ফটাঢোল

আই-লেচ-নিৰ্মালী বৰমুদৈ

চাৰিওফালে উথপথপ। কোনোৱে যদি চাহ তামোল যোগাৰ কৰাত ব্যস্ত হৈ আছে, কোনোৱে আকৌ চাফ চিকুণ কৰাত। দুজনমানে কলগছ এজোপা কাটি আনি বেই সাজিবলৈ ধৰিছে, দুগৰাকীমানে আকৌ মেখেলাখন উজাই তিনিপাকমান ভিতৰ বাহিৰ কৰোঁতেই গৈছে। বয়োজ্যেষ্ঠকেইজনে নাম কীৰ্তনৰ কাৰণে যো-জা চলাইছে। চেঙেলীয়া ল’ৰা দুজনে নিজৰ মনৰ পচন্দৰ গান বিচাৰি মোবাইলৰপৰা চাউন্দ চিষ্টেমত সংযোগ কৰিছে। আয়তীকেইগৰাকীয়ে চকীতে বহি লগৰকেইগৰাকী অহালৈ অপেক্ষা কৰি ৩-৪ খনমান তামোলকে মুখত ভৰাইছে।

দেখিলেই অনুমেয় এয়া এক বিয়াৰ পৰিবেশ। সকলোৰে মৰমৰ আমাৰ হেতুলুকাজনীৰ আজি শুভ বিবাহৰ দিন। কিমান যে হেঁপাহৰ দিন সকলোৰে কাৰণে। প্ৰায় এবছৰমানৰ আগৰপৰাই আশা পুহি ৰখা বিয়াখনৰ অৱশেষত নিৰ্দিষ্ট দিনটো আহি পালেহি। বাকী সকলোতকৈ হয়তো কইনা হেতুলুকা বেছি সুখী।

গেৰুৱা ৰঙৰ মেখেলা চাদৰ পিন্ধি, কঁপালত মস্ত ৰঙাকৈ ফোঁটেৰে খৰখোজেৰে গেটৰ ফালে ধাৱমান সেইয়া আমাৰ কইনা হেতুলুকা। কালি জোৰোণ হৈ যোৱাৰ পিছৰেপৰা তাই গাত তৰণিয়েই নাই। আজি ৰাতিপুৱাৰেপৰা ৩-৪ বাৰমান কেৱল গেটৰ ওচৰলৈকে আহি আছে। মাজে মাজে মোবাইলটোত কথা পতাও শুনো, “ইচ ৰাম, এতিয়াও জাগীৰোদ পোৱাহিয়েই নাই? কেতিয়া যে পাবাহি আৰু নহয়”।  অঃ আৎসা, তাৰমানে কোনোবা বিশেষৰ অপেক্ষা। যিমানেই বিশেষ মানুহ নহওক কিয়, কইনাগৰাকীয়ে এনেকৈ গেটৰ ওচৰত আহি থাকিলে ভালো নেদেখি। আয়তী এগৰাকীয়েতো কৈয়ে দিলে, “অ’ মা, আজিৰ দিনটোত তই এনেকৈ অহা যোৱা কৰি থাকিব নাপায় নহয়”। এগৰাকীয়ে লগতে সুৰ মিলাই ক’লে, “কইনাৰ গতেই নাই এইৰ গাত।” হেতুলুকাও হ’বলা কম ভকতনী! মুখতে ভোৰভোৰাই কৈ গ’ল, “বাবৰৰ দিনতে বিয়া হৈ অহা মানুহে কি বুজিব আজিৰ যুগৰ ছোৱালীৰ কথা! হুঁঃ।”

কইনাক নোওৱা ধোওৱা পৰ্ব শেষ কৰি আয়তীসকল সমাজ পাতি বহিল। ইতিমধ্যে ৰাইজৰ সমাজৰো নাম প্ৰসংগ শেষ হ’বলৈ ধৰিছে। কইনাই সমাজত সেৱা কৰিবলৈ আগবাঢ়ি আঁঠু লৈছে। তেনেকুৱাতে ছোৱালী এগৰাকী আহি কইনাৰ কাণে কাণে কিবা এষাৰ ক’লেহি। ঘপহকৈ কইনা হেতুলুকা সেৱা এৰি উঠি যাবলৈ ধৰিলে। মাকে তাইৰ হাততে খামুচ মাৰি ধৰি ক’লে, “ক’লৈ যাবলৈ ওলাইছ? নাপায় নহয় উঠি যাব। উপায়বিহীন হৈ হেতুলুকাই আকৌ সেৱা কৰিবলৈ ধৰিলে।” সেৱা কৰি আছে যদিও উচপিচাই আছে কেতিয়া সেৱাভাগ শেষ হয় বুলি। মাকক কাণে কাণে কৈছে, “মাত্ৰ এটা প্ৰাৰ্থনা গাবি”। উফ! কি সাংঘাতিক কইনা এইজনী!

