অংকত ব্যস্ত-সদানন্দ ভূঞা
বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ পশু পালন ও পশু চিকিৎসা বিভাগৰ দ্বাৰা সমগ্ৰ ভাৰতবৰ্ষতে পশুধনক চবকা ৰোগৰ প্ৰতিষেধক টীকা প্ৰদান কাৰ্যসূচী চলাই থকা হৈছে। আমাৰ অসমতো আজি কিছুদিনৰপৰা বৰ্তমান এই কাৰ্যসূচীৰ মতে গৰু আৰু ম’হবোৰকো চবকা ৰোগৰ প্ৰতিষেধক টীকা প্ৰদান কৰি থকা হৈছে। সেই হিচাপে ময়ো বৰ্তমান এই কাৰ্যসূচীত ব্যস্ত থকা বাবে গোটত ভুমুকি মাৰিবলৈ সময়েই নোপোৱা হ’লোঁ। আমাৰ আগন্তুক সংখ্যাৰ ‘ফটাঢোল’ ই-আলোচনীখনৰ বাবে কিবা এটা লিখনি বিচাৰি চম্পা আইদেৱে বহুবাৰ অনুৰোধ জনাইছিল যদিও সময়ৰ অভাৱত লিখিবই পৰা নাছিলোঁ। চম্পা আইদেৱে বৰকৈ বেয়া পাব বুলি আমাৰ এই কাৰ্যসূচীত ঘটা ঘটনা এটাকে লিখোঁ বুলি আজি মন মেলিলোঁ। ৰাইজে সোৱাদ নাপালেও অমুকাৰ মনটোকে ভালৰি বুলাই হাঁহি এটা মাৰি কিবা এষাৰ ক’ব আৰু।
এতিয়া আচল ঘটনাটোলৈ আহকচোন। আজি কিছুদিন আগতে মই বিজয় মহন্তৰ গাঁৱত গৰুবোৰক প্ৰতিষেধক টীকা প্ৰদান কৰি কৰি বিজয়ৰ গৃহত প্ৰৱেশ কৰিলোঁ। বিজয় মহন্তই সেই সময়ত বাৰাণ্ডাতে বহি তেওঁৰ একমাত্ৰ পুত্ৰ বৰেণ্যক অংক শিকাই আছিল। বিজয় মহন্ত অংকত বহুত চোকা বুলি ইতিমধ্যে সকলো ৰাইজে জানেই। যিয়েই নহওঁক মোক টালি-টোপোলাৰে সন্মুখত দেখি বোধকৰো তেওঁৰ গৃহত আলহী প্ৰৱেশ কৰিবলৈ ওলাইছিলোঁ বুলি ভাৱিছিল। সেয়ে পোনচাটেই দাদা আমাৰ ঘৰত ধেৰ আলহী আছে বুলি ক’লে। মই তেওঁৰ কথাষাৰ শুনি থতমৎ খালোঁ। অলপ তভক মাৰি আচল কথাটো বুজি পোৱাৰ পিছত ক’লোঁ,
: হেৰি মহন্ত, মই আপোনাৰ ঘৰত আলহী থাকিবলৈ অহা নাইহে। চৰকাৰৰ নিৰ্দেশ মৰ্মে আপোনাৰ ঘৰৰ গৰুজনী আৰু পোৱালীটোকহে চবকা ৰোগৰ প্ৰতিষেধক টীকা দিবলৈ আহিছোঁ।
মহন্তই বোলে
: দাদা মোৰ ঘৰত গৰু নাই নহয়।
: কি কথা কয়হে? আপোনাৰৰ ঘৰৰ চাৰিসীমাৰ গোহালিত বান্ধি থোৱা গাইজনী আৰু চেঁউৰী পোৱালীজনী কাৰ?
মহন্তই বোলে,
: সেইকেইটা মোৰ গৰু নহয় দাদা।
মই ক’লোঁ,
: তেন্তে আপোনাৰ চৌহদত থকা গৰুকেইজনী কাৰ?
বিজয়ে বোলে,
: সেইকেইজনী বৰেণ্যৰ মাকৰহে।
মই বোলো,
: আপোনাৰেই হওঁক বা বৰেণ্যৰ মাকৰেই হওঁক দুয়োজনীকে চবকা ৰোগৰ প্ৰতিষেধক বেজি দিয়াব লাগিব।
: নাই নাই দাদা, বৰেণ্যৰ মাক এতিয়া ঘৰত নাই। আলহীৰ লগত অলপ ওলাই গৈছে। তেওঁৰ অনুমতি নোলোৱাকৈ মই বেজি দিয়াব নোৱাৰিম।
মই মনতে ভাবিলোঁ, বিজয় মহন্তই বোধহয় ধন দিব লাগিব বুলি ৰাজী হোৱা নাই। ইফালে মোৰো অৱস্থা তথৈবচ। গাঁৱত আজিকালি গৰু, ম’হৰ সংখ্যা তেনেই তাকৰ। গোটেই দিনটো ঘুৰিলেও টাৰ্গেট মিলাব নোৱাৰোঁ। মহন্তৰ ঘৰৰ দুজনী গৰুও মোৰ বাবে কম নহয়। গতিকে ময়ো মনতে বুদ্ধি পাঙিলোঁ। মহন্তক ক’লোঁ,
: বোলো… হেৰি মহন্ত, এই বেজি এলাপেচা বেজি নহয়। এই বেজি দিয়ালে আপোনাৰ গাইজনীয়ে বছৰত দুবাৰকৈ পোৱালী দিব আৰু চেঁউৰী পোৱালীজনী যেতিয়া মাক হ’ব তেতিয়া তাই বছৰত তিনিটাকৈ পোৱালী দিব। আপোনাৰ গোহালি গৰুৰে ভৰি পৰিব ম। তেতিয়া গৰুৰ গাখীৰ আৰু গৰু বিক্ৰী কৰি আপোনাৰ কিমান লাভ হ’ব এবাৰ ভাবি চাওঁকচোন।
মহন্তই কিছু সময় তভক মাৰি বেজি দিয়াবলৈ ৰাজী হ’ল। মই বেজিকেইটা দি কাণত কাণফুলি (টেগ) পিন্ধাবলৈ সাজু হওঁতেও মহন্তৰ আপত্তি। প্লাষ্টিকৰ কাণফুলি পিন্ধাবলৈ দিবলৈ ৰাজী নহয়। ময়ো মূৰটো খজুৱাই বুদ্ধি পাঙিবলগীয়া হ’ল। মই বোলো,
: … হেৰি মহন্ত, আপোনাৰ গৰু দুজনীক এতিয়াহে প্লাষ্টিকৰ কাণফুলি পিন্ধাবলৈ দিয়াইছে। অহাবাৰৰপৰা ভাৰত চৰকাৰে প্ৰত্যেকটো গৰুৰ আনখন কাণত দহ গ্ৰামকৈ সোণৰ কাণফুলি পিন্ধাবলৈ দিয়াব। আপুনি এতিয়া পিন্ধাবলৈ নিদিলে নাই। লোকচানটো আপোনাৰহে হ’ব।
মহন্তই মোৰ কথা শুনি একেকোবে মান্তি হৈ গ’ল। মই কাণফুলি পিন্ধাই গৰু দুজনীৰ পঞ্জীয়ণ কৰাবলৈ পঞ্জীয়ণ প্ৰ-পত্ৰৰ বহীখন উলিওৱাৰ লগে লগে মহন্তই বোলে,
: মোৰ নামত আৰু পাঁচজনী গাই আৰু পাঁচজনী চেঁউৰী লিখি দিয়কহে।
মই বোলো,
: মহন্ত, মই সেইটো কৰিব নোৱাৰোঁ নহয়। চৰকাৰক আমি সঠিক হিচাপ দেখুৱাব লাগিব।
মই যিমানেই নোৱাৰোঁ বুলি কওঁ মহন্তই তাতকৈ দুগুণ বেছি কাকুতি-মিনতি কৰে। উপাইবিহীন হৈ যেনে-তেনে চাৰিজনী গাই চাৰিজনী চেঁউৰী পঞ্জীয়ন কৰা দেখুৱাই প্ৰ-পত্ৰকেইখন জমা দি আন আন ঘৰলৈ ৰাওনা হ’লোঁ।
☆ ★ ☆ ★ ☆
4:32 pm
ভাল লাগিল দেই
4:33 pm
হা হা হা! মজ্জা লাগিল