ফটাঢোল

মূল : বীণার অসুখ,লেখক : হুমায়ূন আহমেদ :ভাৱানুবাদ : মুনমুন সৰকাৰ শইকীয়া

বীণাৰ বয়স একৈশ বছৰ৷

তাই লালমাটিয়া কলেজৰ স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰী।  বীণাৰ মোমায়েক ইদ্ৰিছ চাহাবে এদিন পটকৈ ক’লে,

: বীণা, তই আৰু কলেজলৈ যাব নালাগে। ঘৰতে থাকি পঢ়াশুনা কৰ। পৰীক্ষাৰকেইদিন গৈ পৰীক্ষাকেইটা দি আহিলেই হ’ব। কলেজত আজিকালি কি পঢ়ায় মোৰ জনা আছে। যোৱা-নোযোৱা একেই কথা।

বীণাই মূৰ দুপিয়াই মিহি সুৰত ক’লে,

: বাৰু।

মোমায়েকৰ কথাৰ ওপৰত মাত মতাৰ সাহস তাইৰ নাই। তাইৰ পঢ়াশুনাৰ সম্পূৰ্ণ খৰচ মোমায়েকে বহন কৰে। যোৱাবছৰ সোণৰ চেইন এডাল গঢ়াই দিছে। তাৰোপৰি তাইৰ বিয়াৰ কথা ওলাইছে। বিয়াখন ঠিকঠাক হ’লে সেই খৰচৰ দায়িত্বও মোমায়েকেই ল’ব লাগিব। বীণাৰ দেউতাক পক্ষাঘাত হৈ গাঁৱৰ ঘৰত পৰি আছে। তেওঁৰ পক্ষে এটকা এটা খৰচ কৰাও সম্ভৱ নহয়। তেওঁ কেৱল লোকৰপৰা ল’ব পাৰে কাকো একো দিব নোৱাৰে। ইদ্ৰিছ চাহাবে ক’লে,

: বীণা চৰবত এগিলাচ দে। আৰু শুন, কলেজলৈ যাব নোৱৰাক লৈ মন বেয়া নকৰিবি। মন বেয়া কৰিবলগীয়া একো নাই।

 : হ’ব বাৰু, মামা।

বীণাই চৰবত এগিলাচ সাজু কৰিবলৈ গুচি গ’ল। তাইৰ মনটো বৰ বেয়া লাগিল। কলেজলৈ যোৱাটো বন্ধ কৰি দিয়াৰ কোনো কাৰণ তাই বিচাৰি নাপালে। সুধিবলৈও ভয়। দিনৰ পিছত দিন ধৰি ঘৰত সোমাই থাকি তাই কি কৰিব? চৰবত সাজু কৰি থাকোঁতে তাইৰ মনলৈ ভাব আহিল যে হয়তো তাইৰ বিয়া ঠিক হৈছে। গফৰগাঁৱৰ ল’ৰাজন হয়তো ৰাজী হৈছে। হয়তো তেওঁলোকেই কৈছে ছোৱালীজনীক আৰু কলেজলৈ নপঠিয়াবলৈ। বিয়া ঠিক হ’লে দৰাঘৰীয়াই নানানটা অদ্ভুত চৰ্ত বান্ধি দিয়ে। গফৰগাঁৱৰ ল’ৰাজনক বীণাৰ মুঠেও ভাল লগা নাই। ঠিক যেন পশুৰ দৰে চেহেৰা। চোফাত বহি আছিল। দুই আঁঠুত দুখন হাত থৈ। মুখখন অলপ মেলখাই আছিল। মেলখোৱা মুখৰ ভিতৰত কিচকিচিয়া ক’লা জিভাখন। দেখিয়েই বীণা শিয়ঁৰি উঠিছিল। এনে লাগিছিল যেন পশু এটাইহে জিভা উলিয়াই বহি আছে। তাইৰ নাকত বৰ অকটা গোন্ধ এটা আহি লাগিলহি। গোন্ধটো সেই মানুহজনৰ গাৰপৰা ওলাইছিল। টেঙা গাখীৰ আৰু পোৰা কাঠ মিহলালে পোৱা গোন্ধ। গা বেয়া লাগি যায়।মানুহজনে তাইক একো নুসুধিলে। চকুটিপ নমৰাকৈ কেৱল তাইক চাই থাকিল। বীণাৰ এনে লাগিল মানুহজনৰ যেন চকুৰ পতাই নাই। সাপৰ যিদৰে নাথাকে ঠিক তেনেকুৱা। মানুহজনৰ লগত বয়সস্থ যি দুগৰাকী ব্যক্তি আহিছিল তেওঁলোকে অনবৰত মুখখন ক্ষতি নকৰাকৈ বলকি থাকিল। এজনে বীণাক আণ্টি বুলি মাতিলে। দাড়ি-চুলি পকা বয়সস্থ মানুহ এজনে যদি তাইৰ দৰে গাভৰু ছোৱালী এজনীক আণ্টি বুলি মাতে বেয়াকৈ খং এটা উঠি আহে। একো এটা প্ৰশ্নৰ উত্তৰ দিবলৈ তাইৰ মন নগ’ল যদিও প্ৰতিটো প্ৰশ্নৰ উত্তৰ তাই দিবলগীয়া হ’ল কাৰণ তাইৰ মোমায়েক কাষতেই বহি আছিল। মামাই চোফাৰ সোঁফালে আৰু তাই বাঁওফালে বহি লৈছিল। উত্তৰ নিদিয়াকৈ থকাৰ উপায়েই নাছিল।

: আণ্টি, কবিগুৰুৱে কোন চনত নোবেল বঁটা লাভ কৰিছিল জানেনে?

: নাই, নাজানো।

: উনৈশ তেৰ চনত। অৱশ্যে উনৈশ একত্ৰিশত পালেও কথা নাছিল কিন্তু তাৰিখটো মনত থাকিব লাগে। এইবোৰ হ’ল সাধাৰণ জ্ঞান। ছোৱালীজনীয়ে কেৱল ৰন্ধা-বঢ়া কৰিব বুলি ক’ত লিখা আছে, পৃথিৱীখনত কি হৈ আছে সেয়াও জানিব লাগিব। নে কি কয় আণ্টি?

: হয়।

: আণ্টি আপুনি বাতৰিকাকত পঢ়েনে?

: নাই, নপঢ়োঁ।

: এইটো ছোৱালীৰ ক্ষেত্ৰত সচৰাচৰ দেখিবলৈ পোৱা এক দোষ। কোনো ছোৱালীকেই বাতৰিকাকতখন পঢ়া নেদেখোঁ। আপুনিনো কি কাৰণে নপঢ়ে, কাৰণটো কওকচোন আণ্টি।

বীণাই একোৱেই নক’লে। মোমায়েক কাষতে বহি আছে বুলি ভয়তে নক’লে, কাৰণ মোমায়েকে বাতৰিকাকত নলয়৷ সেইবাবেই তাই নপঢ়ে। এই কথাটো তেওঁলোকক জনোৱাটো ঠিক নহ’ব। মোমায়েকে খং কৰিব। ইদ্ৰিছ চাহাবে ক’লে,

: মা বীণা এওঁলোকক চাহ-মিঠাই কিবা দিয়া আকৌ খাবলৈ।

চাৰি-পাঁচ বিধৰ মিঠাই সজাই থোৱা আছে টেবুলত। বীণাই এখন এখনকৈ প্লেট সজাই সকলোৰে হাতে হাতে দি গ’ল। মানুহজনক যেতিয়া দিবলৈ গ’ল তেওঁ অদ্ভুত শব্দ এটা কৰিলে। থাপ মাৰি মিঠাইৰ প্লেটখন ল’লে। বীণা জিকাৰ খাই উঠিল। মনে মনে প্ৰাৰ্থনা কৰিলে প্ৰভু মানুহজনে যেন মোক পচন্দ নকৰে, মানুহজনে যেন মোক পচন্দ নকৰে।

মানুহজনে বীণাক পচন্দ কৰিলে নে নাই জানিবৰ একো উপায় নাছিল। ইদ্ৰিছ চাহাবে এই বিষয়ে কাকো একোৱেই নজনালে। তেওঁৰ স্বভাৱটো তেনেকুৱাই। ঘৰৰ মানুহকেইটাৰ লগত একো আলোচনা নকৰে। নিজে যি ভাল দেখে তাকেই কৰে।

এই যে আজি তেওঁ বীণাৰ কলেজলৈ যোৱা বন্ধ কৰিলে, কাৰণটো কিন্তু তেওঁ কাকো নজনায়। ইদ্ৰিছ চাহাবৰ জীৱনৰ মূলমন্ত্ৰ হ’ল নাৰীসকলৰ সৈতে কোনো কথা বা ভাবৰ আদান-প্ৰদান নকৰা। নাৰী জাতিৰ সৈতে গুৰুত্বপূৰ্ণ কথা আলোচনা কৰা মানেই হ’ল সময় নষ্ট কৰা। সময় নষ্ট কৰিবলৈনো কি দৰকাৰ? ইদ্ৰিছ চাহাবৰ বাহিৰে তেওঁৰ ঘৰত আৰু কোনো মতা মানুহ নাই। সৱ মিলাই পাঁচগৰাকী মহিলা। ইদ্ৰিছ চাহাবৰ স্ত্ৰী, চাৰিজনী জীয়েক, এজনী ভনীয়েক আৰু কাম বনত সহায় কৰা ছোৱালী এজনী। তেওঁৰ ঘৰত দুজনী মেকুৰীও আছে। এনেবোৰ কাৰণতেই ঘৰত থকা সময়কণ তেওঁ মন মাৰি থাকে। ইমানবোৰ মহিলাৰ মাজত থাকি তেওঁৰ ভাল নালাগে আৰু। মন মাৰি থাকে৷ তেওঁ নিজৰ ব্যৱসায়, পৰিকল্পনা কাকোৱেই নকয়।

প্ৰায় পোন্ধৰ দিন মান বীণাৰ ভয়ে ভয়ে পাৰ হ’ল। কোনে জানে হয়তোবা মানুহজনে তাইক পচন্দ কৰিছে। তাই দেখিবলৈ ইমানো বেয়া নহয় পচন্দ হৈ যাবও পাৰে। গাৰ বৰণ বগা। চকু দুটা মায়াবী, ওখ পাখ, লাহী। সাজিকাচি ওলালে তাইক ধুনীয়া দেখি। পচন্দ কৰিলে আচৰিত হ’বলগা একো নাই। তাই কেইবাবাৰো মামীয়েকক ঘূৰাই-পকাই সুধিছে।

বীণাৰ মামীয়েক হাসিনা পৃথিৱীৰ সৰলতম মহিলা। একেবাৰে সৰল কথা এটাও তেওঁ বুজি নাপায়। অকনমান ঘূৰাই কিবা সুধিলেই বৰ অদ্ভুত ধৰণে চায়।

বীণাৰ সহজ প্ৰশ্ন এটাৰ উত্তৰত তেওঁ পুনৰ সুধিলে,

: কিহৰ কথা সুধিছ তই?

: সেই যে শুক্ৰবাৰ এটাত যে আহিছিল মানুহবোৰ?

: কোন আহিছিলে শুক্ৰবাৰে?

: তিনিজন মানুহ অহা নাছিল নেকি?

: তিনিজন মানুহ, কেতিয়া আহিল তিনিজন মানুহ?

: বিয়াৰ কথা-বতৰা পাতিবলৈ অহা নাছিল জানো?

: অ’ মনত পৰিছে। নাই একোৱেই নাই কোৱা। তোৰ মোমায়েৰে কিবা কয় নে কাহানিবা? হঠাৎ এদিন শুনিবলৈ পাবি বিয়াৰ দিন ঠিক হৈ গৈছে। তোৰ মোমায়েৰে আগতীয়াকৈ কিবা কয় জানো? কেতিয়াও নকয়।

প্ৰায় এমাহমানেই হ’ল, বীণাৰ ভয় কিন্তু নকমিল। মোমায়েকে কিবা কামত মাতিলেই তাইৰ এনে লাগিছিল এই যেন তেওঁ ক’ব, “বীণা তোৰ বিয়াৰ তাৰিখ ঠিক হৈ গৈছে। শাওন মাহৰ বাৰ তাৰিখ, মঙ্গলবাৰে। তই বাপেৰলৈ চিঠি এখন লিখি পঠিয়াই দে।”

আতঙ্কগ্ৰস্ততাত তাই কেইটামান দুঃস্বপ্নও দেখিলে। প্ৰতিটো সপোনতেই তাইৰ বিয়া হয় সুগঢ়ী, দেখনিয়াৰ ল’ৰা এজনৰ লগত। ফুলশয্যাৰ নিশা দুয়ো অকলে বহি থাকে। মাজতে তাই ওৰণিৰে মুখখন ঢাকি লয় তাকে দেখি তাইৰ স্বামীয়ে মৰমসনা মাতেৰে কয়, “লাজত ৰঙা পৰি গৈছাচোন! মোৰ ফালে চোৱাচোন এবাৰ চোৱানা।” তাই চায়, কিন্তু স্বামীৰ মুখখন দেখি তাই ভয়ত হিমচেঁচা পৰি যায়। এইজন মানুহ নহয়, কুকুৰহে যেন, বহলকৈ মুখখন মেলি বহি আছে। মুখৰ ভিতৰত কিচকিচিয়া ক’লা এখন জিভা। জিভাখন মাজে মাজে মুখৰ বাহিৰলৈ ওলাই আহিছে। গোটেই মুখত দাগ। গাৰপৰা টেঙা দৈ আৰু পোৰা কাঠৰ মিশ্ৰিত গোন্ধ ওলাইছে। সাধাৰণতে সপোনত মানুহে গোন্ধ নাপায় কিন্তু বীণাৰ প্ৰায়েই এই ধৰণৰ গোন্ধত টোপনি ভাঙি যাবলৈ ল’লে।

প্ৰায় ডেৰমাহ এনেকৈয়ে আতঙ্কত কটালে তাই। তাৰপিছত এই আতঙ্কৰ অৱসান ঘটিল। কাৰণ ইদ্ৰিছ চাহাবে এদিন দুপৰীয়া ভাত খাই থাকোঁতে ক’লে,

: বিয়াখন ভাঙি দিলোঁ।

হাসিনাই ক’লে,

: কাৰ বিয়া ভাঙি দিলে?

: বীণাৰ, সেইদিনা যে আহিছিল শুক্ৰবাৰে। খুব জোৰ কৰিছিল। ছোৱালী হেনো খুব পচন্দ হৈছে। সিহঁতৰ ঘৰৰ অৱস্থা-পাতি ভাল। গফৰগাঁৱত কাপোৰৰ ব্যৱসায় আছে। গাঁৱৰ ঘৰত ধানবনা মিল আছে। অৱস্থাসম্পন্ন আত্মীয়স্বজন৷

: তেনেহ’লে বিয়াখন কিয় ভাঙি দিলে?

: ল’ৰাৰ গাত ইমান অকটা গোন্ধ। আস্তাবলত পোৱা যায় এনে গোন্ধ। যিমানবাৰ ল’ৰাজন কাষলৈ আহিছে গোন্ধটো নাকত লাগিছে। কি দৰকাৰ?

হাসিনাই দুখ কৰি ক’লে,

: ইসস্ গোন্ধৰ বাবে বিয়াখন বাতিল কৰি দিলে? চাবোনেৰে ঘঁহি ঘঁহি গা ধুলেই দেখোন গোন্ধ নাইকিয়া হ’লহেঁতেন!

ইদ্ৰিছ চাহাবে খঙেৰে ক’লে,

: যিটো কথা বুজি নোপোৱা সেইটো লৈ মুখখন নেমেলিবা। তুমি সদায় সদায় গৈ গা ধুৱাই আহিবাগৈ নেকি? মাইকী মানুহ মাইকী মানুহৰ দৰে থাকিবা। বৰকৈ মাত মাতি নাথাকিবা।

: খং কিয় কৰিছা? খং কৰিব লগি কি কথা ক’লোঁ?

: মনে মনে থাকা, আৰু একো নক’বা।

ইদ্ৰিছ চাহাবৰ দুৰ্ব্যৱহাৰত হাসিনাই কান্দিবলৈ ল’লে। কিন্তু বীণাৰ আনন্দৰ সীমা নাথাকিল। হওক তথাপি মানুহজনৰ লগত যে বিয়া নহয়। মোমায়েকৰ প্ৰতি কৃতজ্ঞতাৰে তাইৰ অন্তৰ ভৰি গ’ল। কথা নাপাতিলেও মানুহজন বেয়া নহয়। কলেজলৈ নপঠোৱাৰ পিছতো কিজানিবা কিবা ভাল কাৰণেই আছে। কেৱল কাৰণটো যদি ক’লেহেঁতেন। কিন্তু নকয়। বৰ অদ্ভুত মানুহ। আকস্মিকভাৱে বীণাক কলেজলৈ নপঠোৱাৰ কাৰণটো গম পালে। ইদ্ৰিছ চাহাবে বীণাৰ দেউতাকলৈ চিঠি লিখি তাইৰ হাতত দিলে৷ খামত ভৰোৱাৰ আগতে তাই চিঠিখন পঢ়ি পেলালে।

পৰম শ্ৰদ্ধা ভাজনেষু

ভিনদেউ,

প্ৰণাম ল’ব। আপোনাক জনাও যে বীণাৰ কলেজলৈ যোৱাটো এক বিশেষ কাৰণত বন্ধ ৰখা হৈছে। তাই মনতে অলপ কষ্ট পাইছে হয় কিন্তু বেলেগ উপায় একো নাছিল। এতিয়া আপোনাক কাৰণটো কওঁ। গফৰগাঁৱৰ জবেদ আলী নামৰ এজন যুৱকৰ সৈতে বীণাৰ বিয়াৰ কথা আগবাঢ়িছিল; পাত্ৰপক্ষই, বিশেষকৈ পাত্ৰই বীণাক খুব পচন্দ কৰিছিল। বিশেষ এটা কাৰণত বিয়াৰ প্ৰস্তাব বাতিল কৰা হ’ল। এতিয়া অলপ সমস্যাই দেখা দিছে, সেইজন জবেদ আলীয়ে প্ৰায়েই বীণাৰ পিছে পিছে কলেজলৈ যায়। এই গোটেই কাৰবাৰটো মোৰ কাৰণে অলপ সন্দেহজনক, আজিকালি ল’ৰাবোৰক বিশ্বাস কৰিব নোৱাৰি, এচিদ জাতীয় কিবাৰ আক্ৰমণ কৰিলে সৱ শেষ হৈ যাব। যি কি নহওক তাইৰ স্নাতক চূড়ান্ত পৰীক্ষাক লৈ আপুনি চিন্তা নকৰিব, কলেজৰ অধ্যক্ষৰ সৈতে মই কথা পাতিছোঁ, উপস্থিতিৰ পাৰচেণ্টেজ লৈ মূৰ ঘমাব নালাগে বুলি কৈছ। নিজৰ যত্ন ল’ব। তাইক লৈ মুঠেও চিন্তা নকৰিব৷

চিঠিখন পঢ়ি উঠি বীণাৰ সৰ্ব শৰীৰত কঁপনি উঠিল। কি সৰ্বনাশ! সেইজনে তাইৰ পিছ লৈছে, তাই দেখোন এদিনো গম নাপালে, মামাকৰো উচিত আছিল তাইক কথাটো জনোৱা। বীণা বৰ বেছি বুদ্ধিমতী নাছিল, হোৱাহেঁতেন নিশ্চয় গম পালেহেঁতেন যে তাইক কথাটো জনাবলৈকে মোমায়েকে চিঠিখন তাইৰ হাতত দিছিল। খামত ভৰোৱাৰ আগতে বহুত দেৰি চিঠিখন মুকলিকৈ টেবুলত পেলাই থৈ দিছিল। এনে ভুল তেওঁ সচৰাচৰ নকৰে।

বীণাই ঘৰৰপৰা ওলোৱা বন্ধ কৰি দিলে। ভয়লগা সপোনবোৰ পুনৰ দেখিবলৈ ল’লে। এইবাৰৰ সপোনবোৰ আৰু বিভৎস! তাই মুঠতে টোপনি যাবলৈকো ভয় কৰা হ’ল।

হাসিনাই সুধিলে,

: তোৰ কি হৈছেনো?

ঢেলাহাঁহি মাৰি বীণাই কʼলে,

: ক’তা একোৱেইতো হোৱা নাই।

: তইচোন শুকান জেওৰা খৰিডালৰ দৰে হৈছ৷ এনেকে হ’লে তোৰ কেতিয়াও বিয়া নহয়। ইমান খীণ ছোৱালী এজনীক কোনে পাতিবনো বিয়া? গাত মঙহ অকন নাথাকিলে পুৰুষে পচন্দ নকৰে। বদমাছ সৱ। লাথ মাৰো চাল্লা ইহঁতক।

বীণাৰ বন্দী জীৱন আৰম্ভ হ’ল। ছোৱালীবোৰে যিকোনো পৰিস্থিতিৰ লগত ধুনীয়াকৈ খাপ খুৱাই ল’ব পাৰে নিজকে। তায়ো খাপ খালে। দিনৰ দিনটো তিনিকোঠালীৰ ঘৰখনত সময় কটাবলৈ ল’লে। বাহিৰৰ বাৰান্দালৈও তাই বৰকৈ নোলোৱা হ’ল যদি কেনেবাকৈ দেখি যায়।

ইমান সাৱধানে থকাৰ পিছতো এদিন দেখি গ’ল। বাৰান্দাত কাপোৰ মেলি থোৱা আছিল। বৰষুণ আহিলত হাসিনাই তাইক কাপোৰখিনি লৈ আনিবলৈ ক’লে। কাপোৰ আনিবলৈ গৈ তাই শিলপৰা কপৌৰ দৰে ৰৈ গ’ল। ঘৰৰ সন্মুখৰ ৰাস্তাত বিপৰীত দিশত এজাৰ গছ এজোপাৰ তলত মানুহজন ৰৈ আছে। তাইলৈ চাই আছে। মুখখন মেল খাই আছে। অলপ কুঁজা হৈ মানুহজন থিয় হৈ আছে। বীণাক দেখিয়েই তেওঁ বেগাই ৰাস্তাপাৰ হৈ আহিল। হাতৰ অংগী ভংগীৰে কিবা এষাৰ ক’লে। বীণাই চিঞৰি চিঞৰি ঘৰৰ ভিতৰলৈ লৰ মাৰিলে। এঘণ্টাৰ ভিতৰতেই তাইৰ ১০৩ জ্বৰ উঠিল।

হাসিনাই ক’লে,

: এইটোনো কি কথা। মানুহজন কিবা বাঘেই নে ভালুকেই নে ইমান ভয় কৰিবলৈ?

বীণাই বিৰবিৰাই ক’লে,

: নাজানো মামী, মোৰ কিয় ইমান ভয় হৈছে। আপুনি মোক ধৰি থাককচোন। মোৰ বৰ কিবাকিবি লাগিছে৷

ইদ্ৰিছ চাহাবে সন্ধিয়া আহি সৱ শুনিলে। কাকো একো এটা নক’লে। সহজভাৱে খোৱা বোৱাও কৰিলে। ডাঙৰজনী জীয়েকক অঙ্ককেইটামানো কৰি দেখুৱালে। ৰাতি ন মান বজাত ক’লে,

: বীণাৰ কাপোৰ কেইযোৰ সামৰি দিয়াচোন। ৰাতি এঘাৰটাত বাহাদুৰাবাদ এক্সপ্ৰেছ। বীণাক তাহাঁতৰ ঘৰলৈ লৈ চাওঁ। তাতেই থাককগৈ।

হাসিনাই হতভম্ব হৈ ক’লে,

: আজি ৰাতি?

বিৰক্তিৰ সুৰত ইদ্ৰিছ চাহাবে ক’লে,

: আজি ৰাতি নহ’লে কি পৰহি ৰাতি? সেই জোবেদ হাৰামজাদাটোৱে বৰ বিৰক্ত কৰি আছে। মই আগতেও কেইবাদিনো দেখিছোঁ।

: আজি ৰাতি যাবলৈনো কি দৰকাৰ, কাইলৈ লৈকে ৰোৱা, ছোৱালীজনীৰ ইমান জ্বৰ।

: জ্বৰৰ সৈতে কাপোৰ সামৰাৰ কি সম্পৰ্ক? কাপোৰ তুমিহে সামৰিবা? তোমাৰতো জ্বৰ নাই উঠা?

হাসিনাই কাপোৰ কানি সামৰি দিলে। নিজৰ মানুহজনক তাই চিনি পায়। কথাপাতি লাভ নাই। বীণাই ১০২.৫ জ্বৰ গাত লৈ ট্ৰেনত বহিল, ঘৰ গৈ পাওঁতে তাইৰ জ্বৰ বাঢ়ি ১০৪.৫ হ’লগৈ।

ইদ্ৰিছ চাহাবৰ ছুটি নাছিল। বীণাক ঘৰত থৈ পিছদিনা তেওঁ গুচি আহিল।‌ এসপ্তাহৰ জ্বৰত বীণা খীণাই শুকাই কংকালৰ দৰে হ’ল। মুখত ৰুচি নাই। যি খায় বমি কৰি উলিয়াই দিয়ে। ৰাতি টোপনি নধৰে। প্ৰায় ৰাতিয়েই সাৰে থাকি কটাই দিয়ে। চকুৰপতা জাপ খালেই ভয়ংকৰ সপোন দেখে। তাইৰ ভয়লগা অসুখ হ’ল। সৱ সময়তেই ভয় লাগি থাকে। খিৰিকীৰ পতাবোৰ বতাহত আৱাজ কৰিলেই তাইৰ বুকু কঁপি উঠে। আতংকত অস্থিৰ হৈ উঠে। ঘামি জামি অৱস্থা নাইকিয়া হয়। বীণাহঁতৰ এই ঘৰখন বহু পূৰণি। বীণাৰ ককাকে এজন হিন্দু ব্যৱসায়ীৰপৰা খুবেই সস্তাত কিনি লৈছিল। বহুখিনি ঠাই আৱৰি আছে ঘৰখনে। চাৰিওফালে দেৱালেৰে বেৰি আছে। ভালকৈ নৰখাৰ বাবে ঠায়ে ঠায়ে দেৱাল ভাঙি পৰিছে। দুমহলীয়া ঘৰখনৰ ওপৰমহলাৰ এটা কোঠাও ব্যৱহাৰৰ উপযোগী নহয়। তলৰ মহলাৰ তিনিটা কোঠালিত সিহঁত থাকে। ওপৰমহলা তলাবন্ধ হৈ থাকে। এটাত এমদাদ চাহাব থাকে। পেৰালাইছিছৰ বাবে সেইকোঠালিৰপৰা ওলাব নোৱাৰে। এটা কোঠালিত বীণা আৰু তাইৰ দূৰসম্পৰ্কীয় মামী এগৰাকী থাকে। ঘৰৰ কামৰ সহায়িকা হিচাপে বাতাসী নামৰ ছোৱালী এজনী থাকে। তাই কুকুৰীকণা, ৰাতি একো নেদেখে।

ঘৰখনত মানুহ বুলিবলৈ এই চাৰিটাই প্ৰাণী। সন্ধিয়া লাগিল কি নালাগিল বীণাৰ ভয় আৰম্ভ হৈ যায়। ওপৰমহলাৰ বাৰান্দাত কিবা আৱাজ হয়। খৰম পিন্ধি কোনোবাই খোজ কঢ়া দৰে লাগে। বীণাই জানে ডালশলিয়াই শব্দ কৰিছে তথাপি তাই ভয় কৰে। স্নায়বিক দুৰ্বলতাৰ বাবে তাইৰ গা কঁপি কঁপি উঠে। ফুচফুচাই তাই সোধে,

: কিহৰ শব্দ মামী?

মামীয়ে ঘৰৰ কাম কৰি থকাৰপৰাই মাত লগায়,

: নাজানো।

: ডালশলিয়া নহয়নে মামী?

: বেলেগ কিবাও হ’ব পাৰে।

: বেলেগ কি?

: সন্ধিয়া সময়ত এইবোৰৰ নাম ল’ব নাপায়, বেয়া বস্তু আহিব পাৰে।

: বেয়া বস্তু!

: কিমান পুৰণা ঘৰ-দুৱাৰ, ওপৰৰ কোঠালিত কেতিয়াও পোহৰ অকনো কৰি দিবলৈ নহয়। লেম এটাও জ্বলোৱা নহয়। এনে আন্ধাৰ ঘৰত বেয়া বস্তুৱে বাঁহ লয়।

: কিয় নজ্বলায় লেম, চাকি? জ্বলালেই হয় দেখোন। কাইলৈৰপৰা সদায় জ্বলাব দেই।

: বাৰু, জ্বলাম দিয়া। এতিয়া শুই থাকা।

বীণাই শুৱে। টোপনি কিন্তু নধৰে৷ ৰাতি যিমানেই গভীৰ হয় ওপৰমহলাত বেছিকৈ আৱাজ হ’বলৈ লয়। লগতে আৰম্ভ হয় বীণাৰ দেউতাকৰ গেঙনি। আঁঠুৰ বিষত গোটেই ৰাতিটো তেওঁৰ গেঙনি ওলাই থাকে। সেই শব্দবোৰো তাইৰ বাবে অমানুষিক যেন বোধহয়। মানুহৰ দৰে নালাগে সেই শব্দ। চেপা হাঁহিও শুনি থাকে তাই।

বীণাহঁতৰ গাধোৱা ঘৰখন মূলঘৰৰপৰা ভালেমানখিনি আঁতৰত। ঠাইটুকুৰা বীণাৰ বৰ প্ৰিয়। শেলুৱৈ লগা দেৱালেৰে বেৰি থোৱা চাৰিকোণীয়া এটুকুৰা ঠাই। চৌবাচ্চা এটাও আছে। ওপৰত টিনৰ চাল আছিল, আহিনমহীয়া বতাহ এজাকত উৰি গুচি গ’ল। তেতিয়াৰপৰা তেনেকৈ আছে। গা ধুই থাকোঁতে মূৰৰ ওপৰত মুকলি আকাশ দেখি থাকি। দুপৰীয়া বেলিৰ ছাঁ পৰি থাকে চৌবাচ্চাৰ পানীত। পানী তোলা পাত্ৰটো ডুবাই দিলেই পোহৰৰ কণিকা বিচ্ছুৰিত হৈ পৰে কাষৰ শেলুৱৈ ধৰা দেৱালত। বীণাৰ এই গোটেই কাৰবাৰটো খুব ভাল লাগে। দুপৰীয়াৰ ভালেমান সময় এই গাধোৱা ঘৰত কটাই তাই।

সদায় এনে লাগে গাঁৱৰ ঘৰখনলৈ আহি ভাল হ’ল। ৰাতিৰ আতংকৰ কথা তেতিয়া আৰু মনলৈ নাহে। এদিন দুপৰীয়া সেই গাধোৱা ঘৰটোতেই  অস্বাভাৱিক ঘটনা ঘটিল। বীণাই গা ধুই আছিল। চাৰিওফালে নীৰৱতা। ঘন নীলা আকাশৰ ছাঁ চৌবাচ্চাত। বীণাৰ বৰ ভাল লাগিল। শৰীৰটো আগৰ দৰে দুৰ্বল নাই লগা। তাই আপোনমনে গুণগুণালে।

বীণাই মূৰত পানী ঢালিলে। ঠাণ্ডা পানী। গা কঁপি উঠিল। আৰু ঠিক সেই সময়তেই অদ্ভুত গোন্ধ পালে। অদ্ভুত হ’লেও গোন্ধটো চিনাকি। বীণাই আতঙ্কত শিয়ঁৰি উঠিল। নিৰ্জন এই ঘৰটোত এই গোন্ধ আহিল ক’ৰপৰা? পোৰা কাঠ আৰু দৈৰ গোন্ধ। বীণাই পানী তোলা পাত্ৰ দলিয়াই দিলে আৰু দৌৰি পলাবলৈ ল’লে, ইয়াত আৰু থাকিব নোৱাৰি।

আচৰ্য্যজনক ঘটনা! বীণাই দুৱাৰখন খুলিব নোৱাৰিলে। খিলিটো মাৰি থোৱা আছে। বীণাই প্ৰাণপণে দুৱাৰত ঢকিয়াবলৈ ল’লে অথচ দুৱাৰ নুখুলিলে। যেন কোনোবাই তাইক আটক কৰি থৈছে। বীণাই চিঞৰিবলৈ চেষ্টা কৰিলে কিন্তু তাইৰ মাত নোলায়। শৰীৰৰ সমস্ত শক্তি প্ৰয়োগ কৰি তাই দুৱাৰত ঢকিয়ালে। দুৱাৰখন মুঠেও লৰচৰ নহ’ল। অথচ ঘৰটোত বেলেগ শব্দহে হৈ আছিল। যেন কিবা ওপৰৰপৰা পৰি আছে। টুপটুপকৈ সৰি পৰা শব্দ৷ বৰষুণৰ টোপালৰ দৰে। কি পৰিছে! কিহৰ শব্দ হৈছে!

বীণাই হতভম্ব হৈ দেখিলে এসোঁতা তেজ বৈ পৰিছে চৌবাচ্চাত। চৌবাচ্চাৰ পানী ঘোলা হৈ গ’ল। কোনোবা এজন বহি আছে উন্মুক্ত ছাদত, তেওঁৰ গাৰপৰাই তেজ সৰি পৰিছে। বীণাই সেই দৃশ্য চাব নোখোজে। তাই ওপৰলৈ ভুলতো নাচায়। তাই জানে ওপৰলৈ চালেই ভয়ংকৰ কিবা এটা দেখি যাব। এনে ভয়ংকৰ যি অবৰ্ণনীয়। গহীন গম্ভীৰ চেপা কণ্ঠেৰে কোনোবাই বীণা বীণা বুলি মাতিছে। সেই ঘৰৰ দেৱালৰ ওপৰত এনে এজন মানুহ বহি আছে যাৰ মুখলৈ নোচোৱাকৈয়ে বীণাই কৈ দিব পাৰিব তেওঁ কোন।

: অ’ বীণা, বীণা।

বীণাই চালে। হয় সেইজনেই। কিন্তু মানুহজনক পশুৰ দৰে দেখিবলৈ নাই লগা। মায়াসনা মুখ। ডাঙৰ ডাঙৰ চকুহাল বিষন্ন আৰু ক’লা। ভৰি দুখন তললৈ পেলাই তেওঁ বহি আছে। ভৰি দুখন কিহবাই যেন পিহি পেলাইছে, ক্ষত-বিক্ষত ভৰি দুখনৰপৰা টোপাটোপে তেজ সৰিছে। চেপা কণ্ঠেৰে মানুহজনে বীণা বীণা বুলি মাতিলত তাই মূৰ্চা গ’ল।

তৃতীয় দিনা তাইৰ জ্ঞান ঘূৰি আহিল জামালপুৰ সদৰ হস্পিটেলত। চকু মেলি দেখিলে বহুতৰ লগত ইদ্ৰিছ চাহাব তাইৰ বিছনাখনৰ কাষত বহি আছে। তেওঁক টেলিগ্ৰাম দি মাতি অনা হৈছে। ইদ্ৰিছ চাহাবে খুব মমতাময়ী কণ্ঠেৰে সুধিলে,

: কি হ’ল আই?

বীণাই ফোঁপাই জোপাই ক’লে,

: ভয় হৈছে মামা।

বিৰক্তিভৰা কণ্ঠেৰে তেওঁ ক’লে,

: ভয় খোৱাৰেই কথা, সেই পুৰণা, জংঘলী ঘৰত মোৰেই ভয় হয় তোৰ নহ’ব নে? ইয়াত থাকিব নালাগে ব’ল ঢাকালৈ, তালৈ গৈ আকৌ কলেজ যাবলৈ আৰম্ভ কৰিবি। সেই ল’ৰাজনে আৰু তোক বিৰক্ত নকৰে। সি বেচেৰা ট্ৰাক এক্সিডেণ্টত ঢুকালে। বীণাই চকু মুদি দিলে। ইদ্ৰিছ চাহাবে নিজে নিজে কৈয়ে থাকিল,

: ভৰি দুখনৰ ওপৰেদি ট্ৰাকৰ চকা পাৰ হৈ গৈছিল। ভৰি দুখন পিহি পেলালে। হস্পিটেললৈ নিয়াৰ ওঠৰ ঘণ্টাৰ পিছত মৰি থাকিল। খবৰ পাই চাবলৈ গৈছিলোঁ। নগ’লে অভদ্ৰতা হ’লহেঁতেন।

অলপ দেৰি শান্ত হৈ থকাৰ পিছত আকৌ ক’বলৈ ল’লে,

: ল’ৰা জন বেয়া নাছিল বুজিছ। এনেই সন্দেহ কৰিছিলোঁ। খুব ভাল ল’ৰা আছিল। তোৰ কথাও সুধিছিল, বাৰে বাৰে সুধিছিল।

বীণাৰ খুব মন গৈছিল সুধিবলৈ যে তাইৰ কথা কি পাতিছিল বুলি৷ তাই সুধিব নোৱাৰিলে। ইদ্ৰিছ চাহাবে ক’লে,

: ল’ৰাজনৰ এক্সিডেণ্টৰ খবৰ শুনি হাজাৰ হাজাৰ মানুহে তেওঁক চাবলৈ আহিছিল। খুব কান্দিলে সৱেই। বুজিলি আই আমি কেৱল মানুহৰ বাহিৰৰ ৰূপটো দেখোঁ, অন্তৰখন নেদেখোঁ। খুব দুখৰ কথা। তোৰ বিয়াখন যাতে ভাল ঘৰ এখনত হয় তাৰ বাবে মোক কিছু টকাও দি গৈছে। মানা কৰিব নোৱাৰিলোঁ।
এজন মানুহ ঢুকাবলৈ লৈছে, কেনেকৈ মানা কৰোঁ? নহয়নে?

☆ ★ ☆ ★ ☆

2 Comments

  • ডলী তালুকদাৰ

    ভাল লাগিল বহুত

    Reply
  • ৰাজশ্ৰী শৰ্মা

    খুবেই ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *