ফটাঢোল

কাকতি Vs কাকতিনী-ভূপালী দেৱী

(লকডাউনত ঘটা ঘটনা)

এইটো আজি কিছুদিন আগৰ ঘটনা, যেতিয়া লকডাউনৰ দ্বিতীয় কালচোৱাত সকলোৱে শ্লীম হ’বলৈ লাগি গৈছিল৷ কোনোবাই যদি যোগাসন, কোনোবাই ব্যায়াম, কোনোবাই আকৌ খোৱা বোৱা বাদ দিছিল৷ আমাৰ কাকতিৰ আকৌ জিভাৰ জুতি বাঢ়িছিলহে৷ আজি অমুক ৰান্ধিবা, কাইলৈ তমুক ৰান্ধিবা। কি চাব মহাজনৰ অৰ্ডাৰ৷ কাকতিনী যেন কোনোবা এখন বিখ্যাত ৰেষ্টুৰেণ্টৰ চেফহে! অলপ যে খিনোৱাৰ চেষ্টা কৰিব লাগে সেইবোৰলৈ মন কাণ নাই৷ কেৱল খোৱাৰহে কথা৷

এদিন খঙতে কাকতিনীয়ে ক’লে, ”কলিতা খুড়াৰ ল’ৰাটোক দেখিছানে, পুৱাই উঠি চোতালতে কেনেকৈ দৌৰি থাকে৷ পাৰা যদি অলপ জ্ঞান লোৱা তাৰপৰা৷”

মনে মনে কাকতিনীৰ কথাবোৰ শুনি থাকি তৎক্ষণাত কাকতিয়ে মাত লগালে, “হেৰা, মোক শকত চেহেৰাতে সকলোৱে ভাল পায়৷ মোৰ নিচিনা হেণ্ডচাম স্বামী পাবলৈ ভাগ্য লাগিব বুজিছা৷ যিটো তোমাৰ আছিল৷ অ’ ৰ’বা, কথাটো এতিয়াহে বুজি পালোঁ। আচলতে তুমি ভয় খাইছা ন মোক কোনোবা ছোৱালীয়ে পতাব বুলি?”

কাকতিৰ কথা শুনি কাকতিনীয়ে জাঙুৰ খাই উঠিল, “অ’ আই, মহাশয়ৰ কথা শুনা৷ তোমাৰহে ভাগ্য ভাল বুজিলা৷ তোমাৰ নিচিনা পেটুৱা এটালৈ মই আহিলোঁ বুলিহে৷ নহ’লে চিৰদিন বৰলা হৈ থাকিবলগীয়া হ’ল হয়৷ দিনক দিনে এলেহুৱা হৈ যাব ধৰিছা৷ ডাঙৰকৈ একো ক’বও নোৱাৰোঁ মায়ে আকৌ কাজিয়া লগা বুলি ভাবিব৷”

কাকতিনীৰ বকবকনি শুনি নিৰুপায় হৈ কাকতিয়ে ডাঙৰকৈ হুমুনিয়াহ এটা কাঢ়ি ক’লে, “হ’ব দিয়া ইমানকৈ বকি থাকিব নালাগে। কাইলৈৰপৰা খোজ কঢ়া আৰম্ভ কৰিম৷” কাকতিনীয়ে মুখখন বিকটাই ক’লে, “দেখিলেহে লেখিম৷”

কথামতেই কাম। পুৱা ৫ বজাতেই উঠি কাকতি চাঁদৰ ওপৰত খোজ কাঢ়িবলৈ গ’ল৷ কাকতিনীয়েও মনতে ভাবিলে, হওক পাই গালিখিনিয়ে অলপ হ’লেও কামত দিছে৷

১৫ মিনিটমানৰ পিছত কাকতি দৌৰি দৌৰি আহি ৰুমত সোমাই চকী এখনত বহি ঢোকে ঢোকে পানী খাবলৈ ধৰিলে৷

কাকতিনীয়ে আকৌ আৰম্ভ কৰিলে ”কি হ’ল খোজ কঢ়া হ’লেইনে? জানিছিলোৱেই মই৷ এইভাগৰ কেতিয়াও গা নলৰে বুলি৷”

কাকতিয়ে ধমক দি ক’লে, “ৰ’বাহে খোজ কাঢ়িবা! কিবাকে জীৱটো হাতত লৈ ৰুমৰ ভিতৰ পালোঁহি৷ মই ওপৰত গৈ নদীৰ ফালে অলপ সময় চাই খোজ কাঢ়িবলৈ লওঁতেই পিছপিনৰপৰা শিল বাগৰি পৰা শব্দ শুনিলোঁ৷ মই ভাবিলোঁ পুৱাই পুৱাই বান্দৰসোপা আহিল আৰু৷ সেইবুলি ভাবি পিছপিনে ঘূৰি চাই দেখিলো অ’ মা এইটো দেখোন ডাঙৰ বাবা৷ মই এতিয়া ভয়তে দৌৰিবও নোৱাৰোঁ, কাকো চিঞৰিবও নোৱাৰোঁ৷ তথাপিও কিবাকৈ আহি ৰুম পালোঁহি৷ আৰু অলপ সময় থাকিলে আজি মোক নাপালা হয়৷”

কাকতিৰ কথা শুনি কাকতিনীয়ে ক’লে, “হ’ব, এইবোৰ বাহানা উলিয়াব নালাগে৷ খোজ কাঢ়িবলৈ ইচ্ছা নাই, তাকেই কোৱা৷”

কাকতিনীৰ কথা শুনি কাকতিয়ে খঙত ক’লে, “তোমাক প্ৰমাণ লাগে নহয়, ৰ’বা দি আছোঁ” – এইবুলি কৈ চি চি কেমেৰাৰ ৰেকৰ্ডিং দেখুৱালে৷ কাকতিনীয়ে ৰেকৰ্ডিং চাই ভয়ত কঁপিবলৈ ধৰিলে, “অ’ মা এইটো দেখোন বাঘ”৷

তাৰপাছত কাকতিনীয়ে দুৰ্বল মাতেৰে ক’লে, “হ’ব দিয়া, যেনেকৈ আছা তেনেকৈয়ে থাকা। খোজ কাঢ়িবলৈ গৈ বাঘৰ আহাৰ হ’ব নালাগে৷”

কাকতিনীৰ কথা শুনি ভয়ৰ মাজতো কাকতিৰ মুখত মিচিকিয়া হাঁহি এটা বিৰিঙি উঠিল৷

সেইদিনাৰপৰা কাকতিৰ খোজকঢ়াৰ পৰিসমাপ্তি ঘটিল৷

☆ ★ ☆ ★ ☆

11 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *