লালচাহ-নীলাক্ষী কাকতি
: টিংকু এই তিতা গামোচাখন বিচনাখনৰ ওপৰত কোনে থলেনো?
মীৰাই একপ্ৰকাৰ চিঞৰাৰ দৰেই কথাষাৰ ক’লে৷
: মা মই নাজানো৷ মই কাপোৰ পিন্ধি আছোঁ৷ দেউতাই থ’লে কিজানি৷
: তাকেই৷ আছোঁৱেই নহয় বিনামূলীয়া বান্দীজনী৷ ৰাতিপুৱা কাউৰীয়ে কা কৰাৰপৰা নিশা দুপৰলৈ লেদেনা উকতিবলৈ৷ গা মচি গামোচাখন ৰ’দত মেলি দিলে মহাভাৰতখন ৰামায়ণ হৈ যাবও পাৰে৷
: হেৰা কি হ’লনো? মই মেলি দিম নহয়৷ কাপোৰযোৰ পিন্ধি লওঁ বুলিহে৷
বৰুৱাই চাৰ্টৰ বুটামকেইটা মাৰি মাৰি ক’লে৷
: এ-এ, কি কৰিছে? চেণ্ডেল পিন্ধি মচি থোৱা ৰূমটোত কিয় সোমাল? ভালদৰে শুকুৱাই নাই৷ বহিলনে গোটেই চেণ্ডেলৰ চিন? আৰু কি কৈছে? মেলি দিব? গামোচা? কেতিয়া? যেতিয়া গোটেই বিচনাচাদৰখন তিতিব, তেতিয়ালৈ ?
: হেৰা৷ মোৰ অফিচলৈ দেৰি হৈছে বুজিছা৷ এটা কাম কৰা৷ কৰবাত বেছিকৈ চৰাইৰ পাখি পাই নেকি বিচাৰিবাচোন৷ পাখি লগাই মই উৰি উৰি কামবোৰ কৰিব পাৰিম৷ তেতিয়া তোমাৰ মচি থোৱা ঘৰত চেণ্ডেলৰ চিন নবহে৷
: তাকেইতো৷ মোক উপলুঙা কৰাৰ বাহিৰে আপুনি আৰু বেলেগ কিবা কৰিব পাৰেনে?
: নহয় হে৷ তোমালোক মাইকী মানুহবোৰ বৰ আচৰিত৷ ঠাণ্ডা দিনত ফেনখন ফুল স্পীডত লগাই দিবা মচি থোৱা ঘৰ শুকুৱাবলৈ৷ গৰম দিনত ধূণা দিম বুলি ফেন অফ কৰি দিবা আৰু….
: কওক কওক৷ এতিয়া আপোনাৰ দেৰি হোৱা নাই অফিচলৈ? মোৰ দোষ খুচৰিব পাৰিলে আপোনাৰতো মুখখন উজলি উঠে৷ পিচে মনত আছেনে নাই? সন্ধিয়ালৈ বজাৰ যাব লাগিব যে!
: কি বজাৰ?
: অ’ এয়া চোৱা৷ বজাৰৰ কথা ক’লে আপুনি আগতেতো কলা-বোবা হৈছিলয়েই৷ এতিয়া পাহৰা চাউলৰ ভাত খোৱা অকৰাটোও হ’বলৈ ল’লে হ’বলা?
: অ মা একেবাৰে গজনীৰ আমীৰ খানৰ নিচিনা নেকি?
টিংকুৱে মাত দিলে৷
: শুনক৷ বেছি এক্টিং কৰি নাথাকিব৷ বিজু মোৰ একমাত্ৰ ভনী৷ তাইৰ আঙুঠি পিন্ধোৱাৰ দিনা দহবছৰৰ আগৰ পুৰণি কাপোৰ মই পিন্ধিব নোৱাৰোঁ৷ অন্য কথা বাদেই৷ ল’ৰাঘৰৰ মানুহে হ’বলগীয়া কইনাৰ বায়েকে পুৰণি কাপোৰ পিন্ধি ওলালে কি ভাবিব? আপোনাৰ সন্মান নাথাকিলে বুলিয়েই মোৰ মা-দেউতাৰ সন্মান নাই নেকি?
: হেৰা কি কোৱাহে? তুমি এই দহবছৰত যিমান কাপোৰ লৈছা ব্ৰহ্মপুত্ৰৰ পানীও চাগে সিমান বাগৰা নাই৷ আৰু নতুন কাপোৰ এযোৰ নিপিন্ধিলে তোমাৰ বা মোৰ কি সন্মান যাবহে? ল’ৰাঘৰৰ মানুহে তোমাক চাবনে বিজুক চাব? এইবাৰ বিহুত লোৱা কাপোৰযোৰকে পিন্ধিবা৷
: সেয়া মই জানিছিলোঁৱেই৷ মোক সময়ত ঠগিবা বুলি৷ বিহুত লোৱা কাপোৰযোৰৰ দৰে একে কাপোৰ এযোৰ সৰু মাহীয়েও লৈছে৷ তাতে মই সেইযোৰ পিন্ধি ফেচবুকত ফটোও দিছিলোঁ৷ এতিয়া আকৌ একেযোৰ কাপোৰ পিন্ধি ফেচবুকত ফটো দিব পাৰিমনে? বিজুৰ আঙুঠি পিন্ধোৱাৰ ফটো দিব নালাগিব নেকি? মইতো ফটো দি কেপচন কি দিম তাকো ভাবি থৈছোঁ৷
: হেৰা৷ তুমিতো পাগলী হৈছাই লগতে ময়ো পাগল হ’ম৷ টিংকু সৰু হৈ আছে৷ গতিকে দুয়ো পাগল হোৱাৰ আগতে মই অফিচলৈ যাওঁ৷ মাহৰ শেষ৷ চাওঁ কৰবাত ধাৰ কৰিব পাৰোঁ নেকি! মই আহোঁ দিয়া৷
****
যতীন বৰুৱা গড়কাপ্তানি বিভাগত কাম কৰে৷ নিম্নবৰ্গৰ সহায়ক৷ ইচ্ছা কৰিলে বাহিৰা টকা চুব পাৰে৷ পিচে তেওঁৰ পাপ আৰু বদনামলৈ বৰ ভয়৷ গতিকে দৰমহাৰ টকাৰেই তেওঁ সন্তুষ্ট৷ মাহৰ শেষত প্ৰতিবাৰেই টনাটনি হয়৷ সেই কথাটো লৈয়ে পত্নী মীৰাৰ আপত্তি৷ আপত্তি থাকিবই৷ আজিকালিৰ দিনত কোনেনো অলপ নিজে বিচৰা ধৰণে থাকিব নিবিচাৰে! তাতে মীৰাৰ মাহীয়েক পেহীয়েকহঁতৰ ছোৱালীবোৰৰ গিৰিয়েককেইজনৰ সোঁৱে বাঁৱে টকা৷ যি নহওক বৰুৱাই আজি কামত মন বহুৱাব পৰা নাই৷ বাৰে বাৰে ভাবিছে কি কৰা যায়! ইফালে পকেট খালী৷ আনফালে পত্নীৰ দাবী৷ কাপোৰ কিনিবলৈ নাপালে মীৰাই কৰিবলগীয়া আন্দোলনে যে ধ্বংসাত্মক ৰূপ ল’ব সেয়া খাটাং৷ এনেয়ো বৰুৱাই বহুসময়ত বুজি নাপাই মীৰাই কিয় মুখ ফুলাই আছে আৰু যেতিয়ালৈ বুজি পাই তেতিয়া এইটো বুজি নাপাই যে মীৰাই ইমান খং কৰিবলগীয়াকৈ তেওঁ তেনে কিবা দোষ কৰিছিল জানো৷
: সোমাব পাৰোঁনে?
এজন বয়সস্থ মানুহে বৰুৱাহঁত বহা কোঠাটোৰ পৰ্দাখনৰ ওচৰৰপৰা ক’লে৷ বয়সস্থ হ’লেও মানুহজনৰ স্বাস্থ্য ভাল দেখাত৷
: আহক৷ কওকচোন৷
বৰুৱাই মানুহজনলৈ উদ্দেশ্যি ক’লে৷
: মই ৰামেশ্বৰ তালুকদাৰ৷ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক৷
: বহক৷
: ধন্যবাদ৷ মই মানে এতিয়া অলপ সামাজিক কাম – কাজৰ লগতে নিজকে জড়িত কৰি ৰাখোঁ৷ আমাৰ যিটো সন্মুখৰ ৰাস্তা তাৰ অৱস্থা অতিকৈ পুতৌজনক৷ বাৰিষা কালি মানুহৰ অৱস্থা চাব নোৱাৰা হয়৷ ছাত্ৰছাত্ৰীৰ লগতে গৰ্ভৱতী মহিলা নাইবা বৃদ্ধলোকৰ বৰ কষ্ট হয়৷ ডেৰবছৰৰপৰাই শুনি আছোঁ চৰকাৰীভাৱে বোলে ৰাস্তাটোৰ মেৰামতিৰ বাবে টকা চেংচন হৈছে৷ পিচে কথাটো গানৰ দৰে শুনিহে আছোঁ৷ মই নিজেই বহুবাৰ দৰ্খাস্ত দিলোঁ৷ নাই সকলো গালো বালো খোলাকটিৰ তাল৷ আজি কিছুদিনৰ আগতে এজনে ক’লে আপোনালোকৰ অফিচতে বোলে ফাইলটো চহী এটাৰ বাবে ৰৈ আছে৷ সকলোৱে খবৰটো কৰিবলৈ মোকেই পঠিয়াই দিলে৷ ডাঙৰীয়া কিবা এটা কৰি ৰাস্তাটোৰ মেৰামতিৰ কামটো আগবঢ়াই দিব নোৱাৰেনে? মানুহখিনি বৰ কষ্টত আছে৷ ইমান বছৰ শিক্ষকতা কৰিলোঁ৷ ছাত্ৰ-ছাত্ৰীক বিভিন্ন শিক্ষা দিলোঁ৷ কিন্তু কিতাপৰ কথা আৰু বাস্তৱৰ অভিজ্ঞতাৰ মাজত সিহঁতে যেতিয়া অমিল দেখে সিহঁতৰ সন্দেহৰ চকুবোৰ চাবলৈ নিজকে বৰ লাজ লগা হ’ল৷
মানুহজনে ক্ৰমে আৱেগিক হৈ পৰিল৷
: ৰ’বচোন৷ মোক আপোনালোকৰ ঠাইখিনিৰ বিষয়ে কওকচোন৷ মানে ঠিকনাটো৷
ক্ৰিং ক্ৰিং….
মীৰাৰ ফোন৷ নিশ্চয় কেইবজাত ঘৰ পাব তাকে জানিবলৈ ফোন কৰিছে৷ ইফালে টকা ক’ৰ পৰা যোগাৰ হ’ব তাৰ কোনো সঠিক উত্তৰ নাই৷
: এয়া লওক৷ মই কাগজখনতে লিখি দিছোঁ৷
: অ’৷ হয় এই ৰাস্তাটোৰ কামৰ বাবে টকা আহিছে৷ কিবা অলপ ফৰ্মেলিটি বাকী আছে৷ মানে…মানে…
হঠাতে বৰুৱাৰ মনত বিজুলী চমকাৰ দৰে কথা এটাই চুই গ’ল৷
: মানে কি ডাঙৰীয়া?
: হেঃ হেঃ! মানে জানেই নহয়৷ আজিকালি কামবোৰ হ’বলৈ অলপ খৰচা পানীৰ দৰকাৰ হয়৷
: মানে? ঘোঁচ? আপোনাক লাগে নেকি?
: ছিঃ ছিঃ! কি কৈছে? মোক নালাগে৷ কিন্তু ফাইলটো ওপৰলৈ যাব লাগিব নহয়৷ তাত লাগিব৷ মোৰ হাতত থাকিলেতো এক টকা নোহোৱাকৈ কৰি দিলোঁ হয়৷ পিচে জানেই আৰু…
: হেৰি কিমান লাগিব? মই তেনে কিবা এটা হৈ ফাইলটো ফচি আছে বুলি ভাবিছিলোঁয়েই৷
: এহ দিয়ক আৰু কিবা এটা৷ আপুনিও চৰকাৰী চাকৰিয়ালেই আছিল দিয়কচোন৷
: এহেজাৰ মান দিলে হ’বনে?
: হেহ্! কি কয়হে? সেইখিনি টকাৰে ওপৰৱালাৰ লালচাহৰ খৰচেই নোলাব দেখোন! দিয়ক দিয়ক টকা তিনিহেজাৰ দিয়ক৷ মই যিমান পাৰোঁ ফাইলটো আগবঢ়াই ওপৰৰপৰা কৰাই আনিবলৈ যত্ন কৰিম৷
: তিনিহেজাৰ? ক’ম নহয়নে?
: হেৰি মই ক’মকৈ কৈছোঁ৷ বেলেগে পাঁচৰ তলত ফাইলত হাতেই নিদিয়ে৷ মোৰ দেৰি হৈছে৷ দিয়ে যদি সোনকালে দিয়ক৷ মোৰ আৰু কাম পৰি আছে৷
: বাৰু৷ এয়া টকা তিনিহেজাৰ দিলোঁ৷ অনুৰোধটো ৰাখিব ডাঙৰীয়া৷ নিজৰপৰাই টকাকেইটা দিলোঁ৷ ৰাস্তাটো ভাল হ’লেই মনটো শাঁত পৰিব৷ বাৰু আঁহো দিয়ক৷
: বাৰু আহক৷ টকাকেইটা পকেটত সোমোৱাই বৰুৱাই মীৰালৈ ফোন কৰিলে,
: হেৰা৷ ওলাই থাকিবা৷ মই গৈ আছোঁ৷
*****
: হেৰা মোক কেনে দেখিছে?
হালধীয়া কাপোৰযোৰেৰে মীৰাক আজি সঁচাকৈয়ে বৰ ধুনীয়া লাগিছে৷
: ধুনীয়া লাগিছে৷
: হয়নে?
মীৰাই লাজলাজকৈ ক’লে৷
: আপুনি নীলা চাৰ্টটো পিন্ধকচোন৷ মই মাৰ বিচনাতে উলিয়াই থৈছোঁ৷ ল’ৰাঘৰৰ মানুহ আহি পাবৰেই হ’ল৷ হে ভগৱান! আহি পালেই৷ সেয়া গেটত গাড়ীৰ শব্দ৷ যাওক যাওক৷ ওলাই আহক৷
ল’ৰাঘৰৰ মানুহক ভালদৰে সোধপোছ কৰি থকা হৈছে৷ মীৰা আৰু মাক-দেউতাকৰ গাত তৰনি নাই৷ এইবাৰ বৰুৱাৰ পাল৷ তেওঁক বিচৰা হৈছে৷ বিজুৰ একমাত্ৰ ভিনিহিয়েক৷ ঘৰখনৰ ডাঙৰ জোঁৱাই৷ মীৰাই প্ৰায় টানি অনাদি বৰুৱাক আনিলে৷
: তেতিয়াৰপৰা কৈ আছোঁ ওলাওক বুলি৷ এতিয়া কইনা আপুহিহে হৈছে৷
: হেৰা অহাৰপৰাই কামত লাগি আছোঁ৷ ইটো কৰা সিটো কৰা৷ সময় পাইছোঁনে?
: হ’ব হ’ব৷ মনে মনে থাকক৷ ব’লক এতিয়া৷ ভালদৰে কথা ক’ব৷ নিজৰ ফালৰ পৰাও কিবা ক’ব৷ হুঁ হুঁ কৰি নাথাকে যেন৷
: আঁহা আঁহা জোঁৱাই৷ তালুকদাৰ এয়া মোৰ ডাঙৰ জোঁৱাই৷ যতীন বৰুৱা৷ গড়কাপ্তানি বিভাগত কাম কৰে৷ যতীন এয়া বিজুৰ ভাবী শহুৰ৷ ৰামেশ্বৰ তালুকদাৰ৷
মীৰাৰ দেউতাকে বৰুৱাক চিনাকি কৰি দিলে৷ নামটো শুনাৰ লগে লগেই বৰুৱাৰ বুকুখনে ঢিপিংকৈ মাৰিলে৷ হে ভগৱান! এয়া কি! এয়াচোন!
: অ’ এওঁকচোন মই চিনি পাওঁ৷
: অ’ হয় নেকি? কেনেকৈ?
: কিবা এটা কামত এওঁৰ অফিচত এওঁক লগ কৰিছিলোঁ৷
: হেঃ হেঃ! ভাল ভাল৷ বৰ ভাল ল’ৰা৷ মোৰ ডাঙৰ ল’ৰাই আৰু৷ বৰ গুণী৷ বৰ সৎ৷ বাহিৰা টকা চুবলৈ পালেও নুচুৱে৷ মই এওঁক লৈ বৰ গৰ্বিত বুজিছে৷
: হয় হয়৷ বৰ ভাল এওঁ৷ মাত্ৰ আপুনি এটা কথা নাজানে৷
: কি?
এইবাৰ বৰুৱাৰ মূৰটো ঘূৰোৱা যেন লাগিল৷ আজি সকলো শেষ৷ বিজুৰ ভাবী শহুৰেকে যদি কথাটো কৈ দিয়ে সৱছ গুমৰ ফাঁক হ’ব৷ উফ্ কি কৰা যায়!
: নাই নাই বেলেগ একো নহয়৷ এওঁৰ অফিচৰ ওপৰৱালাই এহেজাৰ টকীয়া দামী লালচাহ খায় হে৷ বৰ দামী চাহ খায়৷
বৰুৱাৰ ডিঙিটো সোপা মাৰি ধৰা যেন লাগিল৷ পকেটৰপৰা ৰুমালখন ওলিয়াই কঁপালত বিৰিঙি উঠা ঘামবোৰ মচি ল’লে তেওঁ৷
☆ ★ ☆ ★ ☆
10:33 pm
এডমিন সকলে বৰ দীঘল দীঘল গল্প লিখিছে পঢ়ি ভালে লাগিল সুন্দৰকৈ লিখিলে৷ বহুদিনৰ পাচত মানে বহুবছৰৰ পাছত ইমান দীঘল গল্প পঢ়িলো ৷ একেলেথাৰিয়ে জীৱনত তিনিটা গল্প পঢ়া এইয়াই প্ৰথম ৷
12:56 am
মজ্জা। বহুত ভাল লাগিল নীলা
9:19 am
বৰ ধুনীয়া লাগিল নীলাক্ষী৷ তোমাৰ গল্পৰ সোৱাদেই বেলেগ৷
11:30 am
ক’ত সন্মান যাব বুলি ভাবি আছিল, আৰু সন্মান গ’ল কি কথাত… খুবেই ভাল লাগিল।
10:30 pm
মজা নীলাক্ষী
11:08 pm
তুমি সচাই মজা লিখা❤️
11:49 pm
বঢ়িয়া৷ ভাল লাগিল পঢ়ি৷
6:56 am
ভাল লাগিল।
7:00 am
কিন্ত। এনে গল্প পঢ়িছোঁ আগত ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ গল্প সংকলনত।
2:07 pm
ভাল লাগিল। একেটা থিমকে লৈ বহুত কেইটা এনেকুৱা গল্প পঢ়িছোঁ।