ফটাঢোল

হাতী-মানুহৰ সংঘাত দূৰীকৰণত ‘হাতীবন্ধু’ৰ প্ৰশংসনীয় প্ৰচেষ্টা-ধীৰেন শইকীয়া

ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও সংবাদ মাধ্যমত ‘হাতীবন্ধু’ নামৰ এই স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ কৰ্মকুশলতাৰ বিষয়ে বিভিন্ন সংবাদ প্ৰকাশ হৈ আহিছে। নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্ত্তী বৃহত্তৰ অঞ্চলটোত হাতী-মানুহৰ দীৰ্ঘদিনীয়া সংঘাত দূৰ কৰিবৰ বাবে নগাঁৱৰ চাপানালাৰ নিকটৱৰ্ত্তী ৰংহাং কাৰ্বি গাঁৱত গঢ়ি উঠিছে হাতীবন্ধু’ নামৰ সংস্থাটো। ‘হাতীবন্ধু’ৰ নেপথ্যত আছে গুৱাহাটীৰ প্ৰদীপ কুমাৰ ভূঞা, নগাঁৱৰ চাপানলাৰ বিনোদ দুলু বৰা, মেঘনা ময়ুৰী বৰা আদিৰ দৰে প্ৰকৃতিপ্ৰেমীসকলৰ একান্ত ইচ্ছাশক্তি। উল্লেখ্য যে ২০১৫ চনত ‘চেঞ্চুৰী এচিয়া’ই দেশৰ ভিতৰতে সৰ্বাধিক বন্যপ্ৰাণী উদ্ধাৰ কৰাৰ বাবে সন্মান প্ৰদান কৰিছিল বিনোদ দুলু বৰাক। ইফালে ‘গ্ৰীনগাৰ্ড’ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ জৰিয়তে বিভিন্ন বন্যপ্ৰাণী উদ্ধাৰ কৰি সমাদৃত হৈছিল বিনোদ দুলু বৰা। উল্লেখ্য যে, ৭৩তম স্বাধীনতা দিৱসত গুৱাহাটীৰ খানাপাৰাত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত অনুষ্ঠানটোত মুখ্যমন্ত্ৰী সৰ্ৱানন্দ সোণোৱালে ৰাজহুৱাভাৱে বিনোদ দুলু বৰাক সম্বৰ্ধনা জনোৱাৰ লগতে ‘মুখ্য মন্ত্ৰীৰ শ্ৰেষ্ঠ সামূহিক কৰ্ম বঁটা-২০১৯’ প্ৰদান কৰিছিল। সমগ্ৰ পৃথিৱীৰ প্ৰাকৃতিক পৰিবেশ সংৰক্ষণ তথা সজাগতা সৃষ্টিৰ প্ৰচেষ্টাৰে বিশ্বৰ প্ৰায় ১৯২ খন দেশৰ প্ৰতিনিধিৰে ১৯৭০ চনত গঠিত হোৱা আন্তৰ্জাতিক স্বেচ্ছাসেৱী সংস্থা “আৰ্থ ডেই নেটৱৰ্ক” নামৰ সংগঠনটোৱে অসমৰ নগাঁও জিলাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰালৈ চলিত বৰ্ষৰ ‘আৰ্থ ডেই নেটৱৰ্ক ষ্টাৰ’ শীৰ্ষক সন্মান আগবঢ়াইছে।

‘হাতীবন্ধু’ৱে কাৰ্বিআংলং আৰু নগাঁও জিলাৰ সীমান্তৰ দুশ বিঘা মাটিত আৰম্ভণিতে হাতীৰ বাবে বিবিধ ঘাঁহ খেতি আৰু ধান খেতি কৰি এক অভিনৱ কৌশল ৰচিছে। পাহাৰৰ দাঁতিত সংগঠনটোৱে হাতীৰ বাবে ৰুইছিল নেপিয়াৰ ঘাঁহ জাতীয় কিছু ঘাঁহ বন। তিনি মাহ টঙী ঘৰত কটাই হাতীবন্ধুৰ সদস্যই হাতীৰ বাবে দেখুৱা এই সহানুভূতিৰ বাবে আজিৰ প্ৰজন্মই ‘হাতীবন্ধু’ক শলাগিবই লাগিব। সংগঠনটোৰ উদ্যোক্তাসকলৰ এই মহানুভৱী কৰ্মৰ বাবে নগাঁৱৰ সীমান্ত অঞ্চলৰ চাপানলা, বালিজুৰিত আজিকালি হাতীৰ উপদ্ৰৱ ভালেখিনি কমিছে। আগতেই উল্লেখ কৰা হৈছে যে ‘হাতীবন্ধু’ৰ উদ্যোগত কাৰ্বিআংলং আৰু নগাঁও জিলাৰ সীমান্তৰ দুশ বিঘা মাটিত আগতে হাতীৰ বাবে ধান ৰুইছিল সংগঠনটোৱে, কিন্তু এইবাৰ ইয়াৰ পৰিসৰ ছশ বিঘালৈ বঢ়াইছে। ফলত অঞ্চলটোত পূৰ্বতকৈ হাতী-মানুহৰ সংঘাত ভালেখিনি কমিছে৷ জনামতে, আৰম্ভণিতে চল্লিশ ঘৰমান খেতিয়কে কেৱল হাতীৰ বাবে বড়ো আৰু শালি খেতি কৰিছিল, এতিয়া পিচে ইয়াতকৈও অধিক লোক আগবাঢ়ি আহিছে ‘হাতীবন্ধু’ৰ এই আঁচনিৰ যোগেদি কাম কৰিবলৈ। সাধাৰণতে, প্ৰতিবছৰে নবেম্বৰ মাহৰপৰা সন্ধিয়া হ’লেই এই বৃহৎ অঞ্চলটোলৈ বিভিন্ন দণ্ডিয়েদি শ শ হাতী আহি হাতীৰ বাবে ৰোপণ কৰা অঞ্চলটোৰপৰা ধান, ঔটেঙা, বাঁহপাত আদি খাই নীৰৱে গুচি যায়, ফলত চুবুৰীয়া ৰাইজৰ ধান আৰু অন্য খেতিবোৰ কোনো অসুবিধা নোহোৱাকৈ ৰক্ষা পৰে। প্ৰথমে এই পদক্ষেপ লওঁতে এই অঞ্চলৰ মানুহে এই আঁচনিৰ মূল কথা অলপো বুজা নাছিল, হাতীৰ কাৰণে এই অঞ্চলটোত খেতি কৰাৰ কথা কওঁতে হাঁহি উৰুৱাই দিছিল, পিচে সেইসকল ৰাইজে নিজেই আজি ‘হাতীবন্ধু’ৰ হৈ খেতিত ব্যস্ত হৈছে। এই সুদূৰপ্ৰসাৰী আঁচনিৰ ফলত বৃহৎ অঞ্চলবোৰৰ খেতি আজি ৰক্ষা পৰিছে। এতিয়া এই অঞ্চলটোৰ ওচৰতে কলগছ, ঔটেঙা আদি গছ ৰোপণ কৰিছে সংস্থাটোৰ উদ্যোগত। ইয়াৰোপৰি ৰোপণ কৰিছে বিভিন্ন হাতীয়ে খোৱা ঘাঁহজাতীয় গছ। হাতীয়ে অহা যোৱা কৰা দণ্ডিত এনেদৰে বাৰখন গাঁৱৰ ছশ খেতিয়কে ৰংহাং আৰু হাতীখলি অঞ্চলটোত কেৱল হাতীৰ বাবে ৰুইছে ঔটেঙা, কলগছ, বাঁহগছ, কুঁহিয়াৰ, নেপিয়াৰ আদি। এক প্ৰতিবেদনত প্ৰকাশ যে, দুহেজাৰ জোপা ঔটেঙা, পচিশ হেজাৰ জোপা কলগছ, পোন্ধৰশ জোপা কঁঠাল ৰুইছে ‘হাতীবন্ধু’ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে। ইয়াৰোপৰি ‘হাতীবন্ধু’ৱে আঠ হেক্টৰ মাটিত হাতীৰ প্ৰিয় খাদ্য  ‘নেপিয়াৰ গ্ৰাছ’ও ৰুইছে। এই ‘নেপিয়াৰ গ্ৰাছ’ অঞ্চলটোৰ পৰিবেশত সহজে ডাঙৰ হয় বাবে সংস্থাটোৱে এই ঘাঁহগছবিধৰ উৎপাদনত গুৰুত্ব দিছে। পাহাৰেৰে আবৰা এই অঞ্চলটোত ‘হাতীবন্ধু’ৰ এই কামকাজ নিঃসন্দেহে এক ইতিবাচক খবৰ। অঞ্চলটোত ভৈয়ামৰ কৃষকে খেতি চপোৱাৰ সময়ত বনৰীয়া হাতীক খাদ্য যোগান ধৰিবৰ বাবে ৰংহাং কাৰ্বি গাঁৱৰ পাহাৰৰ নামনিত আৰম্ভ কৰিছে নেফিয়াৰ ঘাঁহৰ খেতি। তদুপৰি, ৰঙামাটি পাহাৰত প্ৰায় পচিশ বিঘা মাটিত কৰা নেফিয়াৰ ঘাঁহৰ খেতিয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।ৰাজ্যৰ শীৰ্ষ বন বিষয়াই বনৰীয়া হাতীৰ বাবে ‘হাতীবন্ধু’ৱে কৰা এই কৃষিকাৰ্যৰ সবিশেষ তথ্য আহৰণ কৰিবলৈ ৰংহাং কাৰ্বি গাঁও, বৰঘুলি, চাপানালা, ৰঙামাটি আদিত থকা বিস্তীৰ্ণ পথাৰ পৰিদৰ্শন কৰিছে বুলি সংবাদ মাধ্যমত পঢ়িবলৈ পোৱা গৈছিল। বন বিষয়াই অঞ্চলটো পৰিদৰ্শন কৰি হাতীৰ খাদ্যৰ বাবে খেতি কৰিবলৈ ভূমি দান কৰা গাঁওবাসীক আৰু বিনোদ দুলু বৰাৰ লগতে তেওঁ নেতৃত্ব প্ৰদান কৰা সমগ্ৰ প্ৰক্ৰিয়াটোক চৰকাৰীভাৱেও গুৰুত্ব প্ৰদানৰ আশ্বাস দিয়ে। লগতে বিনোদ দুলু বৰাক সকলো দিশতে অনুপ্ৰাণিত কৰি অহা ‘হাতীবন্ধু’ সংস্থাটোৰ মুখ্য সঞ্চালক গুৱাহাটীৰ পচাশীৰো উৰ্ধৰ বৰ্ষীয়ান ব্যক্তি প্ৰদীপ কুমাৰ ভূঞাৰ উৎসাহকো শলাগ লয়। পূৰ্বতে, কেইবাটাও জাকত ভাগ ভাগ হৈ এই বৃহৎ অঞ্চলটোলৈ হাতী আহি সিহঁতৰ বাবে ৰোৱা ধান খাই গুচি গৈছিল। কিন্তু এতিয়া তাত হাতী-মানুহৰ পূৰ্বৰ এই সংঘাতৰ পৰিবেশ ভালেখিনি কমিছে৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *