ভুল কৰিলে৷ সি মোৰ জোতাযোৰৰ ঠাইত বেলেগ কাৰোবাৰ জোতা এযোৰ দি পঠিয়ালে৷

: কি ধুনীয়া জোতাযোৰ! দেখিলেই দামী যে গম পায়৷

জানকীয়ে জোতাযোৰ চকুৰ আগত তুলি ধৰিলে৷

: এটা কাম কৰোঁ দে৷ তহঁত অলপ ৰ, মই টাউনলৈ গৈ নন্দুক জোতাযোৰ দি থৈ আহোঁ৷

: ৰ’বাচোন, কালি বিয়াৰ দিনা নহ’লে এইযোৰ জোতাই পিন্ধা৷ এদিনৰহে কথা৷ তাৰপিছত দি আহিবা৷

: কিন্তু জোতাযোৰ বা কাৰ! যদি কোনো অকৰা-মকৰা মানুহৰ হয়, নন্দুক গালি পাৰিব৷

: ইমান বেয়া মানুহ নাই দিয়া৷ এদিন দুদিনৰ কাৰণে কোনেও গালি নাপাৰে৷ এনেও তোমাৰতো দোষ নাই ইয়াত, সিয়েই দোষ কৰিছে৷ কালি বিয়াখনত পিন্ধি পৰহিলৈ দি থৈ আহিবা৷

বিক্ৰমে জোতাযোৰ লিৰিকি-বিদাৰি থাকিল৷ জোতাযোৰ নিশ্চয় খুব আৰামী হ’ব৷ সি জীৱনত এনে এযোৰ জোতা পিন্ধাৰ কথা কল্পনাই কৰিব নোৱাৰে কিন্তু ভগৱানে কিজানি তাক সুযোগ এটা দিছে৷ তাতে খুলশালীৰ বিয়া৷ জানকীয়ে ঠিকেই কৈছে, কালি বিয়াখনত পিন্ধি পৰহিয়েই সি নন্দুক জোতাযোৰ ঘূৰাই দি আহিব৷ বিক্ৰমে জোতাযোৰ ভৰিত সুমুৱাই ল’লে৷

বিয়াঘৰত কেইবাজনেও তাক জোতাযোৰৰ কথা সুধিলে৷ সিও চকীত যেতিয়াই বহিছে, এখন ভৰিৰ ওপৰত আনখন তুলি দিছে৷ কেতিয়াবা গভীৰ চিন্তা কৰা যেন দেখুৱাই এনেই একোবাৰ ভৰিখন নচুৱাইছে৷ কাষতে বহি থকা কোনোবা এজনে হয়তো কৈছে, “ভিনিহি, জোতাযোৰ ক’ত কিনিছ, ইমান ভাল লাগিছে!” বিক্ৰমে হাঁহি এটা মাৰে৷ একধৰণৰ ক’ব নোৱাৰা সুখানুভূতিয়ে তাক আচ্ছন্ন কৰি তোলে৷ কেৱল মাজে-মাজে নন্দুৰ মুখখন চাৎকৈ তাৰ চকুৰ সন্মুখত ভাঁহি উঠে আৰু তেতিয়া চুই দিয়া কেৰেলুৱা পোকৰ নিচিনা তাৰ মনটোও কোঁচ খাই আহিব খোজে৷ আকৌ ঘৈণীয়েকৰ কথাও মনলৈ আহে, “সিতো চোৰ কৰি অনা নাই, নন্দুৱে ভুলকৈ দি পঠিয়ালে, সি কি কৰিব!”

বিয়াৰ পিছদিনা বিক্ৰমৰ গাটো অলপ বেয়া লাগিল৷ বিয়া বুলি দুদিন তাৰ কষ্ট হ’ল, টোপনিও ক্ষতি হ’ল৷ কিবা এটা ভাগৰে তাক হেঁচা মাৰি ধৰিলে৷ সেইদিনা সি ৰামেশ্বৰহঁতক কামলৈ নাযাওঁ বুলিয়ে জনাই দিলে৷ দিনটো সেইদিনা সি শুইয়ে কটালে৷ পিছদিনা পুৱা ট্ৰাকৰ ওপৰৰপৰা দেখিলে নন্দু বহা ঠাইকণ খালী৷ ট্ৰাকখন আৰু তাত ৰখাবলৈ নিদি বিক্ৰমহঁত গুচি গ’ল৷ জোতাযোৰ ড্ৰাইভাৰৰ চিটৰ তলতে সোমাই থাকিল; কিন্তু পিছদিনাও নন্দুক তাত নেদেখি বিক্ৰম অলপ আচৰিত হ’ল৷ ই গ’ল ক’লৈ!

বিক্ৰম বেছি আচৰিত হ’ল যেতিয়া সাতদিনলৈ নন্দুৰ ছাঁটো চাৰিআলিৰ চুকটোত দেখিবলৈ পোৱা নগ’ল৷ এই সাতদিনে জোতাযোৰ ড্ৰাইভাৰৰ চিটৰ তলতে সোমাই থাকিল৷ ৰাতি ভাতৰ পাতত সি জানকীক কথাটো ক’লে৷ তাই ক’লে বোলে,

: ৰাখিয়ে থোৱা জোতাযোৰ৷ ইমান দামী জোতা এযোৰ ক’তনো কিনিব পাৰিবা!

বিক্ৰমে একো নক’লে, কেৱল পোন্দোৱাকৈ এবাৰ ঘৈণীয়েকলৈ চালে৷ যি বুজিব লাগে জানকীয়ে তাতেই বুজি গ’ল৷

পিছদিনা সি ৰামেশ্বৰহঁতক কামলৈ নাযাওঁ বুলিয়েই জনাই দিলে৷ জোতাযোৰ আগৰ সেই ঠোঙাটোত ভৰাই সি পুৱাই নন্দুক বিচাৰি ওলাল; কিন্তু চাৰিআলিটোৰ কোনেও নন্দুৰ ঘৰ চিনি নাপায়৷ পিচে সি নন্দুক লগ পাবই লাগিব আজি৷ সদায় সদায় কাম ক্ষতি কৰিবও নোৱাৰি৷ সি বাছষ্টেণ্ডৰ ভিতৰত বহা আন এটা মুচীৰ ওচৰলৈ গ’ল আৰু নন্দুক চিনি পায় নেকি সুধিলে৷ সি ঘৰটো সঠিককৈ ক’ত ক’ব নোৱাৰিলেও সোণপুৰৰ মেটৰবস্তিৰ আশে-পাশে বুলি ক’লে৷ বিক্ৰমে মেটৰবস্তি পোৱালৈ বেলি পশ্চিমৰফালে লহিয়াবলৈ আৰম্ভ কৰিছিল৷ প্ৰকাণ্ড আঁহতজোপাৰ তলত থকা শিৱৰ মন্দিৰটোত ভাং টানি নন্দু বহি থাকিব পাৰে বুলি কোনোবাই তাক কৈছিল; কিন্তু তাতো সি নন্দুক নাপালে৷ মন্দিৰটোৰ কাষৰ গলিটোৰ শেষৰ ঘৰেই নন্দুৰ ঘৰ বুলি ল’ৰা এজনৰ মুখত সি নিশ্চিত হ’ল আৰু সি চিধাই গলিটোলৈ সোমাই গ’ল৷

পুৰণি কাঠ আৰু ভঙা টিনপাতেৰে অ’ত-ত’ত জোৰাটাপলি দিয়া সেইটো নন্দুৰ ঘৰ৷ চোতালত শুকান মাটিমাহৰ বড়া মেলি দি থকা নন্দুৰ ঘৈণীয়েকে বিক্ৰমক দেখি ওৰণিখন এহাতমান টানি ল’লে আৰু নন্দু পিছফালে থকা বুলি আঙুলিয়াই দেখুৱালে৷ পিছফালে এটা খাল, পানী কম৷ তাৰ পাৰতে পীৰা এখনত নন্দু বহি আছিল৷ জোতাৰ ঠোঙাটো লৈ বিক্ৰম তাৰ কাষ চাপি গ’ল৷ উপৰাকটিকৈ বিক্ৰম তাৰ কাষতে বহিল৷ সন্মুখত জোতাযোৰ৷ নন্দুৰ গাল এখন ফুলি আছিল৷ চকু দুটা যেন পানী শুকাই যোৱা দুটা খাল, নিস্তেজ, নিঃসাৰ৷ ঘৈনীয়েকে চোতালৰপৰা ভোৰভোৰাই আছিল, “জোতাযোৰৰ বাবেই মানুহটোক পিটিলে সিহঁতে৷ এযোৰ জোতাৰ বাবেই মানুহ এটাক ঘুঁচিয়াইী মাৰিব পাৰেনে! তেনে জোতা মানুহটোৱে কিমান বনালে, দুযোৰ জোতা বনাই দিম বুলি কোৱাৰ পিছতো নেৰিলে৷”

বিক্ৰম আৰু অলপ আগুৱাই গ’ল নন্দুৰফালে৷ সি ভাবিছিল নন্দুৱে তাক ক’ব, “জিন্দেগীত কি আছে, এযোৰ জোতাহে” কিন্তু সি একো নক’লে৷ বহুসময় দুয়ো জোতাৰ ঠোঙাটো মাজত লৈ বহি থাকিল৷ ভালেখিনি পৰ পিছত জোতাৰ ঠোঙাটোলৈ চাই নন্দুৱে ক’লে,

: ঠোঙা দুটা একে আছিল৷ সেইটোৱে ভুল হৈ গ’ল মোৰ৷

: ঠোঙা দুটা একে আছিল, কিন্তু ভিতৰৰ জোতা দুযোৰ বেলেগ আছিল৷

বিক্ৰমে ক’লে৷

: অ’ এযোৰ দামী আৰু এযোৰ কমদামী৷

নন্দুৱে আৰু একো নক’লে৷ বিক্ৰমৰো একো ক’বলৈ মন নগ’ল৷ দুয়ো জোতাযোৰলৈ চাই ৰ’ল৷ একেথৰে৷

☆ ★ ☆ ★ ☆

13 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *