এটা চতুৰ চোৰৰ সাধু(দাক্ষিণাত্যৰ এটা জনজাতীয় সাধুৰ ভাবানুবাদ)-অনুৰূপ মহন্ত
যেনেদৰে আন সাধুবিলাক আৰম্ভ হয় তেনেদৰেই আমাৰ সাধুটোও আৰম্ভ হৈছে…..
এসময়ত এখন গাঁৱত এটা অতি দুখীয়া ল’ৰা আছিল, তাৰ নাম আছিল তীখৰ। নামৰ দৰেই ল’ৰাটোও আছিল অতি বুধিয়ক। কিন্তু ঘৰৰ দুখীয়া অৱস্থাৰ বাবে একো কৰিব নোৱাৰি অনিচ্ছা স্বত্ত্বেও শেষত সৰু-সুৰা চুৰি কৰিয়েই সি জীৱিকা নিৰ্বাহ কৰিবলৈ ল’লে। লাহে লাহে সি চুৰি বিদ্যাত পাকৈত হৈ পৰিল। মানুহে কয়, “সি বোলে কোনেও গম নোপোৱাকৈ মানুহৰ চকুৰ পৰা কাজল পৰ্যন্ত চুৰি কৰি নিব পাৰিছিল!”
যেনে তেনে চলি থকাকৈ তাৰ উপাৰ্জন হয় যদিও সি কিন্তু তাৰ কামক লৈ কেতিয়াও সন্তুষ্ট হ’ব পৰা নাছিল। মনতে সদায় ভাবিছিল, “কিবা এটা কৰি ৰজাৰ ৰাজসভাত চাকৰি এটা যোগাৰ কৰিব পৰা হ’লে!” পিছে সি চুৰি কৰা বিদ্যাৰ বাদে একো কামতেই পাৰ্গত নাছিল। সেয়ে সি মনতে ভাবিলে, “নিজৰ বুদ্ধি আৰু চুৰি বিদ্যা কামত লগায়েই যেনে তেনে ৰজাৰ নজৰত আহিবই লাগিব।”
ভবা মতেই এদিন সি বহুদূৰ বাটকুৰি বাই নগৰত উপস্থিত হ’লগৈ। নগৰৰ অট্টালিকাৰপৰা সৰু সৰু ঘৰবোৰলৈ, বাট পথৰপৰা ৰাজআলিলৈ সকলো এফালৰ পৰা ভালদৰে চাই সি এদিন আন নগৰবাসীৰ লগতে ৰাজসভাতো উপস্থিত হ’লগৈ। ৰজাৰ ৰাজ মহলটো এটা দুৰ্গৰ দৰে আছিল আৰু বহুত প্ৰহৰীয়ে সকলো সময়তে পহৰা দি থাকিছিল। বিনা অনুমতিত তাত সোমোৱা প্রায় অসম্ভৱেই আছিল।
ৰাজসভালৈ গৈ সি গম পালে যে প্ৰতি এঘণ্টাৰ মূৰে মূৰে তাত এটা ডাঙৰ ঘণ্টা বজোৱা হয়। লগে লগে তীখৰৰ চতুৰ মনত বুদ্ধি এটা খেলালেই। সি ৰাতি হোৱালৈ অপেক্ষা কৰিলে। ৰাতি বাৰ বজাত যেতিয়া ঘণ্টাটো বাৰ বাজিল, প্ৰতিটো ঘণ্টাৰ লগে লগে সি ৰাজমহলৰ বাহিৰৰ দেৱালত এটা এটা ডাঙৰ গজাল মাৰি যাবলৈ ধৰিলে। ঘণ্টাৰ ডাঙৰ শব্দত তাৰ গজালৰ শব্দ কোনেও নুশুনিলে। সেই গজাল বিলাকত বগাই বগাই সি ৰাজমহলৰ ভিতৰত সোমাল আৰু ৰজাৰ চন্দুকৰ পৰা অতি মূল্যৱান হীৰাকেইটামান চুৰি কৰি মনে মনে ওলাই আহিল।
পাছদিনা যেতিয়া ৰজাই হীৰা চুৰি হোৱাৰ কথা গম পালে, ৰজাৰ ভীষণ খং উঠিল। পহৰাদাৰসকলক ৰাজসভালৈ মাতি আনি আদেশ দিলে নগৰৰ সকলো স্থানতে ৰাতি ভালদৰে পহৰা দিবলৈ আৰু ৰাতি আবাবত ঘূৰি ফুৰা যাকে পাই তাকেই চোৰৰ সন্দেহত গ্ৰেপ্তাৰ কৰিবলৈ। তীখৰো সেই সময়ত ৰাজ সভাতেই আছিল। সি প্ৰতিজন পহৰদাৰকে ভালকৈ চাই ল’লে আৰু কাৰ ঘৰ ক’ত খবৰ লৈ ল’লে।
এইবাৰ তীখৰে সাধুবাবাৰ ভেশলৈ প্ৰতিজন চিপাহীৰ ঘৰলৈ গৈ তেওঁলোকৰ পত্নীসকলক লগ কৰিলে আৰু সকলোকে এটা ভৱিষ্যতবাণী কৰিলে, “আজি ৰাতি ৰজাৰ আদেশত তোমাৰ স্বামীয়ে চোৰ ধৰিবলৈ পহৰা দিব। কিন্তু তোমাৰ স্বামীৰ ভেশ লৈ চোৰ তোমাৰ ঘৰলৈহে আহিব। চোৰটো বৰ চতুৰ, সি ভেশ সলোৱাৰ লগতে তোমাৰ স্বামীৰ দৰে মাত উলিয়াও কথা ক’ব। তুমি ভয় নকৰিবা, দুৱাৰ খুলিও নিদিবা। দুৱাৰৰ ওপৰৰ ফাঁকেৰে গৰম তেল চোৰটোৰ গাত ঢালি দিবা। চোৰটো তোমাৰ হাততেই ধৰা পৰিব আৰু তুমি চোৰটো ধৰি দিয়াৰ বাবে তোমাৰ স্বামী অতি আনন্দিত হ’ব, ৰজায়ো পুৰস্কাৰ দিব। কিন্তু মই তোমাক কোৱা এই কথা তুমি কাকো নক’বা, স্বামীকো এতিয়া নক’বা। নহ’লে ভৱিষ্যতবাণী মিছা হ’ব আৰু ৰজাৰ পুৰস্কাৰো হেৰুৱাবা।”
সকলোৱেই সাধুবাবাৰ কথা মানি ল’লে।
সেইদিনা ৰাতি নগৰত কোনো মানুহ বাহিৰলৈ নোলাল। পহৰাদাৰসকলেও কাহিলী পুৱা এতিয়া আৰু চোৰ নাহে বুলি নিজ নিজ ঘৰলৈ উভতিল। কিন্তু ঘৰত তেওঁলোকৰ পত্নীসকলে দুৱাৰ খুলি নিদিলে আৰু সাধুবাবাই শিকোৱা মতে গৰম তেল চোৰৰ গাত ঢলা বুলি ভাবি নিজ নিজ স্বামীৰ ওপৰতেই ঢালি দিলে। ফলত সকলোবিলাক পহৰাদাৰ একেলগে চিকিৎসাধীন হ’বলগীয়া হ’ল।
এইটো ঘটনাৰ খবৰ পাই চোৰটোৰ ওপৰত ৰজাৰ আৰু খং উঠিল। এইবাৰ ৰজাই তেওঁৰ অতি বিশ্বস্ত কটোৱালজনক আদেশ দিলে ৰাতি পহৰা দিবলৈ আৰু চোৰ ধৰিব পাৰিলেই তাৰ শিৰচ্ছেদ কৰিবলৈ। সেই সময়তো তীখৰ ৰাজসভাতেই উপস্থিত আছিল, সি ৰজাৰ আদেশ শুনি থিতাতে নতুন বুদ্ধি পাঙিলেই।
ৰাতি কটোৱালে পহৰা দি নগৰখন ঘূৰি ঘূৰি বলিশালৰ ওচৰ পাওঁতেই সেই ঠাইত ল’ৰা এটাই কান্দি থকা দেখা পালে। ল’ৰাটোৰ ওচৰলৈ গৈ এই ৰাতিখন সি কিয় কান্দি আছে সুধিলে। সি ক’লে,
: ৰাজমহলত ময়েই চুৰ কৰিছিলোঁ, এতিয়া আপুনি মোৰ শিৰচ্ছেদ কৰিব বুলি ভয়তে কান্দি আছোঁ।
কটোৱালজনে তাৰ কথা মুঠেই বিশ্বাস নকৰিলে, আৰু তাৰ কথা হাঁহি উৰুৱাই দিলে। কাৰণ কোনো চোৰে নিশ্চিত মৃত্যুৰ কথা জানিও এনেদৰে নিজেই চোৰ কৰা বুলি নকয়! ল’ৰাটোৱে নিশ্চয় ধেমালি কৰিছে বা তাৰ মগজুৰ বিকৃতি আছে বুলি ভাবি নিজেও ধেমেলীয়া সুৰত ক’লে,
: আহা তেনেহ’লে মোৰ লগত, তোমাক বলিশাললৈ লৈ যাওঁ।
ল’ৰাটোৱে ভয় কৰা দেখি কটোৱালজনে ক’লে,
: ভয় কৰিব নালাগে, আহা। মই একো নকৰোঁ। ইয়াত বহুত ঠাণ্ডা, তাতে জুই একুৰা জ্বলাই অলপ কথা পাতোঁ দুয়ো।
দুয়োজন বলিশাললৈ সোমাই গ’ল। ল’ৰাজনে ভয় এৰি বিভিন্ন কথা কৈ কটোৱালজনক আমোদ দিবলৈ ধৰিলে, কটোৱালজনৰো মন ভাল লাগিল। কথাৰ মাজতে ল’ৰাজনে সুধিলে,
: বলিশালত কেনেকৈ বলি দিয়ে মই কেতিয়াও দেখা নাই। ইমান সৰু ঠাইখিনিত কেনেকৈ মানুহৰ মূৰটো সোমাব পাৰে?
কটোৱালজনে ল’ৰাটোৰ অজ্ঞতাত ধেক ধেক কৈ হাঁহি তাক ভালদৰে বুজাই দিওঁ বুলি বলিশালৰ ফাণ্ডটোত তলাটো খুলি তাত নিজৰ ডিঙিটো লগাই কেনেকৈ বন্ধ কৰে বুজাবলৈ চেষ্টা কৰোঁতেই ল’ৰাটোৱে সেইটো বন্ধ কৰি তাত তলা লগাই দিলে। কটোৱালজনে চিঞৰিবলৈ ধৰিলে যদিও কোনেও শুনা নাপালে আৰু ল’ৰাটো তাৰপৰা আঁতৰি গ’ল। এই ল’ৰাটো আন কোনো নহয়, তীখৰেই আছিল।
পাছদিনা ৰাতিপুৱালৈকে কটোৱালজন তেনেকৈয়ে বন্দী হৈ থাকিল। যেতিয়া ৰজাই এই বিষয়ে গম পালে খঙত একেবাৰে টিঙিৰিতুলা হৈ পৰিল। ৰজাই সিদ্ধান্ত কৰিলে তেওঁ নিজেই ৰাতি চোৰ বিচাৰি পহৰা দিব আৰু নিজেই চোৰটোৰ শিৰচ্ছেদ কৰিব।
কথা মতেই কাম। ৰাতি ৰজাই হাতত তৰোৱাল লৈ ঘোঁৰাত উঠি নগৰৰ পহৰা দিবলৈ ধৰিলে। তেওঁ নগৰত কোনো মানুহ বাহিৰত ঘূৰি ফুৰা দেখা নাপালে, মাত্ৰ এজন সন্ন্যাসীয়েহে গছ এজোপাৰ তলত ধ্যানত বহি আছিল। কেইবাবাৰো নগৰখনৰ চাৰিওফালে ঘূৰি ৰজাই সন্ন্যাসীজনৰ ওচৰত ৰৈ তেখেতক সুধিলে,
: আপুনি কোনোবা মানুহ এইফালে ঘূৰি ফুৰা দেখিছে নেকি?
সন্ন্যাসীজনে ক’লে,
:মহাৰাজ, মইতো চকু বন্ধ কৰিয়েই ধ্যানত বহি আছোঁ। মই কেনেকৈ দেখিম! আপুনি নিশ্চয় ভাগৰিছে, আহক ইয়াতে বহি অলপ জিৰাই লওঁক।
ৰজা সঁচাই ভাগৰিছিল। তেওঁৰ মনত এটা বুদ্ধি খেলালে আৰু সেই মতে তেওঁ সন্ন্যাসীৰ ভেশত তাত বহি পহৰা দিব আৰু সন্ন্যাসীজনে ৰজাৰ ভেশত ঘোঁৰাত ঘূৰি নগৰৰ পহৰা দিব। সন্ন্যাসী প্ৰথমে মান্তি হোৱা নাছিল যদিও ৰজাৰ আদেশ অমান্য কৰিব নোৱাৰি সেই মতেই ৰজাৰ পোছাক, মুকুট আদি পিন্ধি ঘোঁৰাত উঠি ৰজাৰ দৰে পহৰা দিবলৈ ওলাই গ’ল আৰু ৰজা সন্ন্যাসীৰ বেশত গছৰ তলতে বহি ৰ’ল আৰু চোৰৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলে।
সন্ন্যাসীৰ ভেশত থকাজনেই যে তেওঁ বিচাৰি থকা চোৰটো আছিল, ৰজাই ধৰিবই নোৱাৰিলে। তীখৰে ৰজাৰ ভেশত ঘোঁৰা চেঁকুৰাই চিধাই ৰাজমহল পালেগৈ। পহৰীসকলেও ৰজা বুলিয়েই দুৱাৰ খুলি দিলে। তীখৰ ৰজাৰ শোৱানি কোঠালৈ সোমাই গৈ ৰজাৰ বিচনাত আৰামত শুই থাকিলগৈ।
আনফালে ৰজাৰ পৰ দি দি আমনি লাগিল। চোৰ আৰু ৰজাৰ ভেশত পহৰা দিবলৈ কোৱা সন্ন্যাসী, কাৰো দেখা দেখি নাই। অৱশেষত ৰজা ৰাজমহললৈকে ঘূৰি আহিল। তেওঁৰ বেশ-ভূষা দেখি প্ৰহৰীয়ে চোৰ বুলি সন্দেহ কৰিলে আৰু বন্দী কৰি পেলালে। ৰজাই বহুত বুজালে যে তেঁৱেই ৰজা, কিন্তু অলপ সময় আগতে ৰজা ঘূৰি অহা তেওঁলোকে নিজেই দেখিছিল বাবে আচল ৰজাৰ কথাত কোনো গুৰুত্ব নিদি তেওঁক পোতাশালত বন্দী কৰি ৰাখিলে। ৰাতিপুৱাৰ পোহৰত যেতিয়া প্ৰধান প্ৰহৰীয়ে ৰজাৰ চেহেৰা দেখি তেওঁক চিনি পালে, তেতিয়া ৰজাক মুকলি কৰি দিলে আৰু ৰাজমহলত এটা হুলস্থূলৰ সৃষ্টি হ’ল। ইতিমধ্যে ৰাজমহলত হুলস্থূল শুনি তীখৰো ভিৰৰ মাজত সোমাই লুকাই গ’ল।
ৰজা কিংকৰ্তব্যবিমূঢ় হৈ পৰিল। চোৰটোৱে তেওঁক ভালকৈয়ে জ্বলা-কলা খোৱালে। ইয়াৰ পাছত বা আৰু কি কি হয়! সেয়া ৰজাই মনে মনে নিজৰ পৰাজয় স্বীকাৰ কৰি লৈ ঘোষণা কৰিলে যে, “এই চোৰটো অতি চতুৰ। তাৰ চতুৰালিত মই মুগ্ধ হৈ পৰিলোঁ। সি যদি মোৰ সন্মুখত মোৰ ৰাজ মুকুটটোৰ সৈতে আহি উপস্থিত হয়, তেন্তে মই তাক কোনো শাস্তি নিদিওঁ আৰু যদি আগলৈ সি চুৰ নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে, তেন্তে নানা উপহাৰৰ সৈতে মোৰ ৰাজসভাৰ এজন পৰামৰ্শদাতা মন্ত্ৰী হিচাপে তাক নিয়োগ কৰিম।”
সেই সময়তো তীখৰ তাতেই উপস্থিত আছিল। ৰাজমুকুট আৰু আগতে চুৰ কৰা মূল্যৱান হীৰাকেইটাৰে সৈতে সি ৰজাৰ সন্মুখলৈ আহি ক্ষমা খুজিলে আৰু ক’লে সি কিয় চুৰি কৰিবলৈ লৈছিল আৰু লগতে আগলৈ কেতিয়াও চোৰ নকৰাৰ শপতো ল’লে। ৰজায়ো নিজৰ কথা ৰাখি নানা উপহাৰৰ সৈতে তীখৰক নিজৰ পৰামৰ্শদাতা মন্ত্ৰীৰ বাব দিলে।
☆ ★ ☆ ★ ☆
10:28 am
ভাল লাগিল দেই
11:45 am
ইমান ধুনীয়া গল্প আৰু কি সাৱলীল অনুবাদ৷ বৰ ভাল লাগিল অনুৰূপ৷
1:24 pm
ভাল লাগিল পঢ়ি । ধুনীয়া লিখিছে ।
7:18 pm
আগতেই পঢ়িলো ভাল লাগিল।
8:06 pm
বহুত ভাল লাগিল পঢ়ি অনুৰূপ
7:48 am
সকলোলৈকে অশেষ ধন্যবাদ