ফটাঢোল

“জীৱশ্ৰেষ্ঠ মানুহতকৈ চৰায়ে বেছি গছ ৰোৱে, আমি কেৱল গছ কাটোঁহে”, যাদৱ পায়েং- ধীৰেন শইকীয়া

মানুহজনৰ বয়স ছাপন্ন। এতিয়াও তেওঁ দোকমোকালিতে উঠি এফালৰপৰা সদায় সেউজ হাবিখনৰ চৌদিশে ঘূৰি ফুৰে, মাজে মাজে দেশে বিদেশে অৰণ্য সংৰক্ষণৰ কথা ক’বলৈ সভা সমিতিলৈও মাতিলে যায়। তেওঁৰ হাবিখনত গঁড়, হৰিণ, বাঘ, শিয়াল, জহামাল, বান্দৰ, বনকুকুৰা, হাতী, বিবিধ প্ৰজাতিৰ সৰীসৃপ, পখিলা আদি চৰি ফুৰে, পিচে সকলোবোৰকে তেওঁ পুত্ৰ বা বন্ধু যেন জ্ঞান কৰে, সিহঁতেও মূৰ দাঙি এবাৰ চাই একো অপকাৰ নকৰে চিনাকি মানুহজনক। এসময়ত “মোকেই কাট, তথাপি তহঁতে মোৰ মৰমৰ গছবোৰ নাকাটিবি”, মানুহজনে তাহানি এনেকৈ কৈয়েই নিজহাতে ৰোৱা গছবোৰ কাটিবলৈ অহা এচাম অসাধুলোকক বাধা দি অৰণ্যখন সংৰক্ষণৰ হকে দেহে কেহে খাটিছিল। মানুহজনে ইমান বছৰে ক’ৰ ক’ৰ পৰা যে গছৰ পুলি, গুটি আনি ৰুইছিল আজিও মানুহজনৰ বাবে সেয়া সাঁচতীয়া স্মৃতি। ৰ’ব, বেছি দীঘলীয়া নকৰি চিনাকি হওঁ মানুহজনৰ লগত। নাম তেওঁৰ যাদৱ পায়েং।

অৰণ্য মানৱ, যোৰহাটৰ ককিলামুখৰ নিবাসী, পদ্মশ্ৰী যাদৱ পায়েঙে পত্নী, দুজন পুত্ৰ আৰু এগৰাকী কন্যাৰ সৈতে এক সুন্দৰ প্ৰাকৃতিক পৰিবেশত বাস কৰে। ১৯৬৩ চনত জন্ম গ্ৰহণ কৰা পায়েঙৰ পিতৃ লক্ষীৰাম পায়েং আৰু মাতৃ আফুলি পায়েং। এইগৰাকী যাদৱ পায়েঙে সৰুৰেপৰা গছ-গছনি ৰোপণৰ বাবেই জীৱন উচৰ্গা কৰি আহিছে। জনামতে এটা সময়ত হাতীৰ বাবে অত বছৰে সুকীয়াকৈ তেওঁ ৰোৱা বিবিধ গছ-গছনি কাটিবলৈ বিচৰাত চাপৰিটোৰ ৰাইজক যাদৱ পায়েঙে বাধা দিছিল। পিচে, যাদৱ পায়েঙক ভাবুকিহে দিছিল ৰাইজে। তেতিয়া তেওঁ হেনো গছবোৰক মৰমেৰে সাবটি ধৰি কৈছিল,

“মোকেই কাট, তথাপি তহঁতে গছবোৰ নাকাটিবি।”

আনকি তেওঁ গাঁওবাসীক বুজাইছিল যে গছ নথকাৰ বাবেই খাদ্যৰ অন্বেষণত হাতীবোৰ আহিছে; গতিকে আমি সকলোৱে এনেয়ে চন পৰি থকা মুকলি ঠাইবোৰত হাতীৰ খাদ্যৰ বাবে বাঁহ, কলগছ আদি ৰুবলৈ আৰম্ভ কৰিলে হাতীৰ আক্ৰমণৰপৰা বাচিব পাৰিম, তেতিয়াই হস্তী মানুহৰ সংঘাটো নাথাকিব। হাতীয়ে সেইবোৰ গছ-গছনি খাই নিজেই অন্য ঠাইলৈ গুচি যাব, আগবাঢ়ি নাহে গাঁৱৰফালে। পৰৱৰ্তী সময়ত এই কথা ৰাখিয়েই হাতীৰ বাবে ৰোৱা গছ-গছনিৰ বাবেই চাপৰিটো হাতীৰ আক্ৰমনৰপৰা বাচিছিল৷

বিগত কেইবাদশক ধৰি অকলেই গছ-গছনি ৰোপণ কাৰ্যত নিজৰ জীৱন উছৰ্গা কৰা উজনি অসমৰ জনপ্ৰিয় যাদৱ পায়েঙক অঞ্চলটোত আগৰেপৰা মুলাই পায়েং বুলিয়েই জানে। তেওঁ নিজে গঢ়ি তোলা ‘মুলাই হাবি’ৰ বৰ্তমানে মাটি ১,৩৬০ একৰ/৫৫০ হেক্টৰ। এতিয়া সেইখন হাবি গঁড়, হৰিণ, বাঘ, শিয়াল, জহামাল, বান্দৰ, বনকুকুৰা, হাতী, বিবিধ প্ৰজাতিৰ সৰীসৃপ, পখিলা আদিৰ ৰম্যভূমি হৈ পৰিছে। জনামতে, মুলাইৰ কাঠনিবাৰীখনতে গৰু-ম’হৰ খুঁটিও আছে। প্ৰকৃতি সম্পৰ্কীয় জ্ঞান বিষয়ত নীৰৱ কৰ্মী যাদৱ পায়েং আজি হৈ পৰিছে সমগ্ৰ বিশ্বৰে এক মেটমৰা ভঁৰাল, এক কিংবদন্তি সুপুৰুষ। প্ৰকৃতি আমাৰ আত্মা বুলি বিশ্বাস কৰা এই মানুহজনৰ বিষয়ে নেচনেল জিঅ’গ্ৰাফি, বিবিচি, ডিস্কভাৰি আদি জনপ্ৰিয় চেনেলবোৰে  বিভিন্ন তথ্যচিত্ৰ তথা প্ৰতিবেদনো সম্প্ৰচাৰ কৰিছে। আনকি ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় স্তৰৰ সংবাদ মাধ্যমটো তেওঁৰ বিষয়ে বহু প্ৰতিবেদন প্ৰকাশ হৈছে যাৰ ফলত কেইবছৰমানৰ ভিতৰতে প্ৰকৃতি সংৰক্ষণ বিষয়ত সমগ্ৰ বিশ্বতে তেওঁ বিখ্যাত হৈ পৰিছে।

অৰুণা চাপৰিত মানুহজনে কি দৰে গঢ়িছিল মুলাই কাঠনি :

যাদৱ পায়েঙৰ আৰ্থিক অনাটনৰ বাবেই তেওঁৰ  অধ্যয়ন জীৱন আধাতে যতি পৰিল বুলি জনা যায়। তাৰপিছত নামি পৰিল জীৱন যুঁজত, এটা সময়ত জীৱিকাৰ সন্ধানত বিভিন্ন ঠাই ঘূৰি অৱশেষত নিজৰ চাপৰিটোলৈ উভতি আহি প্ৰথমে তাতেই গৰু-ম’হ পুহি গাখীৰৰ ব্যৱসায় আৰম্ভ কৰিছিল।

অৰুণা চাপৰি যোৰহাট জিলাৰ ককিলামুখৰপৰা পাঁচ কি:মি: দূৰৈত অৱস্থিত এখন বালিময় চাপৰি। বহু বছৰ আগতে, ইয়াত গোলাঘাটৰ চ’ছিয়েল ফৰেষ্ট্ৰি ডিভিজনে দুশ হেক্টৰ মাটিত এক বনানিকৰণ আঁচনি কৰিছিল, য’ত বিশেষভাৱে জড়িত আছিল যাদৱ পায়েং। পাঁচ বছৰীয়া এই প্ৰকল্পটোৰ এগৰাকী শ্ৰমিক হিচাপে জড়িত থকা মুলায়ে অন্তঃকৰণেৰে প্ৰকল্পটোৰ লগত জড়িত থাকি তেওঁ ৰোৱা গছবোৰ প্ৰতিপালন কৰিয়েই দীৰ্ঘদিন থাকিল। তেওঁৰ উদ্যোগতে লাহে লাহে গঢ় ল’লে এখন অৰণ্যই, যি পিছলৈ ‘মুলাই কাঠনি’ ৰূপে বিখ্যাত হৈ পৰিল। তেওঁৰ কাঠনিত অৰ্জুন, এজাৰ, মজ, গুলমোহৰ, কৰৈ, শিমলু, শাল, চেগুন, তিতাচপা আদি অলেখ মূল্যবান গছ আছে। তিনিশ হেক্টৰ মাটিত কেৱল বাঁহেই ৰুইছে মুলায়ে। প্ৰতি বছৰে হাতীৰ বৃহৎ জাক এটাই এই অৰণ্যখনৰ মাজেদি পাৰ হৈ যায়।১৯৭৯ চনত চৰকাৰী বন বিভাগৰ চ’ছিয়েল ফৰেষ্ট্ৰিৰ এই প্ৰকল্পৰ পিছতো মুলাইৰ এই কৰ্মযজ্ঞ তেওঁ চলাই ৰাখিছিল, প্ৰায়েই গছপুলি সংগ্ৰহ কৰি তাৰ ৰোপণ কাৰ্য নিয়মীয়াকৈ কৰি আছিল তেওঁ। ২০০৮ চনতহে চৰকাৰী বন বিভাগৰ লোকসকলে অৰুণা চাপৰিৰপৰা কিছু দূৰৈৰ হাতীৰ জাক এটা খেদিবলৈ গৈ গম পালে ইমান বছৰে নীৰৱে গছপুলি ৰোপণ কৰি অৰুণা চাপৰিত গঢ়ি উঠা ‘মূলাই কাঠনি’ৰ গঢ়ি তোলা খবৰটো। এটা সময়ত এনেদৰেই সকলোৰে সমুখলৈ আহিল মুলাই অৰ্থাৎ যাদৱ পায়েঙৰ বিষয়টো।

১৯৭৯ চনৰ কথা, সেইবাৰ জেঠ মাহত বাৰ খৰ মাৰিছিল, চৌদিশে বিগত বছৰতকৈ গৰমৰ উৎপাত বহু বাঢ়িছিল, গ্ৰীষ্মকালৰ অত্যন্ত গৰমৰ সময়ছোৱাত তেওঁ বানপানীত উটি অহা সাপ কেইডালমান পানী শুকাই যোৱাৰ পিছত মুকলি বালিত পৰি থকা দেখিছিল। কিছুমান সাপ ৰ’দত জঠৰ হৈছিল, কিছুমান মৰিছিল। গৰু, ম’হবোৰে উৎকট গৰম সহ্য কৰিব নোৱাৰি পানীলৈ নামি গৈছিল। তেওঁক বহু দিনলৈ সাপকেইডালৰ মৰি পৰি থকাৰ মৰ্মান্তিক দৃশ্যটোৱে খুন্দিয়াই থাকিল, উৎকট গৰমৰ ফলত আৰু পানীৰ অভাৱত কিদৰে দুৰ্বিসহ হ’ব পাৰে জীৱ-জন্তু তথা মানুহৰ জীৱন বহু সময় ভাবি থাকিল কথাটো। এটা সময়ত তেওঁ এই কথা গাঁৱৰ মানুহকো কৈছিলগৈ। তেতিয়া তেওঁলোকে চাপৰিটোত বাঁহগছ ৰুবলৈ পৰামৰ্শ দিলে। তেওঁলোকৰ কথামতে পায়েঙেও প্ৰথমে ৫০ টা বাঁহৰ মূঢ়াৰ সৈতে অন্যান্য গছপুলি ৰোৱা কাম আৰম্ভ কৰি দিলে। তেতিয়াৰেপৰা তেওঁ অৰুণা চাপৰিত আজিলৈকে বিবিধ গছ পুলি ৰোপণ আৰু প্ৰতিপালনত দেহেকেহে জড়িত হৈ আহিছে। লাহে লাহে পলসুৱা চাপৰিটোত তেওঁ তাহানিতে ৰোৱা গছপুলিবোৰ ক্ৰমান্বয়ে ডাঙৰ হ’বলৈ ধৰিলে, এনেকৈয়ে এবছৰ দুবছৰকৈ এই কাম কৰি থাকোঁতে থাকোঁতে ঠাইখনত চকুৰ আগত হাবি এখনৰেই সৃষ্টি হ’ল, চাওঁতে চাওঁতে হাবিখনৰো পৰিসৰ বৃদ্ধি হৈ যাবলৈ ধৰিলে। হাবিখন গঢ় লোৱা দেখি দূৰৈৰ ঠাইবোৰৰ পৰাও আহিল বহু জীৱ জন্তু, এনেকৈয়ে গঢ়ি উঠিল মানৱ সৃষ্ট এই অৰণ্য এখনৰ। কেতিয়াবা নিজেই এই হাবিত যাদৱ পায়েঙে বাঘে জীৱ-জন্তু চিকাৰ কৰি খোৱাও দেখিছে, পিচে সিহঁতে কেতিয়াও তেওঁক আক্ৰমণ কৰা নাই বুলিও সংবাদ মাধ্যমক জনাইছিল পায়েঙে। জনামতে, বৰ্তমান তেওঁৰ সেই হাবিখনত প্ৰায় চাৰি হাজাৰ এশ বিঘাতকৈও অধিক মাটি আছে।

বহু স্বীকৃতি আহিল তেওঁলৈ :

যাদৱ পায়েঙে কৰা মহৎ কৰ্মৰাজিৰ বাবে তেওঁলৈ ইতিমধ্যে বহুতো বঁটা আহিল। ২০১২ চনত ধৰিত্ৰী দিৱসৰ দিনা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে যাদৱ পায়েঙক ‘ভাৰতৰ অৰণ্য মানৱ’ উপাধি প্ৰদান কৰে। ২০১২ চনত তেওঁক ‘চেংচুৱেৰি এছিয়া ৱাইল্ড লাইফ’ বঁটাও প্ৰদান কৰা হয়। ২০১৫ চনৰ ২৬ জানুৱাৰীত তেওঁক ভাৰতবৰ্ষৰ চতুৰ্থ সৰ্বোচ্চ সন্মান ‘পদ্মশ্ৰী’ প্ৰদান কৰা হয়। ২০১৫ চনৰ ফেব্ৰুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ‘ডক্টৰেট ডিগ্ৰী’ প্ৰদান কৰে।

যাদৱ পায়েঙৰ কিছুমান কথাৰে :

বহুতে আত্মপ্ৰচাৰৰ বাবেও আজিকালি প্ৰকৃতি সংৰক্ষণত ব্যস্ত থাকি অত ত’ত অলপ অচৰপ কাম কৰি থকা সময়ত এইগৰাকী নীৰৱ প্ৰকৃতি কৰ্মীয়ে সংবাদ মাধ্যমৰপৰা দূৰৈত থাকিও পৰিৱেশ বিষয়ক জনসজাগতাৰ বাবেই দেশৰ বহু ভিতৰুৱা অঞ্চললৈ নিজে গৈ ৰাইজক গছ-গছনি ৰোৱাৰ উপযোগিতা তথা গুৰুত্ব সম্বন্ধে বহু তত্বগধুৰ কথা কৈ আহিছে। তেওঁ কয়,

“জীৱশ্ৰেষ্ঠ মানুহতকৈ চৰায়ে বেছি গছ ৰোৱে, আমি কেৱল গছ কাটোঁহে।”

“এক বৃক্ষ দশ পুত্ৰ সম”, এই বাণী আমি পাহৰি আজি যধে-মধে গছ-গছনি কাটি নিজৰ বিপদ নিজেই মাতিছোঁ, আমি এই গছ-গছনি ৰোপণৰ সজাগতা সৰুৰেপৰা স্কুলতে শিকাব লাগিব। তেতিয়াহে উত্তৰ প্ৰজন্মই এইবোৰ অভ্যাসলৈ মন দিব।

তেওঁ এবাৰ সাংবাদিকক কৈছিল, “জীৱ-জন্তুক আক্ৰমণ নকৰিলে কোনো জীৱ-জন্তুৱে নিজে পোনতে মানুহক আক্ৰমণ নকৰে, সিহঁতে বহু সময়ত ভীতিগ্ৰস্ত হ’লে বা অজানিতে সিহঁতৰ পথত আমি বাধা দিলে আমাক আক্ৰমণ কৰে, আচলতে সিহঁত আমাৰ বন্ধুৱেই, কেৱল আমিহে সিহঁতক বন্ধুভাৱে নলওঁ।”

এবাৰ আন এটা সাক্ষাৎকাৰত সাংবাদিকৰ আগত তেওঁ কৈছিল, “মানুহে গছ ৰোপণ নকৰি আজিৰ দৰে গছ কাটি থাকিলে ভয়ানক সংকটৰ সন্মুখীন হ’ব লাগিব। মই বহু বিজ্ঞানৰ কথা নাজানো, কিন্তু এটা কথা জানো যে গছ-গছনি যুগে যুগে আমাৰ বন্ধু হৈয়েই আছে, হৈ থাকিবও। আমিহে প্ৰকৃতিৰ এই আহ্বান বুজা নাই, কেৱল পাহাৰবোৰ, সাতামপুৰুষীয়া অৰণ্যবোৰ ইমান পঢ়াশুনা কৰিও কাটি তহিলং কৰি আছোঁ। আগতে আমাৰ গাঁওবোৰত কিমান হাবি আছিল, ক’ত গ’ল সেই হাবিবোৰ, আমাৰেই কোনোবাই কাটি ঘৰ দুৱাৰ বনোৱা নাই নে, বহু নগৰ চহৰ আজি পাহাৰ কাটি অৰণ্য কাটি খাষ্টাং কৰি তাত অবাধ বেদখল কৰিহে গঢ়ি উঠিছে। গতিকে আমি  নিজকে ভবিষ্যতে বাচিবলৈ প্ৰকৃতি সংৰক্ষণত ব্যস্ত নাথাকিলে নহ’ব। মোৰ মুঠ কথা আমি গছ কাটিব নালাগে বহুকেইটা কাৰণত, গছে বায়ুমণ্ডলক অক্সিজেন দিয়ে, বানপানীৰ সময়ত গৰাখহনীয়া ৰোধ কৰে, গছে বৰষুণৰ পানী মাটিৰ তললৈ বোৱাই নি সুন্দৰভাৱে আমাৰ বাবেই জমা কৰি ৰাখে। গছ কটাৰ ফলত পৃথিৱীজুৰি বতাহৰ সোঁত হ্ৰাস হয়, গছ কাটিলে অক্সিজেন হ্ৰাস হৈ গোলকীয় উষ্ণতা বঢ়ায়। গছ-গছনি থাকিলে জীৱ-জন্তুৰ থকাৰ এক আশ্ৰয়স্থলী হয়, গছ-গছনিয়ে আমাক ফল-মূল তথা বিবিধ খাদ্যদ্ৰব্য তথা ঔষধো যোগান ধৰে, বায়ুমণ্ডলত অহৰহ উৎপাদিত কাৰ্বন-ডাই-অক্সাইড গছ-গছনিয়ে নিজৰ খাদ্যপ্ৰস্তুত কৰণত ব্যৱহাৰ কৰি প্ৰাকৃতিক ভাৰসাম্যতা ৰাখি আহিছে, গছে তাৰ পাতত থকা পত্ৰহৰিতৰ উপস্থিতিত কাৰ্বন-ডাই-অক্সাইড আৰু পানীৰপৰা সূৰ্যৰ পোহৰত নিজৰ খাদ্য নিজেই প্ৰস্তুত কৰে, সিহঁতে নিজৰ খাদ্য প্ৰস্তুত কৰোঁতেও আজিৰ পৃথিৱীৰ ডাঙৰ সমস্যা কাৰ্বন-ডাই-অক্সাইডহে (সমগ্ৰ বিশ্বতেই কাৰ্বন-ডাই-অক্সাইড বৃদ্ধি ডাঙৰ সমস্যা ৰূপে থিয় দিছে) লয়, পিচে আমি নুবুজি সেই মৰমীয়াল গছ-গছনি ৰুবলৈ চেষ্টা নকৰি কাটোঁহে। আমি প্ৰকৃতিক শ্ৰদ্ধা মৰম কৰিলেহে এইখন পৃথিৱী সুন্দৰ হৈ থাকিব। প্ৰকৃতিৰ প্ৰতি মৰম, ভক্তি কৰাৰ কথা অতীজৰেপৰা শংকৰদেৱ আদি মহাপুৰুষসকলেও কৈ গৈছে।”

কেইবাখনো তথ্যচিত্ৰৰ মাজেদি মানুহজন :

সাংবাদিক, লেখক জিতু কলিতাই ২০১২ বৰ্ষত ‘দ্য মুলাই ফৰেষ্ট’ নামৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল যিখন জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয় পৰ্যন্ত জনপ্ৰিয় হৈছিল। আচলতে এইখনৰ পিছতহে যাদৱ পায়েং বিখ্যাত হৈছিল বুলিব পাৰি। ইয়াৰ পাছতেই যাদৱ পায়েঙৰ কৰ্মজীৱনৰ ওপৰত আৰতি শ্ৰীবাস্তৱে ‘ফৰেষ্টিং লাইফ’ নামৰ আন এখন তথ্যচিত্ৰ নিৰ্মাণ কৰে। ২০১৩ চনতে উইলিয়াম ডগলাছ মেকমাষ্টাৰে নিৰ্মাণ কৰিছিল ‘ফৰেষ্ট মেন’ নামৰ যাদৱ পায়েং বিষয়ক ২৩ মিনিটৰ আন এখন তথ্যচিত্ৰ। বিবিচিৰ জনপ্ৰিয় অনুষ্ঠান ‘ট্ৰেভল শ্ব’ত ২০১৭ চনৰ মাৰ্চ মাহতে ৰাজন ডটাৰে সম্প্ৰচাৰ কৰিছিল যাদৱ পায়েঙ বিষয়ক এখন প্ৰতিবেদন, য’ত তেওঁৰ এই নীৰৱে প্ৰকৃতি সংৰক্ষণত ব্যস্ত থকা জীৱনটো মুকলিভাৱে দেখুৱা হৈছিল। যাদৱ পায়েঙৰ ওপৰত ‘Jadav and the Tree-Place’  নামেৰে ইংৰাজী ভাষাত বিনায়ক বাৰ্মাই এখন শিশু গ্ৰন্থও লিখিছে।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *