ফটাঢোল

কৌতুক-ৰিন্টুমনি দত্ত

(১)

ডাক্টৰ: আপুনি মুৰত আঘাট কেনেকৈ পালে?

ৰোগী: শুদ্ধ উত্তৰ দিবলৈ গৈ!

ডাক্টৰ: বুজা নাই,ভালকৈ কওঁকচোন৷

ৰোগী: মোৰ পত্নীয়ে আজি আহি মোক প্ৰশ্ন কৰিলে” হেৰা মোৰ ৪ কেজি ওজন কমিল,তুমি লক্ষ্য কৰিছা নে?”

ডাক্টৰ: আপুনি কি উত্তৰ দিলে?

ৰোগী: মই ক’লো “ডিক্সনেৰীৰ পৰা ৪-৫ খিলা পেজ নোহোৱা হৈ গ’লে জানো ধৰিব পাৰি!”

তাৰ পাছত বহু সময়লৈকে একো মনত নাই,কি হ’ল৷ সাৰ পোৱাৰ পাছত দেখিলো মুৰত ডাঙৰ টেমুনা এটা আছে৷

(২)

আইনাৰ মুখত থিয় হৈ পত্নীয়ে স্বামীক সুধিলে….

 ” মই বাৰু বৰ শকত হৈছো নেকি ..? ”

স্বামীয়ে ৰাতিপুৱাই কাজিয়া এখন নহওক বুলি কলে …

” নাই নাই ….তুমি একেবাৰেই শকত হোৱা নাই ..”

আনন্দত পত্নীয়ে ৰোমাণ্টিক হৈ কলে ..

“মোক দাংকোলাকৈ ফ্ৰীজ টোৰ ওচৰলৈ লৈ যোৱানা,আইচক্ৰীম খাবলৈ মন গৈছে ”

পৰিস্থিতি প্ৰতিকূল হোৱা দেখি স্বামীয়ে তৎক্ষণাত কলে….

” ৰবা হে, মই ফ্ৰীজটোকেই ইয়ালৈ  দাঙি লৈ আহোঁ ”

(৩)

বিজয়ে হাত ভৰি ভাঙি হস্পিতালত পৰি আছিল। ভাস্কৰে খবৰ ল’বলৈ গ’ল।

কিয় এনে অৱস্থা হ’ল তোমাৰ?

: ঘৈণীৰ বাবে চাকৰিৰ অনলাইন ফৰ্ম ফিলআপ কৰি আছিলোঁ‌। পাছৱৰ্ড পাহৰিলোঁ‌। সেইবাবে মোক গুৰুলা গুৰুলকৈ পিটিলে।

: পাছৱৰ্ড পাহৰা বাবেই এনেকৈ পিটিব লাগেনে?

: নহয়হে ভাস্কৰ দা। পাছৱৰ্ড পাহৰা বাবে কম্পিউটাৰে প্ৰাৰ্থীৰ নাম লিখি দিবলৈ কৈছিল। সেইটো পাহৰা বাবেহে এই অৱস্থা।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *