ডাক্তৰ-জয়ন্ত দাস
“ৰ’বাহে, অলপ লাহে লাহে চলোৱা৷” পত্নী ৰীতাৰ ই-ৰিক্সা চলোৱা ড্ৰাইভাৰজনক উদ্দেশ্যি কোৱা কথাখিনিৰ লগত ময়ো যোগ দি ক’লোঁ – “বৰ বেয়া ৰাস্তাহে৷ অৱস্থা বেয়া হৈ গৈছে৷”
ড্ৰাইভাৰজনে আমাৰ ফালে নোচোৱাকৈয়ে ক’লে – “এতিয়াতো বহুত ভাল ৰাস্তা, কমচেকম ঠেকেচা খালেও এইখনত বহি আহিব পাৰিছে৷ জুন-জুলাই মাহত অাহিলে ভৰিৰ চেণ্ডেল হাতত লৈ একাঁঠু বোকা ভাঙি খোজ কাঢ়িব লাগিলহেঁতেন৷”
উত্তৰ শুনি একো নামাতিলোঁ, মাত্ৰ পত্নীৰ মুখৰ ফালে কেৰাহিকৈ চালোঁ৷ তেওঁ ঠিকেই আছে৷ একো ভাবান্তৰ নেদেখিলোঁ৷
ঠাইখনত মই নতুন৷ ৪ দিনৰ আগতেই গাঁওখনৰ একমাত্ৰ হাইস্কুলখনত শিক্ষক হিচাপে জইন কৰিছোঁ৷ স্কুলখনৰ ওচৰতে ঘৰ এটা ভাড়ালৈ লৈ আজি মোৰ নৱবিবাহিতা পত্নীক ইয়ালৈকে লৈ আনিছোঁ৷ গাঁওখনৰ বিষয়ে মই যিমানখিনি জানিব পাৰিছোঁ ৰীতাক কৈছোঁ৷ তেওঁ মাথো কৈছিল – “প্ৰয়োজনীয় বস্তুখিনি থাকিলেই হ’ল৷ মোকনো ডাঙৰ চহৰ কিয় লাগিছে? আপোনাক কাষত পাম সেয়াই বহুত৷”
ৰিক্সাত আহি থাকোঁতে ভাবিবলৈ ধৰিছোঁ সঁচাকৈয়ে নিত্য প্ৰয়োজনীয় বস্তুখিনি পামনে? তেওঁ এইখন ঠাইত সুখী হ’বনে? ৰাস্তা ঘাটৰ এই অৱস্থা, আকৌ বিদ্যুতৰো শহুৰৰ ঘৰলৈ জোঁৱাই অহা যোৱা কৰাৰ দৰে যেতিয়াই মন যায় অাহে বা যায়৷ প্ৰয়োজনীয় সামগ্ৰীৰ দোকান বুলিবলৈ সেই এখনেই৷ সেইখনতেই চাউল, দাইল, পাচলিৰপৰা গেঞ্জী, হাৱাই চেণ্ডেললৈকে সকলো উপলব্ধ৷ মানুহবোৰে দোকানৰ মালিকজনক বিবিচি নামেৰে নামকৰণ কৰিছে৷ নামটো ঠিকেই মিলিছে, যিদৰে দোকানখনত সকলোবোৰ বস্তুৱেই পোৱা যায় ঠিক সেইদৰে বাকী আন খবৰবোৰো তেওঁৰ হাততেই থাকে৷ যেনে ঘৰভাৰা ক’ত আছে, কোনে কোনটো অফিচত কাম কৰে, কাৰ ঘৰত কোন আলহী আহিছে, কাৰ ছোৱালীৱে কোন ল’ৰাৰ লগত প্ৰেমত মচগুল৷ মুঠতে তেওঁ সঁচাকৈয়ে বিবিচি৷
“দাদা কোনফালে যাম এতিয়া?” – হঠাতে ৰিক্সাৰ ড্ৰাইভাৰজনৰ প্ৰশ্নত সম্বিৎ ঘূৰি আহিল৷
অলপ আঁতৰৰ সেউজীয়া ৰঙৰ ঘৰ এটা দেখুৱাই তালৈকে নিবলৈ ক’লোঁ৷
বস্তু বেছি নাছিল৷ দুটা ডাঙৰ বেগত কাপোৰ কানি আৰু অইন এটা সৰু বেগত অন্যান্য সৰুসুৰা প্ৰয়োজনীয় সামগ্ৰী৷ মই আৰু ড্ৰাইভাৰজনে বেগকেইটা ৰুমৰ বাৰাণ্ডাত ৰাখিলোঁ৷ ড্ৰাইভাৰজনকো বিদায় দিলোঁ৷
তলা খুলি ৰুমৰ ভিতৰত প্ৰৱেশ কৰিয়েই ৰীতাৰ চিৎকাৰ – “ইচৰাম কি কৰি ৰাখিছে ৰুমটো! ইমান লেতেৰা! বাচন বৰ্তনবোৰো যেনিয়ে তেনিয়ে পৰি আছে৷ বিছনাখনো পৰিপাটীকৈ নাই৷ কি যে হ’ব!”
“হাৰে বৰলা জীৱন যেতিয়া এনেকুৱাই হ’ব ৰুমৰ অৱস্থা৷”
উত্তৰ শুনি ৰীতাই মোক উভতি ধৰিলে – “বৰলা মানে? মোক যে বিয়া পাতিছিল পাহৰিয়েই গ’ল নেকি?”
“নহয়, তোমাক তাত এৰি আহি ইয়াৰ ভাৰাঘৰত থকা মানে বৰলাই দিয়াচোন” – এইবুলি ভয়ে ভয়ে মিচিকিয়াই হাঁহি মাৰি উত্তৰ দিলোঁ৷
কাপোৰ কানি সলনি কৰি পত্নী চিধাই পাকঘৰলৈ গৈ বাচন বৰ্তনবোৰ চফা কৰাত লাগিল৷
“হ’বহে, ইমান দৌৰাদৌৰিনো কিহৰ? আহি পাইছাহে৷ অলপ জিৰাই লোৱাচোন৷ তাতেই তোমাৰ শৰীৰটোও সিমান ভাল নহয়৷ অলপ অলপ চৰ্দি লাগিয়েই আছে৷ আকৌ পানীৰ কামবোৰেই কৰি আছা৷ আঁহা অলপ জিৰাই সতাই লোৱাহি৷”
“বহি থাকিলে কেনেকৈ হ’ব? দুপৰেই হ’বৰ হ’ল৷ ইপিনে ঘৰটোও চফা কৰিবলৈ আছে৷ কাপোৰ কানিও ঠিকঠাক কৰিব লাগে৷ ভাতো ৰান্ধিব লাগে৷ উপায় নাই৷ বহুত কাম৷ খৰধৰ নকৰিলে বেলা ভাটি দিব৷” ৰীতাৰ চিধা উত্তৰত চুপ হৈ ৰ’লোঁ।
ঠিক আছে বাৰু বুলি শলাগি ময়ো ঝাড়ুডাল হাতত তুলি ল’লোঁ৷
“হ’ব হ’ব মোৰ কাম বঢ়াব নালাগে৷ ঝাৰু দাল থওক৷” ধমকি নে মৰম বুজি নাপালোঁ৷ হাতৰপৰা ঝাড়ুডাল থৈ বিছনাতে আৰাম কৰিলোঁ৷
পাকঘৰৰ কামবোৰ শেষ কৰি এইবাৰ তেওঁ ঝাৰুডাল লৈ ৰুমটো চফা কৰাত লাগিল৷
হাৎচি-হাৎচি…. ৰীতাই হঠাতে একেলগে বহুকেইটা হাঁচি মাৰিলে৷ নাকেৰে অলপ অলপ পানীও ওলাবলৈ ধৰিছে৷ পানীখিনি চাদৰৰ আঁচলেৰেই মচিলে৷
“মই কৈছোঁৱেই, শৰীৰটো তোমাৰ সিমান ভাল নহয়, তথাপিও ইমান পানীৰ কাম কৰি আছা৷ আকৌ আহি ঝাৰুডাল তুলি লৈছা৷ সময়বোৰ বেয়া৷ ভয় লাগে৷ ৰ’বা বিবিচিৰ তালৈ যাওঁ৷ ওচৰতে কোনোবা ডাক্তৰ আছে যদি এবাৰ দেখুৱাই লওঁ৷ কোভিদৰ সময়, বৰ ভয় লাগে৷” কৈয়েই মই ৰুমৰপৰা বিবিচিৰ দোকানলৈ বুলি ওলাই আহিলোঁ।
“দাদা ভাল নে?” দোকানীজনে মাতটো শুনি মোৰ ফালে চালে৷
“কি হে ডেকা ল’ৰা, পত্নীক বোলে লৈ আনিছা? কেনে পাইছে গাঁওখন?”
আচৰিত! সঁচাই বিবিচি দেই! খবৰ পায়েই গ’ল৷ মই মনতে ভাবিলোঁ৷
“বাৰু দাদা ইয়াতে কোনোবা ডাক্তৰ পাম নেকি?”
মোৰ কথা শুনি তেওঁ ক’লে, “কিয় নাপাবা৷ তোমাৰ ঘৰটো পাৰ হৈয়েই কেঁকুৰীটোৰ ওচৰতেই যাদব ডাক্তৰৰ ঘৰ৷ চব ঠিক কৰি দিব তেওঁ৷ একো চিন্তা কৰিব নালাগে৷ কিন্তু ঘৰৰপৰা আহিয়েই যে ডাক্তৰ বিচাৰিব লগা হ’ল! অলপ ভাল বস্তু ল’ব লাগেহে৷”
বিবিচিৰ কথাত মাত নামাতিলোঁ। কিন্তু মানুহজনৰ ঠাট্টা মস্কৰাও ভাল নালাগিল৷ যাদৱ ডাক্তৰৰ ঘৰলৈ বুলি খোজ দিলোঁ৷
“ডাক্তৰক লগ পাম নেকি বাৰু?” বাৰণ্ডাত বহি থকা মানুহজনক সুধিলোঁ৷
“অ’ কওকচোন, কি অসুবিধা হ’ল?”
“নহয় মানে নাকেৰে পানী ওলাই আছে৷” মই লাহেকৈ ক’লো৷
“এঃ কোনো কথা নাই যিফালেই পানী নোলাওক কিয় চব ঠিক হৈ যাব৷ কিন্তু মোৰ চাৰ্জ ২০০ টকা ফিক্সড, কৈ দিলোঁ৷ বাৰু বস্তুটো আনিছেনে লগত?”
“নাই অনা৷” – মই ক’লো
“যাওক যাওক সোনকালে লৈ আহক৷ চব ঠিক কৰি দিম৷”
হ’ব বাৰু বুলি কৈ আঁতৰি আহিলোঁ৷ আচৰিত লাগিল তেওঁৰ ব্যৱহাৰত৷ ডাক্তৰ এজনে ৰোগী এজনক বস্তু বুলি কোৱাত আচৰিত হ’লোঁ, লগতে হাঁহিও উঠিল৷ কেনেকুৱা যে ডাক্তৰ!
“হেৰা ব’লা ব’লা, সোনকাল কৰা৷ ডাক্তৰ এজন পালোঁ৷ আমাৰ ঘৰৰপৰা বেছি দূৰৈত নহয়৷” – একে উশাহে ৰীতাক কথাখিনি ক’লোঁ৷
“এই সামান্য পানীলগাতে ডাক্তৰৰ ওচৰ পাবগৈ লাগে নে?” – ৰীতাৰ প্ৰশ্নবোধক চাৱনি৷
“নহয় হে, ভয় লাগে৷ কোভিডৰ সময়৷ ব’লা একো নহয়, এবাৰ দেখুৱাই আহোঁ৷”
“চাৰ আহিছোঁ৷”
মোৰ কথা শুনি ডাক্তৰে সুধিলে – “ক’ত ৰাখিছা বস্তুটো?”
“এখেতেই৷” ৰীতাক দেখুৱাই ক’লোঁ৷
“হাৰে, এওঁ কোন?” – ডাক্তৰৰ প্ৰশ্ন৷
“মোৰ পত্নী৷ আপুনি জানো কোৱা নাছিল বস্তুটো লৈ আহিবলৈ, সেয়ে লৈ আহিলোঁ৷”
“মইনো কেতিয়া ক’লো আপোনাৰ পত্নীক লৈ আহিবলৈ? বস্তুটোহে অনাৰ কথা কৈছিলোঁ৷”
“আৰে সেইকাৰণেইতো বস্তুটো, মানে মোৰ পত্নীক লৈ আহিলোঁ৷”
“অস্! আপুনি ভুল বুজিলে৷ মই আপোনাৰ প্ৰেচাৰ কুকাৰটোৰহে কথা কৈছিলোঁ৷”
“প্ৰেচাৰ কুকাৰ?” মোৰ মুখেৰে জোৰেৰে শব্দ হ’ল৷
“অঁতো৷ আচলতে এইখন গাঁৱত মই প্ৰেচাৰ কুকাৰ, গেছ ষ্টোভ আদি ভাল কৰোঁ আৰু গাঁৱত সকলোৱে সেয়ে মোক ডাক্তৰ বুলি মাতে৷ আপুনিও যেতিয়া নাকেৰে পানী ওলাই বুলি ক’লে মই ভাবিলোঁ কুকাৰৰ হুইচেলটোৰপৰা পানী ওলাই থাকে, সেয়ে ভাল কৰি দিম বুলি বস্তুটো লৈ আহিবলৈ দিলোঁ৷ এতিয়াহে গম পালো আচলতে আপোনাক মানুহৰ ডাক্তৰৰহে প্ৰয়োজন৷”
কি! ৰীতা আৰু মই একলগে চিঞৰি উঠিলোঁ৷
☆ ★ ☆ ★ ☆
7:35 pm
মজ্জা লাগিল।
11:01 pm
ধন্যবাদ ডলী৷
10:40 pm
মজা লাগিল জয়ন্ত
11:03 pm
ধন্যবাদ দাদা৷
4:53 pm
হায় হায়!! কি যে হ’ব মানুহ গৈ এনে ডাক্তৰৰ পাল্লাত পৰিলে