ফটাঢোল

এটা ৰঙা সূৰুয-দীক্ষিতা বৰা

চ’ৰাঘৰত বহি থকা আলহীজন বহু দিনৰ মূৰত আহিছে। সেয়েহে তেখেতক সুন্দৰকৈ আপ্যায়ন কৰিবলৈ পাকঘৰত যো-জা চলিছে। অকলশৰীয়া মানুহজনীৰ আচলতে কিছু উথপথপ লাগিছে কি কৰোঁ কি নকৰোঁ, কি দিওঁ কি থওঁ বুলি। হওঁতে বাৰু তেখেতৰ জীয়ৰী এজনী আছে, কিন্তু ভাগৰত আহি শুই থকা ছোৱালীজনীক উঠাই আনি কামত লগাবলৈ মাকৰ মনটোৰে সত যোৱা নাই। গতিকে তেখেতেই লৰালৰিকৈ চাহৰ যা-যোগাৰ কৰি আছে। গিৰিহঁতে আলহীৰ লগত বহি কথা-বতৰা পাতি আছে, দুই এটা কথা মানুহগৰাকীৰ কাণত পৰিছে।

: এয়া চাহ খাওক, অকলেই যি পাৰোঁ কৰিলোঁ আৰু। সুদা সুদা বুলি বেয়া নাপাব।

চাহৰ প্লেটখন লৈ মানুহগৰাকী ওলাই আহিল।

: আৰে নাই নবৌ, কি নো বেয়া পোৱা কথা। ইমানবোৰ যতনাই দিছেই। পিচে অকলশৰীয়া বুলিলে যে, মাজনী নাই নেকি?

: আছে, কিন্তু তাই কলেজৰপৰা আহি শুই আছে যে, মাতিবলৈ মন নকৰিলোঁ।

মাজনীৰ দেউতাকে ক’লে।

: আজি সিহঁতৰ কলেজত এডমিশ্যন আছিল। দিনটো তাতেই লৰা-ধপৰা হয় যে, ভাগৰতে আহি শুই আছেহি। অৱশ্যে তাইৰ উঠিবৰ হৈছেই, উঠিল যদি ইয়ালৈকে মাতিয়ে দিওঁ। দুষাৰমান কথা পাতক।

দেউতাকে মতাত ক্ষন্তেক পিছতে ভিতৰৰপৰা ওলাই আহিল ছোৱালীজনী। সুন্দৰকৈ নমস্কাৰ জনাই ওচৰতে বহি আলহীৰ লগত কথা বতৰা পাতিলে। কলেজীয়া ছোৱালীজনীৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিলে আলহীজনে। তায়ো দৃঢ়তাৰে কৈ গ’ল নিজৰ আঁচনি।

: লোকসেৱা আয়োগৰ পৰীক্ষা দিম খুৰা। এতিয়াৰ পৰাই আৰম্ভ কৰিছোঁ, পঢ়া-শুনা কৰি আছোঁ যাতে পিছত বেছি দিন ৰ’বলগীয়া নহয়। আজিকালিৰ দিনত আৰু এটা বছৰ ক্ষতি হোৱা মানেই বহুত ক্ষতি, লগতে দিনে দিনে কম্পিটিচন ইমান বাঢ়ি গৈছে। গতিকে সোনকালে লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰোঁ।

: বৰ ভাল লাগিল তোমাৰ পৰিকল্পনা জানি। বহুতো শুভকামনা থাকিল তোমাৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে। তুমি এপিএচছিৰ অধীনত কেনেকুৱা পোষ্টৰ কাৰণে চেষ্টা কৰিম বুলি ভাবিছা?

: এচিএছ।

: সুন্দৰ, বৰ ভাল কথা। এইখিনিতে এটা বিশেষ কথা মন কৰিবা। ইয়াৰ বাবে প্ৰস্তুতি চলাওঁতে কেৱল স্কুলীয়া পৰীক্ষাৰ দৰে লিখিত পৰীক্ষা আৰু তাৰ নম্বৰৰ কথা চিন্তা কৰিলেই নহ’ব, তাৰ লগতে ইণ্টাৰভিউৰ বাবেও বিশেষভাৱে প্ৰস্তুত হ’ব লাগিব। প্ৰস্তুতিৰ এটা অংশ হিচাপে তোমাৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰাত মন দিবা।

: হয় খুৰা, মই পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কাৰণেও গুৰুত্ব দিওঁ।

পৰম দৃঢ়তাৰে মাজনীৰ উত্তৰ।

: বৰ ভাল কথা, ভাল হওক তোমাৰ। এটা কথা কোৱাচোন, মানুহৰপৰা তুমি এতিয়া সন্মুখীন হ’বপৰা মুখ্য প্ৰশ্নটো হ’ব যে তুমি কিয় এগৰাকী এচিএছ বিষয়া হ’ব বিচাৰা?

: চাওক খুৰা, ই এনে এক পোষ্ট যি ব্যক্তি আৰু সমাজ উভয়ৰ দৃষ্টিকোণৰপৰাই যথেষ্ট গুৰুত্বপূৰ্ণ। ব্যক্তিৰ বাবে যদি ই নাম যশ খ্যাতি আনি দিয়ে, আনফালে ই সমাজখনৰো সুন্দৰ পৰিচালনাৰ বাবে সহায়ক। বৰ্তমান সময়ত অৱশ্যে বহুতেই এনেকুৱা পোষ্টত থকাৰ সুবিধা লৈ দুৰ্নীতিত মগ্ন হৈছে যি অতি অশুভ লক্ষণ। মই এজন এচিএছ বিষয়া হিচাপে এনে অন্যায় আৰু দুৰ্নীতিৰ বিৰুদ্ধে চিৰদিন যুঁজি যাম।

আৰু অনেক কথাই কৈ গ’ল তাই। ছোৱালীজনীৰ কথাবোৰ মানুহজনৰ ভাল লাগিছে। চাহৰ কাপটো থৈ তাইৰ মুখলৈ চাই শুনি গৈছে বিভিন্ন পাৰিসাংখ্যিক তথ্যৰ সৈতে তাই আগবঢ়োৱা দেশৰ দুৰ্নীতি, তাত জড়িত লোক আৰু ইয়াৰ ফলত হোৱা সাধাৰণ জনতাৰ ক্ষয় ক্ষতিৰ বিষয়ে কিছু বিশ্লেষণ। দেশত যেন এটা নতুন সূৰুযে ভূমুকি মাৰিবলৈ লৈছে এই নতুন কোমল মুখবোৰৰ আঁৰে আঁৰে, তেনে লাগিল মানুহজনৰ। অন্যায় অপৰাধ বিৰোধী কথাবোৰে যেন এখন নিকা প্ৰশাসনৰ সোপান। এটা নতুন সূৰুযে যেন দৃষ্টিৰ আগত খেলি আছেহি আলহীজনৰ।

হঠাতে তাইৰ কথাত ব্যাঘাত জন্মাই ফোনটো বাজি উঠিল, ফোনটো লৈ তাই বাৰাণ্ডালৈ উঠি গ’ল। এক ফৰকাল মন লৈ মানুহজনে পুনৰ চাহকাপত চুমুক দিলে। বাৰাণ্ডাৰপৰা উফৰি অহা ফোনত কথা পতাৰ শব্দ কিছুমান মানুহজনৰ কাণত পৰিল।

: আৰে মোৰ মনত আছে নহয় তহঁতক ট্ৰিট দিয়াৰ কথা আছিল আজি। অলপ পিছতে ওলাই যাম। ভাগৰতে আহি শুই আছিলোঁ অ’।

: …..

: টেন থাউজেন্দ দি হেয়াৰ ষ্ট্ৰেইটনিং কৰিছোঁ, টু থাউজেন্দ দি ট্ৰিট এটা দিব নোৱাৰিম নেকি মই তহঁতক?

সিফালৰ কথাবোৰ শুনা নাপালেও মানুহজনে কথাখিনি জুকিয়াই লৈ ঘটনাটো বুজিব পাৰিলে। ৰাইজৰ, দেশৰ সেৱা কৰিবলৈ বিচৰা ছোৱালীজনীৰ মুখত টকাৰ গৰ্বৰ কথাষাৰ শুনি মানুহজনে কিছু অখজা পালে। কিন্তু ইয়াৰ পিছৰ কথাখিনিয়ে তেখেতৰ ফৰকাল মনটোলৈ যেন কলীয়া ডাৱৰ কিছুমানহে আনি দিলে।

: এহ্ নকবি আৰু, এইকেইদিন কি কি কামত যে ঘূৰিবলগীয়া হৈছে নহয়। গাঁওবুঢ়া, জি.পি.ৰ প্ৰেছিডেণ্ট সৱকে লগ কৰি ফুৰিছোঁঁ৷ ইনকাম চাৰ্টিফিকেটখন উলিয়াই দিবৰ কাৰণে। সেই সামান্য পোষ্ট এটাত থাকিও সিহঁতৰ কথাৰ কি বাহাৰ!

: …….
: দেউতাৰ নামত কাগজ এখনত লিখি দিব লাগে জাষ্ট যে ইয়েৰলি ইনকাম পঞ্চাশ হাজাৰতকৈ কম। বাছ সিমানটো কথাৰ কাৰণে পাঁচশ টকা বিচাৰিছে জাননে? টকা খোৱাৰ ফান্দ পাতি থাকে ইহঁতবোৰে। এতিয়া মানে এডমিশ্যন ফীজ চাৰে তিনিশ টকা আৰু তাতকৈ বেছি ঘোচ দিওঁতেই গ’ল মোৰ।

ইনকাম পঞ্চাশ হাজাৰ৷ চোতালত ৰখাই থোৱা গিৰিহঁতৰ বিদেশী গাড়ীখন, সুদৃশ্য লোহাৰ গেটখন আলহীজনৰ চকুৰ আগত ভাঁহি উঠিল, তেওঁ চামুচেৰে প্লেটৰপৰা উঠাই অনা মিঠাই এটুকুৰা তলৰ টাইলচ খচিত মজিয়াত সৰি পৰিল।

কিছু পৰৰ পিছত আলহীজন যাবলৈ ওলাল। স্কুটাৰখন লৈ তেওঁ পদূলি পাই মানে ছোৱালীজনীও স্কুটিখন লৈ ওলাই আহিল এফালে যাবলগীয়া আছে বুলি। ছোৱালীজনী আৰু আলহীজন একেলগেই চহৰ অভিমুখে যাবলৈ ওলাল।

আগে আগে কিছু সময়ৰ আগতে অন্যায় আৰু দুৰ্নীতিৰ বিৰোধিতা কৰি থকা ছোৱালীজনী, আলহীৰ আগত দেশৰ ক্ষতি হোৱাৰ বাবে আৰু বান্ধৱীৰ আগত নিজৰ স্বাৰ্থ সিদ্ধিত কিছু ব্যাঘ্যাত জন্মাৰ বাবেহে দুৰ্নীতিৰ বিৰোধিতা কৰা ছোৱালীজনী যি নিজেই এক অনীতিৰ কাৰক; আৰু পিছে পিছে আলহীজন গৈ থাকিল। পথাৰৰ সীমনাত তেতিয়া এটা ৰঙা বেলি। ৰাস্তাৰ কাষৰ গছবোৰৰ বাবে মাজে মাজে লুকাই মাজে মাজে ওলাই গৈ থকা এটা ৰঙা বেলি। ছোৱালীজনীৰ আঁৰতো এটা বেলিয়ে খেলি থকা দেখা যেন পালে পিছত গৈ থকা আলহীজনে, কিন্তু সেইটো বেলি নতুন আশা-উদ্যমৰ ৰঙেৰে ৰঙীন নে পুৰণি কীট কিছুমানে সমাজখন আকৌ কুটি কুটি খোৱাৰ ভয়ানক সংকেতেৰে ৰঙা, এই কথা ভাবি মানুহজন চিন্তাত পৰিল।

☆ ★ ☆ ★ ☆

One comment

  • অৰ্চন শৰ্মা

    ব্যতিক্ৰমী গল্প , আপোনাৰ বৰ্ণনা সঁচাই অতুলনীয় , এই যে মাজনী আৰু এনে বহুতৰ মুখাৰ আঁৰৰ মুখবোৰ দেখি ভাৱ হয় –
    মুখাবোৰ সকলোৰে মুখ হোৱা হলে,,,,,

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *