ফটাঢোল

হাতীৰ পিঠিত পানীৰাম-অনন্ত কুমাৰ ভূঞা

পানীৰাম আজি বৰ মানুহ হ’ল,
হাতীৰ পিঠিত উঠি গাঁ‌ৱলৈ আহিছে।
এইবাৰ পানীৰাম ভোট যুদ্ধত জিকিল,
কিটিপ লগাই এম.এল.এ হ’ল।
গাঁ‌ৱৰ ল’ৰা বুঢ়া,
জীয়ৰী বোৱাৰী,
ললিতা শেৱালি আইতাৰ নাতিনী ছোৱালী
সকলোৱে পানীৰামক জুমি জুমি চালে।
ৰাইজে কল পুলি পুটি ধুপ-ধুনা জ্বলাই,
পানীৰামক জনালে সাদৰে  আদৰণি,
চেলেং গামোছা খনে খনে পিন্ধালে ডিঙিত।
পানীৰাম গপচ গ’ল,
আমাৰ পানীৰাম এম.এল.এ হ’ল।
ধুতি এৰি,
খদ্দৰৰ কামিজ পায়জামা,
ওপৰত জৱাহৰ কোট এৰি সুতাৰ।
বাঃ বাহঃ,
স্মাৰ্ট পানীৰাম,
চিনেমাৰ এক্টৰ যেন হেয়াৰ ষ্টাইল হ’ল,
গাঁ‌ৱলীয়া পানীৰাম ডাঙৰ মানুহ হ’ল,
আমাৰ পানীৰাম এম.এল.এ হ’ল।
গাঁ‌ৱৰ দদাই মোমাই আৰু গেন্ধেলা ককাই,
ফোঁ‌পাই ফোঁ‌পাই
চাবলৈ আহিল গাঁ‌ৱৰ এম.এল.এ বোপাইক!
হাতযোৰ কৰযোৰ কৰি,
দাবীবোৰ কৰি গ’ল গাঁ‌ৱৰ প্ৰজাই,
লগত দাবীদাৰ অনুষ্ঠান প্ৰতিষ্ঠান
স্মাৰক পত্ৰ জাপ জাপ প্ৰদান।
বাঃ বাঃ আমাৰ পানীৰাম এম.এল.এ হ’ল,
ভাৱবোৰ গহীন গম্ভীৰ হ’ল,
কথা জুখি মাখি কোৱা হ’ল,
গাঁ‌ৱৰ পানীৰাম ডাঙৰ মানুহ হ’ল।
ৰাস্তা ঘাট নদীৰ মাথাউৰি,
হস্পিতাল সকলো গাঁ‌ৱত হ’ব ,
ভেন্সাৰ বিদ্যালয় নাথাকিব খাটাং কৈ গ’ল।
পানীৰাম গহীন হ’ল,
আহিছে খবৰ ,
তৎকালীন ভাবে ৰাজধানী যাব লাগে
মুখ্যমন্ত্ৰীয়ে পাতিছে জৰুৰী সভা।
হাতী ঘূৰালে আঙুলিৰ ঠাঁ‌ৰত,
উঠি গুচি গ’ল ৰাজধানীৰ অভিমুখে।
আমাৰ গাঁ‌ৱৰ পানীৰাম,
ডাঙৰ মানুহ হ’ল,
পানীৰাম এম.এল.এ হ’ল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *