চ্যাল- দেবজিত শৰ্মা
“ঐ, যাবি নে?” মোলৈ চাই ব্যস্তভাৱ এটাৰে উৎপলে প্ৰশ্ন কৰিলে৷ উৎপল মানে উৎপল ভূঞা৷ মোৰ ৰূমমেট৷ বাৰোৱাৰীৰ ঘৰ এটা ভাড়া লৈ মই, উৎপল আৰু আমাতকৈ বয়সত কিছু ডাঙৰ জিতুদা একেলগে থাকিবলৈ আৰম্ভ কৰিছোঁ৷ জিতুদা আমাৰ অভিভাৱক স্বৰূপ, কেতিয়াবা কিবা ভুল দেখিলে গালিও দিয়ে৷ কোঠাবোৰ অপৰিপাতি বা পাকঘৰটো খেলিমেলি হৈ থাকিলে জিতুদাৰ গালি নিৰ্ঘাট খোৱাৰ যোগ পৰে৷ এইবোৰৰ উপৰিও জিতুদাৰ পঢ়া টেবুলখনৰফালে আমাৰ গমন প্ৰায় একেবাৰেই নিষেধ৷ মই পৰিপাতিকৈ চলোঁ যদিও উৎপলৰ স্বভাৱটো বৰ বেয়া৷ তাক দায়িত্ব দিলে আমেৰিকাকো চিৰিয়া বনাই পেলাবপৰা ধৰণৰ৷
উৎপলৰ বহুদিনৰ প্লেন অসম আৰু উৰিষ্যাৰ মাজৰ ৰঞ্জী ট্ৰফী খেলখন চাব৷ মোক কুটুৰি আছে৷ অনিচ্ছা স্বত্বেও সন্মতি দিলোঁ৷ জিতুদা কিবা কাম এটাৰ বাবে মঙলদৈলৈ গ’ল পুৱাই৷ গতিকে ৰূমতে ভাত ৰান্ধি খাই ষ্টেডিয়ামলৈ পোনাই দিলোঁ৷ আসন গ্ৰহণ কৰি খেল চাবলৈ ধৰোঁতেই চকুত পৰিল উৎপলে সাংঘাতিক কায়দাৰে চানগ্লাচ এযোৰ উলিয়াই পিন্ধি লৈছে৷
: আব্বে, চানগ্লাচ ক’ত পালি? তইতো চানগ্লাচ কিনা মনত নপৰে! ক’ৰপৰা আনিলি?
মোৰ প্ৰশ্ন৷
: আৰে, জিতুদাৰ টেবুলত আছিল৷ তেওঁ নিবলৈ পাহৰিলে চাগে৷ লৈ আনিলোঁ৷ চানগ্লাচ পিন্ধি যিটো চ্যাল পৰে নহয়, নিজকে চেলিব্ৰেটি যেন লাগি যায়৷
মুখত বিশ্বজয়ৰ হাঁহি এটা ফুটাই উৎপলৰ উত্তৰ৷ ময়ো বৰ বিশেষ প্ৰশ্ন নকৰি খেলত মনোনিবেশ কৰিলোঁ যদিও মনে মনে ভয় এটা লাগি আছিল, কেনেবাকৈ জিতুদাই গম পালে এইখন লংকাকাণ্ড হ’ব৷ খেলৰ লান্স ব্ৰেকৰ সময়তে উৎপলক ক’লোঁঁ,
: ঐ ৰূমলৈ যাওঁ ব’ল৷ জিতুদা চাৰিমান বজাত আহি পাব৷ কেনেবাকৈ চানগ্লাচৰ কথাটো গম পালে হাঁহাকাৰ অৱস্থাৰ সৃষ্টি কৰিব৷
উৎপলেও মূৰ দুপিয়াই সমৰ্থন জনালে৷ ষ্টেডিয়ামৰ বাহিৰত আহিহে ঘটিল অঘটনটো৷ বি বৰুৱাৰ ছাত্ৰীৰ দল এটা দেখি আৰু অলপ চ্যাল দিবলৈ গৈ উৎপলে হাতৰ দুটা আঙুলিৰ মাজত চানগ্লাচযোৰ চকৰিৰ দৰে ঘূৰাবলৈ লওঁতেই চানগ্লাচ উফৰি পদপথত পৰিলগৈ৷ দুয়োৰে আৰ্তনাদ লগে লগেই বাহিৰ হৈ গ’ল, এনে লাগিল যেন চানগ্লাচ নহয় হাওঁফাওঁটোহে বাহিৰ হৈ গ’ল৷ বুটলি আনি দেখোঁ এখন গ্লাচ ভাঙি শেষ৷ আনখন অৱশ্যে একো নোহোৱাকৈ ৰক্ষা পৰিল৷
অলপসময়ৰ নিস্তব্ধতাৰ পাছত উৎপলে মাত লগালে,
: এযোৰ কিনি দিবলৈ এতিয়া পকেট খালী৷ ক’ৰবাত ৰিপেয়াৰিঙকে কৰি দিলে ভাল হ’ব৷ ব’ল দোকান বিচাৰোঁ৷
মোৰ তেতিয়ালৈ চিন্তা শক্তি লোপ পাইছে৷ বিনাবাক্যে তাক অনুসৰণ কৰাৰ বাদে আন উপায়ো নাছিল৷ বহুকেইখন দোকানত খবৰ কৰাৰ পাছত কোনোমতে এখনত নতুন গ্লাচ লগাই চানগ্লাচযোৰ আনি আলফুলে জিতুদাৰ টেবুলত থৈ দিলোঁ৷ তথাপিও মনত শংকা নথকা নহয়, কেনেবাকৈ ধৰা পৰিলে আমি শেষ আৰু!
আধাঘণ্টামান পাছত জিতুদা মঙলদৈৰপৰা আহি পালে৷ আহিয়েই খৰধৰকৈ বেলেগ পোচাক পিন্ধি জিতুদাই আন এফালে যাবলৈ ল’লে৷
: আহিছিল হে! ক’ত যায় আকৌ?
উৎপলে সুধিলে৷
: জন্মদিনৰ পাৰ্টি এটা আছে৷ ভাত আজি মোলৈ নাৰান্ধিলেও হ’ব৷
উত্তৰ দিয়েই চানগ্লাচযোৰ জেপত ভৰাই জিতুদাই প্ৰস্থান কৰিলে৷ আবেলি সময়ত চানগ্লাচযোৰ লৈ যোৱাত অলপ আচৰিতেই হৈছিলোঁ যদিও জিতুদাক প্ৰশ্ন সাধাৰণতে কৰা নাযায়৷ এইবাৰো ব্যতিক্ৰম নহ’ল৷
আমি দুয়ো লাহেকৈ বিছনাত পৰি শুবলৈ চেষ্টা কৰিলোঁ৷ প্ৰায় ডেৰঘণ্টামানৰ পাছত দুৱাৰত ধমধমকৈ কোনোবাকৈ মৰাৰ শব্দত খকামকাকৈ উঠি দুৱাৰ খুলি দেখোঁ অগ্নিশৰ্মাৰ ৰূপত জিতুদা! দুৱাৰ খোলাৰ লগে লগেই গৰম সুৰত জিতুদাৰ প্ৰশ্ন,
: চানগ্লাচ কোনে পিন্ধিছিল?
ভয়ভয়কৈ উৎপললৈ আঙুলিয়াই দিলোঁ৷
: তোমালোকে চানগ্লাচ পিন্ধিছা পিন্ধা৷ কিন্তু ভাঙিবলৈ পালে কেনেকৈ? আৰু ভঙাৰ পাছত ইমান অৰ্ডিনেৰি গ্লাচ লগাবলৈ কিহে পালে? আজি বাৰ্থ ডে পাৰ্টিত মোৰ মান সন্মান সকলো মাটিত মিহলি হৈ গ’ল৷
দুগুণ উষ্মাৰে জিতুদাই কৈ গ’ল৷ সামান্য সুৰুঙা এটা পাই জিতুদাক সুধিলোঁ ঘটনাটো কি! যি উত্তৰ পালোঁ, সেই গহীন আৰু ভয়লগা পৰিবেশতো হাঁহি উঠি গ’ল৷ কথাটো হ’ল জিতুদাই ডে নাইট গ্লাচ এযোৰ কিনিছিল, দিনত ৰ’দৰ পোহৰত ক’লা হৈ থাকে আৰু ৰাতি বগা বা স্বচ্ছ হয়৷ উৎপলে লগোৱা গ্লাচখন সাধাৰণ ক’লা গ্লাচ আছিল৷ জিতুদাই গম নোপোৱাকৈ বাৰ্থডে পাৰ্টিৰ লাইটৰ পোহৰত চ্যাল দিবলৈ চশমাযোৰ পিন্ধি দিলে৷ এখন গ্লাচ পৰিষ্কাৰ স্বচ্ছ হৈ থাকিল আৰু আনখন ক’লা৷ এতিয়া আপুনিয়ে কল্পনা কৰকচোন মানুহজনক দেখাত কেনে লাগিছিল! ইয়াৰ পাছত আৰু জিতু দাক কাহানিও চানগ্লাচ পিন্ধা দেখা নাপালোঁ৷
☆ ★ ☆ ★ ☆
10:21 am
ধেই ? ? ?
7:27 pm
ধন্যবাদ
4:59 pm
হাঃ হাঃ। কল্পনা কৰি তামাম হাঁহি উঠিছে। ভাল লাগিল
7:26 pm
হা হা হা৷ ধন্যবাদ বা
5:39 pm
??
7:27 pm
ধন্যবাদ
6:26 pm
কিচ্নঅ, সেই জিতু দা তো এই অধমেই নহয় তো?
7:26 pm
??? নহয় দাদা৷ সেইজন বেলেগ,আপুনি বাচি গ’ল
12:23 am
মাত্ৰ পঢ়িলো, জিতু দাৰ অৱস্থা কল্পনা কৰি এই ৰাতি খন হাঁহি হাঁহি গালিও খালো পাগল বুলি???
11:33 am
হা হা হা৷ ধন্যবাদ
3:06 pm
বাপৰে বৈদ্য জমনি৷ তামাম হাঁহিছো৷
6:17 pm
হাঃ হাঃ তামাম চানগ্লাচ! মজা লাগিল৷
6:27 pm
তামাম জমনি ??
3:22 pm
ফটাঢোল লৈ লিখনি এটা পঠিয়াইছোঁ আশা কৰিছোঁ প্ৰকাশ পাব অহা মাহৰ সংখ্যাত