“আহি পালাহি ন? মই যে কিমান বাট চাই আছোঁ তোমালোকৰ কাৰণে। ইমান দেৰি কৰিছা। মোৰ ভয়েই লাগিছিল জানা সময়ত আহি নাপাবা বুলি।” – হাতত ট্ৰলী দুটা লৈ দুগৰাকী ধুনীয়া ছোৱালী হেতুলুকাৰ পিছে পিছে তাইৰ ৰুমৰ ফালে আগবাঢ়ি গ’ল। ৰঙিলী পেহীয়ে কোৱা শুনিহে গম পালোঁ, সেই দুগৰাকীৰ কাৰণেহে হেতুলুকাই ইমান অধীৰ আগ্ৰহেৰে বাট চাই আছিল। কিবা বোলে মেকআপ কৰা আৰ্টিষ্ট। গুৱাহাটীৰপৰা আহিছে হেনো।

ৰুমটোত কাকো সোমাবলৈ দিয়া নাই। মেকআপ কৰা চাবলৈ নিদিয়ে হেনো। ইফালে বাহিৰত কইনা বিচাৰি হাঁহাকাৰ লগাই দিছে। খাই বৈ উঠি উপহাৰ দিবলৈ ৰৈ আছে অতিথি, আমাৰ কইনাই পিছে মেকআপ ৰুমৰ দুৱাৰ নোখোলেহে নোখোলে। কোনো কোনোৱে মাকৰ হাততে প্ৰেজেণ্ট দি গুচি গৈছে। পিছে এই কথাই কথা নহয়, পিছে পৰেও বাকীখিনি মেকআপ কৰিব, আগতে অতিথিসকলৰ আৰ্শীবাদকণ লৈ লওকহি বুলি ৰঙিলী পেহীয়ে দুৱাৰ টুকুৰিয়াবলৈ লাগিলে। হেতুলুকাও উপায়বিহীন হৈ আধা মেকআপ কৰাকৈয়ে বাহিৰলৈ আহিল। পেহীয়েকক বকিছেও, “মাত্ৰ এটা চকুৰ আইলেচডাল লগাবলৈ বাকী আছিল। ইমান উৎপাত তহঁতৰ একেবাৰে। যেন কইনা পলাই দৰা ঘৰহে পালেগৈ।”

বাৰু যি কি নহওক, এডাল আইলেচ লগাইয়েই আমাৰ হেতুলুকাই আলহীক মাত লগালেহি। সিটো চকুৰ আইলেচ লগাবলৈ বুলি ভিতৰলৈ গৈ দেখে মেকআপ কৰা ছোৱালী দুজনী নাই। আৰে ক’ত গ’ল? খোৱা ৰভাতো চালে, নাই। গোটেই বিয়াঘৰ বিচাৰি চলাথ কৰিছে, নাই। হঠাৎ পিছফালে চাওঁ বুলি দেখিলে ট্ৰলী দুটা লৈ ছোৱালী দুগৰাকী দেখোন পিছফালৰ পথাৰখনেদি দৌৰি দৌৰি পলাইছে। হেতুলুকাইয়ো পাটৰ মেখেলা দাঙি সিঁহতৰ পিছে পিছে দৌৰিছে, “অ’ই মোক আইলেচডাল লগাই থৈ যা, অ’ই ছোৱালীহঁত….. অই মেকআপ আৰ্টিষ্ট….. পইছা বেছিকৈ দিম লাগিলে, তথাপি আইলেচডাল লগাই থৈ যা।”

নাই, কোনেও কাৰো কথা শুনিবলৈ নাই। মাথো দৌৰিছে। দৌৰি দৌৰি এসময়ত হেতুলুকাৰ ভাগৰ লাগিল। হঠাৎ যেন ভৰিকেইটা কিহবাই খামুচি ধৰিছে। চকুকেইটাও বিষাইছে। কিবা এটাই খুব জোৰকৈ হেঁচা মাৰি ধৰা যেন অনুভব হ’ল। কাণখনত চিনাকী মাতৰ দুটামান শব্দ শুনা পালে, “তোৰ আই-লেচ নাইকিয়া হোৱা নাই। আছে তোৰ চকুকেইটা। এইয়া চা, তই চকু মেলিছ।” এইবুলি মাকে তাইক জোকাৰি দিলে।

চকুকেইটা মেলিহে গম পালে ইমান পৰে তাই সপোনতে আইলেচ লগাই আছিল। আজলী মাকে আইলেচ মানে চকু নোহোৱাটোকে বুজিলে। ধেৎতেৰি! হওক দে, ইমানখিনি ইংৰাজীকে যে মাকে বুজি পাইছে। ৰীতাৰ বিয়াত লগাবলৈ আনি থোৱা আইলেচডালকে মাকক দেখুৱাই বুজাই দিব লাগিব।

☆ ★ ☆ ★ ☆

11 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *