ফটাঢোল

ফটা প্ৰেম-ৰিকুমণি বৰুৱা ফুকন

প্ৰেম কি যে এক মায়া লগা শব্দ। সকলোৱে  এবাৰ হ’লেও প্ৰেমত পৰিছে নে কি কয়? কোনোবা এবাৰ, কোনো আকৌ দুবাৰ, কোনোবা আকৌ বহুবাৰ। কোনোৱে কয় প্ৰেম হৈ যায়, কৰা নাযায়। বাৰু সেইবোৰ বাদ প্ৰেমৰ বিশ্লেষণ এতিয়া নকৰোঁ।

আমুকী পিচে সৰুতে প্ৰেমত পৰিলোঁ,  তেওঁৰ খোজ, ৰোমাঞ্চ, এক্সন,  ব্যক্তিত্ব, ডায়লগ উফঃ!
এতিয়াও আছে, ক’বহে নোৱাৰিলোঁ।প্ৰেমৰ প্ৰ’পজেলবোৰ পাওঁ,  কিন্তু….. নিমিলে।

তেতিয়া মই কলেজত। দূৰসম্পৰ্কীয় জেঠাইৰ ছোৱালীৰ বিয়া, নোযোৱাকৈ পাৰিনে? মামা মাহী, জেঠাই, মামী সকলো ওলাইছে, মাৰ লগত ময়ো, বিয়া নামনিত। জোৰোণৰ আগদিনাই আমি উপস্থিত হৈছিলোঁগৈ। বিয়া যেন সেইদিনাই আৰম্ভ হৈছিল। প্ৰথমতে কান্দোনৰ ৰোল উঠিছিল। যিবিলাক আজিৰ বিয়াত আউট অফ ফেচন হ’ল।

হাইৱেৰ পৰা অলপ সোমোৱা, জেঠাইৰ ঘৰ, ৰাস্তাত যে কিমান বান্দৰ। বান্দৰৰ বাবে তাত একো নহৈছিল। সন্ত্ৰাস সৃষ্টি কৰিছিল,  সিহঁতি। জেঠাইৰ ল’ৰা দাদাও বাহিৰত আছিল, চাকৰিসূত্ৰে, সিও আহি পাইছিল। সি খুব কথা চহকী। সি আহি পালে বুলি তাৰ বন্ধুবৰ্গ আহিল। ধুনীয়া গান গাইছিল, বাহিৰত ঘটা ঘটনাবোৰ বৰ আমোদজনক ভাৱে কৈছিল। তাৰ কথা শুনি বুঢ়াৰপৰা ডেকালৈকে মন্ত্ৰমুগ্ধ হৈ পৰিছিল। কিন্তু জনাসকলে দূৰতে পলাইছিল, বোলে সি পালে কামৰ বহুত ক্ষতি হয়।

আৎসা এতিয়া আচল কথালৈ আহোঁ। তাৰ বন্ধুৰ মাজৰে এজনক বোলে মাইনাক লাগে, দৰকাৰ হ’লে ঘৰৰ মানুহ লৈ আনো। দাদায়ে ধেমালিৰ চলেৰে ক’লে, আমুকে তোৰ কথা কৈছে, মই যিটো চাৱনি তালৈ দিলোঁ, সি বোলে মই তাক কৈছোঁৱেই কোনোফালৰপৰা নিমিলে, তই চিন্তা নকৰিবি। মোক যদি কিবা ক’বলৈ হয়, কথা বেয়া হ’ব। তাৰ মাজতে মন কৰিছিলোঁ এযোৰ চকুৱে যেন খেদি ফুৰিছিল, য’তে ৰওঁ, সিও অলপ আঁতৰত ৰৈ চাই থাকে, মিচিক-মাচাককৈ হাঁহি আছিল। বাপৰে সেইজনৰ লগত যেন মিল দেখিছিলোঁ।

বিয়া সুকলমে হৈ গ’ল, আমিও ঘৰৰ মানুহ ঘৰলৈ ঘূৰিলোঁ। জেঠাইৰ ল’ৰাটো মোৰ সমবয়সৰ, বাছত আহি থাকোঁতে ক’লে,

: তোৰ বস্তু এটা আছে।

মই বোলো,

: কি?

: পাছত দিম দে,
: হ’ব তেন্তে, তোৰ কথা।

এমাহৰ পিছত সি আহি মোৰ হাতত গুজি দিলে,

: হোঁ তোৰ প্ৰেমপত্ৰ।

মই বোলো,

: তই পগলা হ’লিনি?

মোৰ তামাম খং উঠিল,  মোৰ ৰূপ দেখি সি ক’লে,

: হ’ব ইমান অগ্নিশৰ্মা হ’ব নালাগে,  সেইবাবে তোক তেতিয়া নিদিলোঁ।

কিন্তু কাহিনীভাগ তাতে অন্ত নহ’ল! সি মোৰ হোষ্টেললৈ ফোন কৰিলে, উত্তৰ লাগে। তেতিয়ালৈকে মোৰপৰা একো উত্তৰ পোৱা নাছিল। য়েচ নক’লে ডেদবডী পদূলিত পাম বোলে, ভয়তে কথা পাতিছিলোঁ, এক প্ৰকাৰৰ ব্লেকমেইলিং। কি কথা পাতিছিলোঁ মনতে নাই পিচে।

পৰীক্ষা দি ঘৰলৈ আহিলোঁ। এইবাৰ মোৰ মাহীৰ বিয়া, বিয়ালৈ আহক নামনিৰ ফালৰ কোনোবা কোনোবা আলহী। শুনিয়েই অলপ ভয় ভয় অনুভৱ। মোৰ নামনিৰ বাজনী, লগত সৌজনৰ ভনীয়েক। বা মানে বিয়া খাবলৈ যোৱা গৰাকী নহয় আকৌ,  বাৰ ভনীয়েক। দুয়োজনী মোৰ বহুত মৰমৰ। বায়ে মোক মাতিলে,

: মাইনা তোৰ লগত অলপ কথা আছে,

মই,

: কোৱা!(বুকুত যেন গধূলিৰ নামঘৰৰ ডবাটো হে বাজিছে)

: তই…….. ভালপাৱনি?

মই –

: ???? নাহ নাপাওঁ!

: সঁচায়ে কৈছনে?

: সঁচাই কৈছোঁ।

: উম্

বায়ে ভনীয়েকক(সৌজনাৰ) ক’লে,

: শুনিলি? এইৰ এইবোৰ একো নাই দে।

বিয়া হৈ গ’ল,আমিও খাই বৈ ঘৰলৈ আহিলোঁ।

“ৰাত গয়ি বাত গয়ি”

তাৰ কেইমাহমানৰ পাছতে নিমন্ত্ৰণ পালোঁ, বিয়া নামনিত।

: কাৰ বিয়া?

: মোৰ বাজনীৰ আকৌ, সৌজনাৰ লগত।

(সৰুতে প্ৰেমতপৰা জনৰ লগত এতিয়াও আছে, কোন আপোনালোকে হয়তো ভাবি আছে,  কিন্তু সেইজন আকৌ ৱান এণ্ড অনলি অজয় দেৱগণ)

☆ ★ ☆ ★ ☆

2 Comments

  • Pranita Goswami

    মানে সৌজনৰহে ফাটিছিল প্ৰেম। ইচচ দুখেই লাগিল…

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল কাহিনীটো

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *