ফটাঢোল

বাদুংদ্যুপ্পা-ৰঞ্জিত কুমাৰ শৰ্মা

পাঠকসকল, আপোনালোকে নিশ্চয় ভ্ৰাম্যমাণ থিয়েটাৰৰ অস্থায়ী প্ৰেক্ষাগৃহ বা কোনো স্থায়ী প্ৰেক্ষাগৃহত বহি নাটক চাইছে৷ মেলা-উৎসৱ আদিতো নাটক চাই পাইছে৷ কিন্তু এই লেখাত অসমৰ এখন গাঁৱত হোৱা ব্যতিক্ৰমী নাট পৰিৱেশনৰ বিষয়ে লিখিবলৈ বিচাৰিছোঁ৷ ব্যতিক্ৰমী আৰু সুকীয়া শৈলীৰে নাট পৰিৱেশন কৰি এই গাঁওখনৰ এজাক নাট্যশিল্পীয়ে গাঁওখনৰ নাম বিশ্বৰ দৰবাৰলৈ নিবলৈ সক্ষম হৈছে৷ এবাৰ ভাবকচোন, মঞ্চ-লাইট, লাউডস্পীকাৰ, চকুত লগা মঞ্চসজ্জা আৰু এইবোৰৰ উপৰি প্ৰধানকৈ স্থায়ীয়েই হওক বা অস্থায়ীয়েই এটা প্ৰেক্ষাগৃহ আৰু এখন ওখ মঞ্চ – এইবোৰ ব্যৱস্থা নোহোৱাকৈও নাট প্ৰদৰ্শন হ’ব পাৰেনে? সেয়াও বনাঞ্চলৰ মাজত? এয়া কিমানখিনি সম্ভৱ? কিন্তু এয়া সম্ভৱ কৰি তুলিছে এদল নাট্যশিল্পৰ সাধকে৷ এই ব্যতিক্ৰমী শৈলীৰ সফল প্ৰয়োগ কৰি অনন্য নিদৰ্শন দাঙি ধৰিছে অসমৰে এখন গাঁৱৰ এটা অনুষ্ঠানে৷ এই অনুষ্ঠানটো গঢ় দিয়া আৰু নাট্যচৰ্চাৰ অভিনৱ শৈলী আৰু পৰিৱেশৰ সৃষ্টি কৰা মানুহজন আজি নাই৷ নিয়তিয়ে সেই প্ৰতিভাক অকালতে আমাৰ মাজৰপৰা চিৰদিনৰ বাবে কাঢ়ি লৈ গৈছে৷ কিন্তু তেওঁৰ স্মৃতি সুঁৱৰি তেওঁৰ পত্নী আৰু এজাক অপেচাদাৰী নাট্যশিল্পী তথা নাট্যপ্ৰেমীয়ে আজিও জীয়াই ৰাখিছে অনুষ্ঠানটো, জীয়াই ৰাখিছে সেই অগতানুগতিক নাট্যশৈলীক৷

পশ্চিম অসমৰ গোৱালপাৰা জিলাৰ আগিয়াৰ নিকটৱৰ্তী এখন সৰু গাঁও৷ গাঁওখনৰ নাম ৰামপুৰ৷ এই গাঁওখনৰে এটি ৰত্নৰ নাম শুক্ৰাচাৰ্য ৰাভা৷ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্যপুৰুষ পদ্মভূষণ এইচ কানহাইলালৰ সুযোগ্য শিষ্য তথা অভিনেতা, নাট্যকাৰ, নাট পৰিচালক শুক্ৰাচাৰ্য ৰাভাই ১৯৯৮ চনত ৰামপুৰত জন্ম দিছিল এটা অনুষ্ঠানৰ৷ এই অনুষ্ঠানৰ নাম ‘বাদুংদ্যুপ্পা কলা কেন্দ্ৰ’৷ বাদুংদ্যুপ্পা হ’ল ৰাভা জনগোষ্ঠীৰ বাঁহেৰে সজা এবিধ বাদ্যযন্ত্ৰ৷ শুক্ৰাচাৰ্য ৰাভাই পদ্মভূষণ এইচ কানহাইলাল আৰু তেওঁৰ পত্নী পদ্মশ্ৰী এইচ সাবিত্ৰী কানহাইলালৰ ওচৰত মণিপুৰৰ ইম্ফলত থকা কলাক্ষেত্ৰত নাট্যকলাৰ প্ৰশিক্ষণ লৈছিল৷ ২০০৪ চনত ৰামপুৰলৈ অহা এইচ কানহাইলালে তেওঁৰ ব্যতিক্ৰমী প্ৰকল্প ‘Nature Lore’ৰ অধীনত ২০০৮ চনত মণিপুৰ কলাক্ষেত্ৰ আৰু বাদুংদ্যুপ্পা কলা কেন্দ্ৰৰ সহযোগত ৰামপুৰত শাল গছৰ তলত নাট প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছিল৷ গাঁওখনত অগণন শালগছেৰে ভৰি থকা সংৰক্ষিত বনাঞ্চল এখনত এইচ কানহাইলালে লেডী মেকবেথ নাটৰ আখৰাও কৰিছিল৷ তেনেদৰেই বনাঞ্চলখনৰ নাম দিয়া হৈছিল ‘মেকবেথ জংঘল’৷ ইয়াৰ পিছৰপৰাই শুক্ৰাচাৰ্য ৰাভাৰ নেতৃত্বত বাদুংদ্যুপ্পা কলা কেন্দ্ৰই এই বনাঞ্চলখনত নাট প্ৰদৰ্শনৰ অভিনৱ পদ্ধতি গঢ়ি তোলে৷ ২০০৯ চনৰপৰা প্ৰতিবছৰে (মাজতে এবছৰ বাদ দি) ডিচেম্বৰ মাহত বাদুংদ্যুপ্পা কলা কেন্দ্ৰই নিজাববীয়াকৈ ‘মেকবেথ জংঘল’ত নাট সমাৰোহ অনুষ্ঠিত কৰি আহিছে৷ ইয়াৰ বাবে প্ৰতিবছৰে শালগছৰ তলৰ বন-জংঘল আঁতৰাই গছৰ মাজে মাজে বাঁহেৰে দৰ্শকৰ বাবে গেলাৰী সজা হয়৷ সন্মুখত মাটিতেই সজা হয় মঞ্চ৷ নল-খাগৰি, খেৰেৰে সজা হয় মঞ্চৰ ‘বেকগ্ৰাউণ্ড স্ক্ৰীণ’৷ এই নাট সমাৰোহৰ নাম দিয়া হৈছে ‘আণ্ডাৰ দি শাল ট্ৰি থিয়েটাৰ ফেষ্টিভেল’৷ দেশ-বিদেশৰ বহু নাট্যপ্ৰেমী, নাট্যকলাৰ কলা-কুশলী, দৰ্শকৰ হৃদয়ত সাঁচ বহুৱাবলৈ সক্ষম হৈছে বাদুংদ্যুপ্পা কলা কেন্দ্ৰৰ এই নাট সমাৰোহে৷ আধুনিক নাটত ব্যৱহাৰ হোৱা কৃত্ৰিম পোহৰ, লাউডস্পীকাৰ বা কৃত্ৰিম শব্দ, অত্যাধুনিক বাদ্যযন্ত্ৰ, কৃত্ৰিম আৰু জাক-জমকতাভৰা দৃশ্যসজ্জা ‘আণ্ডাৰ দি শাল ট্ৰি’ৰ নাট মহোৎসৱত নাথাকে৷ লোকসাহিত্য, লোককৃষ্টি, লোকসংস্কৃতি, সমাজ আৰু প্ৰকৃতিয়েই এই নাট সমাৰোহৰ প্ৰধান বৈশিষ্ট্য৷ দিনৰ পোহৰত, অগণন শালগছৰ মাজত প্ৰকৃতিৰ আৱৰণ, সৌম্য-শান্ত পৰিবেশত নাট উপস্থাপনৰ এই ব্যতিক্ৰমী শৈলী সমগ্ৰ বিশ্বতে বিৰল৷ বিশ্বৰ বিভিন্ন ঠাইত প্ৰাকৃতিক পৰিবেশত মুকলি মঞ্চ আছে আৰু তেনে মঞ্চত নাট মঞ্চস্থও কৰা হয়৷ তেনে স্থানত অৱশ্যে কাঠ-মাটি আদিৰে কিছু ওখকৈ মঞ্চ সজা হয়৷ ঠায়ে ঠায়ে স্থায়ী মঞ্চও আছে৷ কিন্তু এইক্ষেত্ৰত বহু পৃথক বাদুংদ্যুপ্পা কলা কেন্দ্ৰৰ ‘আণ্ডাৰ দি শাল ট্ৰি’ নাট সমাৰোহ৷ আন মুকলি থিয়েটাৰত কাঠৰ মঞ্চ, স্থায়ী বা শিল-চিমেণ্টৰ পৰশ পোৱা কাঠৰ গেলাৰীহে আছে৷ কিন্তু বাদুংদ্যুপ্পাৰ ‘মেকবেথ জংঘল’ত সকলো অস্থায়ী, সকলো প্ৰাকৃতিক৷ আধুনিক নিৰ্মাণ সামগ্ৰীৰ ইয়াত স্থান নাই৷ বছৰৰ আন সময়ত বনাঞ্চলখন দেখিলে তাতো যে নাটক কৰিব পাৰি সেই কথা মনলৈয়ে নাহিব৷ কিন্তু নাট সমাৰোহৰ সময়ত সেই বনাঞ্চলতে নাট্যকলাই প্ৰাণ পাই উঠে৷ শাল গছৰ তলবোৰ চিকুনাই দৰ্শকৰ বাবে বাঁহেৰে অৰ্ধচন্দ্ৰাকাৰত গেলাৰী সজা হয়৷ আনহাতে সন্মুখভাগক মঞ্চৰ ৰূপ দি নাট মঞ্চস্থৰ বাবে সাজু কৰা হয়৷ মাইক্ৰফোন নাথাকিলেও মেকবেথ জংঘলত শাল গছৰ তলত হোৱা নাটকৰ প্ৰতিটো সংলাপ আৰু সংগীত প্ৰতিজন দৰ্শকে শুনিবলৈ পায়, অভিনয়ো চায়৷ ম’বাইল ফোনৰ চুইচ মৌন কৰি ৰাখি কাহ পৰি জীণ যোৱা পৰিবেশ সৃষ্টিৰে দৰ্শকে ইয়াত নাট উপভোগ কৰে৷ সঁচাকৈয়ে অনন্য এই পৰিবেশ৷ অসমকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ উপৰি বিদেশৰ নাট্যদলেও নাট পৰিৱেশন কৰিছে ‘আণ্ডাৰ দি শাল ট্ৰি’ত৷

বনাঞ্চলখনৰপৰা নাতিদূৰৈত আছে বাদুংদ্যুপ্পা কলা কেন্দ্ৰৰ কাৰ্যালয়৷ প্ৰতিবছৰে নাট সমাৰোহত অংশ লোৱা শিল্পী, কলা-কুশলী, অতিথিক ৰখাৰ বাবে এই কাৰ্যালয়ৰ চৌহদতে বাঁহ-খেৰ আদিৰে সজা হয় অতিথিশালা৷ এই স্থানত আছে কলা কেন্দ্ৰৰ কাৰ্যালয়, আখৰা গৃহ আৰু গছৰ মাজে মাজে সজাই ৰখা এখন সৰু মুকলি নাট্যক্ষেত্ৰও৷ যেন এইখনো এখন ক্ষুদ্ৰ মেকবেথ জংঘল৷ এইখন নাট্যক্ষেত্ৰ বছৰৰ সকলো সময়তে নাটক কৰিব পৰাকৈ সাজু কৰি ৰখা হয়৷ ইয়াত নাটকৰ কৰ্মশালা, শিশু নাট সমাৰোহৰো আয়োজন কৰা হয়৷ অকল সেয়ে নহয়, ইয়াত হয় নাটকৰ আলোচনা, পৰিকল্পনা, গৱেষণাও৷ দেশী-বিদেশী নাট্যশিল্পী, নাটকৰ শিক্ষাৰ্থীয়ে বাদুংদ্যুপ্পা কলা কেন্দ্ৰলৈ গৱেষণাৰ সমল বিচাৰি অহাও উদাহৰণ আছে৷ এইচ কানহাইলালৰ আৱক্ষ মূৰ্তি এটাও ইয়াত প্ৰতিষ্ঠা কৰা হৈছে৷ যি সময়ত নানা কাৰিকৰী কৌশল, কৃত্ৰিমতাই নাটকক চিনেমাৰ কাষ চপাই নিছে তেনে সময়ত ‘আণ্ডাৰ দি শাল ট্ৰি থিয়েটাৰ ফেষ্টিভেল’-এ নাট্যজগতত নৱৰসৰ সৃষ্টি কৰিছে বুলি ক’ব পাৰি৷ অপেচাদাৰী নাট্যজগতত শুক্ৰাচাৰ্য ৰাভাৰ প্ৰতিভা আৰু এই প্ৰচেষ্টাৰ স্বীকৃতিৰূপে তেওঁ লাভ কৰিছিল বিছমিল্লা খা যুৱ পুৰস্কাৰ, আদিত্য বিক্ৰম বিৰলা কলা কিৰণ পুৰস্কাৰ, প্ৰতিমা বৰুৱা পাণ্ডে বঁটা, মহেন্দ্ৰ বৰঠাকুৰ বঁটা, যুগল কিশোৰ চৌধুৰী সোঁৱৰণী বঁটা, পাটলিপুত্ৰ বঁটা, শেঁৰ চৌধুৰী সোঁৱৰণী বঁটাকে ধৰি বিভিন্ন বঁটা আৰু সন্মান৷

সময় আৰু নিয়মানুবৰ্তিতাৰ ক্ষেত্ৰতো আদৰ্শ দেখুৱাই আহিছে ‘আণ্ডাৰ দি শাল ট্ৰি’ নাট সমাৰোহে৷ বাদুংদ্যুপ্পা কলা কেন্দ্ৰই ডিচেম্বৰ মাহৰ দ্বিতীয় পষেকত এই নাট সমাৰোহ অনুষ্ঠিত কৰে৷ এক মিনিটো পলম নকৰাকৈ প্ৰতিখন নাট, সমাৰোহৰ প্ৰতিটো কাৰ্যসূচীয়েই ৰূপায়ন কৰি আহিছে তেওঁলোকে৷ মন কৰিবলগা যে এই নাট সমাৰোহত দেশী-বিদেশী নাট্যদল, নাট্যশিল্পী, নাট্যপ্ৰেমীৰ উপৰি সাংবাদিকৰো আগমন ঘটে৷

নাই কোনো কোটি টকা পাৰিশ্ৰমিক লোৱা ব্ৰেণ্ড অম্বেছাদৰ৷ নাই কোনো হলিউড-বলিউডৰ চেলিব্ৰেটীও৷ জীৱন ধাৰণৰ বাবে প্ৰয়োজন হোৱা দৈনন্দিন সকলো কামৰ লগতে নাটক, কলা-কৃষ্টিৰ সাধনা কৰাটোকো দায়িত্ব বুলি ভবা এজাক শিল্পী-সেনানী আৰু শুভাকাংক্ষীক লৈয়েই নিজৰ গাঁৱৰপৰাই বিশ্বৰ দৰবাৰত স্থান লভিবৰ সক্ষম হৈছে নাট্যাচাৰ্য শুক্ৰাচাৰ্য ৰাভা আৰু তেওঁ গঢ় দিয়া এটা অনুষ্ঠান৷ ‘থিয়েটাৰ অলিম্পিক’লৈও আমন্ত্ৰিত হৈছিল বাদুংদ্যুপ্পা কলা কেন্দ্ৰৰ নাট্যদল৷

নাট সমাৰোহৰ দিনকেইটাত নিজ নিজ কৰ্মক্ষেত্ৰৰপৰা ছুটী লৈ হ’লেও ৰামপুৰত উপস্থিত হয় বহুজন৷ ফলত দুগুণ উৎসাহেৰে কাম কৰাৰ প্ৰেৰণা পাইছে আয়োজকসকলে৷ এই প্ৰসংগত শুক্ৰাচাৰ্য ৰাভাই জীয়াই থাকোঁতে এদিন এই লেখকক কৈছিল, “যদিওবা আমি কেইজনমান লোকে ইয়াত কাম কৰি আছোঁ, কিন্তু আমাৰ শুভাকাংক্ষী ইমান বৃদ্ধি হৈ গৈ আছে যে সেয়া বেলেগ গ্ৰুপবোৰত আছে নে নাই নাজানো৷ এইক্ষেত্ৰত আমি সৌভাগ্যবান৷ ‘বাদুংদ্যুপ্পা’ৰ ইমান বেছি শুভাকাংক্ষী আছে যিসকলে নিজে বাদুংদ্যুপ্পাৰ সদস্য হৈ থাকি বাহিৰৰপৰা বিভিন্ন প্ৰকাৰে সহায়-সহযোগ কৰি টীমটোক শক্তিশালী কৰিছে৷ তেওঁলোকে বাদুংদ্যুপ্পাৰেই একোজন বুলি ভাবি কাম কৰে৷ এই সদিচ্ছা সঁচাকৈয়ে প্ৰেৰণাদায়ক৷ ভাল কামলৈ মানুহৰ সদিচ্ছা আৰু সহযোগ যে আগৰ নিচিনাই আছে এয়াই তাৰ প্ৰমাণ৷” মন কৰিবলগা যে বিভিন্ন ভাষা-ভাষী, জাতি-ধৰ্মৰ মানুহে বাদুংদ্যুপ্পাৰ নাট সমাৰোহত উবুৰি খাই পৰে৷ শুক্ৰাচাৰ্যদেৱে কৈছিল, “এই নাট সমাৰোহত মানুহ প্ৰকৃত ‘মানুহ’ৰ শাৰীলৈ উপনীত হয়৷ ইয়াত কাৰো ইগ’ নাথাকে, সকলোৱে একেলগে মানুহ হিচাপে থিয় হয়৷”

২০১৮ চনৰ ৮ জুনত মাত্ৰ ৪১ বছৰ বয়সতে হঠাৎ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শুক্ৰাচাৰ্য ৰাভাৰ অকাল বিয়োগ ঘটে৷ ৰাভাদেৱৰ আকস্মিক মৃত্যু তেওঁৰ পৰিয়াল আৰু বাদুংদ্যুপ্পা কলা কেন্দ্ৰৰ বাবে অভাৱনীয় আছিল৷ শোকত ম্ৰীয়মান হৈ পৰিছিল সকলো৷ স্তব্ধ হৈ পৰিছিল ৰামপুৰ গাঁও, মেকবেথ জংঘল৷ তেওঁৰ মৃত্যুৰ বাতৰিয়ে শত-সহস্ৰজনক ব্যথিত কৰিছে৷ শুক্ৰাচাৰ্যৰ তৎপৰতাতে বাদুংদ্যুপ্পা কলা কেন্দ্ৰৰ কাৰ্যালয় চৌহদত ‘গুৰু’ এইচ কানহাইলালৰ আবক্ষ মূৰ্তি এটা স্থাপন কৰা হৈছিল৷ গুৰুৰ সেই আবক্ষ মূৰ্তিৰ কাষতে অকালতে স্থাপন কৰিবলগা হ’ল শিষ্য শুক্ৰাচাৰ্যৰো আবক্ষ মূৰ্তি৷ এই দুখৰ মাজতো ভাল খবৰটো হ’ল যে শুক্ৰাচাৰ্য ৰাভাৰ মৃত্যুৰ পিছতো বাদুংদ্যুপ্পা কলা কেন্দ্ৰই নাট্যচৰ্চা, নাট সমাৰোহ এৰি দিয়া নাই৷ শালগছৰ দৰেই মজবুত, দৃঢ় আছিল শুক্ৰাচাৰ্য ৰাভা৷ প্ৰকৃতিৰ মাজত নাটক, কলা-কৃষ্টিৰ সাধনা কৰি শিপাক মজবুত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা এজাক শিল্পী-সেনানীৰ সেনাপতি আছিল শুক্ৰাচাৰ্য ৰাভা৷ তেওঁৰ সেই সেনানী থমকি ৰোৱা নাই৷ শুক্ৰাচাৰ্য ৰাভাৰ আদৰ্শ আৰু স্মৃতিক বুকুত সাবটি আৰু তেওঁৰ পত্নীক সন্মুখত লৈ বাদুংদ্যুপ্পা কলা কেন্দ্ৰ আগবাঢ়িছে৷ শেহতীয়াকৈ চৰকাৰেও কিছু পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে৷ এয়াও ভাল খবৰ৷

☆ ★ ☆ ★ ☆

4 Comments

  • চন্দন

    বাদুংদুপ্পাৰ বিষয়ে বহুত শুনি আছিলো৷ নজনা কথা জানিলো৷ ভাল লাগিল৷

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা

      পঢ়াৰ বাবে ধন্যবাদ জনালোঁ৷

      Reply
  • বন্দিতা

    নজনা কথা জানিব পাৰিলো। ভাল লাগিল।

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা৷

      পঢ়াৰ বাবে ধন্যবাদ৷

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *