ড° মৃণাল কলিতাৰ সৈতে অন্তৰংগ আলাপ
“বকুল ফুলৰ দৰে” বহু পঠিত এই উপন্যাসখনৰ যোগেদি জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰা সাম্প্ৰতিক অসমীয়া সাহিত্য জগতৰ অন্যতম চিনাকি নাম মৃণাল কলিতাক দুনাই পৰিচিতিৰ প্ৰয়োজন নাই৷ নিজৰ শিক্ষা জীৱনত দুৰন্ত প্ৰতিভাৰ চানেকি দিয়া শ্ৰীমৃণাল কলিতাই ১৯৮৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান, ১৯৯১ চনৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৫ম স্থান লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা গণিত বিষয়ত স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰে। বৰ্তমান গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ত অধ্যাপনা কৰা শ্ৰীযুত কলিতাৰ ইতিমধ্যে সাতখনকৈ জনপ্ৰিয় গ্ৰন্থ প্ৰকাশ পাইছে। আমি অনুভৱ কৰোঁ তেখেতৰ জীৱন পৰিক্ৰমা অসমৰ উঠি অহা প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা আৰু আদৰ্শ।
ফটাঢোলৰ হৈ হিমাংশু ৰাজখোৱাই গ্ৰহণ কৰা এই সাক্ষাতকাৰটোত শ্ৰীযুত মৃণাল কলিতাই তেখেতৰ পাৰহৈ অহা জীৱনৰ বিষয়ে আৰু সাম্প্ৰতিক অসমীয়া সাহিত্য জগতৰ বিষয়ে ভালেকেইটা গুৰুত্বপুৰ্ণ কথা কৈছে। সামাজিক মাধ্যমত এতিয়ালৈ খুব কম সাক্ষাতকাৰ দিয়া কলিতাদেৱৰ লগত হোৱা ফটাঢোলৰ এই মুখামুখিয়ে পাঠক সমাজক আপ্লুত কৰিব বুলি আমি আশাবাদী।
মৃণাল কলিতা : ধন্যবাদ আপোনালোকলৈও।
ফটাঢোল : আপোনাৰ শৈশৱ আৰু শিক্ষা জীৱনৰপৰাই আৰম্ভ কৰোঁ। আমি জানো আপোনাৰ শৈক্ষিক জীৱন অনেক প্ৰাপ্তিৰে ভৰা। আমাৰ যদি ভুল হোৱা নাই তেন্তে ১৯৮৯ চনৰ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত আপুনি শীৰ্ষস্থান দখল কৰিছিল, ইয়াৰ পাছত উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাতো আপুনি স্থান প্ৰাপ্তিৰ সেই ধাৰাবাহিকতা ৰক্ষা কৰি আহিছিল। শৈশৱ আৰু শিক্ষাজীৱনৰ সেই কালছোৱাৰ কথা আমাক অকণমাণ কওকচোন।
মৃণাল কলিতা : গাঁৱৰ এটা সাধাৰণ শিশু যেনেকৈ বোকা-পানী, গৰু ছাগলী, পথাৰ, নৈৰ সৈতে ডাঙৰ হয় ময়ো তেনেকৈয়ে ডাঙৰ হৈছিলোঁ। মোৰ শিক্ষা জীৱন আৰম্ভ হৈছিল বামুন্দী বুনিয়াদী বিদ্যালয়ত। ইয়াৰ পাছত বামুন্দী হাইস্কুলত পঢ়োঁ। উচ্চতৰ মাধ্যমিক আৰু স্নাতক শিক্ষা কটন কলেজত কৰাৰ পাছত মই গুৱাহাটী বিশ্ববিদ্যালয়লৈ যাওঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰাই মই PhD ও সম্পূৰ্ণ কৰোঁ। গতিকে মোৰ গোটেই পঢ়া শুনাখিনি অসমতেই সম্পূৰ্ণ হৈছে।
মৃণাল কলিতা : কটন কলেজৰ জীৱনটো খুব উপভোগ্য আছিল। সাম্প্ৰতিক সময়ৰ লেখা মেলাৰ লগত জড়িত ভালেখিনি ল’ৰা-ছোৱালী সেইখিনি সময়ত কটনত লগ পাইছিলোঁ। হেমাংগ কুমাৰ দত্ত, মৌচুমী কন্দলী, সুৰেশ ৰঞ্জন গদুকা আদিৰ সহপাঠী আছিলোঁ। ডিগ্ৰী পঢ়া সময়ত মই কটনৰ নিউ হোষ্টেলত আছিলোঁ৷ তাত সাহিত্য চৰ্চাৰ এটা খুব ধুনীয়া পৰিবেশ আছিল। স্কুলীয়া জীৱনত সকলোৱে যেনেকৈ লিখামেলা কৰে, তেনেকৈয়ে ময়ো কৰিছিলোঁ, কিন্তু চিৰিয়াছলি লেখা মেলা সম্পৰ্কে আগ্ৰহ জন্ম দিয়াত কটনৰ সামগ্ৰিক পৰিবেশ আৰু সমসাময়িক প্ৰতিভাৱান সেই বন্ধুসকলৰ সংসৰ্গই মোক প্ৰভাৱিত কৰিছিল যেন লাগে। এই প্ৰতিভাশালীসকলৰ সংস্পৰ্শলৈ নহাহেঁতেন মই হয়তো চিৰিয়াছলি লেখা মেলাৰ লগত জড়িত নহ’লোঁহেঁতেন। অৱশ্যে কটনৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়লৈ যোৱাৰ পাছত, (খন্তেক ভাবি) ইয়াত কোৱাটো সমীচীন হ’ব নে নাই মই নাজানো, বিশ্ববিদ্যালয়ত মোৰ এক ধৰণৰ স্বপ্ন ভংগ হৈছিল। বিশ্ববিদ্যালয়ৰ সামগ্ৰিক পৰিবেশে সঁচা ক’বলৈ হ’লে মোক হতাশ কৰিছিল। সকলোৱে মোৰ লগত হয়তো একমত নহ’ব; কিন্তু এখন সপোনৰ বিশ্ববিদ্যালয় হিচাপে মই যেনেকৈ কল্পনা কৰোঁ, সেইটো মই ইয়াত পোৱা নাছিলোঁ। ইয়াত পঢ়াটো এটা ভুল সিদ্ধান্ত আছিল৷
মৃণাল কলিতা : (হাঁহি) নহয় নহয় তেনেকুৱা কথা নহয়। দুষ্টামিবোৰ আছিলেই; তাৰ লগতে খেলা-ধূলাত মোৰ যথেষ্ট ৰাপ আছিল। ক্ৰিকেট খেলিছিলোঁ; খুব বেছিকৈয়ে খেলিছিলোঁ। ওচৰৰ গাঁওবোৰত মেচ খেলি ফুৰাটো মেট্ৰিকৰ দুমাহমান আগলৈ চলিয়েই আছিল।
ফটাঢোল : মোৰ এটা ব্যক্তিগত কৌতুহলৰ বাবে আপোনাক এটা কথা সোধোঁ। আপুনি গণিতৰ মানুহ। গণিতৰ শিক্ষক আপুনি। গৰিষ্ঠসংখ্যক ছাত্ৰ-ছাত্ৰীৰে স্কুল কলেজৰ জীৱনত এক গণিতভীতিয়ে ক্ৰিয়া কৰে। “মই অংক বেয়া পাওঁ”, এই কথা কোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাটো একেবাৰে কম নহয়। ক’বলৈ লাজ নকৰোঁ, সেই কথাটো কোৱা মানুহ মই নিজেও এজন। গণিতৰ প্ৰতি আপোনাৰ দুৰ্বলতা সৰুৰেপৰা আছিল নে পিছৰ জীৱনৰ পৰীক্ষাবোৰত আপুনি গণিতত সৰহকৈ নম্বৰ পালে সেইবাবেই আপুনি গণিতত গৱেষণাৰ পৰ্যায়লৈকে গ’ল?
ফটাঢোল : আপোনাৰ সময়ত বা এতিয়াও হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম স্থান প্ৰাপকজনক বীৰোচিত মৰ্যদা দিয়া হয়। আপুনিও তাৰ ব্যতিক্ৰম নাছিল নিশ্চয়। সেই স্মৃতিৰ বিষয়ে ক’ব নেকি?
মৃণাল কলিতা : ৰেংক এটা পাম বুলি ভাবিছিলোঁ। ৰেংকটো যে প্ৰথম তিনিটাৰ ভিতৰতে থাকিব সেইটোলৈও মোৰ নিজৰ এটা বিশ্বাস আছিল৷ সেইটো কথা ঘৰত বা আন কাৰোৰে আগত মই প্ৰকাশ কৰা নাছিলোঁ। প্ৰথম স্থানেই পালোঁ৷ স্বাভাৱিকতে ভালেমান সম্বৰ্ধনা অনুষ্ঠানো হৈছিল। পিচে কিছুদিন যোৱাৰ পিছত দেউতাই ক’লে, “হ’ব আৰু; এতিয়াৰেপৰা এইসৱ বন্ধ!” অভিভাৱক হিচাপে দেউতা অলপ বেলেগ ধৰণৰ আছিল। সন্তানৰ কৃতকাৰ্যতাত আনন্দত আত্মহাৰা হোৱা মানুহ তেওঁ নাছিল। স্থিতপ্ৰজ্ঞৰ দৰে মানুহ আছিল দেউতা৷
ফটাঢোল : লেখা-মেলাৰ কথালৈ আহোঁ। আপুনি এতিয়া সাম্প্ৰতিক অসমৰ এজন জনপ্ৰিয় সাহিত্যিক। সৰুৰেপৰা, স্কুল কলেজৰ দিনৰেপৰা আপুনি সাহিত্য চৰ্চা কৰিছিল বুলি আমি গম পাইছোঁৱেই বাৰু। বহুতৰ দৰে আপুনিও সৰুতে কবিতা লিখিয়েই এই চৰ্চা আৰম্ভ কৰিছিল নে?
মৃণাল কলিতা : কবিতা লিখিছিলোঁ; কিন্তু বহুতৰ দৰে প্ৰকৃতি বন্দনা কৰি লিখা কবিতাৰে এই চৰ্চা আৰম্ভ হোৱা নাছিল। আমি স্কুলত থকা সময়ছোৱা আছিল অসম আন্দোলনৰ ভৰপক সময়। দেউতা আছিল এই আন্দোলনৰ সমৰ্থক। দেউতাৰ মুখত আন্দোলনৰ কথা শুনিছিলোঁ। জাতীয় আবেগ, পুলিচী অত্যাচাৰ, আন্দোলনকাৰীৰ মৃত্যু এইবোৰ আছিল মোৰ সেই কম বয়সৰ কবিতাৰ বিষয়। তেনেদৰে কিছুমান মানুহৰ আৰ্থিক দীনতা আৰু দুৰ্ভাগ্য আছিল গল্পৰ বিষয়৷
ফটাঢোল : আপোনাৰ লগত কথা পাতিয়েই হওক বা সামাজিক মাধ্যমত আপোনাৰ পষ্ট আদি পঢ়িয়েই হওক আপোনাৰ মনৰ মাজত সদায় এটা প্ৰতিবাদী সত্তা থকা যেন অনুমান হয়। শৈশৱত যি বিষয় লৈ আপুনি কবিতা লেখা বুলি ক’লে, এই অনুমান সত্য যেন লাগে। কি ক’ব, এই বিষয়ত?
ফটাঢোল : কটনত থকা সময়ছোৱাতেই আপোনাৰ লেখা-মেলাৰ উৎকৰ্ষ সাধন হৈছিল বুলি আপুনি কৈছেই। খুবসম্ভৱ আপুনি কটনত শ্ৰেষ্ঠ সাহিত্যিকৰ পুৰস্কাৰো পাইছিল, সেই সময়ত কি লিখিছিল আপুনি বেছিকৈ? গল্প?
মৃণাল কলিতা : মই অলপ আগতে যে ক’লোঁ, কটনৰ সেই সময়ছোৱাৰ পৰিবেশ আছিল লেখা-মেলাৰ বাবে অত্যন্ত অনুকুল। কলেজ উইকৰ সাহিত্য প্ৰতিযোগিতাত পুৰস্কাৰ পাইছিলোঁ। সকলো লিখিছিলোঁ। একো বাদ পৰা নাছিল৷ গল্প, কবিতা, প্ৰৱন্ধ, নাটক সকলো। কটনত শ্ৰেষ্ঠ সাহিত্যিকৰ পুৰস্কাৰ পাওঁতে মনলৈ বিশ্বাস এটা আহিছিল যে ভৱিষ্যতে লেখ-মেলা কৰিব পাৰিমগৈ৷
ফটাঢোল : আপুনি বাতৰি কাকতৰ নিয়মীয়া কলমো লিখি আছে, নহয় জানো?
মৃণাল কলিতা : হয় লিখিছিলোঁ। এতিয়া বিশেষ কাৰণত বন্ধ কৰিছোঁ লিখা। জনমভূমি আৰু নিয়মীয়া বাৰ্তাত লিখিছিলোঁ।
ফটাঢোল : আপোনাৰ এতিয়ালৈ সাতখন গ্ৰন্থ প্ৰকাশ হ’ল। নহয় জানো?
মৃণাল কলিতা : হয়। গল্প সংকলন, উপন্যাস, শিশুৰ কাৰণে লিখা কিতাপ আৰু গণিতৰ কিতাপ মিলি এতিয়ালৈ সাতখন কিতাপ প্ৰকাশ পাইছে।
ফটাঢোল : ‘বকুল ফুলৰ দৰে’ আপোনাৰ এই মুহূৰ্তলৈ আটাইতকৈ জনপ্ৰিয় আৰু বহুল পঠিত উপন্যাস। সেইখন কিমান চনত প্ৰকাশ পাইছিল?
মৃণাল কলিতা : ২০১৫ চনত৷ এতিয়ালৈ এইখনৰ ৬ টা সংস্কৰণ ওলাল৷ ডিচেম্বৰ মাহত সপ্তমটো সংস্কৰণ প্ৰকাশ পাব।
ফটাঢোল : আপোনাৰ পৰিয়ালৰ কথা কওকচোন। বাইদেউৰ কথা, ছোৱালীৰ কথা। খোৱা-বোৱাৰ ৰুচিবোধ কেনে আপোনাৰ? নিজে ৰন্ধা-বঢ়া কৰেনে? কি খাই ভাল পায়?
মৃণাল কলিতা : মোৰ পৰিবাৰ আৰু ছোৱালী ৰিবৰিবক লৈয়েই মোৰ সংসাৰ। মা, দাদা, বাইদেউ, ভণ্টিহঁতো আছে৷ পৰিবাৰ বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপিকা। মোক হয়তো ভোজন বিলাসী বুলি ক’ব নোৱাৰি। ৰান্ধিব জানো যদিও ৰন্ধা কামটো বৰ ভাল নাপাওঁ। ঔ টেঙা আৰু মাছৰ জোল আৰু জিকা-আলু পিটিকা ভাল পাওঁ। পিচে এইটো চেলেব্ৰিটিকহে সুধিবলগা প্ৰশ্ন!
ফটাঢোল : আপোনাৰ লগত কথা পাতিলে বা আপেনাক সূক্ষ্মভাৱে লক্ষ্য কৰিলে এনে লাগে যেন আপুনি খুব জুখি-মাখি আৰু সুপৰিকল্পিতভাৱে প্ৰতিটো কামতে আগবাঢ়ে। চাকৰিৰপৰা অৱসৰৰ বাবে যদিও আপোনাৰ এতিয়াও ভালেমান সময় আছে তথাপিও কিবা পৰিকল্পনা আছে নে, বিশেষ কিবা এটা কৰাৰ? কেতিয়াবা ৰাজনীতিলৈ আহিব নেকি?
মৃণাল কলিতা : আপোনাৰ দৰে বহুতেই ভাৱে যে মই এজন খুব পৰিকল্পিতভাৱে আগবঢ়া মানুহ৷ আচলতে সেইটো সত্য নহয়। (হাঁহি) বাহিৰত যিমানেই শান্ত যেন নালাগক, ভিতৰত এক ধৰণৰ অস্থিৰতা, এটা ছটফটনি থাকেই। পৰিকল্পনা বুলি কওঁতে এতিয়ালৈ যিখিনি কাম কৰি আছোঁ সেই কামখিনিকেই অলপ বেছিকৈ কৰাৰ মন আছে৷ বিশেষকৈ শিশুৰ কাৰণে লিখাৰ কামটো। গল্প, উপন্যাসৰ কামটো চলি থাকিব।
সপোনৰ দৰে কথা এটা অৱশ্যে আছে; কিন্তু তাৰবাবে অলপ সময় লাগিব। সৰু সৰু ল’ৰা ছেৱালীৰ বাবে গাঁৱত এটা অনুষ্ঠান গঢ়ি তোলাৰ ইচ্ছা এটা আছে, য’ত মই নিজে সকলো তদাৰক কৰিম। দেখা যাওক কিমান বাস্তবায়িত কৰি তুলিব পাৰোঁ৷
ফটাঢোল : আপোনাৰ এই সপোন ফলৱতী হওক। আমাৰ শুভেচ্ছা এতিয়াৰপৰাই থাকিল।
মৃণাল কলিতা : ধন্যবাদ।
ফটাঢোল : সাম্প্ৰতিক সময়ত লেখকৰ এটা অভিযোগ পোৱা যায় যে অসমীয়া কিতাপ মানুহে কিনি নপঢ়ে। এই বিষয়ত আপুনি কিবা ক’ব নেকি?
মৃণাল কলিতা : অভিযোগ তোলা লেখকসকলকহে মোৰ সুধিবলৈ মন যায় যে আপুনি পাঠক সৃষ্টিৰ বাবে নিজে কি কৰিছে? শিশু বা কিশোৰ উপযোগী সাহিত্যৰ সৃষ্টিত যথোপযুক্ত মনোযোগ নিদি আমি কেনেকৈ আশা কৰোঁ যে ডাঙৰ হৈ সেই শিশুবোৰে অসমীয়া কিতাপ পঢ়িব! অসমীয়া কিতাপৰ অভাৱত যদি ইংৰাজী কিতাপ পঢ়ি কোনো শিশু ডাঙৰ হয় তেন্তে তেওঁলোকে ডাঙৰ হৈ হঠাতে এদিন অসমীয়া কিতাপ পঢ়িবলৈ আৰম্ভ কৰি নিদিয়ে৷
ফটাঢোল : শিশু সাহিত্য সৃষ্টি বহুতে কোৱাৰ দৰে যথেষ্ট টান কাম নেকি? আপোনাৰ মতামত কি এই বিষয়ে?
মৃণাল কলিতা : মই ভাবোঁ টান একেবাৰে নহয়। আগ্ৰহ আৰু দায়বদ্ধতা লাগিব; আৰু শিশুক ভাল পাব লাগিব। শিশুৰ বাবে সাহিত্য সৃষ্টি খুব মজাৰ কাম আচলতে; যদিহে আপোনাৰ মনৰ মাজত এটা শিশু থাকে। মই নিজে এই কামটো কৰি খুব মজা পাওঁ।
ফটাঢোল : আপোনাক শেষ প্ৰশ্নটো কৰোঁ। সাম্প্ৰতিক অসমৰ ব্যংগ সাহিত্যৰ প্ৰতি আপোনাৰ ধাৰণা কেনে?
মৃণাল কলিতা : অসমীয়া ব্যংগ সাহিত্যৰ সাম্প্ৰতিক ধাৰাটো খুব দুৰ্বল বুলি ভাবোঁ। ব্যংগ বুলি যিটো চলাই দিয়া হয় সেইটোত আচলতে বুদ্ধিদীপ্ততাতকৈ স্থূলতাটো খুব বেছি৷ বহুতে আকৌ হাস্য ব্যংগক ব্যক্তিগত আখেজ পূৰণৰ পথ হিচাপেও লৈছে।
ফটাঢোল : শেষত আপোনাৰ বহুমূলীয়া সময়ৰ বাবে পুনৰ ধন্যবাদ। আশাকৰোঁ আগলৈ পুনৰ লগ পাম।
মৃণাল কলিতা : ধন্যবাদ। ফটাঢোললৈ শুভেচ্ছা থাকিল।
(সাক্ষাতকাৰটো গ্ৰহণ কৰাত আমাক সকলোফালৰপৰা সহায় কৰা ফটাঢোলৰ সদস্য অভিজিত গোস্বামী, জিণ্টু কলিতা, ধ্ৰৱজ্যোতি দত্তলৈ অশেষ কৃতজ্ঞতা – সম্পাদিকা)
☆ ★ ☆ ★ ☆
2:45 pm
ভাল লাগিল কথোপকথন টি ৷
3:00 pm
আশাকৰো গণিতৰ ৰসাল কথা তেখেতৰ কলমত ফটাঢোলৰ মজিয়াত পঢ়িব পাম।
10:49 pm
ভাল লাগিল তেখেতৰ বিষয়ে জানি৷
5:59 pm
খুব ভাল লাগিল। তেখেতৰ বিষয়ে বহুতো কথা জানিবলৈ পালো
8:16 pm
ড০ মৃণাল কলিতাৰ সাক্ষাৎকাৰটো বৰ ভাল লাগিল । “বকুল ফুলৰ দৰে” পঢ়ি কিমান ভাল লাগিছিল তাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ । আপোনালোকলৈ ধন্যবাদ তেখেতৰ লগত পৰিচয় কৰাই দিয়া বাবে ।
8:45 pm
আটাইকে আন্তৰিক ধন্যবাদ।
7:45 am
ভাল লাগিল তেখেতৰ বিষয়ে জানিব পাৰি।
6:22 pm
ভাল লাগিল জানি