ফটাঢোল

ভিন্ন জন,ভিন্ন মন-গীতাৰ্থ গোস্বামী

চেলচ প্ৰফেশ্যনত থকা বাবে সদায় বেলেগ বেলগে মানুহক লগ পোৱাৰ সৌভাগ্য হয়, আৰু এবাৰ তেনেকৈয়ে বেলেগ এটা কোম্পানীত কৰ্মৰত এজন ব্যক্তি শ্ৰীমান তালুকদাৰৰ লগত সাক্ষাৎ হ’ল। দুয়ো একেলগে এবাৰ শ্বিলঙলৈ গ’লোঁ‌ চাকৰিৰ কামত। হোটেলত দুটা চিঙ্গল ৰুম খালী নথকাৰ বাবে এটা ডাঙৰ ৰূম দুয়োজনে বুক কৰিলোঁ‌ আৰু নিজৰ নিজৰ কামত ওলাই গ’লোঁ‌। আহি দেখোঁ‌ ডাঙৰীয়াই নিজৰ চেণ্ডেল, টাৱেল আদি একো না নাই। হোটেলৰ সৰু টাৱেলখন মেৰিলীন মনৰোৰ মিনি স্কাৰ্টটোৰ দৰে পিন্ধি বাৰে বাৰে মোৰ চেণ্ডেলযোৰ লৈ বাথৰুমলৈ গৈ তিয়াই আনে আৰু মই ঠাণ্ডা দিনত তিতি থকা চেণ্ডেলযোৰ পিন্ধিবলগীয়া হোৱাত বিৰক্ত হৈ ক’লোঁ‌,

: আপোনি নিজৰ চেণ্ডেল নানে কিয়? কাইলৈ এযোৰ কিনি ল’ব দেই। মোৰ চেণ্ডেল পিন্ধি এনেকে তিয়াই নাথাকিব।

তেওঁ হয়ভৰ দি থ’লে আৰু পিছদিনা কথামতে আবেলি ৰূমলৈ আহি দেখোঁ‌ তেও নতুন এযোৰ চেণ্ডেল আনিছে কিন্তু তেওঁতকৈ চাইজত সৰু ফলত গোৰোহা পকাতেই লাগি থাকে আৰু মই সেয়ে সুধিলোঁ‌,

: নতুন চেণ্ডেল লৈছে কিন্তু ভালদৰে ছাইজটো চাই নিকিনিলে কিয়?

তালুকদাৰে হাঁহি হাঁহি উত্তৰ দিলে,

: নহয় মানে ছাইজ চাইয়ে আনিছোঁ‌। মোৰ চেণ্ডেলযোৰ ঘৰত আছে আৰু ভালেই আছে কিন্তু পত্নীৰ চেণ্ডেলযোৰহে অলপ পুৰণা হৈছে সেয়ে তেওঁৰ চাইজৰে কিনিলোঁ‌ যাতে গৈ তেওঁক দি দিব পাৰিম। মিছামিছি কিয় টকাৰ শ্ৰাদ্ধ কৰোঁ‌?

মই হাঁহো নে কান্দো ভাবি ভাবি ক’লোঁ‌,

: বৰ ভাল কৰিলে।

পিছদিনা দুপৰীয়া একেলগে ভাত খাবলৈ হোটেলত বহিলোঁ‌। তেওঁ‌ মেন্যুখন চাই “আজি বৃহস্পতিবাৰ গতিকে মই নিৰামিষ থালিয়ে খাম দিয়ক” বুলি ৬০টকাৰ থালি অৰ্ডাৰ কৰিলে। আৰু মই চিকেন থালি অৰ্ডাৰ কৰিলোঁ‌। যথাসময়ত খোৱা আহি টেবুল পাওঁ‌তেই মই ডালি ভাত খাই থাকোঁ‌তেই তেওঁ কথা নাই বতৰা নাই সাউতকে মোৰ চিকেনৰ বাতিটোৰপৰা জোল অলপ বাকী লৈ খাব ধৰিলে আৰু সহায়কজনক আকৌ অৰ্ডাৰ দিলে,

: চিকেনকাৰী অলপ দিবাচোন ইয়াতে।

মই কি হৈছে তলকিব নোৱাৰি তেওঁক সুধিলোঁ‌,

: আপুনি দেখোন নিৰামিষ খাই বোলে আজি?

আঙুলি চেলেকি চেলেকি তেওঁৰ উত্তৰ,

: নাই নাই জোলখিনি খাব পাৰিতো বাকী নিৰামিষেই খাইছোঁ‌। আপুনি চিন্তা নকৰিব আপোনাক কাৰী বিনামূলীয়াকৈ আনি দি আছোঁ‌ খাই থাকক।

কৈয়ে আকৌ অলপ চিকেনকাৰীৰে নিৰামিষ ভোজন পৰম তৃপ্তিৰে গ্ৰহণ কৰিলে।

সন্ধিয়া আকৌ কামৰপৰা হোটেল আহি দেখোঁ‌ বাথৰুমত চাবোন চেম্পু একো নাই দেখোন। আৰু ফোন লগাই হাউছকীপিঙক চাবোন পঠিয়াবলৈ ক’লোঁ‌। তেওঁলোকৰ উত্তৰ,

: ছাৰ আপোনাৰ ৰূমত আজি অলৰেদী দুবাৰ চাবোন চেম্পু দিয়া হৈছে আৰু লাগিব নিকি?

মই খঙতে,

: ক’ত দিছা? থাকিলে বিচাৰিম নিকি? বেলেগ ৰূমত দিছা চাগে। সোনকালে পঠিওৱা.

তেওঁলোকেও মোৰ খং উঠা দেখি ততাতৈয়াকৈ আকৌ চাবোন আৰু চেম্পু পঠিয়াই দিলে আৰু দিবলৈ অহা ল’ৰাজনে তালুকদাৰলৈ চাই ক’লে,

: ছাৰ অলপ আগতে আপোনাক চাবোন দি গৈছিলোঁ‌ আপুনি নাই পোৱা বুলি কৈছে বাবে মেনেজাৰে মোক গালি পাৰিছে।

তালুকদাৰে একো নজনাৰ ভাও ধৰি বেলেগ ফালে চাই থাকিলে আৰু ময়ো আচল কালপ্ৰিটজন কোন গম পালোঁ‌। আৰু সেইদিনাৰপৰা তেখেতৰ লগত ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্যৰপৰা নিজকে স্বইচ্ছায়ে আঁ‌তৰাই ৰাখিছোঁ‌।

☆ ★ ☆ ★ ☆

4 Comments

  • Devajit saud

    Kisu experience..

    Reply
  • জিতু

    কৰাইচৰ হাৰ্ড্ডি।

    Reply
  • হেমন্ত কাকতি

    থাকে কিছুমান আচৰিত প্ৰানী৷ মজা লাগিল দেই ইনচিডেণ্টটো৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *