ফটাঢোল

মোৰ বিদিশা নাম্বাৰ ৱান-সুচিত্ৰা দেৱী

বিদিশাৰ চুলিকোছা কেঁকোৰা। তাইৰ চিন্তা ধাৰাও যে ভাজঁ লগা হ’ব মই জনা নাছিলোঁ। কোমলতাৰে ভৰি থকা মুখখন দেখি ধৰিবই নোৱাৰি তাই যে মহা সন্দেহবাদী ছোৱালী। তাইৰ লগত সম্পৰ্ক হোৱাৰ পিছত মোৰ লগৰ ছোৱালীৰ লগত ভালদৰে কথা পতা বহু দূৰৰে কথা তাইৰ আটাইতকৈ ভাল বান্ধৱীজনীৰ লগতো যদি মই দুষাৰ ভালদৰে কথা পাতোঁ তাতো তাইৰ লেঠা লাগে। কেতিয়াবা ভাবোঁ তাইৰ বান্ধৱীজনীক কৈ দিওঁ নেকি মই ছোৱালীৰ লগত কথা পাতিলেই জগৰ লাগে বুলি। পিচে বহু কথা ভাবি নকওঁ। এই পাঁচ মাহতেই তাই মোক জ্বলা-কলা খুৱাইছে। হে হৰি আৰু মোৰ দিনকাল বাকী আছেই।

 

বিদিশাই আজি মোক মতা নাই। কোনোদিনে ক্লাছ ক্ষতি নকৰা বিদিশাই আজি ফাৰ্ষ্ট ক্লাছটো নকৰি মোৰ কাষত বহি আছে। মই কি হৈছে সোধাত মুখখন ফুলা লুচীৰ দৰে কৰি ক’লে যে আজি তাই কলেজত ক্লাছ কৰিবলৈ অহা নাই মোৰ লগত কাজিয়া কৰিবলৈহে আহিছে। মই কাৰণটো সুধি সুধি উলিয়াব পৰা নাই আচলতে তাইৰ হৈছে কি।

: যোৱাকালি ক’ত গৈছিলা?

বিদিশাই মোক সুধিলে।

: বজাৰত।

ও এতিয়াহে বুজিছোঁ। যোৱাকালি বজাৰত তাইৰ বান্ধৱী এজনীক লগ পাই মাত দিছিলোঁ। তায়ে কিবা ক’লে নেকি বুলি মই সন্দেহ কৰিলোঁ।

: মেখেলা-চাদৰ কোনজনীৰ কাৰণে আনিছিলা? আৰু কেইজনী গাৰ্লফ্ৰেইণ্ড আছে তোমাৰ! বাঃ বাঃ চাদৰ মেখেলা কিনিছা, আৰু মোৰ কাৰণে কি কিনিলা কোৱা?

মই আচৰিত হ’লোঁ। মাৰ কাৰণে বজাৰৰপৰা মেখেলা-চাদৰ এযোৰ কিনিছিলোঁ। বজাৰত বিদিশাৰ বান্ধৱীজনীক লগ পাই কৈছিলোঁ। তাকে বিদিশাক ক’লে চাগে। এই ছোৱালীজনীৰ মনটোও যে। সন্দেহ যেতিয়া কৰিছেই। সহজে মোৰ কথাকো বিশ্বাস নকৰে। কিবা এটা কৰি তাইৰ মন ভাল লগাব লাগিব বুলি ভাবি থাকোঁ‌তেই মনত পৰিল। বিদিশাক মই প্ৰশংসা কৰিলে ভাল পায়। ধুনীয়া দেখা নহ’লেও ধুনীয়া বুলি ক’ব লগা হয়। ওঁঠত লিপষ্টিকখিনিও দিব নাজানে। ওঁঠত দিলে দাঁতত লাগে। তথাপিয়ো প্ৰশংসা কৰিবলগা হয় বাধ্যত পৰি।  আজিও ভাবিলোঁ অলপ প্ৰশংসাকে কৰোঁ, তাইৰ মন ভাল লগাওঁ।

প্ৰশংসা কৰাৰ কাৰণে তাইক তলৰপৰা ওপৰলৈ চালোঁ। পিচে আজি দেখোন কথা বেলেগ। বিদিশাই আজি এপাট বেলেগ এপাট বেলেগ চেণ্ডেল পিন্ধি কলেজলৈ আহিছে। চেণ্ডেল দুয়োপাটেই ক’লা কিন্তু ফুলকেইটা বেলেগ। ময়ো আগ-পিছ নাচাই চিধাই কৈ দিলোঁ,

: বাঃ মোৰ সোণজনী, নতুন ডিজাইনৰ চেণ্ডেল! তুমিয়ে প্ৰথম পিন্ধিছা দেই, আজিলৈকে কোনেও এনেকুৱা ডিজাইনৰ চেণ্ডেল পিন্ধা মই দেখাই নাই। বাঃ মোৰ বিদিশা তাৰমানে সকলোতে নাম্বাৰ ওৱান।

যি  হ’বলগীয়া আছিল হৈয়ে গ’ল। বিদিশাই মোক পোন্ধৰ দিন মাতবোল কৰা নাই। আগ-পিছ নাচাই প্ৰশংসা কৰিছিলোঁ যে। এতিয়া চাওঁচোন বাৰু আগলৈ কি হয়!

☆ ★ ☆ ★ ☆

2 Comments

  • Pranita Goswami

    ধেততেৰি। খঙৰ চোটতে দুযোৰৰ দুপাত পিন্ধি গৈছিল চাগে।

    Reply
  • মানসী

    মজা দেই..

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *