ডায়েট ক’ণ্ট্ৰল-জয়ন্ত গগৈ
প্ৰশান্তৰ গাটো এইকেইদিন বৰ এটা ভাল নলগাৰ বাবেই গাড়ীখন লৈ ক’লৈকো যোৱা নাই৷ লগৰীয়াবোৰে সি কিয় টেক্সি ষ্টেণ্ডলৈ অহা নাই, তাকে লৈ ফোনো কৰি আছে। তাৰ শৰীৰটো কিবা অলস অলস যেন লগা, ফোঁপনি ধৰা, মূৰ আচন্দ্ৰাই কৰা ভাৱটোৰ বাবেই যাবলৈ ইচ্ছা কৰা নাই বুলি দুই-তিনিজনমান লগৰীয়াক জনালে। প্ৰশান্তৰ শ্ৰীমতীয়েও ডাক্তৰৰ ওচৰলৈ যোৱাৰ কথা কেইবাবাৰো উনুকিয়াই আছে। অৱশেষত যেনিবা টেক্সি ষ্টেণ্ডৰ দুজনমান লগৰীয়াই জোৰ কৰি তাক ডাক্তৰৰ ওচৰলৈ লৈ গ’ল।
প্ৰশান্তৰ বয়স অনুযায়ী থুলন্তৰ দেহাটোৱে বহুত বয়সীয়াল যেন দেখায়। এই চাব্বিশ বছৰ বয়সতেই তাৰ থুলন্তৰ দেহাটোত জোখৰ ৰেডিমেড কাপোৰৰ অভাৱ ঘটিছে। গাড়ীৰ চিটত বহি কোনোমতেহে ষ্ট্ৰেৰিং ঘূৰায়। অলপদূৰ খোজ দিলেই ফোঁপাবলৈ ধৰে। থোলোকা নহ’বনো কিয়? থুলন্তৰ লোকৰ খোৱাৰ জুতি, অভ্যাস দেখিলে তবধ মানিব লাগিব। লোভৰ লেলাউটি যেন সদায়েই জিভাৰ আগত থাকে। “বেছি শকত হৈছ, অলপ কমাই খাবি” বুলি ক’লে শুনোতাৰ জগৰেই লাগে৷ প্ৰশান্তও এই শ্ৰেণীৰ মাজৰে এজন। প্ৰতিসাঁজ আমিষ নহ’লে নহয়েই, নিৰামিষ দেখিলেই মনটো সেমেকি উঠে! তাৰ শ্ৰীমতীয়েও কমকৈ খোৱা-বোৱাৰ কথা উলিয়াবলৈ ভয়ে কৰা হ’ল। ন-বোৱাৰী হৈ অহাৰ প্ৰথম কেইদিনমানত দুজন মানুহলৈ দুই পোৱামান চাউলৰ ভাত সিজাওঁতে তাই আচৰিতেই হ’বলগীয়া হৈছিল। পিছলৈ যেনিবা পতিদেৱতাৰ খোৱাৰ আচৰণত সিদ্ধহস্ত হৈ পৰিছিল।
ডাক্তৰে প্ৰশান্তৰ শৰীৰৰ উপসৰ্গবোৰ লক্ষণ চাই ডায়েট ক’ণ্ট্ৰল কৰিবলৈ পৰামৰ্শ দিলে। চাৰিবিধমান ঔষধ দি, কেতিয়া কেতিয়া খাব লাগিব, ধুনীয়াকৈ বুজাই দিলে। প্ৰেচাৰ, চুগাৰৰ বাবে কি কি খোৱাৰপৰা বিৰত থাকিব লাগিব তাকো ক’লে। ৰাতিৰ সাঁজত ৰুটি খোৱাৰ পৰামৰ্শ দি এমাহৰ পিছত পুনৰ চে্ক-আপ এটা কৰি যাবলৈ ক’লে। ঘৰলৈ আহি লগৰীয়াকেইজনেও প্ৰশান্তৰ শ্ৰীমতীক ৰাতিৰ সাঁজত ভাতৰ সলনি ৰুটি খাবলৈ কোৱাৰ কথা কৈ গ’ল। ডাক্তৰৰ পৰামৰ্শ মানি সেইদিনাৰপৰা প্ৰশান্তৰ শ্ৰীমতীয়েও ৰুটি, দাইল আৰু শাকৰ আঞ্জা বনাবলৈ ল’লে। প্ৰশান্তৰ শ্ৰীমতীয়েও মনত অলপমান সন্তোষ লভিছে অন্ততঃ মাংসৰ আঞ্জাৰপৰা কিছুদিন ৰেহাই পাইছে কিন্তু আমনিও লাগিছিল ৰুটি পুৰি পুৰি আৰু বেয়াও লাগিছিল৷ প্ৰথম কেইদিনমান কেইখনমান শুকান ৰুটি-চবজি খাই আধা ৰাতিতে ভোক-পিয়াঁহত টোপনিৰপৰা সাৰ পাই ইচাট-বিচাট কৰি বিছনাত বাগৰ সলাই থকা গিৰিয়েকৰ অৱস্থা দেখি। দুভাগ ৰাতি পতিদেৱতাৰ হামি-হিকটিত প্ৰায়ে টোপনিৰপৰা সাৰ পাব লগা হৈছে। এপোৱা-ডেৰপোৱা চাউলৰ ভাতখোৱা শৰীৰ, ৰুটি খাই কেনেকৈ থাকে! ৰোগী যেতিয়া ৰুগীয়াই – এই লৈয়েই প্ৰশান্তৰ শ্ৰীমতীয়েও ডাক্তৰ, লগৰ বন্ধুসকলৰ পৰামৰ্শক অনিবাৰ্য ভাৱেই মানি লৈ পালি গৈছে। মুঠতে পতিদেৱতা সু-স্বাস্থ্যৰ অধিকাৰী হৈ পৰক। এই কেইদিনমানৰপৰা পতিদেৱতাৰ স্বাস্থ্য ঠিকেই দেখি আছে আৰু ৰোগৰ উপসৰ্গবোৰো ধৰা নপৰাকৈ আছে। ঔষধৰে কাম নে শুকান ৰুটি-চবজি অথবা মাংসৰ লোভৰপৰা আঁতৰি থকাৰ ফচল, এয়া প্ৰশান্তৰ শ্ৰীমতীয়ে বুজিবলৈ অসুবিধাৰ সন্মুখীন হৈছে। মূল কথা হ’ল পতিদেৱতাৰ স্বাস্থ্য ভাল হৈ উঠক এয়ে তাইৰ কামনা। পতিদেৱতাৰ কুশল স্বাস্থ্যৰ হকে লাগিলে ওৰে জীৱন তাই ৰুটি বেলি থাকিব৷
এমাহ পাৰ হৈ গ’লত প্ৰশান্তক শ্ৰীমতীয়ে বাৰেপতি মনত পেলাই আছে ডাক্তৰৰ চে্ক-আপৰ কথা। সেইদিনাখন নগৰলৈ যোৱাৰ সুবিধাতে পতিদেৱতাক ডাক্তৰৰ ওচৰলৈ চে্ক-আপৰ বাবে শ্ৰীমতীয়েই লৈ গ’ল। অথচ পতিদেৱতা নগৰলৈ সদায়েই গাড়ী লৈ ওলাই আহি নগৰতে ঘূৰি ফুৰে। ডাক্তৰৰ চেম্বাৰত সোমাবলৈহে এলাহ! কেইবাজনো ৰোগী সোমোৱাৰ পিছত প্ৰশান্ত আৰু তাৰ শ্ৰীমতী দুয়ো ডাক্তৰ চেম্বাৰলৈ সোমাই গ’ল। ডাক্তৰ মহোদয়েও দেখা মাত্ৰেই, “কেনেকুৱা ভাল পাইছেনে” বুলি আগতেই সুধিলে৷ প্ৰত্যুত্তৰত প্ৰশান্তই অলপ অলপ ভাল লগাৰ কথা ক’লে। তেখেতেৰ পৰামৰ্শবোৰও মানি চলাৰ কথা ক’লে। মাংস এৰা আজি এমাহেই পাৰ হোৱাৰ কথাও জনালে। ডাক্তৰে প্ৰয়োজনীয় পৰীক্ষা কৰি থাকোঁতে পুনৰ সোঁৱৰাই দিলে যাতে আগলৈও ডায়েট ক’ণ্ট্ৰল কৰি থাকে। ৰাতিৰ আহাৰত শুকান ৰুটি খাই আছেনে বাৰু সোধোঁতেই প্ৰশান্তৰ শ্ৰীমতীয়ে ডাক্তৰ মহাশয়ক তপৰাই সুধিয়েই পেলালে,
: ছাৰ, শুকান ৰুটি বাৰু আৰু কিমান দিনমানলৈকে খাব লাগিব।
ডাক্তৰ মহাশয়েও কৈ গ’ল,
: ডায়েট ক’ণ্ট্ৰল কৰিবলৈ হ’লে শুকান ৰুটিয়েই অত্যন্ত উত্তম আহাৰ। দুখন বা তিনিখন ৰুটিহে। বনাই মেলি খোৱাব আৰু।
: দুই-তিনিখন ৰুটি যদি পাৰিম বাৰু ছাৰ৷
: তেনেহ’লে?
: নহয় মানে ছাৰ, আমাৰ এইজনক দুই-তিনিখন ৰুটিয়ে একোৱেই নহয়! মই ৰুটি বেলি বেলি ভাগৰি গৈছোঁ৷ ভাত ৰান্ধিলে ইমান লাগি থাকিব লগা নহয় যে৷
: মানে? কেইখন ৰুটি খায়?
: ছাৰ, ত্ৰিচ-পইত্ৰিছখন লাগে তেখেতক৷
: কি…….! হে হৰি!
☆ ★ ☆ ★ ☆
2:08 pm
বঢ়িয়া